উত্তৰ হিমালয় পাৰ্বত্য অঞ্চলঃ

হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত । এই পৰ্বতৰ বহুতো ঠাল - ঠেঙুলি আছে ।  হিমালয় আৰু ইয়াৰ ঠাল -ঠেঙুলিবোৰ সামৰি একেলগে হিমালয় পৰ্বতমালা বুলি কোৱা হয় ।  এই পৰ্বতমালা ভাৰতৰ  বাহিৰেও নেপাল ,  চীন আৰু ভূটান  দেশলৈকৈ বিস্তৃত হৈ আছে । ইয়াত অৱশ্যে ভাৰতৰ অন্তৰ্গত হিমালয় পাৰ্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে । ই কাশ্মীৰৰ লঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমা পৰ্যন্ত পূবা - পশ্চিমাকৈ বিস্তৃত বৈ আছে । প্ৰায় ২,৫০০ কিলোমিটাৰ দীঘল আৰু প্ৰায় ২৪০ কিলোমিটাৰ পৰা ৫০০ কিলোমিটাৰ পৰ্যন্ত  বহল এই পাৰ্বত্য অঞ্চলটোৱে প্ৰায় ৫,০০, ০০০ বৰ্গ কিলোমিটাৰ মাটিকালি আগুৰি আছে । ইয়াৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা ৮,০০০ মিটাৰৰো অধিক । হিমালয় পৰ্বতমালা টাৰচিয়েৰি যুগত সৃষ্টি হৈছিল বুলি ভূ- বিজ্ঞানীসকলে ঠাৱৰ কৰিছে । আজি হিমালয় পৰ্বতশ্ৰেণীয়ে যি 





