ৰাষ্ট্ৰপতিৰ স্বেচ্ছাধীন ক্ষমতা

    ওপৰৰ আলোচনা ভিত্তিত আমি এই সিদ্ধান্তত উপনীত হব পাৰোনে যে কোনো পৰিস্থিতি অধীনতে ৰাষ্ট্ৰপতি স্বেচ্ছাধীন ক্ষমতা নাই? এইটো এটা অশুদ্ধ  মান নিৰ্ধাৰণ কৰা হব।  সাংবিধানিকভাৱে  মন্ত্ৰী পৰিষদৰ সকলোবোৰ গুৰুত্বপূৰ্ণ বিষয় আৰু আলোচনা সম্পৰ্কে ৰাষ্ট্ৰপতি অৱগত  হোৱাৰ অধিকাৰ আছে।  ৰাষ্ট্ৰপতিয়ে বিচৰা সকলো তথ্য দাখিল কৰিবলৈ প্ৰধানমন্ত্ৰী বাধ্য। দেশে সন্মুখীন হোৱা বিভিন্ন বিষয়ত ৰাষ্ট্ৰপতিয়ে নিজৰ মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীক লিখিতভাবে  জনায়। 

    ইয়াৰ উপৰিও, অন্তত তিনিটা পৰিস্থিতি আছে যত ৰাষ্ট্ৰপতিয়ে তেওঁৰ স্বেচ্ছাধীন ক্ষমতা প্ৰয়োগ কৰিব পাৰে।  প্ৰথমতে আমি ইতিমধ্যে লক্ষ্য কৰিছো যে ৰাষ্ট্ৰপতিয়ে মন্ত্ৰীপৰিষদে দিয়া পৰামৰ্শৰ পুনৰ বিবেচনা বাবে পঠিয়াব  পাৰে আৰু সিদ্ধান্ত  পুনৰ বিবেচনা বাবে পৰিষদক কব পাৰে।  এইটো কৰোতে ৰাষ্ট্ৰপতিয়ে তেওঁৰ নিজৰ স্বেচ্ছাই কাম কৰে। যেতিয়া ৰাষ্ট্ৰপতিয়ে ভাবে যে তেওঁলৈ দিয়া পৰামৰ্শত কিছুমান দোষ বা আইনগত ক্ৰটি আছে অথবা সেয়া দেশৰ স্বাৰ্থত নহয়, ৰাষ্ট্ৰপতিয়ে তেতিয়া মন্ত্ৰী পৰিষদক তেওঁলোকৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ কব পাৰে। যদিও পৰিষদে একে পৰামৰ্শৰ পুনৰবাৰ পঠিয়াব পাৰে আৰু ৰাষ্ট্ৰপতিয়ে সেই পৰামৰ্শৰ মানিবলৈ বাধ্য ৰাষ্ট্ৰপতিৰ দ্বাৰা পুনৰ বিবেচনা বাবে কৰা তেনেকুৱাৰ ্নুৰোধে স্বাভাৱিকতে যথেষ্ট গুৰুত্ব বহন কৰে। গতিকে এইটো এটা দিশ যত ৰাষ্ট্ৰপতিয়ে তেওঁৰ নিজৰ স্বেচ্ছাই কাম কৰিব পাৰে।

    দ্বিতীয়তে ৰাষ্ট্ৰপতি ভেটো  ক্ষমতাও আছে যাৰ দ্বাৰা তেওঁ সংসদৰ দ্বাৰা গৃহীত বিধেয়কত ( বিত্তীয় বিলৰ বাহিৰে) সন্মতি দিবলৈ অমান্তি হব পাৰে অথবা প্ৰত্যাখ্য়ান কৰিব পাৰে। সংসদৰ দ্বাৰা গৃহীত প্ৰত্যেকখন বিধেয়ক আইনলৈ ৰূপান্তিৰিত হোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতি

