১১.৩ উদ্ভিদৰ দেহত দব্যৰ পৰিবহণঃ


 ১১.৩ উদ্ভিদৰ দেহত দ্রব্যৰ পৰিবহণ ও তােমালােকে অধ্যায় ১ ত শিকিছিলা যে উদ্ভিদে শিপাৰ সহায়ত মাটিৰপৰা পানী আৰু খনিজ পােষকদ্রব্য শােষণ কৰে আৰু এইবােৰ পাতলৈ পৰিবহণ কৰে । সালােকসংশ্লেষণৰ সময়ত পানী আৰু কার্বন - ডাই অক্সাইড ব্যৱহাৰ কৰি পাতে উদ্ভিদৰ বাবে আহাৰ প্রস্তুত কৰে । তােমালােকে অধ্যায় ১০ তাে পাই আহিছা যে আহাৰ শক্তিৰ উৎস আৰু জীৱৰ প্রত্যেকটো কোষে গ্লুক’জৰ ভাঙোনৰ ফলত শক্তি আহৰণ কৰে । জীৱনৰ প্রয়ােজনীয় কামবােৰ কৰিবৰ বাবে কোষে এই শক্তি ব্যৱহাৰ কৰে । সেয়ে , জীৱৰ প্ৰত্যেকটো কোষেই আহাৰ পর্যাপ্ত পৰিমাণে পাব লাগে । তােমালােক কেতিয়াবা আচৰিত নােহােৱানে , কেনেকৈ শিপাই মাটিৰ পৰা পানী আৰু পােষক দ্রব্য শােষণ কৰি পাতলৈ পৰিবহণ কৰে । পাতত প্রস্তুত হােৱা আহাৰ , কেনেকৈ আহাৰ প্রস্তুত নােহােৱা অংশলৈ পৰিবহণ হয় ? 

পানী আৰু খনিজ পদার্থৰ পৰিবহণঃ

উদ্ভিদে শিপাৰ দ্বাৰা পানী আৰু খনিজ পদার্থ শােষণ কৰে । শিপাবােৰৰ চুলি শিপা থাকে । পানী আৰু পানীত দ্রবীভূত হৈ থকা খনিজ পােষক দ্ৰৱবােৰ শােষণ কৰিবৰ বাবে চুলি শিপাবােৰে শিপাৰ পৃষ্ঠ কালি বঢ়াই তােলে । চুলি শিপাবােৰ মাটিৰ কণাবােৰৰ মাজত থকা পানীৰ সংস্পৰ্শত থাকে [ চিত্র ১১.৭ ( ক ) ] ।

 শিপাৰপৰা পানী কেনেকৈ পাতলৈ যায় অনুমান কৰিব পাৰিছানে ? উদ্ভিদত কেনে ধৰণৰ পৰিবহণ তন্ত্র পােৱা যায় ?

    হয় , প্রজ্ঞানে ঠিকেই ভাবিছে । মাটিৰপৰা পানী আৰু পােষকদ্রব্য পৰিবহণৰ বাবে উদ্ভিদৰ নলীকা আছে । এই নলীকাবােৰ বিশেষ ধৰণৰ কোষৰ দ্বাৰা গঠিত আৰু ইহঁত একে লগ হৈ সংবহন কলা গঠন কৰে । কলা হ’ল কোষৰ সমষ্টি যিবােৰে জীৱৰ শৰীৰত কিছুমান বিশেষ ধৰণৰ কাম কৰে । জাইলেম নামৰ সংবহন কলাৰে উদ্ভিদত পানী আৰু পােষক দ্রব্য পৰিৱাহিত হয় [ চিত্র ১১.৭ ( ক ) ] ।    

    জাইলেমে গা - গছ আৰু ডালৰ মাজেৰে শিপাৰ পৰা পাতলৈ এক জালিকাসদৃশ গতিপথ গঠন কৰে আৰু এনেদৰেই গােটেই গছজোপাকে পানী যােগান ধৰে । [ চিত্র ১১.৭ ( খ ) ] ।

 তােমালােকে জানা যে পাতত আহাৰ প্রস্তুত হয় । এই আহাৰ উদ্ভিদৰ সকলাে অংশলৈ পৰিবহণ হ'ব লাগে । ফ্ল’ৱেম নামৰ সংবহন কলাই এই কাম কৰে । এইদৰে জাইলেম আৰু ফ্ল’ৱেমে উদ্ভিদৰ দ্ৰব্যসমূহ পৰিবহণ কৰে । 



ক্রিয়াকলাপ ১১.৩ 

এটা ডাঙৰ আলু লােৱা আৰু তাৰ বাহিৰৰ বাকলি গুচোৱা । আলুটোৰ মূৰৰ এটা অংশ কাটি তলফালে চেপেটা আকাৰ বনােৱা । এতিয়া বিপৰীত ফালে কাটি এটা গভীৰ আৰু ফোপােলা গাঁত বনােৱা । গাঁতটোৰ আধালৈকে চেনিৰ দ্ৰৱণেৰে পূৰ্ণ কৰা আৰু আলুৰ বেৰৰ মাজেদি এটা পিন সুমুৱাই উচ্চতা চিহ্নিত কৰা ( চিত্র

১১.৮ ) । এখন থালত সামান্য পৰিমাণ পানী লৈ তাত আলুটো ৰাখা । এইটো নিশ্চিত কৰা যে পানীৰ উচ্চতা পিনটোৰ তলত থাকে । এতিয়া সঁজুলিটো কেইঘণ্টামানৰ বাবে থৈ দিয়া । চেনিৰ দ্ৰৱণৰ উচ্চতা ওপৰলৈ উঠা তােমালােকে দেখিবলৈ পাবা । কেনেকৈ আলুৰ ভিতৰলৈ পানী সােমাল ? খুব কম দূৰত্বৰ ব্যৱধানত এটা কোষৰপৰা আনটো কোষলৈ পানী গতি কৰিব পাৰে । ঠিক একেদৰে মাটিৰ পৰা পানী শিপাৰ জাইলেম কলাবােৰলৈ যায় [ চিত্র ১১.৭ ( ক ) ] 

প্রস্বেদনঃ

 ষষ্ঠ শ্রেণীত তােমালােকে পঢ়ি ছিলা যে প্রস্বেদন প্রক্রিয়াৰদ্বাৰা উদ্ভিদে বহু পৰিমাণৰ পানী উলিয়াই দিয়ে । 

       উদ্ভিদে খনিজ পােষক দ্ৰৱ আৰু পানী মাটিৰপৰা শােষণ কৰে । যিমান পানী শােষণ কৰে সেই সকলােখিনি উদ্ভিদে ব্যৱহাৰ নকৰে । পাতৰ পৃষ্ঠত থকা পত্ৰৰ্দ্ধৰ মাজেৰে প্রস্বেদন প্রক্রিয়াৰ দ্বাৰা পানী বাষ্পীভূত হয় । পাতৰপৰা হোৱা পানীৰ বাষ্পীভৱনৰ ফলত জাইলেম নলীকাৰ ভিতৰত শোষন বলৰ সৃষ্টি হয় (যিদৰে তোমালোকে ষ্ট্ৰ' পাইপেৰে পানী শুহি লওঁতে উৎপন্ন হয়।) যিয়ে ওখ গছৰ বহু উচ্চতালৈ পানী পৰিবহণ কৰিব পাৰে। প্ৰস্বেদন গছজোপা শীতল কৰিও ৰাখে ।


Type: Ankur Raj Deka

Class 7 Science SCERT Book