১৪.৩ বিদ্যুৎ প্রবাহৰ চুম্বকীয় ক্রিয়া

 ক্রিয়াকলাপ ১৪.৫

 পেলনীয়া জুইশলা বাকচ এটাৰ কাঠি থােৱা ডাঠ কাগজৰ সৰু ডলা (tray) খন উলিয়াই লােৱা । তাৰ ওপৰেদি কেইপাকমান বিদ্যুতৰ তাৰ মেৰিয়াই লােৱা । এতিয়া তাৰ ভিতৰত এডাল সৰু কােছ শলা থােৱা । তাৰ পিছত ১৪.১৭ চিত্রত দেখুওৱাৰ দৰে তাৰডালৰ উন্মুক্ত প্রান্ত দুটা ছুইচ এটাৰ মাজেৰে বিদ্যুৎ কোষ এটাৰ লগত সংযােগ কৰা । কম্পাছৰ শলাই কোনটো দিশ নির্দেশ কৰিছে লক্ষ্য কৰা । এতিয়া এডাল দণ্ড চুম্বক শলাডালৰ ওচৰলৈ আনা । কি ঘটিল তালৈ মন কৰা । এতিয়া কম্পাছৰ শলাডাল লক্ষ্য কৰি থকা অৱস্থাতে ছুইটে অন্ কৰা । কি দেখিলা ? কম্পাছৰ শলাঙল বিক্ষেপিত হৈছেনে ? ছুইটো অফ কৰা। কম্পাছৰ শলাডাল আগৰ অৱস্থালৈ ঘূৰি আহিলেনে?


চিত্ৰ ১৪.১৮ হেনচ ক্ৰিষ্টিয়ান অ'ৰষ্টেড্ 

( ১৭৭৭ - ১৮৫১)



পৰীক্ষাটো বাৰম্বাৰ কৰা। পৰীক্ষাটোৰ পৰা কি বুজিলা আমি জানো যে কম্পাছৰ শলাডাল প্ৰকৃততে এডাল ক্ষুদ্ৰ চুম্বক আৰু ই সদায় উত্তৰা-দক্ষিণা হৈ থাকে। ইয়াৰ সমীপলৈ চুম্বক এডাল আনিলে শলাজাল বিক্ষেপিত হ'ব। তদুপৰি ওচৰৰ তাঁৰেদি বিদ্যুৎ প্ৰৱাহিত হ'লেও কম্পাছৰ শলাৰ বিক্ষেপণ ঘটে বুলি আমি ইতিমধ্য জানিছোঁ। এই  দুয়ােটা ঘটনাৰ যােগসূত্র উলিয়াব পাৰিবানে ? তাৰ এডালৰ মাজেৰে বিদ্যুৎ প্রবাহিত হলে তাড়ালে বাৰু এডাল চুম্বকৰ দৰে আচৰণ কৰিব নেকি ?

     হেন ক্রিষ্টিয়ান অ’ৰষ্টেড ( Hans christian Oersted ) ( চিত্র ১৪.১৮ ) নামৰ বিজ্ঞানীজনৰ মনতাে এই প্রশ্ন জাগৰিত হৈছিল । তাৰৰ মাজেৰে প্রবাহিত বিদ্যুতৰ বাবে কম্পাছ শলাৰ বিক্ষেপণ লক্ষ্য কৰা তেওঁ প্রথমজন ব্যক্তি আছিল ।

     গতিকে তাৰৰ মাজেৰে বিদ্যুৎ প্রবাহিত হলে তাৰডালে এডাল চুম্বকৰ দৰে আচৰণ কৰে । ইয়ে বিদ্যুৎ প্রৱাহৰ চুম্বকীয় ক্রিয়া । আচলতে চুম্বক নির্মাণৰ ক্ষেত্ৰত বিদ্যুৎ প্রৱাহ ব্যৱহাৰ কৰিব পাৰি । এই কথাটোৱে তােমালােকক আচৰিত কৰি তুলিছে নেকি ? আহা আমি কৰি চাওঁ । 

১৪.৪ বিদ্যুৎ চুম্বকঃ

 ক্রিয়াকলাপ ১৪.৬ 

    প্রায় ৭৫ চে.মি. দীঘল অন্তৰিত ( প্লাষ্টিক বা কাপােৰেৰে মেৰিওৱা অথবা প্রলেপযুক্ত ) পৰিৱাহী তাৰ এডাল আৰু ৬-১০ চে.মি. দীঘল লােৰ গজাল এটা লােৱা । তাৰডাল গজালটোৰ ওপৰত কুণ্ডলীৰ ৰূপত টানকৈ মেৰিওৱা । ভঁৰডালৰ উন্মুক্ত প্রান্ত দুটা ১৪.১৯ চিত্রত দেখুৱাৰ দৰে এটা ছুইচৰ মাজেৰে কোষ এটাৰ লগত সংযােগ কৰা ।



চিত্ৰ ১৪.১৯ এডাল বিদ্যৎ চুম্বক



 মনত ৰাখিবা যে কেই ছেকেও মানৰ বাবেও একেলেথাৰিয়ে বিদ্যুতৰ চুইচ দি থ'ব নালাগে । সংযােজিত হৈ থাকিলে বিদ্যুৎ চুম্বকে কোষটোক কম সময়ৰ ভিতৰতে দুর্বল কৰি তােলে ।


 গজালৰ নিম্নাংশত অথবা ওচৰত কেইটামান আলপিন থােৱা । এতিয়া ছুইটো দিয়া । আলপিনকেইটা গজালৰ জোঙা আগটোত আঠা লগা দি লাগি গ'লনে ? বিদ্যুতৰ সংযােগ বিচ্ছিন্ন । এতিয়াও আলপিনবােৰ গজালৰ মূৰটোত লাগি আছেনে ? 

    ওপৰৰ ক্রিয়াকলাপটোত বিদ্যুৎ প্রৱাহিত অৱস্থাত কুণ্ডলীটোৱে চুম্বকৰ দৰে আচৰণ কৰে । প্ৰৱাহ বন্ধ কৰি দিলে কুণ্ডলীৰ চুম্বকত্ব সাধাৰণতে নাশ হয় । এনেধৰণৰ কুণ্ডলীক বিদ্যুৎ চুম্বক বুলি কোৱা হয় । বিদ্যুৎ চুম্বকবােৰ অত্যন্ত শক্তিশালীৰূপত তৈয়াৰ কৰি তাৰ সহায়ত যথেষ্ট গধুৰ বস্তু দাঙিব পাৰি ৷ ষষ্ঠ শ্রেণীৰ ১৩ নং পাঠত বর্ণিত ঐেনৰ কথাবােৰ মনত পৰেনে ? এনেবােৰ ক্ৰেনৰ নিম্নাংশত এটুকুৰা শক্তিশালী বিদ্যুৎ চুম্বক সংলগ্ন কৰা থাকে । পেলনীয়া বস্তুৰ মাজৰ পৰা চুম্বকীয় পদার্থ পৃথক কৰিবলৈকো বিদ্যুৎ চুম্বকৰ ব্যৱহাৰ কৰা হয় । চিকিৎসকে দুর্ঘটনাবশতঃ চকুত প্রৱেশ কৰা ক্ষুদ্র ক্ষুদ্র চুম্বকীয় পদার্থ । উলিয়াই আনিবলৈও কণমানি বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰে । অনেক পুতলাৰ অন্ত ভাগতাে বিদ্যুৎ চুম্বক থাকে । 


Type : Ankur Raj Deka

class 7  Science SCERT Book