মোগল সাম্ৰাজ্যৰ পটভূমি ঃ


ওপৰ মানচিত্ৰখনলৈ চোৱা। এইখন সম্ৰাট ঔৰংগজেৱৰ ৰাজত্ব কালৰ আনুমানিক মানচিত্ৰ। দিল্লীৰ ওচৰৰ পাণিপথ নামৰ ঠাইখিনিতেই বাবৰে লোডীক বংশৰ সম্ৰাট ইব্ৰাহিম লোডীক যুদ্ধত হৰুৱাই দিল্লী হস্তগত কৰিছিল। এইখনেই ইতিহাস প্ৰসিদ্ধ পাণিপথৰ প্ৰথম যুদ্ধ (১৫২৬)। পাণিপথৰ প্ৰথম যুদ্ধই ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল। ভাৰতলৈ অহাৰ পূৰ্বে বাবৰে কাবুলত নিজ সাম্ৰাজ্য স্থাপন কৰিছিল। পাণিপথৰ যুদ্ধৰ পিচত বাবৰে ১৫২৭ খ্ৰীঃত খানুৱাৰ ৰণত মেৱাৰৰ ৰাণা সংগ্ৰাম সিংহক পৰাস্ত কৰি সগ্ৰম মেৱাৰ দখল কৰে। ১৫২৯ খ্ৰীঃত ঘঘৰাৰ যুদ্ধত বিহাৰৰ আফগানসকলক পৰাস্ত কৰি বিহাৰো দখল কৰে। এইদৰে বাবৰ বংগৰ পৰা গোৱালিয়ৰলৈকে সমগ্ৰ অঞ্চল জয় কৰি এক বিশাল ভূ-খণ্ডত শাসন চলায়। এইখনেই আমাৰ আলোচনাৰ মোগল সাম্ৰাজ্যৰ আৰম্ভণি।

বাবৰে স্থাপন কৰা এই ৰাজ্যখনকে পৰৱৰ্তী সম্ৰাট আকবৰ, জাহাংগীৰ, ছাহজাহান আৰু ঔৰংগজেৱে পৰ্যায় ক্ৰমে এখন এখনকৈ নতুন ৰাজ্যৰ সংযোজনেৰে এখন বিশাল সাম্ৰাজ্যত পৰিণত কৰে। ঔৰংগজেৱৰ সময়ত মোগল সাম্ৰাজ্যৰ বিস্তৃতি পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ আছিল। ঔৰংগজেৱে আমাৰ ৰাজ্য অসমকো মোগলৰ অধীন কৰিবলৈ বিচাৰিছিল। সেই উদ্দেশ্যে বংগৰ চুবেদাৰ মিৰজুমলাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। সেই সময়ত অসমত আহোম ৰজা আছিল জয়ধ্বজ সিংহ। মিৰজুমলাই অসমৰ একাংশ দখলো কৰিছিল। কিন্তু জয়ধ্বজ সিংহৰ পৰৱৰ্তী আহোম ৰজাই মোগলক খেদি পঠিয়াই হেৰোৱা ৰাজ্য পুনৰুদ্ধাৰ কৰে। 


Class 7 Social Science 

Type: Nayan Moni Deka