পৃথিৱীৰ আকাৰ আৰু আকৃতি


কাষৰ ছবিখনলৈ চোৱা । এইথন মহাকাশৰ পৰা লোৱা পৃথিৱীৰ ছবি । ছবিথন চাই পৃথিৱীৰ আকৃতি কেনেকুৱা বুলি ধাৰণা হৌছে ? আমি সাধাৰণতে  পৃথিৱীখন ঘূৰণীয়া বুলি কওঁ । পিচে ই সম্পূৰ্ণ ঘূৰণীয়া নহয় । ইয়াৰ দুয়ো মূৰ সামানয চাপ খোৱা আৰু মীজৰ অংশ অলপ ওফন্দি উঠা । তলৰ চিএত পৃথিৱীখনক এটি বৃওৰ লগত তুলনা কৰা হৈৌছে । বৃওটিত উল্লেখ কৰা ধৰণে পৃথিৱাীৰ ' ক ' আৰু ' খ ' অংশ সামান্য চাপ খোৱা আৰু পথালিকৈ ' গ ' আৰু ' ঘ ' অংশ সামানয ওফন্দি উঠা ।

তোমালোকে নিশ্চয় গোলক দেখিছা ।পৃথিৱীৰ আকৃথিৰ ধাৰণা লবলৈ গোলক ব্যৱহাৰ কৰা হয় । গোলক হল বৃহৎ পৃথিৱীখনৰ সূক্ষ্ম আৰ্হি বা নমুনা । গোলক আকৃতিত ঘূৰণীয়া । এই ঘূৰণীয়া গোলকত পৃথিৱীৰ আচল উপবৃওাকাৰ আকৃতিটো দেখুনাবলৈ অসুবিধা । সেয়েহে আমাৰ সুবিধাৰ বাবে গোলকত পৃথিৱাখলক ঘূৰণীয়া কৰিয়েই দেখুওৱা হয় ।

জানি থওঁ আহাঃ

আকৃতিঃ কোনো এটা বস্তুৰ দেখা ৰূপটোৱেই হল আকৃতি । যেনে- দেখিবলৈ ঘূৰণীয়া, গোলাকাৰ, চেপেটা, তিনিকোণীয়া, চাৰিকোণীয়া ইত্যাদি ।

আকাৰঃ আকাৰ হল কোনো এটা বস্তুৱে আগুৰি থকা ঠাইৰ পৰিমাণ । যেনে- কম ঠীই আগুৰিলে সৰু আকাৰ, বহু ঠাই আগুৰিলে বৃহৎ আকাৰ ইত্যাদি ।

পৃথিনৱীথন আকাৰত বাৰু কিমান ডাঙৰ ,অনুমান কৰাচোন ! কাষৰ চিএত দেখুওৱাৰ দৰে বল এটাত ' ক 'এটা বিন্দু লোৱা । এডাল সূতা বা ৰছিৰে ' ক ' বিন্দুৰ পৰা বলটোৰ সৈঁমাজৰ ওপৰেৰে এপাক ঘূৰাই পুনৰ ' ক ' বিন্দুলৈ জোখ লোৱা । এতিয়া স্কেলৰ সহায়ত সূতাডালৰ বলটোৰ ঘেৰটোৱে সামৰা অংশৰ জোখ লোৱা । দেথিবা কেইচেণ্টিমিটাৰ মানহে হব । এনেকৈ বলটো জোখাৰ দৰে পৃথিৱাখন সোঁমাদৰ ওপৰেৰে জুখিলে তাৰ দৈৰ্ঘ পাম ৪০,০০০ কিল'মিটাৰ । গতিকে অনুমান কৰাচোন আমাৰ পৃথিৱীখন কিমান চাঙৰ !

