১৪.৫ বৈদ্যুতিক ঘণ্টাঃ

আমি আটায়ে বৈদ্যুতিক ঘণ্টাৰ সৈতে সুপৰিচিত । ইয়াৰ ভিতৰত এটুকুৰা বিদ্যুৎ চুম্বক থাকে । ইয়াৰ কার্যনীতিৰ ওপৰত আলােচনা কৰোঁ আহা । 

    ১৪.২০ চিত্ৰত এটা বৈদ্যুতিক ঘণ্টাৰ বর্তনী দেখুওৱা হৈছে । ইয়াত লােহাৰ টুকুৰা এটাৰ ওপৰত তাৰৰ কুণ্ডলী এটা পকাই থােৱা থাকে । কুণ্ডলীডালে বিদ্যুৎ চুম্বকৰূপে কাম কৰে । এমূৰে হাতুৰী এটা থকা লােহাৰ পটি এটুকুৰা বিদ্যুৎ চুম্বকডালৰ কাষত ৰখা হয় । লােহাৰ পটিডালৰ ওচৰত এটা সংস্পর্শ ক্রু ( Contact Screw ) থাকে । লােহাৰ পটিয়ে স্ক্রক স্পর্শ কৰিলে সংস্পর্শ কুণ্ডলীৰ মাজেৰে বিদ্যুৎ চালিত হয় আৰু ই লগে লগে এটুকুৰা টুকুৰাক টনাৰ লগে লগে বর্তনীৰ সংযােগ বিচ্ছিন্ন হয় আৰু তাৰ ফলত কুণ্ডলীটোৰ মাজেৰে বিদ্যুতৰ প্ৰৱাহ বন্ধ হৈ যায় । এই অৱস্থাত কুণ্ডলীটো বিদ্যুৎ চুম্বক হৈ থাকিবনে ? এই অৱস্থাত কুণ্ডলীটো বিদ্যুৎ চুম্বক হৈ নাথাকে । ই লােহাৰ পটি টুকুৰাক আকর্ষণ কৰাৰ ক্ষমতা হেৰুৱায় । লােহাৰ পটি টুকুৰা পূর্বৰ অৱস্থানলৈ উভতি আহে আৰু পুনৰাই সংস্পর্শ স্কুটো স্পর্শ কৰে । ফলত বর্তনীটো সম্পূর্ণ হৈ উঠে । কুণ্ডলীৰ মাজেৰে বিদ্যুৎ প্রৱাহিত হয় আৰু হাতুৰীটোৱে পুনৰাই ঘণ্টাৰ বাতিত আঘাত কৰে । খৰতকীয়াভাৱে প্ৰক্ৰিয়াটোৰ পুনৰাবৃত্তি ঘটি থাকে । বর্তনীটো যিমান বাৰ সম্পূর্ণ হয় , হাতুৰীটোৱে সিমানবাৰ ঘণ্টাৰ বাতিত আঘাত কৰে । এনেদৰেই ঘণ্টাটো বাজি থাকে ।





Type : Ankur Raj Deka

 class 7  Science SCERT Book