    আমি দেখিলাে যে এখন বিধেয়কত সন্মতি দিবৰ বাবে ৰাষ্ট্ৰপতিৰ বাবে কোনাে সময়সীমা নাই । তেনেকুৱা ঘটনা যে ইতিমধ্যে হৈছে তােমালােকে জানানে ? ১৯৮৬ চনত , সংসদে এখন বিধেয়ক গ্রহন কৰিছিল যাক ভাৰতীয় পােষ্ট অফিচ্ ( সংশােধন ) Indian Post Office ( amendment ) বিধেয়ক হিচপে জানা যায় । বাতৰি কাকতৰ স্বাধীনতা হ্রাস কৰিব বিচাৰিছিল বাবে এই বিধেয়কখন বহুতৰ দ্বাৰা বহুলভাবে সমালােচিত হৈছিল । তেতিয়াৰ ৰাষ্ট্রপতি জ্ঞানী জাইল সিঙে এই বিধেয়ক খনৰ ওপৰত কোনাে সিদ্ধান্ত গ্রহণ কৰা নাছিল । তেওঁৰ কাৰ্যকাল অন্ত পৰাৰ পিছত , পিছৰজন ৰাষ্ট্রপতি আৰ , ভেঙ্কটৰমনে শেষবাৰৰ বাবে বিধেয়ক খন সংসদলৈ পুনৰ বিবেচনাৰ বাবে ঘুৰাই পঠাইছিল । সেই সময়তে , বিধেয়কখন সংসদৰ সন্মুখত অনা চৰকাৰখনৰ পৰিবৰ্তন হৈছিল আৰু ১৯৮৯ চনত এখন নতুন চৰকাৰ নির্বাচিত হৈছিল । এই চৰকাৰখন বেলেগ জোটবন্ধনৰ আছিল আৰু বিধেয়কখন সংসদৰ মজিয়াত পুনৰবাৰ অনা নাছিল । গতিকে , বিধেয়কখন সম্মতি প্রদানত জেইল সিঙৰ স্থগিত ৰখাৰ সিদ্ধান্তই সার্থকভাবে বিধেয়কখন কেতিয়াও এখন আইনলৈ ৰূপান্তৰিত হব নােৱাৰাৰ অর্থকে প্রকাশ কৰিছিল ।

ওচৰলৈ তেওঁৰ সন্মতিৰ বাবে পঠিওৱা হয়। সেই বিধেয়কখন সদনত  পুনৰ বিবেচনা বাবে ৰাষ্ট্ৰপতিয়ে ঘূৰাই পঠাব পাৰে। এই ভেটো ক্ষমতা সীমিত  কাৰণ যদি সংসদে পুনৰবাৰ একেখন বিধেয়কেই গ্ৰহণ কৰে আৰু ৰাষ্ট্ৰপতিলৈ সেইখন ঘূৰাই পঠায় তেতিয়া ৰাষ্ট্ৰপতিয়ে সেই বিধেয়কত সন্মতি লাগিব। অৱশ্যে পুনৰ বিবেচনা বাবে ৰাষ্ট্ৰপতিয়ে কিমান দিনৰ ভিতৰত বিধেয়কখন ঘূৰাই পঠাব লাগিব সেইৰ  সময়মীমাৰ বিষয়ে সংবিধানত কোনো উল্লেখ নাই। ইয়াৰ অৰ্থ এই যে ৰাষ্ট্ৰপতিয়ে কোনো সময়সীমা অবিহনে বিধেয়কখন অনিশ্চিত সময়ৰ বাবে ৰাখি থব পাৰে। ইয়ে ৰাষ্ট্ৰপতিক অতি সাৰ্থকভাৱে ভেটো ব্যৱহাৰত আনানুষ্ঠানিক ক্ষমতা প্ৰদান কৰে। এইটো কেতিয়াবা পকেট ভেটো হিচাবে জনা যায়। 

