মৌচুমী  বতাহ 

    ঋতুভেদে, অৰ্থাৎ ঋতু পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰবাহিত সাময়িক বায়ুপ্ৰবাহক মৌচুমী বতাহ বোলে ।  ইংৰাজীত (Monsoon) আৰু অসমীয়াত মৌচুমি শব্দটো আৰবী মৌচম আৰু মালায়ান ভাষাৰ মনচিনৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয় । দৰাচলতে মৌচুমী এক প্ৰকাৰৰ পৃষ্ঠীয়বায়ুপ্ৰবাহ যাৰ গ্ৰীষ্মকালৰ গতিদিশ শীতকালৰ সম্পূৰ্ণ বিপৰীত । ঋতু পৰিৱৰ্তনৰ লগে লগে উষ্ণতা আৰু চাপৰ তাৰত্যমৰ ফলত মৌচুমী প্ৰবাহৰ নদিশ সলনি হয় । ই প্ৰধানকৈ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলৰ  এক আঞ্চলিক বায়ুপ্ৰবাহ । পৃথিৱীৰ এনে অঞ্চলৰ যিবোৰক সাগৰ - মহাসাগৰে আগুৰি আছে  (যেনে-  দক্ষিণ এছিয়া, দক্ষিণ- পূব  এছিয়া দক্ষিণ- পূব চীন আদি ) তাত মৌচুমী প্ৰবাহ বেছিকৈ পৰিলেক্ষিত  হয় । ভূ-ভাগ আৰু জল- ভাগৰ তাপ গ্ৰহণ আৰু ত্যাগ কৰাৰ ক্ষমতাৰ পাৰ্থক্যৰ বাবে চাপৰো পাৰ্থক্য হয় ।  গ্ৰীষ্মকালত জলপৃষ্ঠৰ তুলনাত - ভূ-ভাগৰ উষ্ণতা বৃদ্ধিৰ বাবে সেই ঠাইত উল্লেখনীয়ভাৱে চাপ হ্রাস পায়— অর্থাৎ তুলনামূলকভাৱে ভূ - ভাগত নিম্নচাপ , আৰু জল ভাগত উচ্চচাপৰ সৃষ্টি হয় । সেয়ে গ্রীষ্মকালত মহাসাগৰীয় উচ্চচাপ অঞ্চলৰ পৰা দ্রুতগতিত কম - বেছি পৰিমাণে চেঁচা আৰু সেমেকা বায়ু ভূ - ভাগলৈ বলে । এনে উচ্চচাপ অঞ্চলৰ পৰা বহিঃমূখী সেমেকা বায়ুপ্রবাহে ভূ - ভাগৰ নিম্নচাপ অঞ্চলত প্ৰৱেশ কৰি উর্ধমুখী হৈ বা পর্বত - পাহাৰত খুন্দা খাই ধাৰাসাৰ বৰষুণ দিয়ে । এনে কাৰণতে গ্রীষ্মকালত আৰব সাগৰ আৰু বঙ্গোপসাগৰৰ পৰা প্রবাহিত দক্ষিণ - পশ্চিম আৰু দক্ষিণ পূর্ব মৌচুমী বতাহে মেঘালয়ৰ দক্ষিণ অংশ , অসমৰ পার্বত্য অঞ্চলৰ পাদভূমিত আৰু পশ্চিমঘাট পর্বতমালাৰ পশ্চিম ঢালত যথেষ্ট বৰষুণ দিয়ে । কিন্তু শীতকালত মৌচুমী , বতাহৰ দিশ সলনি হয় । কাৰণ শীতকালত ভূ - ভাগৰ তুলনাত জলপৃষ্ঠৰ উষ্ণতা বেছি হয় বাবে জল ভাগত নিম্নচাপৰ সৃষ্টি হয় , অর্থাৎ ভূ - ভাগত উচ্চ চাপৰ সৃষ্টি হয় । সেয়ে শীতকালত মহাদেশীয় উচ্চচাপ অঞ্চলৰ পৰা শুকান আৰু কিছু চেঁচা বতাহ জলভাগলৈ ; প্রবাহিত হয় । এনে বতাহ শুকান হােৱা বাবে বৰষুণ নহয় । কিন্তু শুকান বতাহ সাগৰৰ , ওপৰেদি কিছু দূৰ প্রবাহিত হােৱাৰ পিছত উষ্ণ সাগৰৰ পৰা জলীয়বাষ্প আহৰণ কৰে । ঠিক এইদৰেই শীতকালত শুকান উত্তৰ - পূর্ব মৌচুমী বতাহে বঙ্গোপসাগৰৰ পৰা জলীয় বাষ্প শােষণ কৰি পিছত দক্ষিণ ভাৰতৰ তামিলনাড়ু উপকূলত কিছু বৰষুণ দিয়ে । যদিও পৃথিৱীৰ বিভিন্ন অঞ্চলত , যেনে— দক্ষিণ আফ্রিকা , যুক্তৰাষ্ট্ৰৰ দক্ষিণ - পূর্ব উপকূল আৰু দক্ষিণ - পশ্চিম উপকূল , মেক্সিকো উপসাগৰীয় অঞ্চল , উত্তৰ - পূব অষ্ট্রেলিয়া আদিত মৌচুমী বায়ু প্রবাহ পৰিলক্ষিত হয় , তথাপি এছিয়া মহাদেশৰ বিশেষকৈ ইয়াৰ দক্ষিণ আৰু দক্ষিণ - পূব অংশত মৌচুমীৰ প্ৰভাৱ আটাইতকৈ সুস্পষ্ট আৰু প্রবল ।

Type Sumit Patar





Post ID : DABP005466