ঠাই আগুৰি আছে , বহু নিযুত বছৰৰ আগতে সেই ঠাইত এখন সাগৰ আছিল । এই সাগৰখনৰ নাম হৈছে টেথিছ সাগৰ । এই টেথিছ সাগৰৰ উত্তৰ আৰু দক্ষিণফালে দুটা পুৰণি ভূ - খণ্ড আছিল । উত্তৰৰ ভূ - খণ্ডক ‘ আঙ্গালেণ্ড আৰু দক্ষিণৰ ভূ - খণ্ডক গণ্ডোৱানালেণ্ড ’ বুলি জনা যায় । এই দুই ভূ - খণ্ডৰ পৰা ক্ষয়ীভূত গেদ আদি টেথিছ সাগৰৰ তলিত জমা হৈছিল । কালক্ৰমত গধুৰ হৈ অহা গেদবােৰৰ হেঁচাত টেথিছ সাগৰৰ উত্তৰ আৰু দক্ষিণে থকা ভূখণ্ড দুটা ক্রমে ওচৰ চাপি আহে । অর্থাৎ উত্তৰৰ ভূ - খণ্ডই দক্ষিণলৈ আৰু দক্ষিণৰ ভূখণ্ডই উত্তৰলৈ গতি কৰিবলৈ ধৰে । এইদৰে গতি কৰাৰ ফলত মাজৰ টেথিছ সাগৰত জমা হােৱা গেদবােৰ চেপা খাই ওপৰলৈ উঠি আহে আৰু পিছত কঠিন হৈ পৰ্বতৰ আকাৰ লয় । এই প্রক্রিয়াৰে হিমালয় পর্বতশ্রেণী সৃষ্টি হােৱা বুলি বিশ্বাস কৰা হয় । চেপা খাই ওপৰলৈ উঠি অহা গেদবােৰে ঢৌৰ আকাৰ লৈ ভঙ্গিল পর্বতশ্রেণীৰ সৃষ্টি কৰে আৰু সেইবাবেই হিমালয় পর্বতশ্রেণীক ভঙ্গিল পর্বত বুলি কোৱা হয় । অৱশ্যে মনত ৰাখিবলগীয়া কথা যে হিমালয় পর্বতশ্রেণী একেবাৰতে সৃষ্টি হােৱা নাই । পর্বত গঠনকাৰী প্রক্রিয়াৰ কেইবাটাও পর্যায়ত হিমালয় পর্বতশ্রেণী গঠন হৈছে । সেই কাৰণেই ভূ বিজ্ঞানীসকলে মত পােষণ কৰিছে যে প্রায় ৭ নিযুত বছৰ ধৰি চলি থকা গঠন প্রক্রিয়াৰ অন্ততহে হিমালয় পর্বতে ইয়াৰ বৰ্তমানৰ আকাৰ , আকৃতি আৰু উচ্চতা লাভ কৰিবলৈ সক্ষম হৈছে ।  হিমালয় পর্বতমালা টাৰচিয়েৰি যুগৰ সহজে ক্ষয়প্রাপ্ত হােৱা কোমল শিলাৰে গঠিত । সেয়েহে ইয়াৰ পৰা ওলােৱা নদ - নদীবিলাকে অধিক পৰিমাণৰ গেদ কঢ়িয়াই আনে । হিমালয়ৰ উচ্চ শিখৰবােৰ বৰফেৰে আবৃত হৈ থাকে । এই বৰফৰ পৰা তুষাৰ নৈৰ সৃষ্টি হয় । হিমালয় অঞ্চলত এনেকুৱা অসংখ্য তুষাৰ নৈ দেখা যায় । বেছিভাগ তুষাৰ নৈৰ দৈর্ঘ্য ৩ - ৫ কিলােমিটাৰৰ ভিতৰত । এই তুষাৰ নৈবােৰেই হৈছে হিমালয় অঞ্চলৰ পৰা ওলােৱা নদ নদীবিলাকৰ পানীৰ প্রধান উৎস । পূর্ব - পশ্চিমাকৈ প্রায় সমান্তৰালভাৱে হিমালয় পর্বতমালাক তিনিটা শাৰীত বিভক্ত কৰিব পাৰি , যেনে - উচ্চ হিমালয় , মধ্য হিমালয় আৰু শিৱালিক বা বহিঃহিমালয় । ইয়াৰে উচ্চ হিমালয় শ্রেণীটো একেবাৰে উত্তৰ অংশত পূর্ব - পশ্চিমাকৈ বিস্তৃত । বৰফেৰে আবৃত এই পর্বতশ্রেণীৰ উচ্চতা গড়ে প্রায় ৬,০০০ মিটাৰ । ই অতি থিয় যদিও উত্তৰলৈ ইয়াৰ ঢাল ক্রমে কমি গৈ অৱশেষত চীনদেশৰ তিব্বত মালভূমিৰ লগত মিলিত হৈছে । উচ্চ হিমালয়ৰ লগতে লাগি থকা দক্ষিণৰ পর্বতশ্রেণীটোৱেই হৈছে মধ্য হিমালয় । ইয়াৰ গড় উচ্চতা হৈছে ৪,০০০ মিটাৰ । ই বহলে ৬০-৮০ কিলােমিটাৰ । এই মধ্য হিমালয় পর্বতশ্রেণীৰ দক্ষিণলৈ লগতে লাগি আছে বহিঃহিমালয় । এই পর্বতশ্রেণী তুলনামুলকভাৱে চাপৰ আৰু ইয়াৰ গড় উচ্চতা ১,০০০ মিটাৰ । ই দক্ষিণৰফালে ক্রমশঃ চাপৰ হৈ গঙ্গা ব্রহ্মপুত্র সমভূমিৰ লগত মিলিছে । প্রায় ১৫ কিলােমিটাৰৰ পৰা ৫০ কিলােমিটাৰ পর্যন্ত বহল এই বহিঃহিমালয় পর্বতশ্রেণীয়ে হিমালয়ৰ নামনি অঞ্চলকো সামৰি লৈছে । বহিঃহিমালয়ক ঠায়ে ঠায়ে শিৱালিক হিমালয় বুলিও জনা যায় । উত্তৰ - পূব ভাৰতৰ পূব আৰু দক্ষিণাংশত পর্বত পাহাৰে আগুৰি আছে । এই পার্বত্য অঞ্চলটো হিমালয় পর্বতমালাৰ লগত সংলগ্ন হৈ আছে । সেয়েহে এই পার্বত্য অঞ্চলটোকো হিমালয় পাৰ্বত্য অঞ্চলৰ লগত সামৰি লব পাৰি।

Type Sumit Patar

Class  Social Science Geography