6.2    উদ্ভিদ কলা (Plant Tissues)

6.2.1    ভাজক কলা (Meriteamatic Tissue)


পিয়াঁজৰ কন্দৰ শিপাৰ বৃদ্ধি

চিত্ৰ-6.1 :  পিয়াঁজৰ কন্দৰ শিপাৰ বৃদ্ধি

    দুটা কাচৰ গিলাচত পানী ভৰাই লোৱা ।

   এতিয়া চিত্ৰ 6.1ত দেখুৱাৰ দৰে দুটা পিয়াঁজ প্ৰতিটো গিলাচৰ মুখত বহুৱাই দিয়া।

     কিছুদিনৰ বাবে দুয়োটা পিয়াঁজৰ শিপাৰ বৃদ্ধি নিৰীক্ষণ কৰা।

    প্ৰথম, দ্বিতীয় আৰু তৃতীয় দিনত শিপাৰ দৈৰ্ঘ্য়ৰ জোখ লবা।

চতুৰ্থ দিনা 2নং  গিলাচত থকা পিয়াঁজৰ শিপা 1 ছেঃমিঃ দৈৰ্ঘ্য়ত কাটি পেলাবা। ইয়াৰ পিছত দুয়োটা পিয়াঁজৰ শিপাৰ বৃদ্ধি নিৰীক্ষণ কৰি কিছুদিনৰ বাবে দৈৰ্ঘ্য়ৰ জোখ লৈ তলত দিয়া তালিকাখনত লিপিবদ্ধ কৰি ৰাখিবা। 

দৈৰ্ঘ্য়

১ম দিন

২য় দিন

৩য় দিন

৪ৰ্থ দিন

৫ম দিন

১নং গিলাচ

 

 

 

 

 

২নং গিলাচ

 

 

 

 

 

     ওপৰৰ নিৰীক্ষণৰ পৰা তলৰ প্ৰশ্নকেইটাৰ সমিধান দিয়া।

    1.    দুয়োটা পিয়াঁজৰ ভিতৰত কোনটোৰ শিপাৰ দৈৰ্ঘ্য় বেছি পালা?

    2.   শিপা কাটি পেলোৱাৰ পিছত পিয়াঁজ দুটাৰ শিপাৰ বৃদ্ধি একেদৰে হৈছেনে

    3.    2নং গিলাচৰ পিয়াঁজটোৰ শিপা কাটি পেলোৱাৰ পিছত কিয় শিপাৰ বৃদ্ধি বন্ধ হৈ গ'ল?

          উদ্ভিদৰ বৃদ্ধি কেৱল মাত্ৰ কিছুমান নিৰ্দিষ্ট অঞ্চলতহে সংঘটিত হয়। এই অঞ্চটো বিভাজনশীল কলাৰে গঠিত, সেই বাবেই এইবিলাকক ভাজক কলা বোলা হয়। স্থান অনুসৰি ভাজক কলাক অগ্ৰস্থ ভাজক কলা, পাৰ্শ্বিয় ভাজক কলা বুলি শ্ৰেণী বি্ভাজন কৰা হৈছে (চিত্ৰঃ6.2)। ভাজক কলাৰ পৰা নতুনকৈ উৎপত্তি কোষবিলাকো প্ৰাৰম্ভৰিক অৱস্থাত ভাজক কলাৰ দৰেই বিভাজনক্ষম কিন্তু ক্ৰমান্বয়ে বৃদ্ধি হৈ পৈণত সিহঁতৰ বৈশিষ্টগত চৰিত্ৰবিলাক লাহে লাহে লুপ্ত হ'বলৈ ধৰে আৰু নিৰ্দিষ্ট অৱস্থা প্ৰাপ্তি হ'লে পৰিবৰ্তন ঘটে।

