চৰকাৰৰ ক্ষমতাৰ  ওপৰত  সীমাবদ্ধতা

 কিন্তু এইটো নিঃ সন্দেহে যথেষ্ট বুলি কব নোৱাৰি । ধৰি লোৱা তুমি সিদ্ধান্ত  কৰিলা যে সিদ্ধান্ত গ্ৰহণ কৰিব ৰপৰা কৰ্তৃত্ব কাৰ হাতত থাকিব । কিন্তু এই কৰ্তৃপক্ষই এনে আইন প্রণয়ণ কৰিলে যিবােৰ মূলতঃ অশুদ্ধ । ধৰি ললাে যে আইনে   তােমাৰ ধর্ম পালন কৰাত বাধাৰ সৃষ্টি কৰিলে অথবা বাধা দিলে , অথবা এই কর্তৃপক্ষই এটা নির্দিষ্ট ৰঙৰ কাপােৰ নিষিদ্ধ কৰিলে  বা তুমি কিছুমান গান গাব নােৱাৰা কৰিলে বা এটা নির্দিষ্ট জাতি বা ধৰ্মৰলােকক সদায়েই আনক সেৱা কৰাৰ ব্যৱস্থা কৰিলে বা সম্পত্তি ৰাখিব নােৱাৰা কৰিলে । তদুপৰি কর্তৃপক্ষই এনে আইন প্রণয়ণ কৰিলে যাৰ জৰিয়তে চৰকাৰে যি কোনাে লােকক গ্রেপ্তাৰ কৰিব পাৰিব বা কেৱল মাত্র এটা বৰ্ণৰ লােকেহে নাদৰ পৰা পানী তুলিব পাৰিব । এনে ক্ষেত্ৰত তুমি নিঃসন্দেহে ভাবিবা যে এনে আইনবােৰ অযুক্তিকৰ আৰু অশুদ্ধ । যদিও এনে আইন প্রনয়ণ কৰা চৰকাৰ এটা নিৰ্দিষ্ট পদ্ধতিৰ মাজেৰে নির্বাচিত হয় , এনে আইনসমূহ কেতিয়াও শুদ্ধ বুলি মানি লব নােৱাৰি । 

    গতিকে সংবিধানৰ তৃতীয় কামটো হৈছে চৰকাৰৰ ক্ষমতাৰ ওপৰত সীমাবদ্ধতা আৰােপ কৰা । এনে সীমাবদ্ধতাসমূহ এই অর্থত মৌলিক যে চৰকাৰে কেতিয়াও সেই সীমাবদ্ধতাসমূহ পাৰ হৈ যাব নােৱাৰে । 

    সংবিধানে বিভিন্ন ধৰণে চৰকাৰৰ ক্ষমতা পৰিসীমিত কৰে । চৰকাৰৰ ক্ষমতা পৰিসীমিত কৰা আটাইতকৈ সাধাৰণ উপায়টো হৈছে সকলাে নাগৰিকে উপভােগ কৰা কিছুমান মৌলিক অধিকাৰ সু - নির্দিষ্ট কৰা । এই অধিকাৰসমূহৰ নিৰ্দিষ্ট বিষয় আৰু বাখ্যাসমূহ সংবিধান অনুসৰি বেলেগ বেলেগ হয় । কিন্তু বেছিভাগ সংবিধানেই বহুবােৰ অধিকাৰ সুৰক্ষিত কৰা ভাল দেখা যায় । নাগৰিকসকলক কোনাে কাৰণ নােহােৱাকৈ গ্রেপ্তাৰ কৰাৰ  পৰা সুৰক্ষিত কৰি ৰখা , ই চৰকাৰৰ কাম - কাজৰ ওপৰত এক মৌলিক সীমাবদ্ধতা । সাধাৰণতে নাগৰিকসকলৰ স্বতন্ত্রতাৰ অধিকাৰ , বাক স্বাধীনতা , বিবেকৰ অধিকাৰ , অনুষ্ঠান গঠন কৰাৰ অধিকাৰ , ব্যৱসায় বাণিজ্য চলােৱাৰ অধিকাৰ আদি থকা দেখা যায় । বাস্তৱক্ষেত্ৰত এনে অধিকাৰসমূহৰ ওপৰত সীমাবদ্ধতা আনিব লাগে । ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ পৰিপ্ৰেক্ষীতত আৰু সংবিধানেও কি কি ক্ষেত্ৰত এইঅধিকাৰসমূহ প্রত্যহাৰ কৰিব পাৰে সেই কথা উল্লেখ কৰে । আশা - আকাংক্ষা আৰু সমাজৰ লক্ষ্যসমূহ ( Aspiration and goals of a society ) বেছিভাগ পূৰণি সংবিধানেই সিদ্ধান্ত গ্রহণ কৰা ক্ষমতা বিতৰণ কৰি আৰু চৰকাৰৰ ক্ষমতাৰ ওপৰত সীমাবদ্ধতা অৰৰোপ কৰি নিজকে সীমাবদ্ধ কৰি ৰাখিছিল । কিন্তু , ভাৰতীয় সংবিধানকে ধৰি পৃথিৱীৰ বেছিভাগ কুৰি শতিকাৰ সংবিধানে চৰকাৰৰ কাৰণে কিছুমান ইতিবাচক কাম কৰাৰ বাবে এনে কিছুমান সম্ভাব্য কম পৰিধি কিছুমান তৈয়াৰ কৰি দিব লাগে যাতে সমাজৰ আশা আৰু লক্ষ্যসমূহ প্রকাশ কৰিব পৰা যায় । এই   ক্ষেত্ৰত ভাৰতীয় সংবিধানৰ নাম নিঃসন্দেহে উল্লেখযােগ্য । যিবোেৰ সমাজত অতি গভীৰ ধৰণৰ অসমতা আছে সেইবােৰত চৰকাৰৰ ক্ষমতাৰ ওপৰত সীমাবদ্ধতা আৰােপ কৰাৰ লগতে চৰকাৰক শক্তিশালী কৰিব লাগিব যাতে সমাজৰ অসমতা দূৰ কৰিবলৈ চৰকাৰে ইতিবাচক পদক্ষেপ গ্রহণ কৰিব পাৰে ।

