জনসংখ্যা বিতৰণ, ঘনত্ব, বৃদ্ধি আৰু গঠন 

অধ্যায় ১



অনুশীলনী



১) শুদ্ধ উত্তৰটো বাছি উলিওৱা -

(i) ২০০১ চনৰ পিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা হ'ল-

(a) ১০২৮ নিযুত

(b) ৩১৮২ নিযুত         

(c) ৩২৮৭ নিযুত  

(d) ২০ নিযুত

উত্তৰঃ (a) ১০২৮ নিযুত।


(ii) ভাৰতবৰ্ষ কোনখন প্ৰদেশত জনসংস্যাৰ ঘনত্ব সৰ্বাধিক ?

(a)পশ্চিমবংগ

(b) কেৰালা

(c)উত্তৰপ্ৰদেশ

(d) পঞ্জাব

উত্তৰঃ (c) উত্তৰ প্ৰদেশ।


(iii) ২০০১ চনত লোকপিয়ল অনুসৰি ভাৰতৰ কোনখন প্ৰদেশত নগৰীয়া জনসংখ্যাৰ অনুপাত অধিক-

(a) তামিলনাডু

 (b) মহাৰাষ্ট্ৰ

 (c) কেৰেলা

 (d) গুজৰাট 

উত্তৰঃ (b) মহাৰাষ্ট্ৰ।


(iv) ভাৰতবৰ্ষৰ কোনটো ভাষিক গোষ্ঠীৰ জনসংখ্যা অধিক?

(a) চীন-তিব্বতীয়

(b) ইন্দো-আৰ্য 

(c)অষ্ট্ৰিক

(d) দ্ৰাবিড়

উত্তৰঃ (b) ইন্দো-আৰ্য।


২) তলত দিয়া প্ৰশ্নবোৰৰ ৩০ টামান শব্দৰ ভিতৰত উত্তৰ দিয়া-

(i) 'অত্যাধিক উষ্ণ আৰু শুকান, ঠাণ্ডা আৰু সেমেকা - অঞ্চলবোৰত জনসংখ্যা ঘনত্ব সেৰেঙা,' ভাৰতৰ জনসংখ্যা বিতৰণৰ পৰিপ্ৰেক্ষিতত জলবায়ুৰ প্ৰভাৱ সন্দৰ্ভত উক্তিটো ব্যাখ্যা কৰা ।

উত্তৰঃ জলবায়ুয়ে জনসংখ্যা বিতৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে আমি পৃথিৱীৰ বুকুত ঘনত্বৰ জনবসতি অঞ্চলসমূহ দেখিবলৈ পাওঁ। অত্যধিক উষ্ণ আৰু শুকান জনবায়ু মানুহৰ বসবাসৰ উপযোগী নহয়। এনে সমূহত ব্যৱহাৰযোগ্য পানীৰ অভাৱ দেখা যায়। সেয়েহে এনেবোৰ অঞ্চলত জনবসতি সেৰেঙা হোৱা দেখা যায়। উদাহৰণস্বৰূপে- ৰাজস্থানৰ পশ্চিম অঞ্চল। ইয়াৰ উপৰিও শীতল অঞ্চলসমূহ মানুহে বসবাসৰ বাবে উপযোগী বুলি বিবেচনা নকৰে। কিয়নো এইবোৰ অঞ্চলত কৃষিকাৰ্ষ সমাধা কৰাটো সম্ভৱপৰ নহয়। এনে অঞ্চলৰ লোকসকল সাধাৰণতে পশুপালন বিশেষকৈ ভেড়া আৰু ঊলৰ বস্ত্ৰ আদি নিৰ্মাণ কাৰ্যত জড়িত হৈ পৰে। লাডাখ আদি ঠাইবোৰত জনবসতি অতি সেৰেঙা। যি নিম্ন পৰিমাণৰ জনবসতি দেখা যায় তাৰ লোকসকল এনেধৰণৰ বৃত্তি সমূহৰ লগত জড়িত হৈ থাকে। ঠিক সেইদৰে অতি সেমেকা নাইবা সিক্ত জলবায়ু অঞ্চলতো জনবসতি ঘনত্ব হয়। এনেবোৰ অঞ্চল অতি সেমেকা হোৱা বাবে ইয়াত যথেষ্ট পৰিমাণৰ বৃষ্টিপাত হোৱা দেখা যায়। এই অঞ্চলবোৰ জলাহ, পিতনি আদিৰে আবৃত হোৱাৰ উপৰিও ঘন অৰণ্যৰে পৰিপুষ্টি। সেয়েহে এনে অঞ্চলসমূহ কৃষি কাৰ্য, গৃহ নিৰ্মাণ আদি কাৰ্যসমূহত বাধাৰ সৃষ্টি হয়। উদাহৰস্বৰূপে- আন্দামান নিকোবৰ, লাক্ষাদ্বীপৰ কথাকে ক'ব পাৰি। উক্ত ঠাইসমূহ সাধাৰণতে বিষুৱ ৰেখাৰ ওচৰে পাজৰে দেখা যায়। ইয়াৰ উপৰিও এই অঞ্চসমূহত যাতায়তৰ সুবিধা সুচল নহয়। সেয়ে মানুহে সাধাৰণতে বসতিৰ বাবে এই অঞ্চলসমূহ এৰাই চলিব বিচাৰে।