     তাৰ পিছত তৃতীয় প্ৰকাৰৰ স্বচ্ছাধীন ক্ষমতা বেছিকৈ ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উদয় হয়।  আনুষ্ঠানিকভাবে ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে।  সচৰাচৰ সংসদীয় ব্যৱস্থাত লোকসভাৰ  যিজন নেতাৰ সংখ্যাগৰিষ্ঠৰ সমৰ্থন থাকে তেওঁকে প্ৰধানমন্ত্ৰী হিচাবে  নিযুক্তি দিয়া হয় আৰু ইয়াত স্বেচ্ছাধীন ক্ষমতা প্ৰশ্ন উদয় নহয়।  কিন্তু এনে ইটা পৰিস্থিতি সল্পনা কৰা যেতিয়া ইটা নিৰ্বাচনৰ  পিছত লোকসভাত  কোনো এজন নেতাৰে এটি স্পষ্ট সংখ্যাগৰিষ্ঠতা নাই।  তদুপৰি কল্পনা কৰা যে মৰ্চা গঠন কৰিবলৈ প্ৰয়াস  কৰা পিছত দুজন অথবা তিনিজন নেতাই দাবী কৰিছে যে সদনত  তেওঁলোকৰ সংখ্য়াগৰিষ্ঠৰ  সমৰ্থন আছে।  এতিয়া প্ৰধানমন্ত্ৰী হিচাবে কাক নিযুক্তি  দিব সেইটো ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। তেনেকুৱা এটা পৰিস্থিতিত, প্ৰকৃততে কাৰ সংখ্যাগৰিষ্ঠৰ সমৰ্থন থাকিব পাৰে অথবা কোনে প্ৰকৃততে চৰকাৰ গঠন আৰু পৰিচালনা কৰিীব পাৰিব  সেইটো বিচাৰ কৰাত ৰাষ্ট্ৰপতিয়ে তেওঁৰ  স্বেচ্ছাধীন ক্ষমতা প্ৰয়োগ কৰিব পাৰে।

    ১৯৮৯ চনৰ পৰা প্ৰধান ৰাজনৈতিক পৰিবৰ্তনবোৰে ৰাষ্ট্ৰপতি পদৰ গুৰুত্ব উল্লেখযোগ্যভাবে বৃদ্ধি কৰিছে। ১৯৮৯ চনৰ পৰা ১৯৯৮ চনলৈ অনুষ্ঠিত হোৱা চাৰিটা সংসদীয় নিৰ্বাচনত কোনো এটা দলে অথবা মৰ্চাই লোকসভাত সংখ্যাগৰিষ্ঠ আসন পাবলৈ সক্ষম হোৱা নাছিল। এইবোৰ পৰিস্থিতিয়ে চৰকাৰ গঠন কৰিবৰ বাবে অথবা সদনত  সংখ্যাগৰিষ্ঠতা প্ৰমান কৰিব নোৱাৰ এজন প্ৰধানমন্ত্ৰীয়ে লোকসভা ভংগৰ বাবে দিয়া অনুৰোধ অনুমোদন লাভৰ ক্ষেত্ৰত  ৰাষ্ট্ৰপতিৰ হস্থক্ষেপ দাবী 

প্ৰধান মন্ত্ৰীৰ বাছনিত ৰাষ্ট্ৰপতি ভূমিকা ( Presidents Role In Choosing The Prime Minister)

১৯৭৭চনৰ পিছত ভাৰতবৰ্ষত দলীয় ৰাজনীতি অধিক প্ৰতিযোগিতামূলক হবলৈ ধৰিছিল আৰু এনেকুৱা বহু উহাদৰণ আছিল যত লোকসভাত কোনো দলৰে স্পষ্ট সংখ্যাগৰিষ্ঠতা নাছিল। তেনেকুৱা পৰিস্থিতিত  ৰাষ্ট্ৰপতিয়ে কি কৰে? ১৯৯৮ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনত কোনো ৰাজনৈতিক দল অথবা মৰ্চাই সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল। বি জে পি আৰু ইয়াৰ মিত্ৰগোষ্ঠিয়ে ২৫১ খন আখন লাভ কৰিছিল সংখ্যাগৰিষ্ঠতাৰ বাবে ২১ খন আসন কম আছিল। ৰাষ্ট্ৰপতি নাৰায়ণনে এটি বিস্তত পদ্ধতি গ্ৰহণ কৰিছিল। তেওঁ মিত্ৰগোষ্ঠিৰ নেতা অটল বিহাৰী বাজপেয়ীক তেওঁৰ দাবীৰ সমৰ্থনত সংশ্লিষ্ঠ ৰাজনৈতিক দলবোৰৰ পৰা তথ্য দাখিল কৰিবলৈ কৈছিল। ইয়াতেই ক্ষান্ত নাথাকি ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণৰ পৰা দহ দিনৰ ভিতৰত বাজপেয়ীক আস্থাসূচক ভোট লাভ কৰিবলৈ উপদেশ দিছিল। 

