আমাক সংসদৰ দুখন সদন কিয় লাগে?

আমাক সংসদৰ দুখন সদন কিয় লাগে ( Why do we need two Houses of Parliament ) সংসদ ’ শব্দটোৰদ্বাৰা ৰাষ্ট্ৰীয় বিধানমণ্ডলক বুজোৱা হয় । ৰাজ্যবােৰৰ বিধানমণ্ডলক ৰাজ্যিক বিধানমণ্ডল বুলি কোৱা হয় । ভাৰতৰ সংসদৰ দুখন সদন আছে । দুখন সদন , থকা বিধানমণ্ডলক দ্বিসদনীয় বিধানমণ্ডল বুলি কোৱা হয় । ভাৰতৰ সংসদৰ সদন । দুখনক কাউন্সিল অৱ ষ্টেট বা ৰাজ্যসভা ( Council of states or Rajya Sabha ) আৰু হাউচ অৱ পিল্ল বা লােকসভা ( House of people or Lok Sabha ) বুলি কোৱা হয় । সংবিধানে ৰাজ্যবােৰক একসদনীয় বা দ্বিসদনীয় বিধানমণ্ডল গঠন কৰাৰ স্বাধীনতা দিছে । বর্তমান মাত্র পাচঁখন ৰাজ্যতহে দ্বিসদনীয় বিধানমণ্ডল আছে । 

    বিশাল আকাৰ আৰু বৈচিত্র্য থকা ৰাষ্ট্ৰসমূহত সমাজৰ সকলাে শ্রেণীক প্রতিনিধিত্ব কৰিবলৈ আৰু ৰাষ্ট্ৰখনৰ সকলাে অংশ বা ভৌগােলিক অঞ্চলক প্রতিনিত্ব কৰিবলৈ সাধাৰণতে দ্বিসনীয় ৰাষ্ট্ৰীয় বিধানমণ্ডলৰ পােষকতা কৰা হয় । দ্বিসদনীয় বিধানমণ্ডলৰ আৰু এটা সুবিধা আছে । দ্বিসদনীয় বিধানমণ্ডলত কোনাে সিদ্ধান্ত পুনৰ বিবেচনা কৰি চোৱাটো সম্ভৱপৰ হয় । কোনাে বিষয়ত এখন সদনে সিদ্ধান্ত গ্রহণ কৰাৰ পিছত আনখন সদনৰ সিদ্ধান্তৰ বাবে পঠিওৱা হয় । অর্থাৎ , প্রত্যেক বিধেয়ক আৰু নীতি দুবাৰকৈ আলােচনা কৰা হয় । ইয়াৰদ্বাৰা প্রত্যেকটো বিষয় দুবাৰকৈ বিচাৰ কৰি চোৱাটো নিশ্চিত হয় । আনকি এখন সদনে খৰতকীয়াকৈ কোনাে সিদ্ধান্ত গ্রহণ । কৰিলেও , আনখন সদনত আলােচনাৰ সময়ত সেই সিদ্ধান্তটো পুনৰ বিবেচনা কৰাটো সম্ভৱ হয় ।


*দ্বিসদনীয় বিধানমগুল থকা ৰাজ্যবোৰ বিহাৰ

জম্মু আৰু কাশ্মী,

কৰ্ণাটক,

ৰাহাৰাষ্ট্ৰ,

উত্তৰ প্ৰদেশ