তলৰ গোলকটোলৈ মন কৰা । ওপৰৰ পৰা তললৈ হেলনীয়া শলা এডাথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে । এই মেৰুদণ্ডডালে সংযোগ কৰা এপৰৰ পিনে থকা বিন্দুটেক উওৰ মেৰু বা সুমেৰু ( north pole ) আৰু তলৰ পিনে থকা বিন্দুটোক দক্ষিণ মেৰু বা কুমেৰু (south pole ) বোলা হয় ।

শলাকডালৰ ওপৰত গোলকটো ঘূৰাৰ দৰে পৃথিৱীখনেও নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ অনবৰতে ঘূৰি আছে । মনত ৰাখিবা, প্ৰকৃত পৃথিৱীখনত মেৰু দুটা স্থায়ী । গোলকত মেৰুদণ্ড বুজাবলৈ ব্যৱহাৰক কৰা শলাডালৰ দৰে আমাৰ পৃথিৱীৰ কোনো শলা নাই । পৃথৱীৰ দুয়োমূৰ সংযোগী মেৰুদণ্ডডাল  এডাল কাল্পনিক ৰেখাহে । 

চিএ-৫ ৰ গোলকটোলৈ মন কৰা গোলকত পথালিকৈ সোঁমাজেৰে এডাল ভগ্ন ৰেখা অংকন কৰা হৈছে । ঠিক একেদৰে এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে । ইয়াকে বিষুৱ ৰেখা (equator) বুলি কোৱা হয় ।

এই ৰেখাডালে পৃথিৱীখনক সমানে দুভাগত ভাগ কৰিছে । ইয়াৰ উওৰ অংশক উওৰ গোলাৰ্ধ আৰু দক্ষিণ অংশক দক্ষিণ গোলাৰ্ধ বোলা হয় । ইয়াক পৰা আমি জানিলোঁ যে বিষুৱহল পৃথৱীক সমানে দুভাগ কৰা এডাল কাল্পনিক বৃওাকাৰ ৰেখা ।

(১) গোলকত বিচাৰি উলিওৱা –

(ক) উওৰ মেৰু বাসুমেৰু, (খ) দক্ষিন মেৰু বা কুমেৰু,(গ) বিষুৱ ৰেখা

(২) বহীত এটা গোলক আঁকি তলৰ দিয়াবোৰ বহুএৱা –

(খ) মেৰুদণ্ড, (খ) উএৰ মেৰু, (গ) দক্ষিন মেৰু, (ঘ) বিষুৱ ৰেখা

(৩) গোলকচ চাই আমাৰ দেশ ভাৰতবৰ্ষ কোন গোলাৰ্ধত কোৱা ।


পৃথিৱীৰ উপৰিভাগত কোনো ঠাইৰ স্থিতি নিৰ্ণয় কৰাৰ ক্ষেএত বিষুৱ ৰেখাৰ সহায় লোৱা হয় । অৰ্থাৎ কোনো এখন ঠাই বিষুৱৰ উএৰ নে দক্ষিন তাক বিষুৱ ৰেখাৰ পৰা  জানিব পাৰি । আকৌ ঠাইথন বিষুৱ ৰেখাৰ কিমান উওৰে বা কিমান দক্ষিণে তাক জানিবৰ বাবে বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উওৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃওাকাৰ ৰেখা ৰল্পনা কৰা হৈছে । এই ৰেখাবোৰকে অক্ষৰেখা বোলে ।

প্ৰতিচাল অক্ষৰেখাৰ মান বা জোখক অক্ষাংশ বোলে । বিষুৱৰ উওৰলৈ থকা অক্ষেৰেখা সমূহৰ মান বা জোথক উওৰ অক্ষাংশ আৰু দক্ষিণলৈ থকা অক্ষৰেখা সমূহৰ মান বা জোখক দক্ষিণ অক্ষাংশ বোলে । সাধাৰণতে আনি দূৰত্ব মিটাৰ,কিল'মিটাৰ আদিৰে জোখো । গোলাকাৰ পৃথিৱাখনৰ উৰিভাগত অক্ষৰেখাসমূহ ডিগ্ৰী (°ৰে জুখি উলিওৱা হয় । বিষুৱৰেখাৰ মান হল ০° অৰ্থাৎ ০° অক্ষাংশ ।

জানি থওঁ আহাঃ

কোনো স্থান বা বিন্দুৱে বিষুৱ ৰে্খাৰ পৰা কেন্দ্ৰলৈ কল্পনা কৰা ৰেখাৰ সৈতে পৃথিৱীৰ কেন্দ্ৰত সৃষ্টি কৰা কোণৰ মাৰ বা জোখকে সেই স্থান বা বিন্দুৰ অক্ষাংশ বোলে ।

 


