ঘূৰ্ণীবতাহ

 বায়ুমগুলীয় প্ৰবাহৰ যি অৱস্থাত এটা নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰকাৰ গতি লয় তাকে ঘূৰ্ণীবতাহ বা চক্ৰবাত বোলে । ঘূৰ্ণীবতাহৰ কেন্দ্ৰত থকা নিম্নচাপৰ তুলনাত চাৰিওফালৰ বায়ুমগুলীয় চাপ বহু বেছি হোৱাৰ বাবে বতাহৰ গতিবেগ তীব্ৰতৰ হয় । ঘূৰ্ণীবতাহ প্ৰধানকৈ দুই প্ৰকাৰৰ - (১) ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু (২) বহিঃ ক্ৰান্তীয় বা মধ্যঅক্ষাংশীয় ঘূৰ্ণীবতাহ ।

ক্ৰান্তীয় ঘূৰ্ণীবতাহঃ- ক্ৰান্তীয় অঞ্চলত যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপ অঞ্চলৰ পৰা অহা তীব্ৰবেগী বতাহে যেতিয়া চক্ৰাকাৰে বলি এক ভয়স্কৰ ৰূপ লয় তাকে ক্ৰান্তীয় ঘৰ্ণীবতাহ বোলা হয় । উল্লেখযোগ্য যে পৃথিৱীৰ আবৰ্তনৰ বাবে উত্তৰ গোলাৰ্ধত সৃষ্টি হোৱা এনে ঘূৰ্ণীবতাহ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু দক্ষিণ গোলৰ্ধত ঘড়ীৰ কাঁটাৰ দিশত বলে । ক্ৰান্তীয়  ঘূৰ্ণীবতাহৰ গতিবেগ প্ৰতি ঘন্টাত ১২০ৰ পৰা ২৮০ কিলোমিটাৰমানৰ পৰা কেবাশ কিলোমিটাৰ পৰ্যন্ত হব পাৰে । ক্ৰান্তীয় চক্ৰবাত সম্পূৰ্ণভাৱে সাগৰীয় পৰিৱেশৰ প্ৰভাৱত কেৱল গ্ৰীষ্মকালতেই উৎপত্তি হয় । ইয়াৰ নিম্নচাপ কেন্দ্ৰটো সম্পূৰ্ণ হোৱাৰ পিছত ই সাগৰীয় উপকূল আৰু ক্ৰমে স্থলভাগলৈ ধাবিৰ হয় । একোটা পূৰ্ণ পৰ্যায়ৰ ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ পৰা বহু উচ্চ পৰিমাণৰ শক্তি নিৰ্গত হয় বাবে এনে চক্ৰবাতবোৰ ভয়স্কৰ, ধ্বংসকাৰী আৰু ক্ষতিকাৰক । এইবোৰ ধুমুহা বহু অঞ্চল আৰু সময় ব্যাপি সক্ৰিয় হৈ থাকে । উত্তৰ আমেৰিকাৰ দক্ষিণ- পূব অংশ জাপানৰ পূব উপকূল ভাৰতবৰ্ষৰ পূব উপকূল অঞ্চলত এনে ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ ফলত প্ৰায় প্ৰতি বছৰে ধন- জনৰ বিস্তৰ ক্ষতি হয় । অৱশ্যে সম্প্ৰতি ঘূৰ্ণীবতাহৰ আগমনৰ আগজাননী দিয়াৰ ব্যৱস্থা হোৱাৰ বাবে ক্ষয়- ক্ষতিৰ পৰিমাণ কিছু হ্ৰাস পাইছে । উল্লেখযোগ্য যে ক্ৰান্তীয় অঞ্চলৰ ঘৰ্ণীবতাহ বিভিন্ন নামেৰে পৰিচিত । ইয়াক প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত টাইফুন পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ অঞ্চলত হাৰিকেন ভাৰত মহাসাগৰীয় অঞ্চলত চাইক্লোন অসমত বৰদৈচিলা আৰু অষ্টেলিয়াৰ উত্তৰ- পশ্চিম উপকূলত উইলী - উইলী  বুলি কোৱা হয় ।

