ভাৰতে সৰ্বাধিক ভোটেৰে বিজয় হোৱা পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি ?

 ইয়াৰ উত্তৰ বিচাৰি উলিওৱাটো বৰ টান নহয়। তুমি যদি ৰাজ্য সভাৰ নিৰ্বাচন সম্পৰ্কীয় তালিকাখন সাৱধানে পঢ়িছা তেন্তে নিশ্চিয় লক্ষ্য কৰিছা যে এই  পদ্ধতিটো বৰ জটিল আৰু সৰু দেশ এখনতহে কাৰ্যকৰী হব পাৰে। কিন্তু ভাৰতৰ দৰে উপ- মহাদেশ এখনত ই কাৰ্যকৰী হোৱাটো কঠিন। FPTP পদ্ধতিটোৰ জনপ্ৰিয়তা আৰু সফলতা কাৰণ হ'ল ইয়াৰ সৰলতা । সেইবাবে ৰাজনীতি আৰু নির্বাচনৰ বিষয়ে সম্যক জ্ঞান নথকা সাধাৰণ ভােটদাতা সকলেও সমগ্র নির্বাচন পদ্ধতিটো সহজতে বুজিব পাৰে । তাৰােপৰি নিৰ্বাচনৰ সময়ত ভােটদাতা সকলৰ সন্মুখত স্পষ্ট পছন্দ থাকে । ভােটদাতাসকলে ভােট দিওঁতে এজন প্রার্থী বা এটা দলক অনুমােদন কৰিলেই হ'ল । প্রকৃত ৰাজনীতিৰ প্রকৃতি অনুসৰি ভােটদাতাসকলে দলক বা প্রার্থীক বেছি গুৰুত্ব দিব পাৰে বা দুয়ােটাকে সমান গুৰুত্ব দিব পাৰে । FPTP পদ্ধতিয়ে ভােটদাতা সকলক যে কেৱল দলৰ মাজৰ পৰা নির্বাচন কৰাৰ সুবিধাই দিয়ে এনে নহয় , নির্দিষ্ট প্রার্থীৰ মাজৰ পৰা নিৰ্বাচনৰ সুবিধাও দিয়ে অন্য নির্বাচনী পদ্ধতিত , বিশেষকৈ ( PR ) আনুপাতিক প্রতিনিধিত্ব পদ্ধতিত প্ৰায়ে ভােটদাতাসকলক এটা দল নির্বাচন কৰিবলৈ দিয়া হয় আৰু প্রতিনিধিসকলক দলীয় তালিকাৰ ভিত্তিত নির্বাচিত কৰা হয় । ফলস্বৰপে এটা এলেকাৰ কাৰণে এজন মাত্র প্রতিনিধি নাথাকে আৰু কেৱল তেওঁৱেই দায়বদ্ধ নহয় । FPTP পদ্ধতিৰ দৰে সমষ্টি ভিত্তিক পদ্ধতিত ভােটদাতা সকলে তেওঁলােকৰ নিজৰ প্রতিনিধিজনক চিনি পায় আৰু তেওঁক দায়বদ্ধ কৰিব পাৰে।

