১৩.৪ দ্ৰুতিৰ নিৰ্ণয়ঃ

    সময় আৰু দূৰত্ব জুখিবলৈ শিকাৰ পিছত তোমালোকে  এতিয়া এটা বস্তুৰ দ্ৰুতি নিৰূপণ কৰিবলৈ সমৰ্থ হ'বা। মাটিৰ ওপৰেৰে গৈ থকা বল এটাৰ দ্ৰুতি নিৰূপণ কৰোঁ আহা।

 সাধাৰণভাৱে পােৱা ঘড়ীৰ দ্বাৰা জুখিব পৰা সর্বনিম্ন সময়ৰ ব্যৱধান হ’ল এক ছেকেণ্ড । আজিকালি অৱশ্যে এক ছেকেণ্ডতকৈও কম সময়ৰ ব্যৱধান জুখিব পৰা বিশেষ ঘড়ী পােৱা যায় । কিছুমান ঘড়ীয়ে এক ছেকেণ্ডৰ ১ নিযুত ভাগৰ এভাগ আৰু আনকি ১০০ কোটি ভাগৰ এভাগ পর্যন্ত ক্ষুদ্র সময়ৰ ব্যৱধান জুখিব পাৰে । তােমাললাকে নিশ্চয় মাইক্র ছেকেণ্ড আৰু নেন ’ ছেকেণ্ডৰ বিষয়ে শুনিছা । এক মাইক্র ছেকেণ্ড হ’ল এক ছেকেণ্ডৰ ১ নিযুত ভাগৰ এভাগ । এক নেন ’ ছেকেণ্ড হ’ল এক ছেকেণ্ডৰ ১০০ কোটি ভাগৰ এভাগ । ইমান ক্ষুদ্র সময়ৰ ব্যৱধান গণনা কৰা ঘড়ীবােৰ বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় । ক্ৰীড়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা সময় গণনা কৰা কৌশল সমূহে এক ছেকেণ্ডৰ ১০ ভাগৰ এভাগ বা ১০০ ভাগৰ এভাগ সময়ৰ ব্যৱধান জুখিব পাৰে । আনহাতে বুৰঞ্জীৰ ঘটনাসমূহ শতিকা বা সহস্র বছৰত প্ৰকাশ কৰা হয় । গ্রহ আৰু নক্ষত্র সমূহৰ বয়স প্রায়েই কোটি কোটি বছৰৰ হিচাপত প্ৰকাশ কৰা হয় । এতিয়া তােমালােকে আমি গণনা কৰিবলগীয়া সময়ৰ ব্যৱধানৰ পৰিসৰৰ বিষয়ে ধাৰণা কৰিব পাৰিছা নে ?

ক্ৰিয়াকলাপ ১৩.৩

    চক মাচি বা চূণেৰে মাটিৰ ওপৰত ৰেখাডাল পৰা ১ৰ পৰা ২ মিটাৰ আঁতৰত থিয় হ'বলৈ কোৱা। বন্ধুজনক মাটিৰ ওপৰেৰে ৰেখাডালৰ লম্বভাৱে বল এটা বগৰাই দিবলৈ কোৱা। বলটোৱে ৰেখাডাল অতিক্ৰম কৰাৰ সময় আৰু ই ৰৈ যোৱাৰ সময় টুকি ৰাখা (চিত্ৰ- ১৩.৬)। বলটো স্থিৰ অৱস্থালৈ আহিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ল? বলটোৱে যিটো বিন্দুত ৰেখাডাল অতিক্রম কৰে আৰু যিটো বিন্দুত ই ৰৈ যায় , সেই দুটা বিন্দুৰ মাজৰ দূৰত্ব জোখা । তুমি স্কেল বা মাপনি ফিটা ব্যৱহাৰ কৰিব পাৰা । এই একেটা ক্রিয়াকলাপ বেলেগ বেলেগ দলক কৰিবলৈ দিয়া । তালিকা ১৩.৩ ত জোখসমূহ টুকি ৰাখা । প্রত্যেক ক্ষেত্ৰতেই বলৰ দ্ৰুতি গণনা কৰা ।



(ক) দিল্লীৰ যন্ত্ৰৰ-মন্তৰত থকা সূৰ্য ঘড়ী

 







চিত্ৰ ১৩.৬ এটা বলৰ দ্ৰুতিৰ জোখ নিৰ্ণয়  


     এতিয়া তােমাৰ বন্ধুবৰ্গৰ লগত খােজ কঢ়াৰ বা চাইকেল চলােৱাৰ দ্রুতি তুলনা কৰিবলৈ উদগ্রীৱ হ’বা নিশ্চয় । তুমি তােমাৰ ঘৰ বা আন কোনাে স্থানৰ পৰা বিদ্যালয়ৰ দূৰত্ব জানিব লাগিব । এই দূৰত্ব অতিক্রম কৰিবলৈ প্রয়ােজন হােৱা সময় আটায়ে নিজাববীয়াকৈ জুখি নিজৰ নিজৰ দ্ৰুতি গণনা কৰিব পাৰা । তােমালােকৰ ভিতৰত কোন আটাইতকৈ বেগী তাক জানি নিশ্চয় ভাল লাগিব ।