বহিঃ ক্ৰন্তীয় ঘৰ্ণীবতাহঃ নাতিশীতোষ্ণ আৰু উচ্চ অক্ষাংশ অঞ্চলত সৃষ্টি হোৱা ঘৰ্ণীবতাহক বহিঃ ক্ৰন্তীয় ঘৰ্ণীবতাহ বা Extra- Tropical বোলা হয়। বহিঃ ঘৰ্ণীবতাহ উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ ৩০০   পৰা ৬৫০ অক্ষাংশ অঞ্চলত উৎপত্তি হয় । প্ৰধানকৈ ভিন্ন বৈশিষ্ট্যৰ বায়ুৰ ঢৌ মিলনৰ ফলত সৃষ্টি হোৱা বাতাগ্ৰত এনে চক্ৰবাতৰ উৎপত্তি হয় বাবে ইয়াক তৰঙ্গ ঘূৰ্ণীবতাহ বুলিও কোৱা হয় । উল্লেখযোগ্য যে শীতল মেৰু বতাহ আৰু ক্ৰন্তীয় উষ্ণ বতাহৰ মিলনৰ ফলত বাতাগ্ৰৰ সৃষ্টি হয় । যেতিয়া ক্ৰান্তীয় অঞ্চলৰ উষ্ণ বতাহ আৰু মেৰু অঞ্চলৰ শীতল বতাহ মধ্য অক্ষাংশ অঞ্চলত থকা নিম্নচাপকেন্দ্ৰৰ দ্বাৰা আকৰ্ষিত হৈ মিলন হোৱাৰ ফলত সৃষ্টি হোৱা মেৰু বাতাগ্ৰত যি বায়ুমগুলীয় অস্থিৰতাৰ উদ্ভৱ হয় তাকে বহিঃ ক্ৰান্তীয় ঘৰ্ণীবতাহ বোলা হয় ।ইয়াৰ বাবেই মূলতঃ নাতিশীতোষ্ণ অঞ্চলৰ বতৰ সঘনে পৰিৱৰ্তন হৈ অস্থিৰ হোৱা দেখা যায় । যদিও সাধাৰণতে এনে ঘৰ্ণীবতাহ গোলাকাৰ আৰু উপ- বৃত্তাকাৰ তথাপি কিছুমানৰ আকাৰ ইংৰাজী বৰ্ণমালা ভি আখৰটোৰ দৰে ।

    প্ৰায়বোৰ নাতিশীতোষ্ণ ঘৰ্ণীবতাহৰ ব্যাস  ৩০০ কিলোমিটাৰ পৰা ১৫০০ কিলোমিটাৰ আৰু এনে একোটা ঘৰ্ণীবতাহে প্ৰায় ১.৬ নিযুত বৰ্গ কিলোমিটাৰ ঠাই জুৰি থাকে । ক্ৰান্তীয় ঘূৰ্ণীবতাহ দৰে নাতিশীতোষ্ণ ঘৰ্ণীবতাহৰ ক্ষেত্ৰতো কেন্দ্ৰত নিম্নচাপ আৰু বাহিৰলৈ চাপৰ মান ক্ৰমশ ঃ বৃদ্ধি প্ৰায় । এনে একোটা ঘৰ্ণীবতাহৰ কেন্দ্ৰ আৰু বহিঃ ভাগৰ মাজৰ বায়ুমগুলীয় চাপৰ পাৰ্থক্য ১০ ৰ পৰা ৩৫ মিৱিবাৰ পৰ্যন্ত হয় আৰু এই চাপৰ ব্যৱধানৰ ওপৰতেই ঘৰ্ণীবতাহৰ তীব্ৰতা আৰু ভয়াবহতা নিৰ্ভৰ কৰে । নাতিশীতোষ্ণ অঞ্চলৰ ঘৰ্ণবতাহবোৰ সাধাৰণতে দক্ষিণ - পশ্চিমৰ পৰা উত্তৰ - পূব দিশত গতি কৰে । এই ঘূৰ্ণীবতাহবোৰ বছৰৰ যিকোনো সময়তে সৃষ্টি হব পাৰে । এনে ঘৰ্ণীবতাহৰ ফলত ঘন ডাৱৰ আৰু ধাৰাসাৰ বৰষুণৰ সৃষ্টি হয় । উচ্চ স্তৰৰ বায়ু অতিপাত চেঁচা হলে শিলাবূৃষ্টি আৰু বিজুলী ঢেৰেকনিৰে ধুমুহা বৰষুণ হয় । কিন্তু কিছু সময় পিছতেই বৰষুণ আৰু ডাৱৰ নোহোৱা হৈ আকাশখন মুকুলি হয় । অৱশ্যে ৰিবৰিব বতাহ চলি থাকে কিছু ঠাগুা অনুভৱ হয় ।