কৰিছিল। গতিকে এইটো কব পাৰি যে ৰাষ্ট্ৰপতিৰ স্বেচ্ছাধীন ক্ষমতা ৰাজনৈতিক অৱস্থাৰ লগত সম্পৰ্কযুক্ত ।  যেতিয়া চৰকাৰ  সুস্থিৰ নহয় আৰু মিত্ৰগোষ্ঠিয়ে ক্ষমতা দখল কৰে তেতিয়া ৰাষ্ট্ৰপতি দৃঢ়স্থিতি গ্ৰহণৰ বহুত পৰিসৰ থাকে। 

    বেছিভাগ ক্ষেত্ৰতে ৰাষ্ট্ৰপতি আনুষ্ঠানিক ক্ষমতাৰ গৰাকী আৰু ৰাষ্ট্ৰৰ আনুষ্ঠানিক মুৰব্বী । তোমালোকে আশ্চৰ্য্য হব পাৰা যে তেতিয়াহলে আমাক কিয় ৰাষ্ট্ৰপতি লাগে? সংসদীয় শাসন ব্যৱস্থাত মন্ত্ৰিপৰিষদ বিধানমগুলৰ সংখ্যাগৰিষ্ঠ সমৰ্থনৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ অৰ্থ এইটোও যে যিকোনো সময়তে মন্ত্ৰী পৰিষদ বৰ্খাস্ত হব পাৰে আৰু এটি নতুন মন্ত্ৰী পৰিষদ গঠন কৰিবলগীয়া হব পাৰে। তেনেকুৱাৰ পৰিস্থিতিত এজন ৰাষ্ট প্ৰধানৰ আৱশ্যেক হয় যাৰ এটি নিৰ্দিষ্ট কাৰ্য্যকাল থাকে যাক প্ৰধানমন্ত্ৰীক নিযুক্তি দিবৰ বাবে কৰ্তৃত্ব প্ৰদান কৰিব পৰা যায় আৰু যি সমগ্ৰ দেশখনকে প্ৰতীকীভাবে প্ৰতিনিধিত্ব কৰিব পাৰে। স্বাভাৱিক অবস্থাত এইটো হল ৰাষ্ট্ৰপতিৰ প্ৰকৃত ভূমিকা। ইয়াৰ উপৰিও যেতিয়া কোনো এটা দলৰে স্পষ্ট সংখ্যাগৰিষ্ঠতা  নাথাকে দেশৰ চৰকাৰ পৰিচালনা কৰিবলৈ প্ৰধানমন্ত্ৰী বাছনি আৰু নিযুক্তি দিয়াৰ অতিৰিক্ত দায়িত্ব ৰাষ্ট্ৰপতি আছে।

ভাৰতবৰ্ষৰ উপ- ৰাষ্ট্ৰপতি (The Vice- President Of India) 

উপ- ৰাষ্ট্ৰপতিক পাচঁ বছৰৰ বাবে নিৰ্বাচিত কৰা হয়। তেওঁক নিৰ্বাচন কৰা পদ্ধতি ৰাষ্ট্ৰপতিৰ লগত  সাদৃশ্য আছে একমাত্ৰ পাৰ্থক্যটো হল যে ৰাজ্যিক বিধানমগুলৰ সদস্যসকল নিৰ্বাচক মগুলীয়  অংশ নহয়।  ৰাজ্যসভাৰ সংখ্যাগৰিষ্ঠ সদস্যৰ দ্বাৰা গৃহীত এটি প্ৰস্তাৱৰ দ্বাৰা আৰু লোকসভাৰ সন্মতি সাপেক্ষে উপ- ৰাষ্ট্ৰপতিক পদৰ পৰা অপসাৰন কৰিব পাৰি।উপ- ৰাষ্ট্ৰপতি ৰাজ্যসভাৰ পদেন সভাপতি  বিচাবে কাৰ্য্যনিৰ্বাহ কৰে আৰু যেতিয়া মৃত্যু, পদত্যাগ মহাভিযোগৰ দ্বাৰা অপসাৰণ  অথবা অন্য কাৰণত ৰাষ্ট্ৰপতি পদ সাময়িকভাৱে খালী হয় তেতিয়া ৰাষ্ট্ৰপতি হিচাবে কাৰ্যনিৰ্বাহ কৰিব লাগে। এজন নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত নোহোৱালৈকে বি ডি  জাচিয়ে ৰাষ্ট্ৰপতি হিচাবে কাৰ্য্যনিৰ্বাহ কৰিছিল।  

প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদ ( Prime Minister & Council Of Minister)

    ভাৰতবৰ্ষৰ চৰকাৰ অথবা ৰাজনীতিৰ বিষয়ে এটি পদবীৰ উল্লেখ  অবিহনে সাধাৰণতে আলোচনা হব নোৱাৰে সেয়া হল ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী । এনেকুৱা কিয় হয় তোমালোকে কল্পনা কৰিব পাৰিছানে?  