     তাতােকৈ গুৰুত্বপূর্ণ কথাটো হ'ল সংবিধান প্রণেতাসকলে ভাবিছিল যে আমাৰ দৰে সংসদীয় পদ্ধতিৰ চৰকাৰ থকা দেশত আনুপাতিক প্রতিনিধিত্বমূলক নির্বাচন হয় চৰকাৰ প্ৰদানৰ বাবে অসমর্থ হ'ব পাৰে । পিছৰ অধ্যায়ত আমি সংসদীয় পদ্ধতিৰ কাৰ্যপালিকাৰ বিষয়ে আলােচনা কৰিম । এই পদ্ধতি অনুসৰি বিধানমণ্ডলত কার্যপালিকাৰ সংখ্যাগৰিষ্ঠতা থাকিব লাগিব । তুমি দেখিবা যে ভোটৰ অংশ অনুসৰি সংসদীয় আসন বিভাজিত হােৱা বাবে আনুপাতি প্রতিনিধিত্ব পদ্ধতিত স্পষ্ট সংখ্যাগৰিষ্ঠতা নাথাকিব পাৰে । FPTP পদ্ধতিয়ে সাধাৰণতে সবাটোকৈ বৃহৎ দলটিক বা সন্মিলিত ( চৰকাৰক ) কিছুমান উপৰুৱা Bonus আসন দিব পাৰে , যিটো তেওঁলােকে পােৱা ভােটতকৈ বেছি । গতিকে এই পদ্ধতিয়ে সংসদীয় চৰকাৰক সূলভাব কাম কৰিবলৈ আৰু এখন সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ সুবিধা দিয়ে । শেষত FPTP পদ্ধতিয়ে বেলেগ বেলেগ সামাজিক গােটৰ ভােটদাতা সকলক একগােটহৈ কোনাে এটা অঞ্চলৰ পৰা জয়লাভ কৰাটো সম্ভৱ কৰি তােলাত উদগনি দিয়ে । ভাৰতৰ দৰে এখন বৈচিত্র্যপূর্ণ দেশত আনুপাতিক প্রতিনিধিত্ব পদ্ধতিয়ে প্ৰতিটো সম্প্রদায়কে নিজৰ নিজৰ ৰাষ্ট্ৰীয় দল গঠন কৰিবলৈ উৎসাহ যােগাব । আমাৰ সংবিধান প্রণেতা সকলেও হয়তাে এই কথাকে ভাবিছিল ।

     সাংবিধানিক কার্যকাৰিতাৰ অভিজ্ঞতাই সংবিধান প্রণেতা সকলৰ আশা আকাংক্ষা নিশ্চিত কৰিছে । FPTP পদ্ধতি সাধাৰণ ভােটদাতাসকলৰ বাবে সৰল আৰু পৰিচিত বুলি প্রতিপন্ন হৈছে । ই বৃহৎ দলবােৰক কেন্দ্রীয় আৰু ৰাজ্যিক । পর্যায়ত স্পষ্ট বহু মত পােৱাত সহায় কৰিছে । এই পদ্ধতিয়ে জাতি বা সম্প্রদায় ভিত্তিত ভােট লাভ কৰা ৰাজনৈতিক দলবােৰক নিৰুৎসাহ কৰিছে । সাধাৰণতে FPTP পদ্ধতিয়ে দ্বিদলীয় পদ্ধতিৰ সৃষ্টি কৰে । ইয়াৰ অৰ্থ হ’ল ক্ষমতাৰ বাবে দুটা প্রধান প্রতিদ্বন্দ্বী দল থাকে আৰু সলনাসলনিকৈ দুয়ােটা দলে ক্ষমতা লাভ কৰে , নতুন বা তৃতীয় দলৰ বাবে প্রতিযােগিতাত ভাগ লােৱা আৰু ক্ষমতা ভাগ কৰা কঠিন হয় । এই ক্ষেত্ৰত ভাৰতত FPTP অভিজ্ঞতা সামান্য বেলেগ । স্বাধীনতাৰ পিছত আমি FPTP পদ্ধতি গ্রহণ কৰিলাে যদিও এক দলীয় প্রাধান্য হে বৰ্তি থাকিল আৰু ইয়াৰ সমান্তৰালভাবে বহুতাে সৰু সৰু দল চলি থাকিল । ১৯৮৯ চনৰ পাছৰে পৰা ভাৰতত বহুদলীয় সন্মিলিত চৰকাৰৰ সূচনা হৈছে । একে সময়তে লাহে লাহে বহু কেইখন ৰাজ্যত দ্বি - দলীয় প্রতিযােগিতা গঢ় লৈ উঠিছে । কিন্তু ভাৰতীয় দলীয় প্রথাৰ মূল বৈশিষ্ট্য হল যে FPTP প্রথা চলি থকা স্বত্ত্বেও সন্মিলিত চৰকাৰৰ উত্থানে নতুন আৰু সৰু দলবােৰক নির্বাচনী প্রতিযােগিতাত ভাগ ল’বলৈ সুযােগ দিছে ।

Type Sumit Patar

Class 11 Political Science