বায়ুৰ চাপ নিম্ন হ'লে কোবাল বতাহৰ সৃষ্টি হয়ঃ


ক্ৰিয়াকলাপ ৮.২




    কাগজৰ সৰু টুকুৰা এটা শােটোৰ - মােটোৰ কৰি বল এটা সাজা। বলটো এটা খালী বটলৰ মুখৰ আকাৰতকৈ সৰুকৈ বনাবা। চিত্ৰত দেখুওৱাৰ দৰে বটলটো হাতত লৈ কাগজৰ বলটো বটলটোৰ ঠিক মুখতে থােৱা। ফু মাৰি বলটো বটলটোৰ ভিতৰলৈ ঠেলি পঠাবলৈ চেষ্টা কৰা। বিভিন্ন আকাৰৰ বটল লৈ ক্রিয়াকলাপটো বাৰম্বাৰ কৰিবলৈ চেষ্টা কৰা। তােমাৰবন্ধুবৰ্গক কাগজৰ বলটো বটলৰ ভিতৰলৈ ফু মাৰি সুমুৱাই দিবলৈ প্ৰত্যাহ্বান জনােৱা।

     প্রহেলিকা আৰু প্ৰজ্ঞানে নিম্নোক্ত প্রশ্নটোৰ বিষয়ে গুণা - গঁথা কৰি আছে ও কাগজৰ বলটো বটলৰ ভিতৰলৈ ঠেলি দিয়াটো কিয় দুঃসাধ্য?

ক্রিয়াকলাপ ৮.৩

বেলুনবােৰ ফুলােৱা 

    দুটা প্রায় সমান আকাৰৰ বেলুন লােৱা। বেলুন দুটাত অলপ অলপ পানী ভৰােৱা। বেলুন দুটা ফুলােৱা আৰু এডাল সূতাৰে সিহঁতক বান্ধা।

     এতিয়া বেলুন দুটা চাইকেলৰ স্পােক (spoke) মাৰি এডালত ৮-১০ চে.মি. ব্যৱধানত ওলমাই দিয়া। বেলুন দুটাৰ মাজৰ ঠাইখিনিত ফু মাৰি দিয়া।

     কি ঘটিব বুলি ভাবিছিলা? কি ঘটিল? বিভিন্ন ধৰণে বেলুন দুটাৰ ওপৰত ফুৱাই দিয়া আৰু কি ঘটে লক্ষ্য কৰা।

 ক্রিয়াকলাপ ৮.৪

 ফু মাৰি ওপৰলৈ তুলিব পাৰানে?

     ২০ চে.মি. দীঘল আৰু ৩ চে.মি. বহল কাগজৰ ফিটা এডাল চিত্র ৮.৫ ত দেখুওৱাৰ দৰে হাতৰ বুঢ়া আঙুলি আৰু তর্জনী আঙুলিৰে ধৰা। এতিয়া কাগজখনৰ ওপৰেৰে ফুৱাই দিয়া।

    প্ৰহেলিকাই অনুমান কৰিছে যে ফিটাডাল ওপৰলৈ উঠিব। প্ৰজ্ঞানে কিন্তু ফিটাডাল তললৈ হালি যাব বুলি ভাবিছে।

     ফিটাডালৰ কি ঘটিব বুলি তােমালােকে ভাবা? ক্রিয়াকলাপ ৮.২, ৮.৩ আৰু ৮.৪ ৰ নিৰীক্ষণবােৰ বুজিবলৈ চেষ্টা কৰোঁ আহা।

     নিৰীক্ষণবােৰ তুমি ভবাৰ নিচিনা পাইছা নে? বতাহৰ দ্রুতি বঢ়াৰ লগে লগে বায়ুৰ চাপ কমে বুলি তুমি অনুভৱ কৰিছানে?

     আমি বটলৰ ভিতৰলৈ ফুৱাই দিলে বটলৰ মুখত থকা বায়ুৰ গতি বাঢ়ি যায়। ফলত তাত বায়ুৰ চাপ কমে। বটলৰ ভিতৰত বায়ুৰ চাপ বটলৰ মুখতকৈ বেছি হয়। বটলৰ ভিতৰত থকা বায়ুয়ে বলটো ঠেলি বাহিৰলৈ উলিয়াই দিয়ে।

     ক্রিয়াকলাপ ৮.৩ ত তুমি লক্ষ্য কৰিছিলা যে বেলুন দুটাৰ মাজৰে ফুৱাই দিলে সিহঁত পৰস্পৰে কাষ চাপি আহে। ই কেনেকৈ ঘটিবলৈ পালে? ই সম্ভৱ হ'ব যদিহে বেলুন দুটাৰ মাজৰ ঠাইখিনিত বায়ুৰ চাপ কিবা উপায়েৰেকমি যায়। বেলুনকেইটাৰ বাহিৰৰ চাপে সিহঁতক পৰস্পৰৰ পিনে ঠেলি পঠিয়ায়।

     ক্রিয়াকলাপ ৮.৪ ত দেখিছিলা যে কাগজৰ ফিটাৰ ওপৰেৰে ফুৱাই দিলে , ই ওপৰলৈ উঠি আহে। এই ঘটনাটো ঘটিব যদিহে কাগজখনৰ ওপৰৰ বায়ুৰ চাপ ফুৱাই দিয়াৰ ফলত কমি যায়। 

আমি দেখিলোঁ যে বতাহৰ গতি বঢ়াৰ লগে লগে বায়ুৰ চাপ কমি যায়।

     তীব্র গতিৰ বতাহ ঘৰৰ মূধচৰ ওপৰেৰে প্রৱাহিত হলে কি ঘটিব পাৰে তােমালােকে অনুমান কৰিব পাৰিবানে? মূধচবােৰ নিশকতীয়া হ'লে সেইবােৰ উৰুৱাই নিব। তােমালােকৰ যদি তেনে অভিজ্ঞতা হৈছে, তেন্তে বন্ধুবৰ্গৰ সৈতে সেই অভিজ্ঞতা বিনিময় কৰা।

     বতাহ কেনেকৈ সৃষ্টি হয় , বতাহে কেনেকৈ বৰষুণ কঢ়িয়াই আনে আৰু বতাহে মাজে সময়ে কেনেকৈ বিধ্বংসী ৰূপ লয় বুজিবলৈ চেষ্টা কৰোঁ আহা। 

    তােমালােকে ইতিমধ্যে শিকিলা যে গতিপ্রাপ্তবায়ুকে বতাহ বােলে। বায়ু উচ্চ চাপ সম্পন্ন অঞ্চলৰ পৰা নিম্ন চাপ থকা অঞ্চললৈ বয়। চাপৰ পার্থক্য বাঢ়ি গৈ থাকিলে বায়ুৰ গতিও অনুরূপভাৱে বৃদ্ধি হয়। কিন্তু প্রকৃতিত চাপৰ পার্থক্যৰ সৃষ্টি কেনেকৈনাে হয়? ইয়াৰ বাবে উষতাৰ পার্থক্য দায়ী নেকি? তলৰ ক্রিয়াকলাপটোৱে এইবিষয়ে বুজি পােৱাত তােমালােকক সহায় কৰিব।


Type: Ankur Raj Deka 

Class 7