(ii) ভাৰতবৰ্ষত কোনবোৰ প্ৰদেশত গ্ৰাম্য জনসংখ্যা অধিক ? বৃহৎ গ্ৰাম্য জনসংখ্যা হোৱাৰ এটা প্ৰধান কাৰণ দৰ্শোৱা ।

উত্তৰঃ ভাৰতৰ সকলোবোৰ ৰাজ্যৰ ভিতৰত হিমাচল প্ৰদেশত গ্ৰাম্য বসতি অধিক হোৱা দেখা যায়। এই ৰাজ্যখনৰ প্ৰায় ৯০% লোক গ্ৰাম্য অঞ্চলত বাস কৰে।

    হিমাচল প্ৰদেশ এখন পাহাৰীয়া ৰাজ্য। সেয়েহে ইয়াৰ বসতি একে ঠাইতে থুপ খাই থকাৰ বিপৰীতে সমগ্ৰ ৰাজ্য়খনত সিঁচৰিত হৈ থকা দেখা যায়। এই প্ৰদেশৰ গাঁওসমূহ অতি ক্ষুদ্ৰ আৰু কিছুমান একেবাৰে ক্ষুদ্ৰ অৱস্থাত পোৱা যায়। অঞ্চলটো পাহাৰীয়া হোৱা বাবে ইয়াত কোনো ডাঙৰ উদ্যোগ নাইবা কৃষি কাৰ্য দেখা নাযায়। ফলস্বৰূপে লোকসকল অধিক হাৰত পশুপালন আৰু বিভিন্ন প্ৰাথমিক বৃত্তিৰ লগত জড়িত। বৰ্তমান অৱশ্যে এই অঞ্চলটোত সৰু-সুৰাকৈ ঊলৰ বস্ত্ৰ নিৰ্মাণৰ উদ্যোগ স্থাপন হৈছে। তথাপি অধিকাংশ লোকেই এতিয়াও গ্ৰাম্য অঞ্চলতে বসবাস কৰে।


(iii) ভাৰতবৰ্ষৰ কিছুমান প্ৰদেশত শ্ৰমিকৰ সংখ্যা আন কিছুমান প্ৰদেশৰ তুলনাত অধিক হোৱাৰ কাৰণ কি?

