উদ্ভিদঃ

    উদ্ভিদ প্ৰাকৃতিক পৰিৱেশৰ অন্যতম প্ৰধান উপাদান । ভালদৰে মন কৰিলে দেখা যায় যে ওখ  গছ - গছনিৰ পৰা আৰম্ভ  কৰি চাপৰ ঘাঁহ - বন আৰু শেলুৱৈলৈকে আমাৰ পৰিৱেশত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আছে ।  উদ্ভিদ এই আকাৰ - প্ৰকাৰ কিন্তু ঠাই বা  অঞ্চলভেদে বেলেগ বেলেগ হয় । গতিকে থোৰতে কব পাৰি যে উদ্ভিদৰ প্ৰকাৰ, বৃদ্ধি আৰু বিতৰণ প্ৰধানকৈ জলবায়ু, ভূ- প্ৰকৃতি আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰে ।

    ভাৰততো অঞ্চলভেদে ভূ- প্ৰকৃতি, জলবায়ুৰ আৰু মাটি বেলেগ বেলেগ হোৱা দেখা যায় । দেশখনৰ উদ্ভিদসমূহক সাধাৰণতে ছয় ভাগত ভগাব পাৰি ঃ চিৰ সেউজীয়া উদ্ভিদ, মৌচুমীয় উদ্ভিদ,কাঁইটীয়া মৰু উদ্ভিদ, তৃণজাতীয় উদ্ভিদ, ব- দ্বীপীয় উদ্ভিদ আৰু পাৰ্বত্য উদ্ভিদ। তলত উদ্ভিদসমূহৰ চমু বিৱৰণ দিয়া হল- 

চিৰসেউজীয়া উদ্ভিদঃ-  যি অঞ্চলত বাৰ্ষিক বৰষুণ পৰিমাণে ২০০ চেন্টিমিটাৰতকৈ অধিক আৰু বাৰ্ষিক গড় উত্তাপ ২৫0  চেন্টিগ্ৰেডৰ পৰা ২৭চেন্টিগ্ৰেড, তেনে অঞ্চলত চিৰসেউজীয়া  বননি সাধাৰণতে ওখ গছ- গছনি সমষ্টি । এনে বনে ডাঠ অৰণ্য সৃষ্টি কৰিছে । ইয়াৰ গছবিলাক ৪৫ মিটাৰ পৰ্যন্ত  ওখ হয় । ওখ গছৰ উপৰি বেত বাঁহ ঢেকীয়া আৰু লতাজাতীয় চাপৰ উদ্ভিদো দেখা যায় ।  বছৰৰ কোনো ঋতুতে এইবিলাকৰ পাত নসৰে । সেয়েহে ইহঁতক চিৰসেউজীয়া উদ্ভিদ বোলে । এই অৰণ্যত শিশু, চন্দন, ৰবৰ আদি ভালেমান মূল্যৱান গছ পোৱা যায় । পশ্চিমঘাট পৰ্বতৰ পশ্চিম ঢাল, অৰুণাচল হিমালয়ৰ নামনিভাগ উজনি অসম, মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চল আৰু আন্দামান - নিকোবৰ দ্বীপপুঞ্জত এনে চিৰসেউজীয়া অৰণ্য দেখা যায় । 

মৌচুমীয় উদ্ভিদঃ মৌচুমীয় উদ্ভিদ ( Monsoon Vegetations ) ভাৰতৰ অধিকাংশ ঠাইত পােৱা যায় । বার্ষিক ১০০ চেণ্টিমিটাৰৰ পৰা ২০০ চেণ্টিমিটাৰ বৰষুণ হােৱা আৰু গড়ে প্রায় ২৭ ° চেন্টিগ্রেড উত্তাপযুক্ত অঞ্চলত এনেবিধ উদ্ভিদ দেখা যায় । মৌচুমী ঋতুত হােৱা বৰষুণৰ ওপৰত এই উদ্ভিদ নিৰ্ভৰশীল । মৌচুমী অঞ্চলত শীতকালত বৰষুণ কম হয় আৰু উত্তাপাে কমি যায় । গতিকে মাটি শুকান হৈ পৰে । সেয়েহে শীতকালত সাধাৰণতে এই গছবিলাকৰ পাত সৰি যায় । শাল , চেগুন , শিৰিশ , শিশু , অর্জুন , শিমলু আৰু বিভিন্ন প্রজাতিৰ বাঁহ মৌচুমীয় অৰণ্যৰ প্রধান উদ্ভিদ । এই অৰণ্য অসম , পশ্চিমবংগ , বিহাৰ , উত্তৰ প্রদেশ , হিমাচল প্রদেশ আৰু হাৰিয়ানাৰ একাংশ , মধ্যপ্রদেশ , তামিলনাড়ু , পশ্চিমঘাট , পূর্বঘাট পর্বতকে ধৰি দাক্ষিণাত্য মালভূমিৰ পূব অংশ আৰু দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনৰ সেমেকা অঞ্চলত পােৱা যায় । আন্দামান - নিকোবৰ দ্বীপপুঞ্জতাে মৌচুমীয় উদ্ভিদ দেখা যায় ( চিত্র ৩.০৫ ) ।