সেই অনুসাৰে ০° অক্ষাংশৰ পৰা ক্ৰমে উওৰলৈ ১°  অক্ষাাংশত একোডাল অক্ষৰেখা কল্পনা আগবাডিলে উওৰ মেৰুত ৯০° পাম । নিৰীক্ষণৰ সুবিধাৰ বাবে গোলকত প্ৰতিডাল অক্ষৰেখাঅংকন নকৰি একোটা নিৰ্দিষ্ট অক্ষাংশৰ অন্তৰে অন্তৰে একোডাল অক্ষৰেখা অংকন কৰা হয় । যেনে- উওৰ গোলাৰ্ধত ৫° উওৰ অক্ষাংশ (5° north lati-tude), ১০°   উওৰ অক্ষাংশ, ১৫°  উওৰ অক্ষাংশ ইত্যাদি । আকৌ দক্ষিণ গোলাৰ্ধত ৫°  দক্ষিণ অক্ষাংশ (5° south latitude), ১০°  দক্ষিণ অক্ষাংশ, ১৫° দভিণ অক্ষাংশ ইত্যাদি । অক্ষৰেখাৰ মান অৰ্থাৎ অক্ষাংশ কেনেদৰে নিৰ্ণয় কৰা হয় তাক পিছলৈ বিতংকৈ জানিব পাৰিবাহঁক ।

আচলতে প্ৰতিচাল অক্ষৰেখা একোটা বৃওহে । ওপৰৰ চিএত দেখা গৈছে যে বিষুৱৰ পৰা ক্ৰমে উওৰলৈ আৰু দক্ষিণলৈ অক্ষৰেখাৰ দ্বাৰা গঠিত বৃও (অক্ষবৃও) সমূহৰ আকাৰ ক্ৰমে সৰু হৈ আহে আৰু ৯০° পাম । নিৰীক্ষণৰ সুবিধাৰ বাবে গোলকত প্ৰতিডাল অক্ষৰেখা অংকন নকৰি একোটা নিৰ্দিষ্ট অক্ষাংশৰ অন্তৰে অন্তৰে একোডাল অক্ষৰেখা অংকন কৰা হয় । যেনে- উওৰ গোলাৰ্ধত ৫° উওৰ অক্ষাংশ ( 5° north lati- tube ), ১০° উওৰ অক্ষাংশ, ১৫° উওৰ অক্ষাংশ ইত্যাদি । আকৌ দক্ষিণ গোলাৰ্ধত ৫° দক্ষিণ (5° south latitube ), ১০° দক্ষিণ অক্ষাংশ, ১৫° দক্ষিণ অক্ষাংশ ইত্যাদি । অক্ষৰেখাৰ মান অৰ্থাৎ অক্ষাংশ কেনেদৰে ১৫° দক্ষিণ অক্ষাংশ ইত্যাদি । অক্ষৰেখাৰ মান অৰ্থাৎ অক্ষাংশ কেনেদৰে নিৰ্ণয় কৰা হয় তাক পিছলৈ বিতংকৈ জানিব পাৰিবাহঁক । 

আচলতে প্ৰতিডাল অক্ষৰেখা একোটা বৃওহে । ওপৰৰ চিএত দেখা গৈছে যে বিষুৱৰ পৰা ক্ৰমে উওৰলৈ আৰু দক্ষিণলৈ অক্ষৰেখাৰ দ্বাৰা গঠিত বৃও ( অক্ষবৃও ) সমূহৰ আকাৰ ক্ৰমে সৰু হৈ আহে আৰু ৯০° উওৰ আৰু দক্ষিণ অক্ষাংশত এটা বিন্দুত পৰিণত হয়, (চিএ-৬ ) ।

বিষুৱ ৰেখাৰ উপৰি সততে ব্যৱহাৰ হোৰা কেইচামান প্ৰধান অক্ষৰেখা হল- 

(ক) কৰ্কট ক্ৰান্তি (২৩ ১/২° উঃ অক্ষাংশ)/ (231/2° N. Lat )

(খ) মকৰ ক্ৰান্তি(২৩ ১/২° দঃ অক্ষাংশ)/ (231/2° S. Lat )

(গ) সুমেৰু বৃও (৬৬ ১/২° উঃ অক্ষাংশ )/ (66 1/2° N. Lat )

