১৩.৫ দূৰত্ব-সময় লেখঃ

    তোমালোকৰ চকুত নিশ্চয় পৰিছে যে, বাতৰি কাকত, আলোচনী আদিত বিভিন্ন ধৰণৰ লেখৰ সহায়ত তথ্যপাতি মনোগ্ৰাহীকৈ উপস্থাপন কৰা হয়। চিত্ৰ ১৩.৮ত প্ৰদৰ্শিত লেখটোক স্তম্ভ লসেখথ বুলৱি কোৱা হয়। আন এক ধৰণৰ লৈখিক উপস্থাপন হৈছে পাই ৰেখাচিত্ৰ (pie chart) চিত্ৰ ১৩.৯।  


সময় (ৰাতিপুৱা)

অডমিটাৰৰ পাঠ

যাত্ৰাৰ আৰম্ভণিৰ পৰা দূৰত্ব

৮.০০ বজা

৮.৩০ বজা

৯.০০ বজা

৯.৩০ বজা

১০.০০ বজা

৩৬৫৪০ কি.মি.

৩৬৫৬০ কি.মি.

৩৬৫৮০ কি.মি.

৩৬৬০০ কি.মি.

৩৬৬২০ কি.মি.

০ কি. মি.

২০ কি. মি.

৪০ কি. মি.

৬০ কি. মি.

৮০ কি. মি.














চিত্ৰ ১৩.৮  এটা দলে প্ৰত্যেক অভাৰত আহৰণ কৰা ৰাণৰ স্তম্ভলেখ 





চিত্ৰ ১৩.৯ পাই ৰেখাচিত্ৰৰ সহায়ত বায়ুৰ উপাদান প্ৰদৰ্শন





চিত্ৰ ১৩.১০ বয়সৰ লগে লগে মানুহৰ ওজনৰ পৰিৱৰ্তন দেখুৱা এডাল ৰৈখিক লেখ



        চিত্র -১৩.১০ ত দেখুওৱা লেখবিধ হৈছে ৰৈখিক লেখৰ উদাহৰণ । দূৰত্ব - সময়ৰ লেখ এবিধ ৰৈখিক লেখ । এনে এডাল লেখ অংকন কৰিবলৈ শিকোঁ আহা ।
     এখন লেখকাগজ যােগাৰ কৰা । চিত্র ১৩.১১ ত দেখুওৱাৰ দৰে পৰস্পৰ লম্বভাৱে দুডাল ৰেখা অংকন কৰা । অনুভূমিক ৰেখা ডালক XOX নামৰেনামকৰণ কৰা । ইয়াক X- অক্ষবুলি কোৱা হয় । একেদৰে উলম্ব ৰেখা ডালক YOY বুলি নামকৰণ কৰা । ইয়াক y- অক্ষ বুলি কোৱা হয় । XOX আৰু YOY ৰেখাই কটাকটি কৰা বিন্দুটোক মূলবিন্দু 0 বুলি কোৱা হয় । লেখ অংকন কৰিবলগীয়া ৰাশি দুটাক এই অক্ষ দুডালেৰে নির্দেশ কৰা হয় । X- অক্ষত OX ৰ দিশত ধনাত্মক মানবােৰ বহুওৱা হয় । একেদৰে y- অক্ষত ধনাত্মক মানবােৰ OY ৰ দিশত বহুওৱা হয় । এই অধ্যায়ত আমি ৰাশিসমূহ মানবোৰহে বিবেচনা কৰিম। 


চিত্ৰ- ১৩.১১ এখন লেখ কাগজত  x আৰু y অক্ষৰেখা



    সেইবাবে, চিত্ৰ ১৩.১১ ত দেখুওৱাৰ দৰে আমি কাগজৰ ৰং দিয়া অংশটোহে আমি ব্যৱহাৰ  কৰিম ।
    প্ৰজ্ঞানে আৰু প্ৰহেলিকাই এখন মটৰ গাড়ীয়ে ভ্ৰমণ কৰা দূৰত্ব আৰু সেই দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰয়োজন হোৱা সময় উলিয়াইছিল। সিহঁতে, সংগ্ৰহ কৰা তথ্য তালিকা ১৩.৬ দেখুওৱা হৈছে  