    এই অধ্যায়ৰ আগত আমি ইতিমধ্যে দেখিলো যে মন্ত্ৰীপৰিষদৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে তেওঁৰ ক্ষমতা প্ৰয়োগ কৰে।  প্ৰধানমন্ত্ৰী হল মন্ত্ৰীপৰিষদৰ মুৰব্বী। গতিকে মন্ত্ৰীপৰিষদৰ  মুৰব্বী হিচাপে প্ৰধানমন্ত্ৰী আমাৰ দেশৰ চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ বিষয়া বিচাপে পৰিগণিত হৈছে। 

    সংসদীয় পদ্ধতীৰ কাৰ্য্যপালিকাত প্ৰধানমন্ত্ৰী লোকসভাত সংখ্যাগৰিষ্ঠ সদস্যৰ সমৰ্থন থকাটো প্ৰয়োজন। সংখ্যাগৰিষ্ঠৰ এই সমৰ্থনেও প্ৰধানমন্ত্ৰীক অতি শক্তিশালী কৰিছে। সংখ্যাগৰিষ্ঠৰ এই সমৰ্থন যেতিয়াই হেৰুৱাব তেতিয়াই প্ৰধানমন্ত্ৰীয়ে পদবী হেৰুৱায়। স্বাধীনতাৰ পিছত বহুত বছৰ ধৰি লোকসভাত কংগ্ৰেছ দলৰ সংখ্যাগৰিষ্ঠতা আছিল আৰু ইয়াৰ নেতাই প্ৰধানমন্ত্ৰী  হৈছিল। ১৯৮৯ চনৰ পৰা বিভিন্ন সময়ত লোকসভাৰ কোনো দলৰে সংখ্যাগৰিষ্ঠতা নাছিল আৰু বিভিন্ন ৰাজনৈতিক দল একত্ৰিত হৈছিল আৰু এটি মৰ্চা গঠন কৰিছিল । তেনেকুৱা পৰিস্থিতিত , যিজন নেতা বেছিভাগ মৰ্চাৰ অংশীদাৰৰ গ্রহণযােগ্য হয় , আনুষ্ঠানিকভাবে , যিজন নেতাৰ সংখ্যাগৰিষ্ঠ সমর্থন থাকে তেওঁকে ৰাষ্ট্ৰপতিৰ দ্বাৰা প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়া হয়।

    প্রধানমন্ত্ৰীয়ে তেতিয়া মন্ত্রীপৰিষদত কোন কোন মন্ত্রী হিচাপে থাকিব সেইটো সিদ্ধান্ত গ্রহণ কৰে । প্রধানমন্ত্রীয়ে মন্ত্রীসকলৰ মাজত স্থান আৰু দপ্তৰ বিতৰণ কৰে । জেষ্ঠতা আৰু ৰাজনৈতিক গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি মন্ত্ৰীসকলক কেবিনেট মন্ত্রী , ৰাজ্যিক মন্ত্রী অথবা উপমন্ত্রী পদ প্রদান কৰা হয় । একেদৰে ৰাজ্যবােৰৰ মূখ্যমন্ত্ৰী সকলেও তেওঁলােকৰ নিজৰ দল অথবা মৰ্চাৰ পৰা মন্ত্রীসকলক বাছনি কৰে । প্রধানমন্ত্রী আৰু সকলাে মন্ত্রী সংসদ সদস্য হ'ব লাগিব । কোনােবাই যদি সংসদ সদস্য নােহােৱাকৈ এজন মন্ত্রী অথবা প্রধানমন্ত্রী হয় তেনেকুৱা ব্যক্তি ছয়মাহৰ ভিতৰত সংসদলৈ নির্বাচিত হব লাগিব ।

