বচনৰ আধুনিক শ্ৰেণীবিভাজন

    বচমৰ স্বৰূপ সম্বন্ধে আমি কিছুমান কথা জানিব পাৰিছে। এতিয়া আমি বচনৰ আধুনিক শ্ৰেণীবিভাজনৰ বিষয়ে আলোচনা কৰো। তৰ্কবিজ্ঞানৰ বাটকটীয়া এৰিষ্ট'টলৰ দিনৰে পৰা বচমৰ গুণ, পৰিমাণ, গঠন আদিৰ ভিত্তিত যি শ্ৰেণীবিভাজন কৰি অহা হৈছে তাক পৰম্পৰাগত শ্ৰেণীবিভাজন বোলা হয়। কিন্তু আধুনিক তৰ্কবিজ্ঞানীসকলে বচনৰ পৰম্পৰাগত শ্ৰেণীবিভাজন সম্পূৰ্ণভাৱে অসন্তোষজনক বুলি মত প্ৰকাশ কৰে। তেওঁলোকৰ মতে পৰম্পৰাগত শ্ৰেণীবিভাজন অসম্পূৰ্ম আৰু অপৰ্যাপ্ত বিশ্লেষণৰ ওপৰত প্ৰতিষ্ঠি। সেই কাৰণে আধুনিক তৰ্কবিজ্ঞানীসকলে এক নতুন প্ৰকাৰৰ বচনৰ শ্ৰেণীবিভাৈজন বোলা হয়। আধুনিক তৰ্কবিজ্ঞানী কসলৰ মতে বচন হ'ল এনে এটা উক্তি যি উক্তিৰ সত্যমূল্য থাকে তাকেই বচন বোলে। তেওঁলোকে বচনৰ গঠন আৰু বচনত ব্যৱহাৰ হোৱা উপাদানসমূহৰ সাংগঠনিক বৈশিষ্ট আদিলৈ লক্ষ্য কৰি সমূহ বচনকে মুঠতে তিনিটা ভাগত ভাগ কৰিছে। সেইসমূহ হ'ল-

1. সৰল বচন (Simple Proposition)

2. যৌগিক বচন (Compound Proposition)

3. সাধাৰণ বচন (General Proposition)

    ক্ৰম অনুযায়ী বচনসমূহৰ আলোচনা কৰা যাওকঃ-



সৰল বচন
    যি বচনত এটা মাত্ৰ উক্তি প্ৰকাশিত হয় তাকে সৰল বচন বোলে। অন্য কথাত ক'বলৈ হ'লে যি বচনক বিশ্লেষণ কৰিলে উপাদানৰূপে কেৱল এটা উক্তি বা বচনেই পোৱা যায়, সিয়োই সৰল বচন। আদাহৰণ স্বৰূপে- 'শংকৰদেৱ হয় এজন মহাপুৰুষ' ইয়াত শংকৰদেৱ সম্পৰ্কে এটা উক্তি বা কথা প্ৰকাশ পা৩ইচে। বচনসমূহৰ ভিতৰত সৰল বচন হ'ল ক্ষুদ্ৰতম বচন। সেয়ে এনে বচনক আন কোনো বচনলৈ বিশ্লেষণ কৰিব নোৱাৰি। গতিকেই সৰল বচনক পাৰমাণৱিক বচন (Atomic Propo-sition) বুলিও ক'ব পাৰি।

    সৰল বচন চাৰি প্ৰকাৰৰ-

(a) উদ্দেশ্যবিহান বচন (Subject less Propo-sition

(b) উদ্দেশ্য-বিধেয় আকাৰ বচন (Subject predicate from Proposition)

(c) সমন্ধাত্মক বচন (Relational Proposition)

(d) শ্ৰেণী সদস্যতামূলক বচন (Class mem-bership Proposition)

(a) উদ্দেশ্যবিহীন বচনঃ যি সৰল বচনত উদ্দেশ্য পদটো স্পষ্টকৈ নাথাকে বা উহ্য হৈ থাকে তাকে উদ্দেশ্যবিহীন বচন বােলে। যেনে- 

জুই!  

বৰষুণ! 

যােৱা! 

(b) উদ্দেশ্য-বিধেয় আকাৰ বচনঃ যি সৰল বচনত স্পষ্টকৈ এটা উদ্দেশ্য পদ, এটা বিধেয়। পদ থাকে আৰু যত বিধেয় পদে উদ্দেশ্য পদৰ গুণ বা বৈশিষ্ট্য সাব্যস্ত কৰে (সদর্থক বা নঞর্থক যিকোনাে ৰূপত) তাকে উদ্দেশ্য - বিধেয় আকাৰ বচন বােলে। যেনে- 

    ছক্ৰেটিছ হয় জ্ঞানী। 

    লাচিত বৰফুকন হয় সাহসী। 

(c) সমন্ধাত্মক বচনঃ যি সৰল বচনত বচনটোৰ অন্তর্গত উপাদানসমূহৰ মাজত থকা সম্বন্ধ প্রকাশ পায় তাকে সমন্ধাত্মক বচন বোলে। যেনে- 

    মেকুৰীয়ে মাছ ভাল পায়। 

    শিক্ষকে ছাত্রক তর্কবিজ্ঞান শিকায়। 

    ওপৰৰ বচন কেইটাত ‘মেকুৰী আৰু মাছ’ৰ সম্পর্ক ভাল পােৱাৰ দ্বাৰা, ‘শিক্ষক’ আৰু ছাত্ৰৰ সম্বন্ধ শিক্ষাদানৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। এই ক্ষেত্ৰত যি যি উপাদান পদৰ মাজত সমন্ধ প্রকাশ কৰা হয় সেইসমূহক সমন্ধসূচক পদ বােলা হয়। 

(d) শ্রেণী সদস্যতামূলক বচনঃ যি সৰল বচনত কোনো ব্যক্তি, বস্তু বা বিষয়, এটা শ্ৰেণীৰ অন্তৰ্ভূক্ত সদস্যতামূলক বচন বোলে। যেনে-

    ড° ভূপেন হাজৰিকা এজন সংগীতজ্ঞ।

    ৰুদ্ৰসিংহ এজন ৰজা আছিল।

    বচনকেইটাত ড° ভূপেন হাজৰিকা সংগীতজ্ঞ শ্ৰেণীটোৰ এজন সদস্যৰূপে দেখুওৱা হৈছে আৰু ৰুদ্ৰসিংহক 'ৰজা' শ্ৰেণীৰ সদস্যৰূপে দেখুওৱা হৈছে।

Type Himanku Bora