প্ৰতীপ ঘৰ্ণীবতাহঃ- যেতিয়া এক ব্যাপক অঞ্চল জুৰি উচ্চ চাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্ৰাকাৰে অপসাৰী বায়ুপ্ৰবাহৰ সৃষ্টি হয় তাকে প্ৰতীপ  ঘৰ্ণীবতাহ বোলা হয় । প্ৰতীপ ঘৰ্ণীবতাহৰ কেন্দ্ৰত চাপ  সৰ্বোচ্চ হয় বাবে ইয়াক উচ্চ চাপ কেন্দ্ৰও বোলে । এই উচ্চ চাপ কেন্দ্ৰ চক্ৰাকাৰ নহৈ কিছু দীঘলীয়া হলে ইয়াক উধান বোলা হয় । বতৰ বিজ্ঞানী ছাৰ ফ্ৰেঞ্চিচ গেল্টনে পোন প্ৰথমে ১৮৬১ চনত এই শব্দটো ব্যৱহাৰ কৰিছিল । দৰাচলতে প্ৰতীপ ঘৰ্ণীবতাহ এটা বায়ুমগুলীয় অৱস্থা যিটো ঘৰ্ণীবতাহৰ সম্পূৰ্ণ বিপৰীত । কোনো এখন ঠাইৰ বতৰ নিৰ্ধাৰণত ঘৰ্ণীবতাহৰ তুলনাত প্ৰতীপ ঘৰ্ণীবতাহৰ ভূমিকা তেনেই নগণ্য । কিন্তু মন কৰিবলগীয়া যে প্ৰতীপ ঘৰ্ণীবতাহৰো বতৰ পৰিৱৰ্তনৰ ক্ষমতা একেবাৰে নোহোৱা নহয় । পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ উপক্ৰান্তীয় আৰু উচ্চ অক্ষাংশ অঞ্চলত প্ৰতীপ ঘৰ্ণীবতাহৰ সৃষ্টি হয় । পৃথিৱীৰ আবৰ্তনৰ বাবে উত্তৰ গোলাৰ্ধত প্ৰতীপ ঘূৰ্ণীবতাহৰ বতাহ উচ্চ চাপ কেন্দ্ৰৰ চাৰিওফালে ঘড়ীৰ কাঁটাৰ দিশত আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বলে ।