তলত দিয়া পদক্ষেপবোৰ অনুসৰণ কৰি লেখডাল অংকন কৰিব পাৰিবাঃ
চিত্ৰ ১৩.১১ ত দেখুওৱা ধৰণে অক্ষ হিচাপে দুডাল পৰস্পৰ লম্ব ৰেখা আঁকা আৰু ইহঁতক OX আৰু OY নামেৰে চিহ্নত কৰা। 
X- অক্ষৰে কোনটো ৰাশি নিৰ্দেশ কৰা হ'ব আৰু y- অক্ষৰে কোনটো ৰাশি নিৰ্দেশ কৰা হ'ব ঠিক কৰা। এই ক্ষেত্ৰত আমি x- অক্ষৰে সময় আৰু y- অক্ষৰে দূৰত্ব নির্দেশ কৰিম । 
লেখত দূৰত্ব আৰু সময় নির্দেশ কৰিবলৈ দুটা মাপাংক ( স্কেল ) নির্বাচন কৰা । গাড়ীখনৰ গতিৰ বাবে মাপাংক এনে হ'ব পাৰে ।
 সময়ঃ ১ মিনিট = ১ চে.মি ; 
দূৰত্বঃ ১ কি . মি . = ১ চে.মি। 
তুমি নির্বাচন কৰা মাপাংক অনুসৰি সময় আৰু দূৰত্বৰ মান নিজ নিজ অক্ষত চিহ্নিত কৰা । গাড়ীখনৰ গতিৰ বাবে x অক্ষৰে o মূল বিন্দুৰ পৰা ১ মিনিট , ২ মিনিট , .......... সময় চিহ্নিত কৰা । একেদৰে y অক্ষৰে ১ কি . মি . , ২ কি . মি ........ দূৰত্ব চিহ্নিত কৰা ( চিত্র -১৩.১২ ) ।
এতিয়া লেখ কাগজত দূৰত্ব আৰু সময়ৰ প্রতিযােৰা মান নির্দেশ কৰিবলৈ বিন্দুসমূহ চিহ্নিত কৰিব লাগিব । তালিকা ১৩.৬ ৰ ক্ৰমিক সংখ্যা -১ ত লিখা পর্যবেক্ষণে দেখুৱাইছে যে 0 মিনিট সময়ত অতিক্রম কৰা দূৰত্বও শূন্য । গতিকে এই যােৰা মানৰ বাবে নির্দেশ বিন্দুটো মূল বিন্দুতে অৱস্থিত হ’ব । এক মিনিট পিছত গাড়ীখনে ১ কি.মি. দূৰত্ব অতিক্রম কৰিছে । এই মান দুটা নির্দেশ কৰিবলৈ পােনতে x- অক্ষত ১ মিনিট সময় নির্দেশ কৰা বিন্দুটো উলিয়াই লােৱা । এই বিন্দুৰ পৰা y- অক্ষৰ সমান্তৰালকৈ ৰেখা এডাল অংকন কৰা । ইয়াৰ পিছত y- অক্ষত ১ কি.মি. নির্দেশ কৰা বিন্দুৰ পৰা x- অক্ষৰ সমান্তৰালকৈ আন এডাল ৰেখা অংকন কৰা । এই দুডাল ৰেখাই কটাকটি কৰা বিন্দুটোৱেই লেখ কাগজত আলােচিত মান নির্দেশ কৰিব ( চিত্র – ১৩.১২ ) । একেধৰণে তালিকাৰ বাকী । থকা পর্যবেক্ষণবােৰৰ পৰা যােৰা যােৰাকৈ মানবােৰ লেখ কাগজত চিহ্নিত কৰা । চিত্র ১৩,১৩ ত বেলেগ বেলেগ সময়ত গাড়ীখনৰ অৱস্থান নির্দেশ কৰা বিন্দুবােৰ লেখ কাগজত দেখুওৱা হৈছে।









    চিত্র ১৩.১৩ ত দেখুওৱা ধৰণে লেখ কাগজত সকলােবােৰ বিন্দু সংযােগ কৰা । ই এডাল সৰল ৰেখা । গাড়ীখনৰ গতিৰ ইয়েই হ’ল দূৰত্ব - সময়ৰ লেখ । 
দূৰত্ব - সময় লেখ সৰল ৰেখা হলে , বস্তুটোৱে অপৰিৱর্তনীয় দ্রুতিৰে গতি কৰা বুজায় । অৱশ্যে বস্তুৰ দ্রুতি সলনি হৈ থাকিলে লেখৰ আকৃতি যিকোনাে হ’ব পাৰে । 
    সাধাৰণতে , মাপাংক নির্ধাৰণ কৰাটো ওপৰৰ উদাহৰণটোৰ দৰে সহজসাধ্য নহয় । x আৰু y -অক্ষৰে বিচৰা ৰাশি দুটা নির্দেশ কৰিবলৈ আমি দুটা ভিন্ন মাপাংক বাছি ল'বলগীয়া হ'ব পাৰে । এটা উদাহৰণৰে সৈতে এই পদ্ধতিটো বুজিবলৈ চেষ্টা কৰোঁ আহা । 






