মানৱ সম্পদঃ

তোমালোকে ইতিমধ্যে জানিব পাৰিছা যে মানুহৰ উপকাৰ সাধন কৰিব পৰা আৰু আৰ্থিক মূল্য থকা দ্ৰব্যসমূহ হৈছে সম্পদ। মানুহেও সমাজৰ কল্যাণৰ হকে কৰা কামৰ আৰ্থিক মূল্য আছে। এই হিচাপে মানুহো সম্পদ। যিসকল ব্যক্তি শাৰীৰিক আৰু মানসিকভাৱে কোনো উৎপাদনমুখী কাম কৰি সমাজৰ বিকাশত অৰিহণা আগবঢ়াবলৈ সক্ষম সেইসকল ব্যক্তি মানৱ সম্পদ। মানুহে নিজৰ জ্ঞান-বুদ্ধিৰ জৰিয়তে নতুন নতুন আৱিষ্কাৰ কৰি আহিছে আৰু প্ৰাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰা বিভিন্ন উপাদানবোৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিছে। এই গুণৰ বাবেই আন সকলো সম্পদৰ তুলনাত মানুহে হৈছে শ্ৰেষ্ঠ সম্পদ।

সমাজ উন্নয়নত মানৱ সম্পদৰ ভূমিকাঃ

মানুহৰ বিভিন্ন কাম-কাজে মানৱ সভ্যতাৰ উত্তৰণ ঘটাইছে। মানুহে উদ্ভাৱন কৰা বিভিন্ন সা-সামগ্ৰীয়ে আমাৰ জীৱন ধাৰণৰ মান উন্নত কৰি তুলিছে। তোমালোকে নিজৰ ঘৰত ব্যৱহাৰ কৰা ৰন্ধন গেছ, বিজুলী, টিভি, ম'বাইল ফোন, কুকাৰ আদিৰ সুবিধাৰ বিষয়ে ভাবি চোৱাচোন? ছপাযন্ত্ৰ, কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ আদিৰ উদ্ভাৱনে আমাৰ সভ্যতা দ্ৰুত গতিত আগবঢ়াই নিছে। পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে গোটেই পৃথিৱীখনকে আজি এখন বিশাল গোলকীয় গাঁৱলৈ পৰ্যবসতি কৰিছে। মানৱ সম্পদত চহকী দেশ স্বাভাৱিকতে উন্নত। উদাহৰণ হিচাপে, তুলনামূলকভাৱে প্ৰাকৃতিক সম্পদত জাপান বেছি চহকী নহয় কিন্তু জাপানত কাৰিকৰী দিশত পাৰ্গত আৰু উচ্চ শিক্ষিত লোকৰ অভাৱ নাই। এই লোকসকল সেই দেশৰ মানৱ সম্পদ। অন্য দেশৰ আমদানি কৰা কেঁচা সামগ্ৰী ব্যৱহাৰ কৰি ইয়াৰ মানৱ সম্পদে জাপানক পৃথিৱীৰ ভিতৰতে এখন আগশাৰীৰ উদ্যোগ প্ৰধান আৰু ধনী দেশত পৰিণত কৰিছে।

মানৱ সম্পদৰ উন্নয়নঃ

দেশৰ নাগৰিকসকলক উন্নত মানৰ জীৱন নির্বাহৰ কাৰণে প্রয়ােজনীয় শিক্ষা প্রদান কৰি মানৱ সম্পদ উন্নয়ন কৰা হয় । ইয়াৰ উপৰি , তলত উল্লেখ কৰা ধৰণে আর্থ - সামাজিক দিশসমূহত গুৰুত্ব প্রদানেৰে মানৱ সম্পদ উন্নয়ন কৰিব পাৰি । আর্থ - সামাজিক দিশবােৰ হৈছে— 

জনসংখ্যা  ঃ

 জনসংখ্যা বৃদ্ধি হােৱা মানে মানৱ সম্পদ বৃদ্ধি হােৱাটো নুবুজায় । দেশৰ বর্ধিত জনসংখ্যাক উৎপাদনমুখী কামৰ যােগ্য কৰি তুলিব পাৰিলেহে মানৱ সম্পদৰ উন্নয়ন হয়।

খাদ্য  ঃ শাৰীৰিক আৰু মানসিকভাৱে শ্ৰম কৰিব পৰাকৈ সুস্বাস্থ্যৰ অধিকাৰী হােৱাটো দৰকাৰ। ইয়াৰ বাবে নাগৰিকসকলক সুষম আহাৰৰ ব্যৱস্থা কৰাটো নিতান্ত প্রয়ােজনীয়

বাসস্থানঃ স্বাস্থ্যসন্মত বাসস্থানৰ ব্যৱস্থা কৰা।

শিক্ষাঃ যি শিক্ষাই বাস্তৱ জীৱনত সন্মুখীন হােৱা সমস্যাবােৰ সমাধান কৰাত সফলতা প্রদান কৰে ( গুণগত শিক্ষা ) , তেনে ধৰণৰ শিক্ষাৰ ব্যৱস্থা কৰা ।

কর্মসংস্থানঃ কর্মসংস্থানৰ সুবিধা দিয়াৰ জৰিয়তে উৎপাদনমুখী কার্যত জড়িত কৰাৰ ব্যৱস্থা কৰা।

দেশত গুণগত আৰু পৰিমাণগত হিচাপত মানৱ সম্পদ থাকিলে , সেই দেশ মানৱ সম্পদত আত্মনিৰ্ভৰশীল হৈ উঠে । আমাৰ দেশৰ মানৱ সম্পদ উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে । দেশৰ কেন্দ্ৰীয় চৰকাৰে গঠন কৰা মানব সম্পদ উন্নয়ন মন্ত্রণালয়’এ এই বিষয়টো চোৱা - চিতা কৰে । মানৱ সম্পদ উন্নয়নৰ কাৰণে চৰকাৰে কেতবোেৰ লক্ষ্য নির্ধাৰণ কৰিছে। এই লক্ষ্যসমূহ হৈছে— 

* মুঠ ৰাষ্ট্ৰীয় আয় বৃদ্ধি কৰা।

* দৰিদ্ৰতাৰ অনুপাত হ্ৰাস কৰা। 

* নিয়োগ বৃদ্ধিৰ ব্যৱস্থা কৰা। 

* ল'ৰা-ছোৱালীৰ বাবে গুণগত প্ৰথমিক শিক্ষা নিশ্চিত কৰা। 

* দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস কৰা। 

* সাক্ষৰতা, আয় আৰু সামাজিক ন্যায়ৰ বেলিকা লিংগ বৈষম্য দূৰ কৰা।

* শিশু আৰু মাতৃৰ অকাল মৃত্যুৰ হাৰ হ্ৰাস কৰা। 

* বিশুদ্ধ খোৱা পানীৰ ব্য়ৱস্থা কৰা।

* স্বাস্থ্যকৰ পৰিৱেশ আৰু দুখীয়া শ্ৰেণীৰ বাবে বাসগৃহৰ ব্যৱস্থা কৰা।

এই লক্ষ্যসমূহৰ ৰূপায়ণৰ যোগেদি দেশৰ ব্যক্তিক মানৱ সম্পদলৈ উন্নীত কৰিব পাৰি 

কল্যাণকামী কেতবোৰ অনুষ্ঠান-প্ৰতিষ্ঠানেও মানৱ সম্পদ উন্নয়নত অৰিহণা যোগাই আহিছে। সেইসমূহৰ ভিতৰত বেংক, উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগম, আত্মসহায়ক গোট আদি উল্লেখযোগ্য।


Class 7 Social Science 

Type: Nayan Moni Deka