৬.৩ লােত মামৰে ধৰাঃ

 আমি মামৰে ধৰা প্রক্রিয়ালৈ উভতি যাওঁ বলা । এইটো এনে এটা পৰিৱৰ্তন যিয়ে লােৰে নির্মিত বস্তুত ক্রিয়া কৰে আৰু সেইবােৰ লাহে লাহে নষ্ট কৰে । যিহেতু দলং , জাহাজ , গাড়ী , ট্রাকৰ বডি আৰু আন বহুতাে সামগ্ৰীৰ নির্মাণ কার্যত লাে ব্যৱহাৰ কৰা হয় ; সেয়েহে তে মামৰে ধৰা প্ৰক্ৰিয়াৰ বাবে বহু পৰিমাণে আর্থিক লােকচান হয় । 

    তলৰ সমীকৰণটোৰ দ্বাৰা মামৰে ধৰা প্ৰক্ৰিয়াটো দেখুৱাব পাৰি ঃ

 আইৰন ( Fe ) + অক্সিজেন ( বায়ুৰপৰা পােৱা ) + পানী (

    → মামৰ ( আইৰন অক্সাইড  ) মামৰে ধৰাৰ বাবে অক্সিজেন আৰু পান ( বা জলীয়ভাপ ) উভয়ৰে প্রয়ােজন 

     দৰাচলতে বায়ুত জলীয় বাষ্পৰ পৰিমাণ অধিক হলে বায়ু , আর্দ্র হােৱা বুজায় আৰু তেতিয়া ' মামৰে ধৰা প্রক্রিয়াটো ক্ষিপ্রতৰ হয় ।

     গতিকে মামৰে ধৰা প্ৰক্ৰিয়াটো কেনেকৈ আমি ৰােধ কৰিব পাৰোঁ? লােৰ সামগ্রীবােৰ অক্সিজেন বা পানী বা উভয়ৰে সংস্পৰ্শৰ পৰা আঁতৰাই ৰাখিব লাগে । এক তৰপৰং বা পিচ্ছিলকাৰক ( গ্ৰীজ ) সানি লােত মামৰে ধৰা প্রক্রিয়াটো সহজে বন্ধ কৰিব পাৰি। অৱশ্যে , মামৰে ধৰাটো ৰােধ কৰিবলৈ ৰং বা পিচ্ছিলকাৰক প্ৰয়ােগ কৰাটো নিয়মিতভাৱে কৰিব লাগে। আন এটা উপায় হ'ল লোৰ এপৰত ক্ৰমিয়াম বা দস্তা (যিংক)ৰ দৰে ধাতুৰ প্ৰলেপ দিয়া। 

         লােৰ ওপৰত দস্তা ( জিংক ) ৰ প্রলেপ দিয়া প্রক্রিয়াটোক দস্তালেপন ( galvanisation ) বুলি কোৱা হয় । আমাৰ ঘৰত পানী সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা লােৰ নলীবােৰত মামৰে ধৰা ৰােধ কৰিবলৈ দস্তালেপন দিয়া হয়।

     তােমালােকে জানা যে জাহাজ লােৰে তৈয়াৰী আৰু ইয়াৰ এটা অংশ পানীৰ তলত থাকে। পানীৰ উপৰিভাগত থকা জাহাজৰ অংশটোতাে পানীৰ টোপাল। লাগি থাকে। তদুপৰি , সাগৰৰ পানীত বহুতাে লৱণ থাকে। লৱণযুক্ত পানীয়ে মামৰে ধৰা প্ৰক্ৰিয়াটো বেছি ক্ষিপ্রতৰ কৰে। সেইবাবে ৰং দিয়া সত্ত্বেও মামৰে জাহাজৰ যথেষ্ট ক্ষতিসাধন কৰে। মামৰে ধৰা বাবে প্রতিবছৰে জাহাজৰ লােৰ বহু অংশ সলনি কৰি থাকিব লগা হয় । এনেদৰে হােৱা আর্থিক লােকচানৰ কথা তােমালােকে কল্পনা কৰিব পাৰিবানে ?

 মামৰে নধৰা তীখা প্রস্তুত কৰণত লােৰ সৈতে কার্বন আৰু ক্রমিয়াম , নিকেল আৰু মেংগানিজৰ নিচিনা ধাতু মিহলােৱা হয় । 


Type Ankur Raj Deka

Class 7