সকলো ধৰ্ম্মৰ সমতা

ৰাষ্ট্ৰখন বহুটো ধৰ্ম্মৰ বাসস্থান হোৱাৰ বাবে চৰকাৰৰ বাবেও এইটো প্ৰয়োজনীয় যে বিভিন্ন ধৰ্ম্মৰ প্ৰতি সমানেই আচৰণ কৰিব লাগিব। নেতিবাচকভাৱে, ই বুজাই যে চৰকাৰে কোনাে বিশেষ ধৰ্ম্মক অনুগ্রহ নকৰিব । ভাৰতবৰ্ষত কোনাে ৰাষ্ট্ৰীয় ধর্ম নাই । এজন প্রধান মন্ত্রী বা ৰাষ্ট্রপতি বা বিচাৰক বা ৰাইজৰ পদাধিকাৰী হ'বৰ বাবে আমি কোনাে বিশেষ ধৰ্ম্মৰ লােক হ'ব নালাগে । আমি সমতাৰ অধিকাৰৰ ক্ষেত্ৰটো দেখিছো যে , চৰকাৰে নিয়ােগৰ ক্ষেত্ৰত ধৰ্ম্মৰ ভিত্তিত কোনো বৈষম্য নকৰিব বুলি নিশ্চিত কৰিছে । ৰাষ্ট্ৰৰনিয়ন্ত্রণাধীন অনুষ্ঠানবােৰে কোনাে ধর্ম প্ৰচাৰ নকৰে অথবা ধর্মীয় শিক্ষা নিদিয়ে আৰু যিকোনাে ধৰ্মৰ কোনো ব্যক্তিৰ প্রতি অনুগ্রহে নেদেখুৱায় । এই ব্যৱস্থাটোৰ উদ্দেশ্য হৈছে ধৰ্ম্ম নিৰপেক্ষ নীতিক ধৰি ৰাখি প্রতিপালন কৰা।

Type Sumit Patar

Class 11 Political Science