( খ ) উত্তম ভাৰতৰ সমভূমি অঞ্চল ঃ

 উত্তৰৰ হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলেই হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল । এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্রায় ২,৪০০ কিলােমিটাৰ বিস্তৃত । ইয়াক প্ৰধানকৈ সিন্ধু - গঙ্গা - ব্রহ্মপুত্র সমভূমি বুলি জনা যায় । এই সমভূমিৰ প্ৰস্থ ঠাই ভেদে বেলেগ বেলেগ হােৱা দেখা যায় । সিন্ধু - গঙ্গা সমভূমি অঞ্চলৰ প্রস্থ ২৪০ কিলােমিটাৰৰ পৰা ৩২০ কিলােমিটাৰ পর্যন্ত যদিও ব্রহ্মপুত্র সমভূমিৰ প্রস্থ গড়ে মাত্র ৮০ কিলােমিটাৰ । উত্তৰ ভাৰতৰ এই সমভূমি অঞ্চলটোৱে মুঠতে প্রায় ৭,০০,০০০ বর্গ কিলােমিটাৰ আগুৰি আছে । 

চৰাচলতে পাঁচখন সৰু বৰ সমভূমিৰ সমষ্টিয়েই হৈছে উত্তৰ ভাৰতৰ বিস্তৃত সমভূমি অঞ্চলটো । এই পাঁচখন সমভূমি হৈছে— পশ্চিম সমভূমি , পঞ্জাব - হাৰিয়ানা সমভূমি , গঙ্গা সমভূমি , উত্তৰবঙ্গ সমভূমি আৰু ব্ৰহ্মপুত্র সমভূমি । পঞ্জাব আৰু হাৰিয়ানাৰ খৰাং অঞ্চলক সামৰি লৈ পশ্চিম সমভূমি গঠন হৈছে । শতদ্র ( Sutlej ) , বিপাশা ( Beas ) আৰু ৰাবি ( Ravi ) নদীয়ে গঠন কৰা সমভূমিয়েই হৈছে পঞ্জাব - হাৰিয়ানা সমভূমি । গঙ্গা আৰু যমুনা নদীয়ে সৃষ্টি কৰা উত্তৰ প্রদেশ , বিহাৰ আৰু পশ্চিমবংশৰ সমতলভূমিক লৈ গঙ্গা সমভূমি গঠিত হৈছে । হিমালয়ৰ পৰা নামি অহা নদ - নদীয়ে উত্তৰবঙ্গ সমভূমিৰ সৃষ্টি কৰিছ । সেইদৰে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ ভালেসংখ্যক উপনৈয়ে পলস জমা কৰি অসমৰ ব্ৰহ্মপুত্ৰ সমভূমি গঠন কৰিছে । 

     হিমালয় অঞ্চলৰ পৰা বৈ অহা তিনিখন প্রধান নদী— সিন্ধু , গঙ্গা আৰু ব্ৰহ্মপুত্ৰ আৰু ইহঁতৰ অসংখ্য উপনৈয়ে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো গঠন কৰিছে । সিন্ধু নদীৰ উপনৈ বিশেষকৈ শতদ্রু , বিপাশা আৰু ৰাবি নদীয়ে কঢ়িয়াই অনা পলসুৱা গেদ পঞ্জাব আৰু হাৰিয়ানাৰ পূব অংশত জমা হৈ সাৰুৱা সমতলভূমি গঠিত হৈছে । এই সমভূমি দক্ষিণলৈ ঢাল খােৱা আৰু ইয়াৰ মাটি সাৰুৱা বাবে ইয়াত জনবসতি ঘন । এই সমভূমি অঞ্চলটোৱে ১.৭৫ লাখ বর্গ কিলােমিটাৰ আগুৰি আছে । আনহাতে হিমালয়ৰ পৰা উৎপত্তি হােৱা গঙ্গা নদী আৰু ইয়াৰ উপনৈসমূহে এক বৃহৎ সমভূমিৰ সৃষ্টি কৰিছে । গঙ্গা নদী উচ্চ হিমালয়ৰ গঙ্গোত্রী নামৰ হিমবাহ বা বৰফৰ নৈৰ পৰা ওলাই আহিছে । ই উত্তৰ প্রদেশ , বিহাৰ আৰু পশ্চিমবংগৰ মাজেৰে বৈ বাংলাদেশ পাইছে আৰু অৱশেষত বংগােপসাগৰত পৰিছেগৈ । হিমালয় পার্বত্য অঞ্চল এৰি গঙ্গাই উত্তৰ প্রদেশ , বিহাৰ আৰু পশ্চিমবংগৰ সমভূমিয়েদি বৈ আহোতে  অলকানন্দা , যমুনা , ৰামগঙ্গা , গােমতি , ঘাগৰা , গণ্ডক , সােণ , কুশী আদি উপনৈসমূহ ইয়াৰ লগ লাগিছে । গঙ্গা আৰু ইয়াৰ অসংখ্য উপনৈয়ে হিমালয় অঞ্চলৰ পৰা কঢ়িয়াই অনা বালি বােকা জমা কৰি গঙ্গা সমভূমিৰ সৃষ্টি কৰিছে । এই সমভূমিয়ে উত্তৰ প্রদেশ , বিহাৰ আৰু পশ্চিমবংগৰ মুঠ ৩,৫৭,০০০ বর্গ কিলােমিটাৰ আগুৰি আছে । সাৰুৱা মাটি আৰু সুচল যাতায়ত ব্যৱস্থাৰ বাবে এই সমভূমি ঘন বসতিপূর্ণ আৰু কৃষিৰ ক্ষেত্ৰত আগবঢ়া ।