(ঘ) কুমেৰু বৃও (৬৬ ১/২° দঃ অক্ষাংশ)/ (66 1/2° S. Lat )




সূৰ্যৰ ৰশ্মি পৃথিৱীৰ উপৰিভাগৰ সকলো ঠাইতে একে সমান তীব্ৰতাৰে নপৰে । যি অঞ্চলত সূৰ্যৰ ৰশ্মি পোনে পোনে পৰে তেনেবোৰ অঞ্চলত তাপমাএা অধিক । আনহাতে যিবোৰ অঞ্চলত ৰশ্মি হেলনীয়াভাৱে পৰে সেই অঞ্চলৰ উওাপ কম, অৰ্থাৎ শীতৰ প্ৰকোপ বেছি । কথাখিনি বুজিবলৈ এটি পৰীক্ষা কৰি চোৱা, (চিএ-৮) ।


আন্ধাৰ কেঠা এটিৰ বেৰত পোনে পোনে টৰ্চ মাৰি পঠিওৱা । কি দেখিলা ? টৰ্চৰ পোহৰ বেৰৰ এটা নিৰ্দিষ্ট অংসত বৃওৰ আকৃতিত থূপ খাই পৰিছে আৰু ঠাইথিনি অধিক উজ্বল দেখা গৈছে । আনহাতে টৰ্চটি এইবাৰ চিএত দেখুওৱা ধৰণে বেৰত হেলনীয়া  ভাৱে মাৰি পঠিওলৱা । এইবাৰ কি পৰিৱৰ্তন দেখিলা ? টৰ্চৰ পোহৰ অধিক ঠাইত সিঁচৰতি হৈ পৰিছে আৰু পোহৰৰ তীব্ৰতাও কম দেখা গৈছে । এইদৰে সূৰ্যৰ ৰশ্মিও পৃখিৱীৰ ুপৰিভাগত পোনপতিয়াকৈ অথবা হেলনীয়াভৱে পৰে । ফলত উপৰিগত তাপ আৰু পোহৰৰ তীব্ৰপতাৰ তাৰতম্য হয়, (চিএ-৯) (ক) (চিএ-৯ (খ) ।

সূৰ্যৰ ৰশ্মিৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি পৃথৱীৰ উপৰিভাগক কেইটামান তাপমণ্ডলত ভাগ কৰা হৈছে । বিষুৱৰ দুয়োফালে কৰ্কটক্ৰান্তি(২৩ ১/২° উঃ অক্ষাংশ) আৰু মকৰক্ৰন্তি (২৩ ১/২° দঃ অক্ষাংশ) ৰেখাৰ মীজত বছৰৰ প্ৰায়ভাগ সময়তে সূৰ্যৰ ৰশ্মি প্ৰায় পোনপটীয়াভাৱে পৰে । ফলত এই অঞ্চলৰ উষ্ণতা যথেষ্ট বেছি আৰু বছৰৰ প্ৰায় সকলো সময়তে ইয়াৰ উওাপ প্ৰায় সমানে থাকে । সেয়েহে এই অঞ্চলটিক গ্ৰীম্ম বা উষ্ণণ্ডল বোলে ।
কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তিৰ পৰা দুয়ো মেৰুৰ পিনে সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে । দুয়ো মেৰুৰ পিনে আমি যিমানেই আগবাঢি যাম, সিমানেই সূৰ্যৰ ৰশ্মি অধিককৈ হেলনীয়াভাৱে পৰা দেখিবলৈ পাম । সেয়েহে উওৰ গোলাৰ্ধত কৰ্কট ক্ৰান্তি আৰু সুমেৰু বৃও (৬৬ ১/২° উঃ অক্ষাংশ) ৰ মাজত আনহাতে দক্ষিণ গোলাৰ্ধত মকৰ ক্ৰান্তি আৰু কুমেৰু বৃও (৬৬ ১/৩২° দঃ অক্ষাংশ ) ৰ মাজৰ অঞ্চলদুিটিক উষ্ণতাৰ তীব্ৰতা কম । অৰ্থাৎ অধিক গৰমো নহয় আৰু অধিক শীতো নহয় । সেয়েহে এই অঞ্চলদুটিক ক্ৰমে উওৰ নাতিশীতোষ্ণ মণ্ডল আৰু দক্ষিণ নাতিশীতোষ্ণ মণ্ডল বোলা হয় ।
সুমেৰুকে সামৰি লৈ সুমেৰু বৃওৰ ওপৰ অংশ আৰু কুমেৰুকে সামৰি লৈ কুমেৰু বৃওৰ তলৰ অংশত শীতৰ তীব্ৰতা অধিক । অতিপাত শীতৰ বাবে বছৰৰ প্ৰায় বাৰ মাহে এই অঞ্চলৰ বহু অংশত পানী গোট মাৰি বৰফ হৈ থাকে । ইয়াৰ কাৰণ হল ইয়াৰ ছমাহ কাল সূৰ্যৰ ৰশ্মি অতি হেলনীয়া ভাবে পৰে আৰু ছমাহ কাল সূৰ্যৰ ৰশ্মি প্ৰায় নপৰে । বৰফে আৱৰি থকা অঞ্চল হোৱা বাবে এই অঞ্চলদুটিক ক্ৰমে  উওৰ শীতমণ্ডল বা উওৰ হিমমণ্ডল  আৰু দক্ষিন শীতমণ্ডল বা দক্ষিণ হিমমণ্ডল বোলে ।

