আমাক এখন সংসদ কিয় লাগে?

বিধানমণ্ডল কেৱল এটা আইন প্রণয়ন কৰা অনুষ্ঠান নহয় । আইন প্রণয়ন কৰাটো বিধানমণ্ডলৰ বিভিন্ন কামৰ মাজৰ এটা কামহে । সকলাে গণতান্ত্রিক ৰাজনৈতিক প্রক্রিয়াৰ ই - কেন্দ্রস্থল । সদন ত্যাগ ( Walk out ) , বিৰােধিতা , বিক্ষোভ - প্রদর্শন , সহমত পােষণ , উদ্বিগ্নতা প্রকাশ আৰু সহযােগিতা আদি বিভিন্ন কাৰ্য্যৰ লগত ই জড়িত হৈ থাকে । এই আটাইবােৰ কাৰ্য্যই গুৰুত্বপূৰ্ণ উদ্দেশ্য সাধন কৰে । যথার্থতে , প্রতিনিধি অবিহনে এখন প্রকৃত গণতন্ত্রৰ কথা কল্পনা কৰিব নােৱাৰি।প্রতিনিধিসকলক দায়বদ্ধ কৰি ৰখাত বিধানমণ্ডলে জনসাধাৰণক সহায় কৰে । প্ৰকৃততে , এয়াই প্রতিনিধিত্ব মূলক গণতন্ত্রৰ মূল ভিত্তি ।

     অৱশ্যে বেছিভাগ গণতন্তত বিধানমণ্ডলে কাৰ্যপালিকাৰ হাতত নিজৰ গুৰুত্ব হেৰুৱাবলগীয়া হৈছে । ভাৰততে মন্ত্রীসভাই ( Cabinet ) নীতি প্রৱর্তন কৰে , শাসনৰ বাবে কর্মসূচী নিৰ্দ্ধাৰণ কৰে আৰু সেইবােৰ ৰূপায়ণ কৰে । সেইবাবে কিছুমান সমালােচকে মত পােষণ কৰে যে সংসদৰ অৱনতি ঘটিছে । কিন্তু অতি শক্তিশালী মন্ত্রীসভাৰাে বিধানমণ্ডলত সংখ্যা গৰিষ্ঠতা থাকিব লাগিব । এজন শক্তিশালী নেতাই সংসদৰ সন্মুখীন হৈ সংসদৰ সন্তোষজনক হােৱাকৈ উত্তৰ দিব লাগে । ইয়াতেই সংসদৰ গণতান্ত্রিক গুন নিহিত হৈ থাকে । সেইবাবে ইয়াক বিতর্কৰ এটা আটাইতকৈ গণতান্ত্রিক আৰু মুকলি মঞ্চ হিচাপে স্বীকৃতি দিয়া হৈছে । গঠন প্রক্রিয়াৰ বাবে ই চৰকাৰৰ আটাইকেইটা অংগৰ ভিতৰত আটাইতকৈ বেছি গণতান্ত্রিক বিচাপে পৰিগণিত হৈছে । তদুপৰি , আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে চৰকাৰ বাছি লােৱা ( Choose ) আৰু বৰ্খাস্ত কৰা ( dismiss ) ক্ষমতা ইয়াৰ ওপৰতেই ন্যস্ত কৰা হৈছে ।

*২৮ ফেব্ৰুৱাৰী ২০০২ঃ কেন্দ্রীয় বিত্তমন্ত্রী যশবন্ত সিঙে কেন্দ্রীয় বাজেট প্রস্তাৱত ৫০ কিলােগ্রাম ওজনৰ প্রতি বেগ ইউৰিয়াত ১২ টকাকৈ বৃদ্ধি কৰাৰ আৰু আন দুবিধ সাৰৰ দাম সামান্য বৃদ্ধি অর্থাৎ শতকৰা প্রায় ৫ ভাগ বৃদ্ধি কৰাৰ কথা ঘােষণা কৰে । বর্তমান ৪৮৩০ টকা দামৰ প্রতি টন ইউৰিয়াত শতকৰা ৮০ ভাগ পর্যন্ত চৰকাৰী সাহাৰ্য্য দিয়া হয় ।

 *মার্চ ১১ , ২০০২ঃ বিত্ত মন্ত্রীয়ে বিৰােধী পক্ষৰ তীব্ৰ হেঁচাত সাৰৰ বৰ্দ্ধিত মূল্য হ্রাস কৰি পুনৰ পূৰ্বৰ অৱস্থালৈ আনিবলৈ বাধ্য হয় । ( দ্য হিন্দু , ১২ মার্চ , ২০০২ )

 *৪ জুন ১৯৯৮ঃ লোকসভাত ইউৰিয়া আৰু শােধিত পেট্রোলিয়ামৰ মূল্য বৃদ্ধিৰ বিষয়ত  হুলস্থূলীয়া দৃশ্যৰ অৱতাৰণা হয় । আটাইবােৰ বিৰােধী দলে সদন ত্যাগ কৰে । বিষয়টোৱে দুদিন ধৰি সদন তােলপাৰ লগাই থাকে আৰু বিৰােধীয়ে সদন ত্যাগ কৰে । বিত্তমন্ত্রীয়ে তেওঁৰ বাজেট প্রস্তাৱত ইউৰিয়াৰ ক্ষেত্ৰত থকা চৰকাৰী সাহাৰ্য্য কমাবলৈ প্রতি কিলােগ্রাম ইউৰিয়াৰ মূল্য ৫০ পইচাকৈ বৃদ্ধি কৰিবলৈ প্রস্তাব দাঙি ধৰিছিল । কিন্তু বিৰােধী পক্ষৰ কাৰ্য্যই বিত্তমন্ত্রী য়শৱন্ত সিনহাক ইউৰিয়াৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত উঠাই লবলৈ বাধ্য কৰে । ( হিন্দুস্তান টাইমচ , ৪ আৰু ৫ জুন , ১৯৯৮ ) । 

*২২ ফেব্ৰুৱাৰী,১৯৮৩ঃ লােকসভাই আজি সকলাে চৰকাৰী কাৰ্য্যসূচী স্থগিত ৰাখি অসমৰ বিষয়ে বিতর্কক অগ্রাধিকাৰ দিবলৈ সর্বসম্মত সিদ্ধান্ত গ্রহণ কৰি এটা বিৰল কাৰ্য্য কৰে । গৃহমন্ত্রী পি . চি . শেঠীয়ে এটা বিবৃতি দিছিল , “ অসমত বসবাস কৰা বিভিন্ন সম্প্রদায় আৰু গােষ্ঠীৰ মাজত সম্প্রীতি স্থাপনৰ বাবে মই মতামত আৰু নীতি নিৰ্বিশেষে সকলো সদস্য সহযোগীতা কামনা কৰো।  বৰ্তমান মতানৈক্যৰ পৰিবৰ্তে প্ৰতিকাৰৰ উপায়হে চিন্তা কৰা প্ৰয়োজন।( হিন্দুস্থান টইমচ,২২ ফেব্ৰুবাৰী , (১৯৮৩)।

কংগ্ৰেছ সদস্যসকলে অন্ধ্ৰপ্ৰদেশত হৰিজনসকলৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছিল। ( দ্য হিন্দু, ৩মাৰ্চ, ১৯৮৫)

Type Sumit Patar

Class 11 Political Science