সম্পদৰ প্ৰকাৰঃ
আমাৰ চৌপাশে বিস্তাৰিত হৈ থকা বস্তু-সামগ্ৰীসমূহেই কেৱল সম্পদ নহয়; মানুহো সম্পদ। মানুহে নিজে সম্পদ হোৱাৰ লগতে সম্পদ সৃষ্টি আৰু বৃদ্ধিত অৰিহণা যোগায়। সম্পদৰ প্ৰধান ভাগ তিনিটা一 প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ আৰু মানৱসৃষ্ট সম্পদ।
সম্পদ
প্ৰাকৃতিক সম্পদ
মানৱ সম্পদ
মানৱসৃষ্ট সম্পদ
প্ৰকৃতিক সম্পদঃ
যিবোৰ বস্তু-সামগ্ৰী প্ৰকৃৃতিৰ পৰা আহৰণ কৰা হয়, সেয়াই প্ৰাকৃতিক সম্পদ। মানুহৰ খাদ্য, বস্ত্ৰ আৰু বাসস্থান 一এই মৌলিক প্ৰয়োজনসমূহৰ সকলোখিনি সম্পদ আমি প্ৰকৃতিৰ পৰাই আহৰণ কৰি লওঁ।
প্ৰাকৃতিক সম্পদসমূহক প্ৰধানতঃ দুই ভাগত ভগাব পাৰি一 অক্ষয় সম্পদ আৰু ক্ষয়িষ্ণু সম্পদ। অক্ষয় সম্পদসমূহ অফুৰন্ত। মানুহে অহৰহ ব্যৱহাৰ কৰিও ইয়াক শেষ কৰিব নোৱাৰ। বৰষুণ, বায়ু,শক্তি,সৌৰশক্তি আদি অক্ষয় সম্পদৰ উদাহৰণ। ক্ষয়িষ্ণু সম্পদ দুই প্ৰকাৰৰ (ক) নবীকৰণক্ষম সম্পদ আৰু (খ) অ-নবীকৰণক্ষম সম্পদ।
(ক) নবীকৰণক্ষম সম্পদঃ
এই শ্ৰেণীৰ সম্পদসমূহ মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়; কাৰণ প্ৰকৃতিয়ে তাক নবীকৰণ কৰি থাকে। উদাহৰণস্বৰূপে, মাটি, পানী, বায়ু, প্ৰাকৃতিক ঘাঁহনি, অৰণ্য, বন্য জীৱ-জন্তু ইত্যাদি। এইটো মনকৰিবলগীয়া যে এক বিশেষ সময়ৰ ভিতৰত প্ৰাকৃতিকভাৱে স্থানান্তৰণ, পৰিৱৰ্তন আৰু পুনৰ উৎপাদনৰ জৰিয়তে সম্পদসমূহৰ নবীকৰণ সম্ভৱ হয়। এনে সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছতো পুনৰ ব্যৱহাৰৰ সুবিধা থাকে।
(খ) অ-নবীকৰণক্ষম সম্পদঃ
এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পিছত এই সম্পদ পুনৰ সৃষ্টি নহয় আৰু প্ৰকৃতিয়েও এইবোৰ পুনৰ উৎপাদন নকৰে। যেনে- খনিজ পদাৰ্থ, তাম, লো, জীবাষ্ম ইন্ধন (কয়লা, খাৰুৱা তেল) ইত্যাদি। এনে সম্পদসমূহ অ-নবীকৰণক্ষম বাবে ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হোৱাটো দৰকাৰ চিত্ৰ ৬.২।
উৎসৰ উপৰত ভিক্তি কৰি প্ৰাকৃতিক সম্পদসমূহক দুটাকৈ ভাগত ভগাব পাৰি। যেনে-জৈৱিক আৰু অজৈৱিক সম্পদ। জীৱ জগতৰ পৰা আমি যি সম্পদ আহৰণ কৰোঁ সেয়াই জৈৱিক সম্পদ। উদ্ভিদ জগতৰ পৰা পোৱা বিভিন্ন শস্য, ফল-মূল, শাক-পাচলি, জন্তুৰ পৰা আহৰণ কৰা বিভিন্ন সামগ্ৰী জৈৱিক সম্পদৰ উদাহৰণ। মানুহো জৈৱিক সম্পদৰ অন্তৰ্গত। বুদ্ধি-বৃত্তি থকা প্ৰাণী হিচাপে মানুহে নিজৰ উন্নয়ন সাধিব পাৰে। মানুহে প্ৰাকৃতিক সম্পদসমূহৰো উপযুক্ত ব্যৱহাৰ, সংৰক্ষণ আদিৰ ক্ষেত্ৰত