 কাঁইটীয়া মৰু উদ্ভিদঃ সাধাৰণতে বছৰি ৫০ চেণ্টিমিটাৰতকৈ কম বৰষুণ হােৱা মৰুভূমি বা মৰুপ্রায় অঞ্চলত কাইটীয়া জোপােহা উদ্ভিদ ( Dry Thorny Vegetations ) জন্মে । এনে অঞ্চলত উত্তাপ বেছি আৰু ইয়াৰ মাটিভাগ বালিয়া । ইয়াত উদ্ভিদৰ বাবে প্রয়ােজনীয় পানীৰ অভাৱ । এনে অৱস্থাত বৰ্তি থাকিবলৈ উদ্ভিদৰ পাতবােৰ বহল নহৈ গােটা আৰু কাঁইটীয়া হয় । এই জাতীয় উদ্ভিদ বিশেষকৈ ৰাজস্থানৰ পশ্চিমাংশৰ থৰ মৰুভূমি আৰু পঞ্জাবৰ দক্ষিণ - পশ্চিম অঞ্চলত দেখা পােৱা যায় । একাচিয়া , বিভিন্ন প্রকাৰৰ কেক্টাছ , খেজুৰ , বগৰী আদি মৰু অঞ্চলৰ প্রধান উদ্ভিদ ।


তৃণজাতীয় উদ্ভিদঃ  উত্তৰ আমেৰিকাৰ প্ৰেইৰী আৰু আফ্রিকা মহাদেশৰ ছাভানা তৃণভূমিৰ দৰে বিস্তৃত তৃণভূমি ভাৰতত অৱশ্যে পােৱা নাযায় । কিন্তু যিবিলাক অঞ্চলত বছৰি ৫০ চেণ্টিমিটাৰৰ পৰা ১০০ চেণ্টিমিটাৰ বৰষুণ হয় দেশখনৰ তেনে অঞ্চলবিলাকত তৃণজাতীয় উদ্ভিদ ( Grassland Vegetations ) দেখা যায় । এনে উদ্ভিদৰ ভিতৰত চাপৰ জোপােহা গছ , ঘাঁহ আৰু কাঁইটীয়া গছ - বনেই প্রধান । এই উদ্ভিদ প্রধানকৈ উত্তৰ ভাৰতৰ পঞ্জাব , ৰাজস্থানৰ পূব অংশ , উত্তৰ প্ৰদেশৰ সমতল ভাগৰ একাংশ আৰু দাক্ষিণাত্য মালভূমিৰ মাজভাগৰ অন্ধ্রপ্রদেশ , কর্ণাটক আৰু মহাৰাষ্ট্রৰ অংশ বিশেষত পােৱা যায় । তদুপৰি হিমালয়ৰ নামনিভাগৰ তৰাই অঞ্চলৰ সেমেকা পৰিৱেশতাে নল , খাগৰি , ইকৰা আদি ঘাঁহজাতীয় উদ্ভিদ জন্মে । এই ঘাঁহবােৰ ২-৩ মিটাৰ্মান ওখ হয় । ইহঁতৰ মাজে মাজে অৱশ্যে খয়েৰ , শিমলু আদি গছাে দেখা যায় ।

বদ্বীপীয় উদ্ভিদ ( Mangrove Vegetation)ঃ এইবিধ উদ্ভিদ প্রধানকৈ সমুদ্র তীৰভূমিৰ বদ্বীপ অঞ্চলত পােৱা যায় । সাগৰৰ পানীৰ লৱণতা সত্ত্বেও জোৱাৰৰ ফলত জমা হােৱা গেদ আৰু নদীয়ে জমা কৰা পলসুৱা মাটিৰ বাবেই উপকূল অঞ্চলৰ ঠাইবিশেষে এই উদ্ভিদ জন্মে । সাধাৰণতে মেনগ্রভ ( Mangrove ) বােলা এই উদ্ভিদ প্রধানকৈ কচ্ছ উপসাগৰৰ উপকূল অঞ্চলত , গংগা ব্ৰহ্মপুত্ৰৰ ব - দ্বীপ অঞ্চলত অর্থাৎ সুন্দৰবনত আৰু মহানদী , গােদাবৰী , কৃষ্ণা , কাবেৰী নদীৰ ব - দ্বীপ অঞ্চলত পােৱা যায় । ব - দ্বীপীয় উদ্ভিদৰ ভিতৰত সুন্দৰী , তাল আৰু নাৰিকল আদি গছেই প্ৰধান ।                       

