ৰাষ্ট্ৰক্টসকলঃ

এইখিনিতে আকৌ এবাৰ ওপৰৰ (১২.৩) মানচিত্রখন চাই লােৱা। দাক্ষিণাত্যৰ পশ্চিম উপকূলত বৰ্তমানৰ গুজৰাট প্রদেশৰ তলফালে নর্মদা নদীৰ পৰা কৃষ্ণা আৰু তুঙ্গভদ্রা নদীক স্পর্শ কৰাকৈ এখন ৰাজ্য দেখিছানে? এইখনেই ৰাষ্ট্রকুট ৰাজ্য। দান্তিদূর্গ নামৰ এজন সামন্ত প্রভূৱে আনুমানিক ৭৫৩ খ্রীঃত এই ৰাষ্ট্রকূট ৰাজ্যখন প্রতিষ্ঠা কৰে। এওঁলােক যে অতি পৰাক্ৰমী ৰজা আছিল সেয়া সন্দেহাতীত। কাৰণ এই ৰজাসকলে মহাৰাজাধিৰাজ, ত্রিভূবন চক্রর্ত আদি উপাধি লােৱা কথাই ইয়াৰ প্রমাণ দিয়ে। আকৌ ইতিহাসত উল্লেখ আছে যে দাক্ষিণাত্যৰ ৰজাসকলৰ মাজত এওঁলােকেই সর্ব প্রথমে উত্তৰ ভাৰততো আধিপত্য স্থাপন কৰাৰ চেষ্টা কৰে।

সম্ভৱতঃ ৰাষ্ট্রকূটসকলৰ সু-শাসনৰ বাবে ৰজাসকলে শিল্পকলা, সাহিত্য-সংস্কৃতি, ধর্ম সকলাে ক্ষেত্রতে যথেষ্ট অৱদান আগবঢ়াব পাৰিছিল। ৰাষ্ট্রকুটসকলৰ শাসনৰ মূৰব্বী আছিল ৰজা। ৰাজ্যখনক প্রদেশ, জিলা, গাঁও আদি ভাগত ভাগ কৰি মন্ত্রী, বিষয়া আদিৰ দ্বাৰা শাসন কার্য চলাইছিল। ৰাষ্ট্রকূটসকলৰ শাসনকালত সংস্কৃত আৰু প্রাকৃত ভাষাৰ যথেষ্ট বিকাশ হৈছিল। ধৰ্মৰ দিশত ৰজাসকল সহনশীল আছিল। দক্ষিণ ভাৰতত তেওঁলােকে নির্মাণ কৰােৱা অজস্ৰ মন্দিৰ আজিও বিদ্যমান। ইলােৰাৰ কৈলাশ নাথ মন্দিৰ ৰাষ্ট্ৰকুট ৰজা প্রথম কৃষ্ণই নির্মাণ কৰিছিল। এলিফেন্টা আৰু মালখেদৰ মন্দিৰসমূহতাে ৰাষ্ট্রকূট শিল্পৰ নিদর্শন দেখিবলৈ পােৱা যায়। ৰাষ্ট্রকুটসকলৰ শাসন কালতেই উপকূলীয় অঞ্চলবােৰত ইছলামধর্মী লােকসকলে বহুতাে মছজিদ সজাইছিল। গুৰুত্বপূৰ্ণ কথা হ’ল যে ৰাষ্ট্রকুট শাসকসকলে কিন্তু এই কার্যত কোনাে হস্তক্ষেপ কৰা নাছিল। ইয়ে তেওঁলােকৰ সহনশীলতাৰ উৎকৃষ্ট নিদর্শন বুলি ধাৰণা কৰিব পাৰি। ৰাষ্ট্রকূটসকলে দাক্ষিণাত্যত প্রায় ১২০ বছৰ কাল শাসন কৰিছিল। ৰাষ্ট্রকূটসকলৰ মাজত দেখা দিয়া অন্তর্কলহৰ বাবে তেওঁলােকৰ পতন হৈছিল।


Class 7 Social Science 

Type: Nayan Moni Deka