দাক্ষিণাত্য মালভূমি অঞ্চল

উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণে আছে দাক্ষিণাত্য মালভূমি । ই আকৃতিত ত্রিভূজ এটাৰ দৰে । এই মালভূমি অঞ্চলটো পুৰণি কঠিন শিলাৰে গঠিত । ইয়াৰ উত্তৰৰ মালৱা মালভূমি আৰু বিন্ধ্য পর্বত আৰু উত্তৰ - পূবৰ ছােটানাগপুৰ মালভূমিক সামৰি লৈ এই বিস্তৃত মালভূমি অঞ্চলটো গঠিত হৈছে । বিন্ধ্য , সাতপুৰা , মহাদেৱ আৰু মহাকাল পর্বতে এই সমগ্র মালভূমি অঞ্চলটোক উত্তৰ আৰু দক্ষিণ এই দুটা অংশত ভাগ কৰিছে।ইয়াৰে উত্তৰ অংশটোৰ বিস্তৃতি কম আৰু ইয়াৰ ভিতৰত মালৱা মালভূমি আৰু ছেটানাগপুৰ মালভূমি অৱস্থিত । কিন্তু দক্ষিণৰ অংশটো যথেষ্ট ডাঙৰ । এই অংশটো সাতপুৰা , মহাদেৱ আৰু মহাকাল পৰ্বতৰ পৰা দক্ষিণলৈ কুমাৰিকা পর্যন্ত বিস্তৃত । দক্ষিণৰ এই মালভূমি অঞ্চলটোৰ পশ্চিম সীমাত আছে পশ্চিমঘাট পর্বতশ্রেণী আৰু পূর্ব সীমাত আছে পুর্বঘাট পর্বতশ্রেণী । দাক্ষিণাত্য মালভূমি পশ্চিমঘাট পর্বতৰ ফালে ক্রমে ওখ আৰু পুর্বঘাট পর্বতৰফালে চাপৰ আৰু এঢলীয়া । এই ঢাল অনুসৰি দক্ষিণ ভাৰতৰ প্ৰায় আটাইবােৰ নদী পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বংগােপসাগৰত পৰিছে । এই নদীবিলাকৰ ভিতৰত মহানদী , গােদাবৰী , কৃষ্ণা , পেনাৰ আৰু কাবেৰীয়েই প্রধান । অৱশ্যে বিন্ধ্য আৰু সাতপুৰা পৰ্বতৰ মাজৰ অঞ্চলটো পূবৰ পৰা পশ্চিমলৈ ঢাল খােৱা । সেয়েহে এই অঞ্চলৰ মাজেৰে নর্মদা আৰু তাপ্তী নামৰ দুখন প্রধান নদী পশ্চিমলৈ বৈ গৈছে আৰু দুয়ােখন নদীয়েই কাম্বে উপসাগৰত পৰিছে ।

Type Sumit Patar.

Social Science Geography 9,