     বিধানমণ্ডলৰ অধ্যায়ত কাৰ্যপালিকাক নিয়ন্ত্রণ কৰাৰ বিভিন্ন উপায়ৰ বিষয়ে তােমালােকে বিস্তৃতভাবে অধ্যায়ন কৰিবা । কিন্তু মনত ৰাখিবা যে সংসদীয় কাৰ্যপালিকাৰ অতি গুৰুত্বপুর্ণ বৈশিষ্ট হৈছে কাৰ্য্যপালিকা নিয়মিত ভাবে বিধানমণ্ডলৰ নিয়ন্ত্রণ আৰু নিৰীক্ষণৰ অধীন ।

     মন্ত্রী পৰিষদ সমুহীয়াভাবে লােকসভাৰ ওচৰত দায়বদ্ধ । এই ব্যৱস্থাৰ অৰ্থ হ'ল এই যে লােকসভাৰ আস্থা হেৰুৱা মন্ত্রী পৰিষদে পদত্যাগ কৰিবলৈ বাধ্য । এই নীতিয়ে সূচায় যে পৰিষদ হ’ল সংসদৰ এটি কাৰ্যকৰী সমিটি ( Executive Committee ) আৰু ই সংসদৰ হৈ সমুহীয়াভাবে শাসন কৰে । সমূহীয়া দায়বদ্ধতা কেবিনেটৰ ঐক্য নীতিৰ ওপৰত নিৰ্ভৰশীল । আনকি এজন মন্ত্রীৰ বিৰুদ্ধে উত্থাপিত হােৱা এটি অনাস্থা প্রস্তাৱৰ বাবে সমূহ মন্ত্রী পৰিষদে পদত্যাগ কৰিবলগীয়া হােৱাকে ই সূচায় ।

( সংবিধান সভাত কেইজনমান সদস্যই মত পােষণ কৰিছিল যে মন্ত্রীসকলক বিধানমণ্ডলৰ দ্বাৰা নির্বাচিত কৰা উচিত আৰু প্রধানমন্ত্রী অথবা মুখ্যমন্ত্রী দ্বাৰা বাছনি কৰা অনুচিত ; “ চুইচ ( SWISS ) ব্যৱস্থাৰ অধীনত বিধানমণ্ডলে কাৰ্যপালিকাক এটা নির্দিষ্ট সময়ৰ বাবে নির্বাচিত কৰে ... মােৰ মতে প্রদেশবােৰৰ বাবে উৎকৃষ্ট ধৰণৰ চৰকাৰ .. একক হস্তান্তযােগ্য ভােটৰ ব্যৱস্থা .. কাৰ্যপালিকাক নিযুক্তিৰ বাবে গ্ৰহণ কৰিব পৰা উৎকৃষ্ট ব্যৱস্থা কাৰণ ইয়ে সকলাে স্বার্থৰ প্রতিনিধিত্ব কৰিব আৰু বিধানসভাত কোনাে দলৰেই প্রতিনিধি নকৰাৰ অনুভব নাথাকিব । ” বেগম আজিজ ৰছুল )

মন্ত্রী পৰিষদৰ আকাৰ ( Size of the Council of Minister ) 

( ৯১ তম সংশােধনী আইনৰ ( ২০০৩ ) আগত ; সময় আৰু পৰিস্থিতিৰ দাবী অনুসৰি মন্ত্রীপৰিসদৰ আকাৰ নিৰ্ধাৰণ কৰা হৈছিল । কিন্তু ইয়াৰ ফলত মন্ত্রী পৰিষদৰ আকাৰ যথেষ্ঠ ডাঙৰ হৈছিল । ইয়াৰ উপৰিও যেতিয়া , কোনাে দলৰে স্পষ্ট সংখ্যাগৰিষ্ঠতা নাছিল , সংসদ সদস্যসকলক মন্ত্রীত্ব প্রদানৰ টোপ দি সমর্থন লাভৰ চেষ্টা কৰিছিল যিহেতু মন্ত্রীপৰিষদৰ সদস্যসংখ্যাৰ কোনাে সীমা নাছিল । এইটো বিভিন্ন ৰাজ্যত হােৱা দেখা হৈছিল । ) গতিকে , মন্ত্রী পৰিষদ যাতে লােকসভাৰ ( বা ৰাজ্যৰ ক্ষেত্ৰত বিধানসভা ) মুঠ সদস্যসংখ্যাৰ ১৫ শতাংশৰ বেছি হব নােৱাৰে তাৰ বাবে এটি সংশােধন ঘটোৱা হৈছিল ।

