ন্যায়পালিকাৰ আৰু অধিকাৰ

ভাৰতীয় সংবিদানে নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব ন্যায়পালিকাৰ ওপৰত ন্যস্ত কৰিছে। সংবিধানে নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষাণাবেক্ষণৰ বাবে দুটা উপায় উল্লেখ কৰিছে। এই উপায় দুটাৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে নাগৰিকৰ অধিকাৰ খৰ্ব হলে তাৰ প্ৰতিকাৰ কৰে। 

* প্ৰথমতে সংবিধানৰ ৩২নং অনুচ্ছেদ অনুযায়ী উচ্চতম ন্যায়ালয়ে বিভিন্ন লেখ জাৰি কৰি নাগৰিকৰ  অধিকাৰ সুৰক্ষা বাবে নিৰ্দেশ দিয়ে। যেনে- বন্দী  পত্যক্ষীকৰণ, পৰমাধিদেশ, নিষেধাজ্ঞা, কৈফিয়ৎ তলবী উৎপ্ৰেষণ ইত্যাদি। সংবিধানৰ ২২৬নং অনুচ্ছেদ অনুযায়ী উচ্চ  ন্যায়ালয়ৰও লেখ জাৰিৰ ক্ষমতা আছে। 

*দ্বিতীয়তে , সংবিধানৰ ১৩ নং অনুচ্ছেদ অনুযায়ী সংসদে প্রণয়ন কৰা কোনাে আইনে যদি নাগৰিকৰ মৌলিক অধিকাৰ খর্ব কৰে , তেতিয়া উচ্চতম ন্যায়ালয়ে তেনে আইনত অসাংবিধানিক বুলি ঘােষণা কৰি বাতিল কৰিব পাৰে । 

    এই দুটা সাংবিধানিক ব্যৱস্থাই উচ্চতম ন্যায়ালয়ক নাগৰিকৰ মৌলিক অধিকাৰৰ ‘ অভিভাৱক আৰু সংবিধানৰ ব্যাখ্যাকাৰী মৰ্যাদা প্রদান কৰিছে । ওপৰত উল্লেখিত দ্বিতীয়টো সাংবিধানিক ব্যৱস্থা উচ্চতম ন্যায়ালয়ৰ ন্যায়িক সমীক্ষা ক্ষমতাৰ সৈতে জড়িত । উচ্চতম ন্যায়ালয়ৰ এবিধ অতি গুৰুত্বপূৰ্ণ ক্ষমতা হ’ল ন্যায়িক সমীক্ষা ক্ষমতা । বিধানমণ্ডলে প্রণয়ন কৰা আইনৰ সাংবিধানিক বৈধতা বিচাৰ কৰিব পৰা উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ক্ষমতাক ন্যায়িক সমীক্ষা ক্ষমতা বুলি কোৱা হয় । বিধানমণ্ডলে প্রণয়ন কৰা কোনাে আইন যদি সংবিধানৰ পৰিপন্থী হয় , তেতিয়া ন্যায়পালিকাই তেনে আইনক অসাংবিধানিক ঘােষণা কৰি বাতিল কৰিব পাৰে । অৱশ্যে , সংবিধানত ন্যায়িক সমীক্ষাৰ উল্লেখ নাই । কিন্তু ভাৰত চৰকাৰৰ প্ৰতিটো অংগইসংবিধানৰ পৰা ক্ষমতা আহৰণ কৰে । চৰকাৰৰ প্রতিটো অংগই সংবিধানে বান্ধি দিয়া সীমাৰ ভিতৰতহে কাৰ্য্য সম্পাদন কৰিব পাৰে।বিধানমণ্ডলে প্রণয়ণ কৰা আইনৰ বৈধতা বিচাৰ আৰু নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ যি ক্ষমতা উচ্চতম ন্যায়ালয়ে প্রয়ােগ কৰে , তাৰ পৰাই “ ন্যায়িক সমীক্ষা ” ৰ ধাৰণাটো উদ্ভৱ হৈছে ।