বুদ্ধি-বৃত্তি খটুৱাই উৎকৰ্ষ সাধন কৰিব পাৰে। জীৱহীন সম্পদসমূহক অজৈৱিক সম্পদ বুলি জনা যায়। শিল,মাটি,পানী,খনিজ সামগ্ৰী আদি এই শ্ৰেণীৰ সম্পদৰ ভিতৰত পৰে। বিতৰণৰ ভিত্তিত প্ৰাকৃতিক সম্পদক দুটা ভাগত ভগাব পাৰি一 সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ। সাধাৰণতে, সকলোতে পোৱা সম্পদসমূহেই সৰ্বব্যাপী সম্পদ। উদাহৰণস্বৰূপে, আমি শ্বাস-প্ৰশ্বাসত ব্যৱহাৰ কৰা বায়ু এবিধ সৰ্বব্যাপী সম্পদ। আনহাতে, স্থানভিত্তিক সম্পদসমূহ সকলো ঠাইতে পোৱা নাযায়। এক নিৰ্দিষ্ট পৰিৱেশ আৰু অৱস্থাত স্থানভিত্তিক সম্পদসমূহ পোৱা যায়। লোৰ আকাৰ, তাম, কয়লা আদি স্থানভিত্তিত সম্পদ।
উন্নয়ন আৰু ব্যৱহাৰ ওপৰত ভিত্তি কৰি প্ৰাকৃতিক সম্পদক প্ৰকৃত সম্পদ আৰু সম্ভাৱ্যপূৰ্ণ সম্পদ হিচাপে দুটা ভাগত ভগাব পাৰি। মানুহে সদ্ব্যৱহাৰ কৰি আৰু কামত লগাই প্ৰকৃতিৰ পৰা ইতিমধ্যে যিবোৰ সম্পদ আহৰণ কৰিছে সেয়াই প্ৰকৃত সম্পদ। এনে সম্পদৰ মজুত থকা পৰিমাণ অনুমান কৰিব পৰা যায়। কয়লা, প্ৰট্ৰ'লিয়াম, ইউৰেনিয়াম আদি শক্তি সম্পদসমূহে এই শ্ৰেণীৰ সম্পদৰ অন্তৰ্ভুক্ত। এই শ্ৰেণীৰ সম্পদ সীমিত বুলি জনাৰ পিছত ইয়াক পৰিমিত ৰূপত ব্যৱহাৰ কৰাটো অতি আৱশ্যকীয় হৈ পৰিছে।
তেনে সম্ভাৱনীয়তাৰ উমান দিয়ে, সেয়ে সম্ভাৱ্যপূর্ণ সম্পদ। এই শ্ৰেণীৰ সম্পদ মজুত থকাৰ পৰিমাণ নিশ্চিতকৈ জনা সম্ভৱ নহ'ব পাৰে; কিন্তু অর্থনৈতিক ক্ষেত্ৰত এনে সম্পদ অতি গুৰুত্বপূর্ণ। উদাহৰণস্বৰূপে, অসমৰ মাজেৰে বৈ যােৱা ব্রহ্মপুত্র নদীৰ পানী জল বিদ্যুৎ শক্তি আহৰণৰ প্ৰচুৰ সম্ভাৱনীয়তা থকা আৰু জলসিঞ্চনৰ সুবিধা লাভ কৰিব পৰা সম্পদ। তেনেদৰে বৰ্তমান উদ্ভিদ জগতৰ বহুসংখ্যক বনৌষধি উদ্ভিদ মানুহকে ধৰি জীৱজৰ স্বাস্থ্য আৰু চিকিৎসাৰ বাবে এক সম্ভাৱনীয়তাপূর্ণ সম্পদ হিচাপে চিনাক্তকৰণ হৈছে ( চিত্র ৬.৩ )।
জানি থওঁ আহাঃ
পানী এবিধ মূল্যৱান প্রাকৃতিক সম্পদ। পৃথিৱীৰ মুঠ জলভাগৰ প্ৰায় ৯৭ % সমুদ্রৰ লুণীয়া পানী আৰু ৩ % হে সাধাৰণ পানী। এই কম অংশৰাে ( ৩ % সাধাৰণ পানীৰ সকলােখিনি পানী আমি পােৱাতাে সম্ভৱ নহয়। কিয়নাে ইয়াৰ একাংশ পানী মেৰু অঞ্চলৰ বৰফেৰে আবৃত। পৃথিৱীৰ সমগ্ৰ পানীৰ তুলনাত জলপৃষ্ঠ আৰু মাটিৰ তলৰ পৰা সহজে পােৱা অ- লুণীয়া পানীৰ পৰিমাণ ০.০০০৩ %। গতিকে, পৃথিৱীত থকা পানীৰ পৰিমাণ অত্যধিক যদিও ব্যৱহাৰযােগ্য পানীৰ পৰিমাণ তুলনামূলকভাৱে অতি কম আৰু ই আমাৰ অমূল্য সম্পদ।
Class 7 Social Science
Type: Nayan Moni Deka