দাস বংশ (১২০৬-১২৯০ খ্ৰীঃ)
দাস বংশৰ প্ৰতিষ্ঠাপক আছিল কুতুবুদ্দিন আইবাক। তেওঁৰ ৰাজত্বকালতে দিল্লীৰ চুলতানী শাসনৰ সম্প্ৰসাৰণ ঘটিছিল। চুলতান কুতুবুদ্দিনৰ সেনাপতি মহম্মদ ইবন-বখতিয়াৰ খিলিজিয়ে এই ক্ষেত্ৰত প্ৰধান ভূমিকা লোছিল বুলি জানিব পাৰি। ইলটুতমিছ দাস বংশৰ শ্ৰেষ্ঠ চুলতান বুলি জনা যায়। দিল্লীৰ প্ৰখ্যাত কুতুবমিনাৰ সজোৱাৰ কাম আৰম্ভ কৰে চুলতান কুতুবুদ্দিন আইবাকে আৰু ইলটুতমিছে এই কাম শেষ কৰে। ইলটুতমিছৰ পিছত তেওঁৰ জীয়ৰী ৰেজীয়া চুলতানা দিল্লীৰ সিংহাসনত বহে। দিল্লীৰ সিংহাসন আৰোহণ কৰা তেৱেঁই আছিল প্ৰথম আৰু একমাত্ৰ মহিলা। গিয়াছুদ্দিন বলবন দাস বংশৰ শেষ ৰজা। এওঁৰ শাসন কালতে প্ৰখ্যাত পৰিব্ৰাজক মাৰ্কোপলোৱে ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল।
খিলিজি বংশঃ (১২৯০-১৩২০ খ্ৰীঃ)
জালালুদ্দিন ফিৰোজছাহ খিলিজি বংশৰ প্ৰথম চুলতান আছিল। আলাউদ্দিন খিলিজি এই বংশৰ শ্ৰেষ্ঠ চুলতান। আলাউদ্দিন খিলিজিয়ে সেনাপতি মালিক কাফুৰৰ নেতৃত্বত উত্তৰ আৰু দক্ষিণ ভাৰত জয় কৰি এখন বিশাল সাম্ৰাজ্যৰ গৰাকী হৈছিল। দাক্ষিণাত্য জয় কৰা আলাউদ্দিন খিলিজিয়েই প্ৰথম তুৰ্কী-আফগান চুলতান আছিল।
টোগলক বংশ ঃ (১৩২০-১৪১৪ খ্ৰীঃ)
![]() |
বেগমপুৰী মছজিদ |
ছৈয়দ বংশঃ (১৪১৪-১৪৫১ খ্ৰীঃ)
টোগলক বংশৰ শেষ চুলতান মামুদছাহৰ মৃত্যুৰ পিছত ছৈয়দ নামৰ আন এটা ৰাজবংশই দিল্লীত ৰাজত্ব কৰিছিল। এই বংশৰ চুলতান খিজিৰ খাঁ আৰু মোবাৰক ছাহে দিল্লীত শাসন চলাইছিল যদিও তেওঁলোকৰ ৰাজত্ব কালত উল্লখনীয় কোনো ঘটনা সংঘটিত হোৱা নাছিল।
লোডী বংশঃ (১৪৯১-১৫২৬ খ্ৰীঃ)
চুলতানী আমোলৰ শেষ ৰাজবংশটোৰ নাম হ'ল লোডী বংশ। বাহালুল লোডীয়ে এই বংশ প্ৰতিষ্ঠা কৰে। ১৫০৬ খ্ৰীঃত এই বংশৰ চুলতান চিকন্দৰ লোডীয়ে আগ্ৰাত নতুনকৈ ৰাজধানী পাতে। ইব্ৰাহিম লোডী এই বংশৰ শেষ চুলতান। ইব্ৰাহিম লোডীৰ মৃত্যুৰ লগে লগে দিল্লীৰ চুলতানী ৰাজত্বৰো অন্ত পৰে।
Class 7 Social Science
Type: Nayan Moni Deka