ই ইয়াকো সূচায় যে যদি এজন মন্ত্ৰীয়ে কেবিনেটৰ কোনো এটা নীতি অথবা সিদ্ধান্তত  একমত নহয় তেন্তে তেওঁ হয় সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব নহয় পদত্যাগ কৰিব  লাগিব যত সমূহীয়া দায়বদ্ধতা আছে তাত  সকলো মন্ত্ৰীয়ে কোনো নীতি মানি চলিব  অথবা সহমত  প্ৰকাশ কৰিবলৈ বাধ্য।

    ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰীয়ে চৰকাৰতয়  এটি বৈশিষ্ট পুৰ্ণ স্থান লাভ কৰে। প্ৰধানমন্ত্ৰী অবিহনে  মন্ত্ৰী  পৰিষদ বৰ্ত্তি থাকিব নোৱাৰে। প্ৰধানমন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পিছতহে মন্ত্ৰী পৰিষদ  গঠিত। প্ৰধানমন্ত্ৰী মৃত্যু অথবা পদত্যাগ  ফলস্বৰূপে মন্ত্ৰীপৰিষদখন নিজে নিজে ভংগ  হৈ যায়।  কিন্তু এজন মন্ত্ৰী মৃত্যু পদত্যাগ  অথবা অপসাৰণে মন্ত্ৰী পৰিষদত এটি খালী পদবীৰ সৃষ্টি কৰে । প্ৰধানমন্ত্ৰীয়ে এহাতে মন্ত্ৰী পৰিষদ আৰু আনহাতে ৰাষ্ট্রপতি আৰু সংসদৰ মাজত যােগসূত্ৰ হিচাপে কাম কৰে । প্রধানমন্ত্ৰীৰ এই ভূমিকাৰ বাবে পণ্ডিত জহৰলাল নেহেৰুৱে তেওঁক  চৰকাৰ লাই-খূঁটা হিচাপে আখ্যা দিছিল । কেন্দ্রীয় চৰকাৰৰ প্ৰশাসন বিষয়ক আৰু আইন প্রণয়নৰ প্ৰস্তৱ সম্পর্কীয় মন্ত্রীপৰিষদৰ সকলাে সিদ্ধান্ত ৰাষ্ট্ৰপতিক অবগত কৰাটোও প্রধানমন্ত্রীৰ সাংবিধানিক দায়িত্ব।চৰকাৰৰ সকলো জৰুৰী  সিদ্ধান্ত আৰু নীতি নিৰ্ধাৰণৰ লগত প্রধানমন্ত্রী জড়িত । এইদৰে প্ৰধানমন্ত্রীয়ে প্ৰয়ােগ কৰা ক্ষমতা বিভিন্ন উৎসৰ পৰা প্রবাহিত হয়ঃমন্ত্রীপৰিষদৰ ওপৰত নিয়ন্ত্রণ লোকসভা নেতৃত্ব , আমােলাতান্ত্রিক যন্ত্রৰ ওপৰত নির্দেশ , গণসংযােগ মাধ্যমৰ সন্মুখীন হোৱা ,নিৰ্বাচনৰ সময়ত ব্যক্তিৰত্বৰ প্ৰক্ষেপণ আন্তৰাষ্ট্ৰীয় সন্মিলন তথা বিদেশ ভ্ৰমণৰ সময়ত জাতীয় নেতা হিচাপে প্ৰক্ষেপন। যি নহওঁক , প্রধানমন্ত্রীয়ে যি ক্ষমতা প্রয়ােগ কৰে আৰু বাস্তব ক্ষেত্ৰত ভোগ কৰে সেইটো প্রচলিত ৰাজনৈতিক অবস্থাৰ ওপৰত নিৰ্ভৰ কৰে । যেতিয়া এটাই মাত্র ৰাজনৈতিক দলে লােকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰে তেতিয়া প্রধানমন্ত্রী আৰু মন্ত্ৰীপৰিষদৰ স্থান শক্তিশালী হয়।অৱশ্যে যেতিয়া চৰকাৰ বিভিন্ন ৰাজনৈতিক দলৰ সহযােগত গঠিত হয় তেতিয়া এনেকুৱা পৰিস্থিতিৰ সৃষ্টি নহয় । ১৯৮৯ চনৰ পৰা ভাৰতবৰ্ষত আমি বহুত মৰ্চা চৰকাৰ দেখিলাে । এই চৰকাৰবোৰৰ বহুতে লােকসভাৰ পূর্ণ কাৰ্যকালৰ বাবে ক্ষমতাত থাকিব পৰা নাছিল । সংখ্যাগৰিষ্ঠ সমর্থন হেৰুৱাৰ বাবে তেওঁলােক হয় অপসাৰিত হৈছিল অথবা পদত্যাগ কৰিছিল।এনেকুৱা অবস্থাই কাৰ্য্যক্ষেত্ৰত সংসদীয় কাৰ্যপালিকাৰ  কাৰ্য্য পদ্ধতিক বহু পৰিমানে ক্ষতি কৰিছে । 