     হিমালয় অঞ্চলত উৎপত্তি হােৱা আন এখন প্রধান নদী ব্ৰহ্মপুত্ৰই ইয়াৰ উপনৈসমূহৰ সৈতে মিলিত হৈ অসমৰ ব্ৰহ্মপুত্ৰ সমভূমি গঠন কৰিছে । ব্রহ্মপুত্র নদী চীনদেশৰ তিব্বত মালভূমিত থকা চেমা - য়ুংদুং নামৰ হিমবাহৰ পৰা উৎপত্তি হৈছে । ভাৰতীয় ভূ - খণ্ডত প্ৰৱেশ কৰি এই নদী অৰুণাচল প্রদেশ আৰু অসম ৰাজ্যৰ মাজেৰে বৈ আহি বাংলাদেশত প্ৰৱেশ কৰিছে । পিছত ই গঙ্গাৰ লগ - লাগি বংগােপসাগৰত পৰিছেগৈ । অসমৰ মাজেদি বৈ যােৱা প্রায় ৭০০ কিলােমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰৰ গতি পথছােৱাত উত্তৰ আৰু দক্ষিণৰ পৰা বৈ অহা ভালেকেইখন উপনৈ লগ লাগিছে । ইয়াৰ ভিতৰত উত্তৰপাৰৰ সােৱণশিৰি , জীয়াভৰালী , ধনশ্রী ( উত্তৰ ) , পুঠিমাৰী , পাগলাদিয়া , মানাহ , চম্পাৱতী আদিয়েই প্রধান । দক্ষিণ পাৰৰ প্রধান উপনৈবিলাক হৈছে বুঢ়ীদিহিং , দিচাং দিখৌ , ধনশ্রী ( দক্ষিণ ) , কপিলী আৰু কৃষ্ণাই । ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে বিশেষকৈ হিমালয় অঞ্চলৰ পৰা কঢ়িয়াই অনা বালি বােকাৰ গেদ জমা হৈ ব্রহ্মপুত্র সমভূমিৰ সৃষ্টি হৈছে । গড়ে প্রায় ৮০ কিলােমিটাৰ প্রস্থবিশিষ্ট এই সমভূমি উত্তৰ - পূবৰ পৰা দক্ষিণ - পশ্চিমলৈ ঢাল খােৱা । নদী - গঠিত পলসুৱা মাটি আৰু সুচল ভূ - প্রকৃতিৰ বাবে এই সমভূমি অঞ্চল উত্তৰ - পূব ভাৰতৰ ভিতৰতে তুলনামূলকভাৱে আগবঢ়া । ইয়াত জনবসতিও ঘন । কিন্তু বাৰিষা কালত এই সমভূমিৰ বহু ঠাই বানপানীৰ কৱলত পৰে । উত্তৰ ভাৰতৰ পলসুৱা সিন্ধু - গঙ্গা - ব্রহ্মপুত্র সমভূমিৰ পশ্চিম অংশত ৰাজস্থানৰ শুকান সমভূমি অঞ্চলটো অৱস্থিত । এই অঞ্চলটো থৰ মৰুভূমিৰ অংশ । ইয়াৰ অধিকাংশ ঠাই শুকান আৰু বালিময় । 

Type Sumit Patar  

Social Science Geography 9,