 

জানি থওঁ আহাঃ

গ্ৰীম্ম মণ্ডলত সূৰ্যৰ ৰশ্মিৰ তীব্ৰতা অত্যাধিক হোৱাৰ বাবে এই অঞ্চলৰ মানুহৰ গাৰ বৰণ সাধাৰণতে কলা হোৱা দেখা যায় । সেযেহে আফ্ৰিকা মহাদেশৰ বিষুৱীয় অঞ্চলৰ স্থায়ী বাসিন্দাসকলৰ গাৰ বৰণ পৃথিৱীৰ আন আন অঞ্চলৰ লোকসকলৰ তুলনাত কলা ।

উওৰ দিয়া-

(১) মানচিএ চাই কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ কোন কোন ৰাজ্যৰ ওপৰেৰে পাৰ হৈ গৈছে, কোৱা ।

(২) তলৰ উল্লেখ কৰা দেশসমূহ কোন তাপমণ্ডলৰ অন্তৰ্গত গোলক অখবা মানচিএ চাই কোৱা-

(ক) জাপান, (খ) ফ্ৰাসন্স, (গ) দক্ষিণ আফ্ৰিকা, (ঘ) ছুচান ।

   

এতিয়া আহোঁ আন এটি বিষয়লৈ । অসমৰ দৰং জিলাখন কত বুলি সুধিলে আমি হয়তো উওম পাম- ব্ৰহ্মপুএৰ উওৰ পাৰে অথবা শোণিত পুৰ জিলাৰ পশ্চিমে অৱস্থত বুলি । আকৌ গোৱালপাৰা চহসনৰ অৱস্থান সম্পৰ্কে সুধিলে উওৰ পাম ব্ৰহ্মপুএৰ দক্ষিণ পাৰে অথবা গুৱাহাটীৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ পশ্চিমে অৱস্থিত বুলি । অৰ্থাৎ কোনো এখন ঠাইৰ অৱস্থান আন এখন ঠাই বা প্ৰধান অৱয়ৱৰ প্ৰসংগ তথা পৰিপ্ৰেক্ষিততহে নিৰ্ণয় কৰোঁ ।