উদ্ভিদৰ দেহত ভাজক কলা
 
চিত্ৰ-6.2 উদ্ভিদৰ দেহত ভাজক কলা                  

অগ্ৰস্থ ভাজক কলাবিলাকে উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত থাকি ক্ৰমে কাণ্ড আৰু দৈৰ্ঘ্য়বৃদ্ধিত সহায় কৰে। পাৰ্শ্বীয় ভাজক কলা (ইয়াক কেমবিয়াম বুলি কোৱা হয়) ই কাণ্ডৰ কলৱেৰ বৃদ্ধি কৰে। নিব্শিত ভাজক কলা উদ্ভিদৰ পাতৰ ঠাৰিৰ গুৰিত বা গা-গছৰ গাঁঠিৰ কাষত থাকে।

        যিহেতু এই কোষবিলাক সক্ৰিয়া হৈ থাকে সেয়েহে কোষবিলাকৰ কোষপ্ৰৰসৰ ঘনত্ব বেছি, ছেলুল'জেৰে গঠিত কোষবেৰখন পাতল আৰু কোষকেন্দ্ৰটো সুস্পষ্ট হৈ থাকে। এই কোষবিলাকত ৰসধানী নাথাকে। কি কাৰণত ৰসধানী নাথাকে তাক আমি ভাবি উলিয়াব পাৰোনে?

6.2.2  স্থায়ী কলা (Permanent tissue)

ভাজক কলাৰে গঠিত কোষবিলাক পিছত কি হয়গৈ? সিহঁতে পিছলৈ বিভাজন ক্ষমতা হেৰুৱাই এক বিশেষ ভূমিকা গ্ৰহণ কৰে। ইয়াৰ ফলশ্ৰুতিত সিহঁতে স্থায়ী কলালৈ পৰিৱৰ্তন হয়। এই প্ৰক্ৰিয়াত ভাজক কলাৰ কোষবোৰে সিহঁতে স্থায়ী আকাৰ আকৃতি ধাৰণ কৰি নিৰ্দিষ্টভাৱে কোনো কাৰ্য কৰিবৰ বাবে সাজু হৈ উঠে আৰু ইয়াকে বিভেদন বুলি কোৱা হয়। ভাজক কলাৰ পৰা এনেদৰে বিভেদন ঘটি বিভিন্ন প্ৰকাৰৰ স্থায়ী কলাৰ গঠন হয়।

কাৰ্যকলাপ.............................................6.2

•    উদ্ভিদৰ কাণ্ড এটুকুৰা লৈ শিক্ষকৰ সহায়ত পাতল প্ৰস্থচ্ছেদ এটা প্ৰস্তুত কৰা।

•    এতিয়া এই পাতল প্ৰস্থচ্ছেদ টুকুৰা চাফ্ৰানিন নামৰ ৰঞ্জক পদাৰ্থৰ দ্ৰৱত ডুবাই দিয়া।

এই টুকুৰাটো শ্লাইড এখনলৈ স্থানান্তৰিত তাত এটোপাল গ্লিচাৰিন দ্ৰৱ দিয়া।

•    কভাৰ গ্লাচেৰে পাতল প্ৰস্থচ্ছেদটো ঢাকি অণুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰা। বিভিন্ন প্ৰকাৰৰ কোষ আৰু সিহঁতৰ সাজোন শৈলীবোৰ লক্ষ্য় কৰা।

•    এতিয়া তোমাৰ নিৰীক্ষণৰ ওপৰত ভিত্তি কৰি তলৰ প্ৰশ্নকেইটাৰ সমিধান দিয়া।

1. সকলো বিলাক কোষৰ গঠন একেইনে?

2. কেইপ্ৰকাৰৰ কোষ দেখিবলৈ পাবা?

3. বিভিন্ন প্ৰকাৰৰ কোষ কিয় দেখিবলা পাইছা নিজে চিন্তা কৰি উলিয়াব পাৰিবানে?

•    আমি এইদৰে উদ্ভিদৰ শিপাও কাটি চাব পাৰো। সেইদৰে বিভিন্ন উদ্ভিদৰ কাণ্ড বা শিপাৰ প্ৰস্থচ্ছেদ তৈয়াৰ কৰি নিৰীক্ষণ কৰিব পাৰো।


Class 9 Science Assam SCERT Book

Type:- Bidyut Thakuria.





Post ID : DABP005223