Social Science 7 | সময়ৰ নিৰ্ণয়ৰ অনুশীলন কাৰ্য

সময়ৰ নিৰ্ণয়ৰ অনুশীলন কাৰ্যঃ

ক) দুখন ঠাইৰ দ্ৰাঘিমাংশ যথাক্ৰকমে ৫২০  পূবে  আৰু ৯৮০ পূব। ঠাই দুখনৰ স্থানীয় সময়ৰ ব্যৱধান উলিওৱা।

সমাধান 

দুয়োখন ঠাই গ্ৰীনিজৰ পূবে অৱস্থিত। সেয়ে ঠাই দুখনৰ দ্ৰাঘিমাংশৰ পাৰ্থক্য হ'ব, ৯৮-৫২= ৪৬  এতেকে ঠাই দুখনৰ স্থানীয় সময়ৰ পাৰ্থক্য হ'ব,

৪৬ Х  মিনিট

= ১৮৪ মিনিট

= ১৮৪ ÷ ৬০ মিনিট

= ৩ঘণ্টা ৪ মিনিট

ঠাই দুখনৰ স্থানীয় সময়ৰ ব্যৱধান হ'ব ৩ ঘণ্টা ৪ মিনিট।

খ) দুখন ঠাইৰ স্থানীয় সময় যথাক্ৰমে ৰাতিপুৱা ৪ বজা আৰু ৰাতিপুৱা ১০ বজা। ঠাই দুখনৰ দ্ৰাঘিমাংশৰ ব্যৱধান নিৰ্ণয় কৰা।

সমাধান

ঠাই দুখনৰ স্থানীয় সময়ৰ ব্যৱধান হ'ব 

১০-৪ বজা = ৬ ঘণ্টা

এতেকে ঠই দুখনৰ দ্ৰাঘিমাংশৰ ব্যৱধান হ'ব,

১৫০ x ৬= ৯০

ঠাই দুখনৰ দ্ৰাঘিমাংশৰ ব্যৱধান হ'ব  ৯০

(গ) দুখনৰ ঠাইৰ দ্ৰঘিমাংশ ক্ৰমে ৭৫০ পূব আৰু ৪৫০ পশ্চিম। ঠাই দুখনৰ দ্ৰাঘিমাংশৰ পাৰ্থক্য উলিওৱা।লগতে গ্ৰীনিজত দুপৰীয়া ১২ বাজিলে ঠাই দুখনত কেইটা বাজিব।

সমধান  

প্ৰথম ঠাইখন ৭৫০ পূবে অৰ্থাৎ গ্ৰিণীজৰ ৭৫০ পূবে আৰু দ্বিতীয়খন ঠই ৪৫০ পশ্চিম  অৰ্থাৎ গ্ৰীনিজৰ ৪৫০  পশ্চিমে অৱস্থিত।

এতেকে ঠাই দুখনৰ দ্ৰাঘিমাংশৰ পাৰ্থক্য হ'ব  ৭৫+ ৪৫=১২০

এতিয়া প্ৰথমখন ঠাইৰ স্থানীয় সময় হ'ব,

৭৫৪ মিনিট  =৩০০ মিনিট  

অৰ্থাৎ ৩০০÷৬০ মিনিট =৫ ঘণ্টা

এতেকে গ্ৰীনিজত দুপৰীয়া ১২ বাজিলে প্ৰথমখন ঠাইত আবেলি ৫ বাজিব।

আকৌ দ্বিতীয়খন ঠাইৰ স্থানীয় সময় হ'ব

৪৫X৪ মিনিট =১৮০ মিনিট 

অৰ্থাৎ ১৮০÷৬০ মিনিট = ৩ ঘণ্টা

এতেকে গ্ৰীনিজত দুপৰীয়া ১২ বাজিলে দ্বিতীয়খন ঠাইত সময় হ'ব ১২-৩=৯ বজা, অৰ্থাৎপুৱা ৯ বজা।

ঘ) গ্ৰীনিজত আবেলি ৩ বাজোতে আন এখন ঠাইত সন্ধিয়া ৭ বাজে। ঠাইখনৰ দ্ৰাঘিমাংশ কিমান আৰু কোন দিশত অৱস্থিত।

সমাধান

ঠাইখন আৰু গ্ৰীনিজৰ সময়ৰ পাৰ্থক্য ৭-৩ বজ = ৪ ঘণ্টা

গ্ৰীনিজ আৰু ঠইখনৰ মাজত স্থানীয় সময় ব্যৱধান যদি ৪ ঘণ্টা হয়,

তেন্তে ঠাইখনৰ দ্ৰাঘিমাংশ হ'ব ১৫০X৪=৬০

আকৌ যিহেতু ঠাইখনত গ্ৰীনিজতকৈ আগতে সন্ধিয়া হয়, সেয়েহ

ঠইখন গ্ৰীনিজৰ পূবত অৱস্থিত।

এতেকে ঠইখনত ৬০পূব দ্ৰঘিমাংশ অৱস্থিত।


Type: Nayan Moni Deka




Post ID : DABP005465