    প্রহেলিকা আৰু তাইৰ বন্ধু - বান্ধৱবােৰক বনভােজলৈ লৈ যােৱা বাছখনৰ গতিৰ বিষয়ে আমি পুনৰাই বিবেচনা কৰোঁ আহা । তালিকা ১৩.৫ ত বাছখনে অতিক্রম কৰা দূৰত্ব আৰু তাৰ বাবে অতিবাহিত কৰা সময় দেখুওৱা হৈছে । বাছখনে অতিক্রম কৰা মুঠ দূৰত্ব ৮০ কি.মি .। যদি আমি ১ কি.মি. ১ চে.মি. মাপাংক লওঁ তেন্তে ৮০ চে . মি . দৈর্ঘ্যৰ অক্ষ অংকন কৰিব লাগিব । এখিলা কাগজত ই সম্ভৱ নহয় । আনহাতে , ১০ কি.মি. ১ চে.মি. মাপাংক ধৰিলে মাত্র ৮ চে.মি. দৈর্ঘ্যৰ অক্ষৰ প্রয়ােজন হ’ব । গতিকে এই মাপাংক যথেষ্ট সুবিধাজনক হ’ব । কিন্তু লেখড়াল লেখ কাগজৰ সৰু অংশ এটাত সীমাবদ্ধ হৈ থাকিব । লেখ অংকনৰ সময়ত আটাইতকৈ গ্রহণযােগ্য মাপাংক নির্ণয় কৰোঁতে মনত ৰাখিবলগীয়া কথাকেইটা হ'ল- 
 প্ৰতিটো ৰাশিৰ সর্বোচ্চ আৰু সর্বনিম্ন মান পার্থক্য । 
 প্রতিটো ৰাশিৰ মধ্যবর্তী মানবােৰ , যাতে নির্ধাৰিত মাপাংক মতে এই মানবােৰ সহজে লেখত বহুৱাব পাৰি ।
 লেখ অংকন কৰা কাগজখনৰ অধিক অংশই যাতে ব্যৱহাৰ হয় । 
    ধৰা হ'ল , আমাৰ হাতত ২৫ চে.মি. x২৫ চে.মি. জোখৰ এখন লেখ কাগজ আছে । ওপৰত উল্লিখিত চৰ্তবােৰ অনুসৰি তালিকা ১৩.৫ ৰ পর্যবেক্ষণবােৰ লেখ কাগজত বহুৱাব লাগিলে একপ্রকাৰৰ মাপাংক এনেকুৱা হ’ব পাৰে । 
দূৰত্বঃ ৫ কি.মি. = ১ চে.মি.
 আৰু সময়  ঃ ৬ মিনিট = ১ চে.মি. 
এতিয়া বাছখনৰ গতিৰ দূৰত্ব – সময় লেখ অংকন কৰিব পাৰিবানে ? তুমি অংকন কৰা লেখ চিত্র ১৩.১৩ ত দেখুওৱা লেখৰ নিচিনা হৈছেনে? 
    দূৰত্ব - সময় লেখে তালিকাবদ্ধ তথ্যৰ তুলনাত বস্তুৰ গতি সম্পর্কে বহু বেছি জ্ঞান দিব পাৰে । উদাহৰণস্বৰূপে তালিকা ১৩.৫ য়ে কিছুমান নির্দিষ্ট সময়ৰ ব্যৱধানতহে বাছখনে অতিক্রম কৰা দূৰত্বৰ সূচনা দিয়ে । আনহাতে , দূৰত্ব - সময় লেখৰপৰা যিকোনাে মুহূর্তত বাছখনে অতিক্রম কৰা দূৰত্ব উলিয়াই ল'ব পাৰোঁ । ধৰা হওক , বাছখনে পুৱা ৮.১৫ বজাত অতিক্রম কৰা দূৰত্ব আমি জানিব বিচাৰিছোঁ । আমি x- অক্ষত পুৱা ৮.১৫ বুজোৱা বিন্দুটোৰ অৱস্থান চিহ্নিত কৰিম । ধৰা হওক , এই বিন্দুটো A। ইয়াৰ পিছত আমি A বিন্দুত x- অক্ষৰ ওপৰত লম্বভাৱে ( অথবা y অক্ষৰ সমান্তৰালভাৱে ) এডাল ৰেখা অংকন কৰিম । এই ৰেখাই লেখােলক T বিন্দুত ছেদ
কৰিছে ( চিত্র -১৩.১৪ ) । এতিয়া আমি x অক্ষৰ সমান্তৰালকৈ T বিন্দুৱেদি আন এডাল ৰেখা অংকন কৰিম । ই y- অক্ষক B বিন্দুত ছেদ কৰিছে ৷ y- অক্ষৰ B বিন্দুৱে বুজোৱা দূৰত্বই অর্থাৎ OB এ বাছখনে পুৱা ৮.১৫ বজাত অতিক্রম কৰা দূৰত্ব কি . মি . এককত প্রকাশ কৰিব । এই দূৰত্ব কি মিত কিমান হ’ব ? তােমালােকে এতিয়া প্রহেলিকাক পুৱা ৯.৪৫ বজাত বাছখনে অতিক্রম কৰা দূৰত্ব নির্ণয় কৰাত সহায় কৰিব পাৰিবানে ? দূৰত্ব - সময়ৰ লেখৰ পৰা বাছখনৰ দ্রুতিও নির্ণয় কৰিব পাৰিবানে ?


Class 7 Science SCERT Book

Type : Ankur Raj Deka