উত্তৰঃ ভাৰতৰ কিছুমান প্ৰদেশত শ্ৰমিকৰ সংখ্যা কিছুমান প্ৰদেশৰ তুলনাত অধিক দেখা পোৱা যায়। ইয়াৰ গুৰিতে কিছুমান কাৰকে ক্ৰিয়া কৰে। 

সেইবোৰ হ'ল-

(১) যিবোৰ অঞ্চলত প্ৰাপ্তবয়স্কৰ সংখ্যা অধিক হয়, সেই অঞ্চসমূহত শ্ৰমিকৰ সংখ্যা বেছি হয়।

(২) অঞ্চল এটাৰ শিক্ষিত হাৰৰ ওপৰতো শ্ৰমিকৰ সংখ্যা নিৰ্ভৰ কৰে। তেওঁলোক শিক্ষিত হোৱাৰ লগে লগে উপাৰ্জনৰ পথসমূহো মুকলি হয়।

(৩) যিবোৰ অঞ্চলত স্বাস্থ্যকৰ পৰিৱেশ পোৱা যায়, সেইবোৰ অঞ্চলৰ লোকসকল বিভিন্ন কৰ্মৰ লগত জড়িত হৈ থাকে।


(iv) ভাৰতবৰ্ষৰ শ্ৰমিকৰ সৰহভাগেই কৃষিখণ্ডৰ সৈতে জড়িত ।' ব্যাখ্যা কৰা

উত্তৰঃ ভাৰতৰ অধিকাংশ লোকেই কৃষিকাৰ্ষৰ লগত জড়িত। কিয়নো ভাৰত এখন কৃষি প্ৰধান দেশ। ইয়াৰ উপৰিও ভাৰতৰ ৭০% লোক গ্ৰাম্য অঞ্চলত বাস কৰে। সেয়েহে তেওঁলোকৰ বেছিভাগেই প্ৰতক্ষ্যভাৱে কৃষিৰ লগত জড়িত। ইয়াৰ উপৰিও ভাৰতৰ জনসংখ্যা প্ৰায় ৭০% লোক কৃষিখণ্ডৰ লগত জড়িত। কিয়নো  বৰ্তমান ভাৰতত কৃষি সম্পদক কেচাঁমাল হিচাবে লৈ ভালে সংখ্যক উদ্যোগ প্ৰতিষ্ঠা কৰা হৈছে। এইবোৰতো বহু লোক পৰোক্ষ ভাৱে কৃষিৰ লগত জড়িত হৈ থাকে। এইসমূহৰ উপৰি ভাৰতৰ বহুতো অশিক্ষিত আৰু অৰ্ধশিক্ষিত লোকৰ বাবে কৃষিখণ্ডই সহজ নিয়োগ ব্যৱস্থা প্ৰদান কৰিছে। সেয়েহে ভাৰতবৰ্ষৰ অধিকাংশ শ্ৰমিকেই কৃষিখণ্ডৰ লগত জড়িত হৈ আছে।  

 

৩) তলত দিয়া প্ৰশ্নবোৰ ১৫০ টামান শব্দৰ ভিতৰত উত্তৰ লিখা-

(i) ভাৰতবৰ্ষত জনসংখ্যা-ঘনত্বৰ স্থানিক-আৰ্হি আলোচনা কৰা ।

উত্তৰঃ ভাৰতবৰ্ষৰ জনসংখ্যা সমগ্ৰ দেশতে অসমানভাৱে বিয়পি আছে। সাধাৰণতে সমভূমি সমূহত পাহাৰীয়া অঞ্চল, মৰুভূমি, গভীৰ অৰণ্যাবৃত্ত অঞ্চলতকৈ জনসংখ্যা অধিক হাৰত দেখা যায়। বৃহৎ মাটিকালিৰ ৰাজ্যসমূহত জনসংখ্যাৰ পৰিমাণ বেছি হয়। অৱশ্যে এই ক্ষেত্ৰত ৰাজ্যখনত সকলো ঠাইতে সম্পদৰ পৰিমাণ , প্ৰায় সমান হোৱাটো বাঞ্ছনীয়। সাধাৰণতে যি কেইখন ৰাজ্য নদী উপত্যকা অঞ্চলত আছে, নাইবা উপকূলীয় অঞ্চলত আছে, আপেক্ষিক ভাৱে সেইবোৰ অঞ্চলত জনসংখ্যা বেছি হোৱা দেখা যায়। 