ইতিমধ্যে আমি পাই আহিছোঁ যে পৃথিৱীৰ উপৰিভাগত কোনো ঠাইৰ অৱস্থন নিৰ্ণয়ৰ বাবে অক্ষৰেখা ব্যৱহাৰ কৰা হয় । যেনে- গুৱাহাটী মহানগৰখন ২৬ ১/২° উওৰ অক্ষাংশত অৱস্থিত । কিন্তু একেডাল অক্ষৰেখাত  অৱস্থিত দুখন ঠাইৰ অৱস্থান কেৱল অক্ষাংশৰে নিৰ্ণয় কৰা অসুবিধা। উদাহৰণস্বৰূপে, ঋাৰখণ্ডৰ হাজাৰিবাগ আৰু মধ্যপ্ৰদেশৰ ৰাজগড প্ৰায় একে অক্ষাংশ (প্ৰায় ২৮° উঃ অক্ষাংশ )ত অৱস্থিত যদিও ঠাই দুখনৰ অৱস্থান একেলগে নহয় । সেয়েহে, কোনো ঠাইৰ অৱস্থান নিৰ্ণয়ৰ বাবে অক্ষৰেখাৰ উপৰি উওৰ মেৰু আৰু দক্ষিন মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ  সহায় লোৱা হয় । এই ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বোলে । প্ৰতিডাল দ্ৰাঘিমা ৰেখাৰ মান বা জোখক ডিগ্ৰী (°) দ্ৰাঘিমানশৰে প্ৰকাশ কৰা হয় । প্ৰতিডাল দ্ৰাঘিমাৰেখাই একো একোটা অৰ্ধবৃও আৰু দ্ৰাঘিমাসমূহৰ মাজৰ দূৰত্ব বিষুৱৰ পৰা ক্ৰমান্বয়ে গৈ দুয়ো মেৰুত একলগ হৈ যায় ।   


দ্ৰাঘিমা ৰেখাসমূহক গণনাৰ সুবিধাৰ বাবে লণ্ডন চহৰৰ কাষৰ গ্ৰীনিজ (GREENWICH ) মান মন্দিৰৰ ওপৰেৰে কল্পনা কৰা দ্ৰাঘিমা ৰেখাচালৰ পৰা গণনা আৰম্ভ কৰিছে । সেয়হে, এই ৰেখাডালক মুখ্য দ্ৰাঘিমা ৰেখা (Prime meridian ) হিচাপে নামকৰ ৰকৰা হৈছে । এই ৰেখাডালক ০° দ্ৰাঘিমাংস মান ধৰি লৈ পূবলৈ ১৮০° আৰু পশ্চিমলৈ ১৮০° গণনা কৰা হয় । মুখ্য দ্ৰাধিমা ৰেখা আৰু ১৮০° দ্ৰাঘিমাৰেখাই আমাৰ পৃথিৱীখনক উওৰা- দক্ষিণাকৈ সমানে দুভাগ কৰিছে । সেয়ে মুখ্য দ্ৰাঘিমা ৰেখাৰ পূবৰ এখন ঠাইৰ দ্ৰাঘিমাংশৰ পিচত পূঃ (E) আৰু পশ্চিমৰ এখন ঠাইৰ দ্ৰাঘিমাংশৰ পিচত পঃ (W) লিখি ঠাইখনৰ অৱস্থিতি বুজোৱা হয় । মন কৰিবলগীয়া কথাটি হল ১৮০° পূঃ আৰু ১৮০° পঃ দ্ৰাঘিমা ৰেখা প্ৰকৃততে একেডাল ৰেখাহে, (চিএ-১০) ।

(১) গোলক বা পৃথিৱীৰ মানচিএত মুখ্য দ্ৰাঘিমা ৰেখাৰ অৱস্থিতি চাই লোৱা ।

(২) গোলকত চাই ভাৰতবৰ্ষ মুখ্য দ্ৰাঘিমাৰেখাৰ পূব নে পশ্চিম দিশে অৱস্থিত, কোৱা ।

গোলকটোলৈ পুনৰ মন কৰা। দেখিবা যে পূবা-পশ্চিমাকৈ অক্ষৰেখা আৰু উওৰা- দক্ষিণাকৈ দ্ৰাঘিমা ৰেখা  অংকন কৰা আছে। ভালদৰে মন কৰিলে দেখিবা যে প্ৰতিডাল অক্ষৰেখাই প্ৰতিডাল দ্ৰাঘিমাৰেখাই প্ৰতিডাল অক্ষৰেখাক কাটিছে ই এখন জালিকা। চিএ-১১ ত অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ জালিকা দেখুওৱা হৈছে ।