     উদাহৰণ স্বৰূপে ভাৰতবৰ্ষই জাতি বৈষম্য আতৰাই এখন সমাজ প্রতিষ্ঠা কৰিব বিচাৰে যদি এইটো চৰকাৰৰ লক্ষ্য হয় , তেতিয়াহ'লে চৰকাৰক এনেধৰণৰ ক্ষমতা প্রদান কৰিব লাগিব যাতে এই লক্ষ্যত উপনীত হবলৈ চৰকাৰে উপযুক্ত পদক্ষেপ গ্রহণ কৰে । দক্ষিণ আফ্রিকাৰ দৰে এখন দেশত য'ত বর্ণ বৈষম্যৰ এক দীঘলীয় ইতিহাস আছে , ইয়াৰ নতুন সংবিধানে এই দেশৰ চৰকাৰক সেই বর্ণ বৈষম্যবাদ আতঁৰ কৰিবলৈ ক্ষমতা দিব লাগিব । অধিক ইতিবাচকভাবে ক’বলৈ হ'লে এখন সংবিধানে এখন সমাজৰ আশা আকাংক্ষাবােৰক অন্তর্ভূক্ত কৰে । উদাহৰণ স্বৰূপে ভাৰতীয় সংবিধানৰ প্রণেতাসকলে ভাবিছিল যে সমাজৰ প্রত্যেক ব্যক্তিৰেই এক নূন্যতম জীয়াই থকাৰ মৰ্য্যদা আৰু সামাজিক আত্মসন্মান , নুন্যতম শিক্ষা বস্তুগত উন্নয়নৰ কাৰণে অধিকাৰ থাকিব লাগিব । ভাৰতীয় সংবিধানে চৰকাৰৰ ওপৰত এনে ক্ষমতা অর্পণ কৰিছে যাৰ জৰিয়তে জনসাধাৰণৰ ইতিবাচক কল্যাণ সাধন কৰিব পাৰি । আমি যদি ভাৰতীয় সংবিধানখন পঢ়ো তেতিয়া আমি এনেধৰণৰ ব্যৱস্থা পাওঁ যিবােৰক প্ৰস্তাৱনাই স্বীকৃতি দিছে । এনে ব্যৱস্থাৰােৰ সংবিধানৰ তৃতীয় অধ্যায়ত পােৱা যায় । ৰাষ্ট্রৰ নির্দেশাত্মক নীতিসমূহেও চৰকাৰক জনসাধাৰণৰ আশা আকাংক্ষাবােৰ পূৰাবৰ বাবে কতৃত্ব দিছে । সংবিধানৰ চতুর্থ কামটো হৈছে চৰকাৰক সমাজৰ আশা আকাংক্ষাবােৰ পূৰণ কৰিব পৰাকৈ ক্ষমতা প্রদান কৰা আৰু এক ন্যায়সংগত সমাজ ব্যৱস্থা গঠনত সহায় কৰা । 


সংবিধানৰ ক্ষমতা প্রদান কৰাৰ ব্যৱস্থাসমূহ ( Enabling provisions of the constitution ) 

সংবিধানসমূহ কেৱল চৰকাৰৰ ক্ষমতা নিয়ন্ত্রণ কৰা নীতি নিয়মৰ সমষ্টিয়েই নহয় সেইবােৰে চৰকাৰক সমাজৰ সমূহীয়া মংগলৰ বাবে সিদ্ধান্ত গ্রহণ কৰাৰ ক্ষমতাও প্রদান কৰে । 

* দক্ষিণ আফ্রিকাৰ সংবিধানে চৰকাৰৰ ওপৰত বহুতাে দায়িত্ব অর্পণ কৰিছে । এই সংবিধানে বিচাৰে যে চৰকাৰে প্ৰকৃতিৰ সংৰক্ষণৰ কাৰণে ব্যৱস্থা লব লাগে , মানুহক বৈষম্যৰ পৰা ৰক্ষণা বেক্ষণ দিব লাগে আৰু সকলােৰে বাবে ঘৰ দুৱাৰ , স্বাস্থ্য আদিৰ ব্যৱস্থা কৰিব লাগে । 

* ইণ্ডোনেছিয়াৰ ক্ষেত্ৰত সংবিধানে চৰকাৰক ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা পৰিচালনা কৰাৰ দায়িত্ব দিছে । সংবিধান অনুসৰি সেই দেশৰ দুখীয়া শিশু সকলৰ দ্বায়িত্বভাৰো চৰকাৰৰ ওপৰতে ন্যস্ত থাকে ।

Type Sumit Patar

Class 11 Political Science