    প্রথমতে,এনেকুৱা পৰিস্থিতিৰ ফলস্বৰূপে প্রধানমন্ত্রী বাছনিৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ স্বেচ্ছাধীন ক্ষমতাৰ ভূমিকা যি সেয়া  বৃদ্ধি পাইহে । দ্বিতীয়তে , এই সময়ছােৱাত ভাৰতীয় ৰাজনীতিৰ জোঁট - বন্ধন প্রকৃতিয়ে ৰাজনৈতিক অংশীদাৰ দলবােৰ মাজত পৰামর্শ লােৱাৰ আৱশ্যক কৰি তুলিছিল , যি প্রধানমন্ত্রী কর্তৃত্বৰ খহনীয় হােৱাত মুখ্য ভূমিকা গ্রহণ কৰিছিল ।তৃতীয়তে , মন্ত্রী বাছনি কৰা আৰু তেওঁলােকৰ স্থান আৰু দপ্তৰৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত থকা প্ৰধানমন্ত্ৰী বিভিন্ন বিশেষাধিকাৰত  ইয়ে সীমাবদ্ধতা আনিছিল।  চতুৰ্থতে আনকি চৰকাৰৰ বিভিন্ন নীতি আৰু কাৰ্য্যসূচী প্ৰধানমন্ত্ৰীৰ দ্বাৰা অকলে সিদ্ধান্ত গ্ৰহণ কৰিব  পৰা নাযায়। চৰকাৰ গঠন কৰিবলৈ বিভিন্ন আদৰ্শৰ  ৰাজনৈতিক  দলবোৰৰে নিৰ্বাচনৰ  পূৰ্বে আৰু নিৰ্বাচনৰ  পিছত মিত্ৰগোষ্ঠী  হিচাবে একেগলে হয়।  মিত্ৰগোষ্ঠীৰ মাজত বহুতো আলোচনা আৰু এৰা ধৰাৰ পিছত কৰ্ম আচনি তৈয়াৰ কৰা হয়।  এই গোটেই প্ৰক্ৰিয়াত প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ এজন নেতাৰ সলনি আপোচকাৰী হিচাপেহে কাৰ্য্যনিৰ্বাহ  কৰিব লগীয়া হয়। 

 ৰাজ্যিক পৰ্য্যায়ত কিছু তাৰতম্যৰে একেধৰণৰ সংসদীয় কাৰ্য্যপালিকা থাকে। গুৰুত্বপূৰ্ণ  পাৰ্থক্যটো হৈছে যে ৰাজ্যত ৰাষ্ট্ৰপতি দ্বাৰা নিযুক্ত  এজন ( কেন্দ্ৰীয় চৰকাৰৰ উপদেশত) ৰাজ্যপাল থাকে।  যদিও মুখ্যমন্ত্ৰী  প্ৰধানমন্ত্ৰীৰ নিচিনাকৈ বিধান সভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা তথাপিও ৰাজ্যপালৰ অধিক  স্বেচ্ছাধীন ক্ষমতা আছে। যি নহওক, ৰাজ্যিক পৰ্য্যায়তো সংসদীয় ব্যৱস্থাৰ প্ৰধান নীতিবোৰ  কাৰ্য্যকৰি হয়।

Type Sumit Patar

Class 11 Political Science