 কিছুমান প্রাণীৰ দ্রুতি তালিকা ১৩.৪ ত কি . মি / ঘ . হিচাপত দিয়া আছে । তুমি এই দ্রুতিসমূহ মি / ছে , এককত গণনা কৰিবলৈ চেষ্টা কৰা ।

     কক্ষপথত উপগ্রহ নিক্ষেপ কৰা ৰকেটৰবাৰে প্ৰায়ে ৮ কি . মি / ছে , দ্রুতি লাভ কৰে । আনহাতে এটা কাছৰ দ্রুতি মাত্র ৮ চে . মি / ছে । কাছৰ তুলনাত ৰকেট কিমান দ্রুত তাক নিৰূপণ কৰিব পাৰিবানে ?

     কোনাে বস্তুৰ দ্ৰুতি জানিলে বস্তুটোৱে কোনাে নির্দিষ্ট সময়ত অতিক্রম কৰা দূৰত্ব উলিয়াব পাৰিবা । তােমালােকে দ্রুতিক সময়েৰে পূৰণ কৰিলেই উত্তৰটো পাবা ।

     গতিকে , অতিক্রম কৰা দূৰত্ব = দ্রুতি x সময় । নির্দিষ্ট দ্রুতিৰে গতি কৰি থকা কোনাে বস্তুৱে এটা প্রদত্ত দূৰত্ব অতিক্ৰম কৰিবলৈ প্রয়ােজন হােৱা সময়াে তোমালোকে গণনা কৰি উলিয়াবা পাৰিবা। প্ৰয়োজনীয় সময় = দূৰত্ব/দ্ৰুতি

    স্কুটাৰ বা মটৰ চাইকেলৰ হেণ্ডেলৰ ওপৰত এটা মিটাৰ থকা নিশ্চয় দেখিছা। একেদৰে গাড়ী, বাছ আৰু অন্যান্যযান-বাহনৰ ডেছ ব'ৰ্ড (dach board)তো মিটাৰ লগোৱা থাকে। চিত্ৰ- ১৩.৭ ত গাড়ী এখনৰ ডেছব'ৰ্ড দেখুওৱা হৈছে । তাৰে এটা যন্ত্রৰ একোণে লিখি থােৱা কি . মি / ঘ . শব্দটোলৈ মন কৰা । এই যন্ত্ৰটোকে দ্রুতিমেতা বা স্পিড মিটাৰ বােলে । ই কি . মি / ঘ . ত দ্রুতি নির্দেশ কৰে । ইয়াত আন এটা যন্ত্রও আছে যিয়ে বাহনখনে অতিক্রম কৰা দূৰত্ব নির্দেশ কৰে । ইয়াক দূৰত্বমেতা বা অড'মিটাৰ ( odometer ) বােলে । 

    বিদ্যালয়ৰ বনভােজলৈ যাওঁতে প্রহেলিকাই যাত্রা শেষ নােহােৱা পর্যন্ত প্রতি ৩০ মিনিটৰ মূৰে মূৰে বাছৰ দূৰত্বমেতাৰ পাঠ টুকি লৈছিল । পিছত তাই সমুদায় পাঠ তালিকা ১৩.৫ ত লিপিবদ্ধ কৰিছিল। 




    বিদ্যালয়ৰ পৰা বনভােজস্থলীলৈ কিমান দূৰ ক’ব পাৰিবানে ? বাছখনৰ দ্ৰুতি গণনা কৰিব পাৰিবানে ? তালিকাখন চাই প্রজ্ঞানে পুৱা ৯.৪৫ বজা পর্যন্ত সিহঁতে কিমানদূৰ অতিক্ৰম কৰিছিল তাক নির্ণয় কৰি দিবলৈ প্রহেলিকাক কুতুৰি আমনি কৰি আছিল । এই প্রশ্নৰ উত্তৰ প্রহেলিকাৰ হাতত নাছিল । সিহঁত শিক্ষকৰ ওচৰলৈ গ'ল । শিক্ষকে সিহঁতক জনালে যে ইয়াৰ উত্তৰ পাবলৈ দূৰত্ব সময়ৰ লেখ অংকন কৰিব লাগিব । এই লেখ কেনেকৈ অংকন কৰা হয় শিকো আহা ।


Type: Ankur Raj Deka

Class 7 Science SCERT Book