পার্বত্য উদ্ভিদ ( Mountain Vegetations)ঃ উদ্ভিদৰ প্ৰকাৰ আৰু বিতৰণত উচ্চতাৰ যথেষ্ট প্রভাৱ আছে । কিয়নাে উচ্চতা আৰু পর্বত - পাহাৰৰ ঢাল অনুসৰি বৰষুণ , উত্তাপ আৰু মাটিৰ গুণাগুণৰ তাৰতম্য ঘটে । সেইবাবেই পার্বত্য অঞ্চলৰ বিভিন্ন উচ্চতাত বেলেগ বেলেগ ধৰণৰ উদ্ভিদ দেখা যায় । ভাৰতৰ হিমালয় অঞ্চলতাে উচ্চতাভেদে বিভিন্ন শ্ৰেণীৰ উদ্ভিদ পােৱা যায় ।বহিঃ হিমালয়ৰ শিৱালিক পর্বতকে ধৰি গড়ে ১,০০০ মিটাৰ উচ্চতাৰ চাপৰ পর্বতমালা ডাঠ মৌচুমীয় অৰণ্যৰে আবৃত । ইয়াত শাল গছকে ধৰি ভালেমান মূল্যৱান গছ আছে । এই অঞ্চলত বাঁহজাতীয় উদ্ভিদ বেছিকৈ দেখা যায় । ইয়াৰ ঠিক উত্তৰৰ ১,০০০ মিটাৰৰ পৰা ২,০০০ মিটাৰ উচ্চতাৰ পার্বত্য অঞ্চলত বহল পাতৰ ওক আৰু সৰলজাতীয় চিৰসেউজীয়া উদ্ভিদ পােৱা যায় । উত্তৰ - পূৰ্বাঞ্চলৰ পার্বত্য অঞ্চলত অৱশ্যে সৰল গছ বেছিকৈ দেখা যায় । তাৰােপৰি ১,৬০০ মিটাৰৰ পৰা ৩,০০০ মিটাৰ উচ্চতাত কাশ্মীৰ , হিমাচল প্রদেশ , উত্তৰাঞ্চল , দার্জিলিং আৰু ছিকিম হিমালয় অঞ্চলত দেৱদাৰুকে ধৰি বিভিন্ন প্রজাতিৰ সৰল গছৰ অৰণ্য আছে । ইয়াতকৈ অধিক উচ্চতাৰ পার্বত্য অঞ্চলত কেৱল আল্পীয় ( Alpine ) উদ্ভিদহে গজে ।

    উদ্ভিদ এবিধ মূল্যৱান প্রাকৃতিক সম্পদ । ভাৰতবর্ষ উদ্ভিদ আৰু অন্যান্য বনজ সম্পদত চহকী । ইয়াৰ অৰণ্যত পােৱা উদ্ভিদৰ ভিতৰত বহুতৰে ঔষধি মূল্যও আছে । প্রাকৃতিক পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে উদ্ভিদ অপৰিহার্য । উদ্ভিদে মাটিত পানী আৱদ্ধ কৰি ৰাখে আৰু ভূমি ক্ষয় ৰােধ কৰে । উদ্ভিদৰ আৱৰণে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে । উদ্ভিদ আৱৰণ নােহােৱা হ'লে বহু ধৰণৰ পাৰিৱেশিক সমস্যাই গা কৰি উঠিব পাৰে ।


    গছ - গছনিকে ধৰি সৰু বৰ সকলাে ধৰণৰ উদ্ভিদে কোনাে অঞ্চলৰ জৈৱ - বৈচিত্র্য সংৰক্ষণত সহায় কৰে । ভাৰতৰ অৰণ্য অঞ্চলসমূহ জৈৱ বৈচিত্র্যৰ ক্ষেত্ৰত সম্পদশালী । এই অৰণ্যসমূহত নানা প্রকাৰৰ গছ - গছনি আৰু ঔষধি উদ্ভিদৰ উপৰি বিভিন্ন প্রজাতিৰ জীৱ - জন্তু আছে । উদ্ভিদ আৰু জীৱ - জন্তুৰ প্ৰজাতিৰ ভিন্নতাই জৈৱ - বৈচিত্র্য সৃষ্টি কৰিছে আৰু সেয়েহে দেশৰ অৰণ্য অঞ্চলৰ উদ্ভিদ তথা গছ - গছনিসমূহ সংৰক্ষণৰ প্রয়ােজন হৈছে । মূল্যবান অৰণ্য সম্পদৰ পৰা লাভ কৰা আর্থিক অৱদানৰ লগতে পৰিৱেশ সুৰক্ষা দিয়াৰ উদ্দেশ্যে দেশৰ অৰণ্যসমূহ সংৰক্ষণ কৰাৰ বাবে আমাৰ সকলােৰে দায়িত্ব আছে ।

Type Sumit Patar 

Class 9 Social Science Geography