প্ৰতীপ ঘূৰ্ণীবতাহ প্ৰধানত ঃ দুই প্ৰাকাৰৰ- (১) উপক্ৰান্তীয় উষ্ণ প্ৰতীপ ঘৰ্ণীবতাহ ( Sub- Tropical Warm- Core Anticyclone) আৰু (২) উচ্চ অক্ষাংশীয় শীতল প্ৰতীপ ঘৰ্ণীবতাহ ( High Latitude Cold- Core Anticyclone) । এই দুয়োটা প্ৰতীপ ঘৰ্ণীবতাহৰ সৃষ্টিস্থল আৰু গতিপথ বেলেগ বেলেগ । উপমেৰু অঞ্চলত সৃষ্টি হোৱা শীতল প্রতীপ ঘূর্ণীবতাহ দক্ষিণলৈ প্রবাহিত হয় । আনহাতে উপক্রান্তীয় অঞ্চলত সৃষ্টি হােৱা উষ্ণ প্রতীপ ঘূর্ণীবতাহ পশ্চিমৰ পৰা পূবলৈ প্রবাহিত হয় । অৱশ্যে সূৰ্যৰ আপেক্ষিক উত্তৰায়ণ আৰু দক্ষিণায়নৰ বাবে প্রতীপ ঘূর্ণীবতাহৰ উৎপত্তি স্থল আৰু গতিপথ গ্রীষ্মকালত কিছু উত্তৰলৈ আৰু শীতকালত কিছু দক্ষিণলৈ স্থানান্তৰিত হয় । প্রতীপ ঘূর্ণীবতাহৰ উচ্চ চাপ কেন্দ্ৰ আৰু বহিঃ অংশৰ মাজত থকা চাপৰ তাৰতম্য বৰ বেছি নােহােৱা বাবে বতাহৰ গতিবেগ বৰ বেছি নহয় । এনে ঘূর্ণীবতাহৰ ফলত বৰষুণৰ পৰিমাণো বৰ বেছি নহয় । উচ্চ অক্ষাংশীয় শীতল প্রতীপ ঘূর্ণীবতাহৰ বাবে প্রধানকৈ শীতকালত উত্তৰ আমেৰিকা , পশ্চিম ইউৰােপ আদিত অতিপাত শীতল বতাহ প্রবাহিত হয় । উত্তৰ - পূব কানাডা আৰু উত্তৰ পূব ইউৰােপত শীতল ধুমুহাৰ ( Blizzard ) সৃষ্টি হয় । এনে শীতল প্রবাহক ‘ শীত তৰঙ্গ ’ ( Cold Wave ) বুলিও কোৱা হয় । আনহাতে উপক্রান্তীয় ঘূর্ণীবতাহত উচ্চচাপ কেন্দ্ৰবােৰৰ পৰা নির্গত হােৱা বায়ুপ্রবাহ অতি ধীৰ বা মন্থৰ । যিহেতু প্রতীপ ঘূর্ণীবতাহৰ চাপ আৰু বায়ুপ্রবাহ ঘূর্ণীবতাহৰ ঠিক বিপৰীত , ইয়াৰ বতৰো সেয়ে বিপৰীত ধৰণৰ হােৱাটো স্বাভাৱিক । সাধাৰণতে প্রতীপ ঘূর্ণীবতাহৰ ফলত বতৰ ফৰকাল হয় । অৱশ্যে উপক্রান্তীয় অঞ্চলৰ প্রতীপ ঘূর্ণীবতাহবােৰ যদি উষ্ণ সাগৰৰ ওপৰেদি প্রবাহিত হয় , তেতিয়া জলীয়বাষ্পৰ প্ৰচুৰ সৰবৰাহ আৰু উত্তাপৰ তাৰতম্যৰ বাবে কিছু পৰিমাণে বৰষুণ হয় । উদাহৰণস্বৰূপে গ্রীষ্মকালত মেক্সিকো উপসাগৰেদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ অংশত প্রবেশ কৰা উপক্রান্তীয় প্রতীপ চক্রবাতৰ কাৰণে সেই অঞ্চলত কিছু বৰষুণ হয় । এইদৰে পৃথিৱীৰ ভালেমান ক্রান্তীয় উপকূল অঞ্চলত বৰষুণ হােৱা দেখা যায় । কিন্তু উপক্ৰান্তীয় অঞ্চলৰ আংশিকভাৱে স্থায়ী প্রতীপ ঘূর্ণীবতাহবােৰৰ পৰা পূবলৈ গতি কৰা বায়ু গৰম হয় । এনে বায়ুপ্রবাহে উষ্ণ তৰঙ্গৰ ( Hot waves ) সৃষ্টি কৰে , অর্থাৎ এক অস্বাভাৱিক উষ্ণ শুকান বতৰৰ সৃষ্টি কৰে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্য আৰু দক্ষিণ পূব অংশত প্রায় এনে উষ্ণ শুকান বতৰৰ অনুভৱ হয় ।

Type Sumit Patar

Social Science Geography 9,