    ভাৰতৰ প্ৰতিখন ৰাজ্যৰ জনসংখ্যাৰ তুলনা কৰি চালে দেখা পোৱা যাব যে সকলো ঠাইতে বসতিও সমান নহয়। কিয়নো প্ৰতিখন ৰাজ্যৰে মাটিকালি বেলেগ বেলেগ হোৱাৰ উপৰিও সম্পদৰ বিতৰণো অসমান হয়। চিকিম ৰাজ্যখন হিমালয়ৰ পাদদেশত অৱস্থিত এখন সৰু ৰাজ্য, ইয়াৰ প্ৰতি বৰ্গকিলোমিটাৰত মাত্ৰ ৭৬ জন লোকেহে বাস কৰে। আনহাতে উত্তৰ প্ৰদেশৰ প্ৰতি বৰ্গকিলোমিটাৰত বাস কৰা লোকৰ পৰিমাণ হৈছে ৬৯০ জন। ইয়াৰ উপৰিও ১০ খন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব, প্ৰতি বৰ্গকিলোমিটাৰত ২৭৩ জন। ভাৰতৰ ৬ খন ৰাজ্য যেনে মহাৰাষ্ট্ৰ, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, অন্ধপ্ৰদেশ আদিতেই ভাৰতবৰ্ষৰ ৫০% লোকে বাস কৰে। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে মাটিকালিৰ ফালৰ পৰা ৰাজ্যকেইখন ডাঙৰ বাবেহে ঘনত্ব বেছি। ইয়াৰ বিপৰীতে কিন্তু ৰাজস্থান মাটিকালিৰ ফালৰ পৰা এখন বৃহৎ ৰাজ্য যদিও ইয়াৰ জনসংখ্যা সমগ্ৰ ভাৰতবৰ্ষৰে ৫)৫০% হে একেদৰেই মধ্যপ্ৰদেশ মাটিকালিৰ ফালৰ পৰা তৃতীয় বৃহৎ ৰাজ্য যদিও ইয়াৰ জনসংখ্যা মাথোন ৫)৮৮% । ঠিক সেইদৰে উত্তৰ প্ৰদেশৰ মাটিকালি ৭)২৫% হোৱাৰ বিপৰীতে ইয়াৰ জনসংখ্যাৰ ঘনত্ব কিন্তু ১৬)১৭% হে বিহাৰৰ ২)৮৬% মাটিকালিৰ বিপৰীতে জনসংখ্যাৰ ঘনত্ব ৬)০৭% । ১১ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ জনসংখ্যা ইয়াৰ মাটিকালিতকৈও বহুত বেছি হোৱা দেখা যায়। সেয়েহে এইবোৰ অঞ্চলত জনসংখ্যাৰ হেচাঁ মাটিৰ ওপৰত আনবোৰ ৰাজ্যৰ তুলনাত অধিক হোৱা বুলি ক'ব পাৰি। জম্মু-কাশ্মীৰৰ ৬)৭৬% মাটিকালিৰ বিপৰীতে জনসংখ্যাৰ ঘনত্ব হ'ল ০)৯৪% অৰুণাচল প্ৰদেশৰ ২)৫৫% বিপৰীতে ঘনত্ব ০)১১%।

