কাৰ্য্যপালিকাৰ কাক বোলে ?

    তােমালােকৰ বিদ্যালয়ৰ প্ৰশাসনৰ দায়িত্বত কোন আছে ? এখন বিদ্যালয় অথবা বিশ্ববিদ্যালয়ত গুৰুত্বপূর্ণ সিদ্ধান্ত কোনে লয় ? যিকোনাে সংগঠন কেইজনমান পদবীধাৰী লােকে সিদ্ধান্ত গ্রহণ কৰে আৰু সেইবােৰ সিদ্ধান্ত কাৰ্য্যকৰী কৰিব লাগে । এই কাৰ্য্যক আমি প্রশাসন অথবা পৰিচালনা বুলি কওঁ । কিন্তু প্রশাসনৰ শীৰ্ষত এটি সংস্থাৰ প্রয়ােজন যিয়ে কর্ম পৰিকল্পনা প্রস্তুত অথবা বৃহৎ সিদ্ধান্ত গ্রহণ কৰিব আৰু নিয়মিত প্রশাসনীয় কাৰ্য্যবােৰক পৰিদৰ্শন আৰু সসম্বয় সাধন কৰিব । তােমালােকে সম্ভৱ বৃহৎ কোম্পানী বেঙ্ক বা উদ্যোগিত গােটৰ কাৰ্যপালিকাৰ বিষয়ে শুনিছা । প্রত্যেক আনুষ্ঠানিক গােটৰ এটি সংস্থা থাকে যি সেই সংগঠনৰ মূখ্য প্রশাসক বা কাৰ্যপালিকা হিচাপে কাৰ্য পালন কৰে । 

    কিছুমান পদাধিকাৰীয়ে নীতি আৰু আইন সম্পর্কে সিদ্ধান্ত গ্রহণ কৰে আৰু কিছুমান পদাধিকাৰীয়ে সেই সংগঠনৰ বাস্তৱিক দৈনন্দিন কার্যৱলীত সেইবােৰ সিদ্ধান্তক ৰূপায়িত কৰে । কাৰ্যপালিকা শব্দৰ অর্থ হ'ল - এটি ব্যক্তি সমষ্টি যিয়ে নীতি নিয়মবােৰৰ বাস্তৱ ৰূপায়নক চোৱাচিতা কৰে ।

    চৰকাৰৰ ক্ষেত্ৰতাে , এটি সংস্থায়ে কর্মপৰিকল্পনা আৰু আইন আৰু নীতি নির্ধাৰণৰ বিষয়ে সিদ্ধান্ত গ্রহণ কৰিব পাৰে , আনহাতে অন্য এটি সংস্থায়ে সেইবােৰ আইন বাস্তৱত কাৰ্য্যকৰী কৰাৰ দায়িত্বত থাকে । চৰকাৰৰ যি অংগই প্ৰাৰম্ভিকভাৱে কাৰ্যকৰীকৰণ আৰু প্ৰশাসনীয় কাৰ্যক চোৱা - চিতা কৰে তাকে কাৰ্যপালিকা বােলে । 

    কাৰ্যপালিকাৰ প্ৰধান কাৰ্যৱলী কি কি ? বিধানমণ্ডলে গ্ৰহণ কৰা আইন আৰু নীতিবােৰক বাস্তৱত ৰূপায়িত কৰা চৰকাৰৰ দায়িত্বপূর্ণ শাখা হ’ল কাৰ্যপালিকা । কাৰ্যপালিকা প্ৰায়েই কর্ম আঁচনি তৈয়াৰ কৰাৰ লগত জড়িত থাকে । কাৰ্যপালিকাৰ চৰকাৰী পদবী দেশভেদে বেলেগ বেলেগ হয় । কিছুমান দেশত ৰাষ্ট্রপতি আছে , আনহাতে আন দেশত চেন্সেলৰ ( Chancellor ) আছে । কাৰ্যপালিকা বুলিলে কেৱল ৰাষ্ট্রপতি প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসকলেই নহয়। প্ৰশাসনীয় যন্ত্ৰকো ( অসামৰিক সেৱা) সামৰি লয়।  চৰকাৰী নীতিৰ সামগ্ৰিক দায়িত্বত থকা চৰকাৰৰ মূৰব্বী আৰু তেওঁলোকৰ মন্ত্ৰীসকলৰ একেলগে ৰাজনৈতিক  কাৰ্য্যপালিকা হিবাপে জনা যায় আৰু যি সকল দৈনন্দিন প্ৰশাসনৰ বাবে দায়িত্বশীল  তেওঁলোকক স্থায়ী কাৰ্য্যপালিকা বুলি কোৱা হয়। 

Type Sumit Patar

Class 11 Political Science