কোনো এখন ঠাইৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ জনা থাকিলে তুমি সহজতে গোলকত ঠাইখনৰ অৱস্থান নিৰ্ণয় কৰিব পাৰিবা উদাহৰণ স্বৰূপে অসমৰ ধুবুৰী অক্ষাংশ আৰু দ্ৰাঘিমাংশ ক্ৰমে ২৬° উঃ অক্ষাংশ আৰু ৯০° পূঃ দ্ৰাঘিমাংশ । এতিয়া গোলকত এই দুয়োডাল ৰেখাই কটা কটি কৰা বিন্দুটো নিৰ্ণয় কৰা । এই বিন্দুটোৱেই হব ধৰাপৃষ্ঠত ধুবুৰীৰ অৱস্থান । ওপৰৰ কথাখিনি ভালদৰে বুজিবলৈ তলৰ কাৰ্যটি কৰি চাওঁ আহা ।
এখন কাগজত সিপিঠিত দিয়াৰ দৰে সমদূৰত্বত থিয় আৰু পথালিকৈ কেইডালমান ৰেখা অংকন কৰা । এতিয়া থিয় ৰেখাসমূহত ২০°,২৫°, ৩০°,৩৫° আদি মান বহুএৱা । পথালি ৰেখা কেইডালত তলৰ পিনৰ পৰা ৫৫°,৬০°,৬৫° আৰু ৭০° আদি মান বহুএৱা, (চিএ-১২ )

 
এইবাৰ ৰেখাসমূহে কটাকটি কৰা কেইটামান স্থান চিএত দেখুওৱাৰ দৰে মাজে মাজে সৰু ঘেৰেৰে চিন দিয়া ।এতিয়া এই ঘেৰসমূহক ক, খ, গ, ঘ, আদি নামেৰে নামকৰম কৰা । থিয় ৰেখাবোৰক পূব দ্ৰাঘিমাংশ আৰু পথালি ৰেখাবোৰক উওৰ অক্ষাংশ বুলি ধৰি লোৱা । এতিয়া ' ক' ঘেৰটি ৭০° উঃ অক্ষাংশ আৰু ২৫° পূঃ দ্ৰাঘিমাংশত অৱস্থিত পাবা । আন আন ঘেৰ কেইটিৰ অৱস্থান নিৰ্ণয় কৰিবলৈ যত্ন কৰা । এনেদৰে অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ সহায়ত পৃথৱীৰ যি কোনো স্থানৰ অৱস্ৰান নিৰ্ণয় কৰিব পাৰি ।

মনত ৰাখিৱলিগীয়া কথাঃ


* পৃথিৱীৰ উওৰ মেৰু আৰু দক্ষিণ সংযোগ কৰি এডাল ৰেখা কৰা হৈছে । এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোৱে ।
* পৃথিৱাৰ উপৰিভাগত সোঁমাজেৰে পূবা-পশ্চিমাকৈ এচাল ৰেখা কল্পনা কৰা হৈছে । ইয়াকে বিষুৱৰেখা বোলে ।
* বিষুৱৰেখাৰ সমান্তৰালকৈ ক্ৰমে উওৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃওাকাৰ ৰেখা কল্পনা কৰা হৈছে । এইবোৰকে অক্ষৰেখা বোলে ।
* পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অনস্থান নিৰ্ণয় কৰিবলৈ অক্ষাংশ উপৰি উওৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয় । এই ৰেখাবোৰকে দ্ৰাঘিমাৰেখা বোলা হয় ।
* বিষুৱৰ পৰা উওৰে থকা  অক্ষৰেখাসমূহৰ মান বা জোখক উওৰ অক্ষাংশ আৰু দক্ষিণে থকা অক্ষৰেখাসমূহৰ মানক দক্ষিণ অক্ষাংশ হিচাপে নামকৰণ কৰা হয় ।
* লণ্ডন চহৰৰ কাষৰ গ্ৰীনিজ মান মন্দিৰৰ ওপৰেৰে যোৱা দ্ৰাঘিমাৰেখা ডালক মুখ্য দ্ৰাঘিমা ৰেখা হিচাপে ধৰা হয় ।
* ১৮০° পুব আৰু ১৮০° পশ্চিম দ্ৰাঘিমাৰেখাডাল প্ৰকৃততে একেডাল ৰেখা ।
* সূৰ্যৰ ৰশ্মিৰ তীব্ৰতাৰ ভিওিত পৃথিৱীৰ উপৰিভাগক তিনিটা তাপমণ্ডলত ভগ কৰা হয় - গ্ৰীম্মমণ্ডল, নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল ।
* অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিব পাৰি ।


Class 6 Social ScienceType: Sanu Deka