    আৰ্থ সামাজিক কাৰকবোৰৰ ভিতৰত নতুন কৃষিভূমিৰ উৎপত্তি, স্থায়ী কৃষি উন্নয়ন জনবসতি আৰ্হি, পৰিৱহণৰ উন্নয়ন , উদ্যোগীকৰণ, নগৰীকৰণ আদিবোৰ বিশেষভাৱে উল্লেখযোগ্য। উপকূলীয় আৰু নদীগঠিত সমভূমি তথা কৃষিভূমিৰ ক্ষেত্ৰত আগৰণুৱা ৰাজ্যসমূহত জনবসতি ঘনত্ব অধিক হোৱা দেখা যায়। এই অঞ্চলত জনবসতি প্ৰাচীন ইতিহাস সমৃদ্ধ আৰু ইয়াৰ যাতায়ত ব্যৱস্থাও সুচল। দিল্লী, মুম্বাই, কলকাতা, বাঙ্গালু, পুনে, আহমেদাবাদ, চেন্নাই, জয়পুৰ আদি ঠাইত উদ্যোগীকৰণ আৰু নগৰীকৰণৰ বাবে বিভিন্ন অঞ্চলৰ পৰা জনপ্ৰব্ৰজন ঘটি জনসংখ্যা ঘনীভূত হৈছে। 


(ii) ভাৰতবৰ্ষত জনসংখ্যাৰ বৃত্তিগত সংৰচনাৰ বিষয়ে বৰ্ণনা কৰা ।

উত্তৰঃ বৃত্তি বুলি কলে সাধাৰণতে মানুহ এজন বা মানুহ এগৰাকীয়ে অৰ্থ উপাৰ্জনৰ বাবে কৰা শ্ৰম, কাৰ্য, বাণিজ্য আদিবোৰত বুজা যায়। মানুহৰ বৃত্তি সাধাৰণতে ৪টা ভাগত ভাগ কৰা হয়। প্ৰাথমিক, দ্বিতীয়ক, তৃতীয়ক আৰু চতুৰ্থক। আৰ্থিক মৰ্যাদা অনুসৰি ভাৰতৰ জনসংখ্যাত আকৌ ৩টা ভাগত বিভক্ত কৰিব পৰা যায়। প্ৰধান কৰ্মী, প্ৰান্তীয় কৰ্মী ইয়াৰ ভিতৰত ৩১)১৮% খেতিয়ক বা কৃষক ২৬)৬৯% লোক কৃষি শ্ৰমিক আৰু ৪১)৬% লোক অ-কৃষি শ্ৰমিক । প্ৰধান কৰ্মীসকলৰ বেছিভাগেই কৃষিখণ্ডৰ লগত জড়িত। উক্ত তথ্যৰ পৰা ক'ব পৰা যায় যে কৃষিখণ্ড এতিয়াও ভাৰতবৰ্ষৰ প্ৰাথমিক বা মুখ্য শ্ৰমশক্তি হৈ আছে। যত দ্বিতীয়ক, তৃতীয়ক, চতুৰ্থক বৃত্তিসমূহ কিন্তু শ্ৰমিকশক্তি ৰূপেহে পৰিগণিত হৈছে। বৃত্তিগত ভাৱে ভাৰতৰ শ্ৰমিকসকলক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি-

(১) কৃষক

(২) কৃষি শ্ৰমিক

(৩) পশুপালক, মৎস্য পালক, চিকাৰ বৃত্তি, ফল-মূলৰ বাগিছা, সংগ্ৰাহক বৃত্তি, ৰোপন বৃত্তি ইত্যাদি।

(৪) খনিৰ শ্ৰমিক সকল

(৫) শিল্প কৰ্মী, কুটীৰ শিল্প

(৬) নিৰ্মাণ উদ্যোগৰ শ্ৰমিকসকল

(৭) পৰিৱহণ আৰু সংৰক্ষণত নিয়োজিত শ্ৰমিকসকল

(৮) ব্য়ৱসায়-বাণিজ্য

(৯) অন্যান্য

    ইয়াৰ উপৰিও ১৯৮১ চন আৰু ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত কৰ্মৰত জনসংখ্যাক প্ৰধানকৈ ৪টা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ'ল কৃষক, কৃষি শ্ৰমিক, শিল্পীকৰ্মী আৰু অন্যান্য।


Type: Jyotismita Hazarika

Answer by : Pompi Hazarika