    ন্যায়িক সমীক্ষা ’ ক্ষমতাৰ জৰিয়তে , উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় ৰাজ্যিক চৰকাৰৰ মাজৰ যুক্তৰাষ্ট্ৰীয় সম্পর্ক বিচাৰ কৰিব পাৰে । বিধানমণ্ডলে প্রণয়ন কৰা কোনাে আইনে যদি সংবিধানে নির্ধাৰিত কৰা ক্ষমতা বিতৰণৰ নীতি উলংঘা কৰে তেতিয়া উচ্চতম ন্যায়ালয়ে তেনে আইনক অবৈধ ঘােষণা কৰি বাতিল কৰে । ধৰি লােৱা— কেন্দ্ৰীয় চৰকাৰে এখন আইন প্রণয়ন কৰিলে । যদি এই আইনখন ৰাজ্যিক সূচীৰ বিষয়ৰ লগত জড়িত তেতিয়া ৰাজ্য চৰকাৰে উচ্চতম ন্যয়ালয়ত আইনখন বাতিলৰ আবেদন কৰিব পাৰে । উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ সৈতে একমত হলে , আইনৰ অসাংবিধানিক বুলি ঘােষণা কৰে । চমুকৈ ক'বলৈ হ'লে বিধানমণ্ডলে প্রণয়ণ কৰা কোনাে আইনৰ সাংবিধানিক বৈধতা পৰীক্ষা কৰিব পৰা ন্যায়পালিকাৰ ক্ষমতাকে ন্যায়িক সমীক্ষা বােলে । অর্থাৎ কোনাে বিধেয়ক এখনে যদি নাগৰিকৰ মৌলিক অধিকাৰ খর্ব কৰে অথবা যুক্তৰাষ্ট্রীয় ক্ষমতা বিতৰণৰ নীতি উলংঘা কৰে উচ্চতম ন্যায়ালয়ে পৰ্যালােচনা কৰি তাক বাতিল কৰিব পাৰে । ৰাজ্যিক বিধানমণ্ডলে প্রণয়ন কৰা আইনৰ ক্ষেত্ৰতে ন্যায়িক সমীক্ষা ’ ক্ষমতা প্রয়ােগ কৰিব পাৰি । 

    এইদৰে দেখা গৈছে যে লেখ ’ জাৰি কৰা ক্ষমতা আৰু ন্যায়িক সমীক্ষা ’ ক্ষমতাই ন্যায়পালিকাক চৰকাৰৰ এক শক্তিশালী অংগ হিচাপে প্রতিষ্ঠা কৰিছে । বিশেষকৈ ন্যায়পালিকাই সংবিধান আৰু বিধিবদ্ধ আইনৰ ব্যাখ্যা আৰু পৰ্য্যালােচনা কৰিব পাৰে । এইবাবেই উচ্চতম ন্যায়ালয়ক সংবিধানৰ অভিভাৱক বুলি কোৱা হয় । ন্যায়িক সমীক্ষা আৰু ৰাজহুৱা স্বার্থজড়িত গােচৰৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে সংবিধানৰ ব্যাখ্যা আৰু নাগৰিকৰ অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি আহিছে ।

    তােমালােকে জানানে যে বহুতাে দেশত ৰাজহুৱা স্বার্থজড়িত গােচৰে অধিক জনপ্রিয়তা লাভ কৰিছে । বিশ্বৰ বিভিন্ন দেশত , বিশেষকৈ দক্ষিণ এচিয়া আৰু আফ্রিকাত কিছু পৰিমাণে ন্যায়িক সক্রিয়তাৰ প্ৰচলন হৈ আছে । দক্ষিণ আফ্রিকাৰ সংবিধানৰ ‘ অধিকাৰ চনত ৰাজহুৱা স্বার্থজড়িত গােচৰ অন্তর্ভূক্ত কৰিছে । এইদৰে ব্যক্তিৰ অধিকাৰ ভংগৰ ঘটনাৰ বিষয়ে আদালতৰ দৃষ্টিগােচৰ কৰাটো দক্ষিণ আফ্রিকাৰ নাগৰিকৰ মৌলিক অধিকাৰ হিচাপে প্রতিপন্ন হৈছে ।অধিকাৰ অধ্যায়টোত শোষণৰ বিৰুদ্ধে অধিকাৰ বিষয়ে আলোচনা কৰা হৈছে। তোমালোকৰ মনত আছেনে? এই অধিকাৰে বলপূৰিবক শ্ৰমিক মানৱ দেহৰ ব্যৱসায় বিপদজনক কামত শিশুৰ নিয়োগ  নিষিদ্ধ কৰিছে। কিন্তু এইখিনিতে প্ৰশ্ন হয় যি সকলৰ ্ধিকাৰ ভংগ হৈছে তেওঁলোকে কেনেকৈ ন্যায়লয়ৰ োচৰ চাপিব পাৰিব? ন্যায়িক সক্ৰিয়তা আৰু ৰাজহুৱা স্বাৰ্থজড়িত গোচৰে এইটো সম্ভৱ কৰি তুলিছে। আদালতে ন্য়ায়িক সক্ৰিয়তা আৰু ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ দ্বাৰা নাগৰিকৰ অধিকাৰ উলংঘনৰ ঘটনাবোৰ বিচাৰ কৰিবলৈ সক্ষম হৈছে। বিভিন্ন ধৰণৰ উলংঘনৰ ঘনটা যেনে- কাৰাবন্দীসকলৰ ওপৰত পুলিচৰ অত্যাচাৰ, অমানৱীয় আৰু অস্বাস্থ্যকৰ কামৰ পৰিৱেশৰ শিশুৰ ওপৰৰ যৌন নিৰ্যাতন ইত্যাদি বিষয়ে আদালতে বিবেচনা কৰিছে। ফলত সমাজৰ দুখীয়া আৰু অৱহেলিত মানুহও অধিকাৰ ভোগ কৰিবলৈ সমৰ্থ  হৈছে। 

Type Sumit Patar

Class 11 Political science