১২.১ প্রজননৰ ধৰণঃ

 ষষ্ঠ শ্রেণীত তােমালােকে সপুষ্পক উদ্ভিদৰ বিভিন্ন অংশৰ বিষয়ে শিকিছা । এজোপা উদ্ভিদৰ বিভিন্ন অংশসমূহৰ তালিকা কৰিবলৈ চেষ্টা কৰা আৰু প্ৰতিটো অংশৰ কামবােৰ লিখা । বেছিভাগ উদ্ভিদৰে শিগা , ডাল আৰু পাত থাকে । উদ্ভিদ এই অংশবােৰক অংগজ অংশ ( vegetative parts ) বােলে । এটা নির্দিষ্ট বৃদ্ধিৰ পিছত , বেছিভাগ উদ্ভিদে ফুল ধাৰণ কৰে । তােম লােকে বসন্তকালত আম গছত ফুল ফুলা দেখিবলৈ পাইছা । গ্রীষ্মকালত খােৱা ৰসাল আমবিলাক এইবােৰ ফুৰাৰপৰাই হয় । আমি এই ফলবােৰ খাওঁ আৰু সাধাৰণতে ওটিবােৰ পেলাই দিওঁ । গুটিবােৰ অংকুৰিত হয় আৰু একো একোজোপা নতুন উদ্ভিদৰ সৃষ্টি হয় । তেন্তে , উদ্ভিদৰ ফুলবােৰে কি কাম কৰে ? ফুলবােৰে উদ্ভিদ প্রজননৰ কাম কৰে । ফুলবােৰ উদ্ভিদ প্রজনন অংগ ( reproductive parts ) । এপাহ ফুলত পুংজনন অংগ বা স্ত্রীজনন অংগ নতুবা পুং আৰু স্ত্রীজনন উভয় অংগই থাকিব পাৰে ।

     বিভিন্ন প্রথাৰে উদ্ভিদৰ বংশ বৃদ্ধি হয় । এই প্রজনন প্রক্রিয়াক দুই ধৰণে ভাগ কৰা হৈছে । ( i ) অযৌন প্রজনন আৰু ( ii ) যৌন প্রজনন । অযৌন প্রজনন (Asexual reproduction) ত উদ্ভিদে বীজ নোহোৱাকৈ নতুন উদ্ভিদৰ জন্ম দিব পাৰে আনহাতে যৌন প্ৰজননত নতুন উদ্ভিদৰ জন্ম দিব পাৰে আনহাতে যৌন প্ৰজনন নতুন উদ্ভিদবোৰ বীজৰপৰা সৃষ্টি হয়। 

অযৌন প্রজননঃ

     অযৌন প্রজননত বীজ বা ৰেণু নােহােৱাকৈয়ে নতুন উদ্ভিদ পােৱা যায় । 

অংগজ বংশ বিস্তাৰঃ

 ই এক ধৰণৰ অযৌন প্রজনন যত নতুন উদ্ভিদবােৰ শিপা , কাণ্ড , পাত আৰু মুকুলৰ পৰা পােখা মেলি সৃষ্টি হয় । যিহেতু উদ্ভিদৰ অংগজ অংশৰ পৰা এই বংশ বৃদ্ধি হয় সেয়ে ইয়াক অংগজ বংশ বিস্তাৰ ( Vegetative propagation ) বুলি কোৱা হয় ।

 ক্রিয়াকলাপ ১২.১

 গােলাপ ফুলৰ গছ বা চম্পা ফুলৰ গছৰ এটা ডাল গাঁঠিৰে সৈতে কাটা । এই কাটি লােৱা ডালটো হ’ল এটা শাখা কলম ( Cutting ) । এই শাখা কলমটো মাটিত পুতি থােৱা । গাঁঠি এটা হৈছে কাণ্ড বা ডালৰ এটা অংশ য’ৰ পৰা পাত ওলায় ( চিত্র ১২.১ ) । কলম কৰা ডালটোত প্ৰতি দিনে পানী দিয়া আৰু ইয়াৰ বৃদ্ধি নিৰিক্ষণ কৰা। শিপা বাহিৰে হ'বলৈ আৰু নতুন পাত ওলাবলৈ কিমানম দিন লয় নিৰিক্ষণ কৰা আৰু লিখি থোৱা। একে ধৰণে এটা পানীৰ পাত্ৰত মানি প্লেন্ট এজোপা বৃদ্ধি হ'বলৈ দিয়া আৰু তোমাৰ পৰ্যবেক্ষণ লিখি ৰাখা।


        


        ফুলৰ কলি বা মুকুল ( bud ) ৰ পৰা ফুল হােৱা তােমালােকে নিশ্চয় দেখিছা । ফুলৰ মুকুলৰ উপৰি পাতবােৰৰ কক্ষত ( গাঁঠি আৰু পাতৰ সংযােগ স্থল ) কিছুমান মুকুল থাকে আৰু তাৰ পৰাই ঠাল - ঠেঙুলিৰ বিকাশ হয় । এইবােৰ মুকুলক অংগজ মুকুল বােলে ( চিত্র ১২.২ ) । এটা মুকুল হ’ল এটি চুটি ডাল যাৰ চাৰিওফাল সৰু সৰু কোমল পাতে ওপৰা - উপৰিকৈ ঢাকি ৰাখে । অংগজ মুকুলবােৰেও নতুন উদ্ভিদৰ জন্ম দিব পাৰে । 





ক্রিয়াকলাপ ১২.২

 এটা সতেজ আলু লােৱা । বিৱর্ধক কাচেৰে ইয়াৰ ওপৰত থকা সাঁচ বা চিহ্নবােৰ নিৰীক্ষণ কৰা । সেইবােৰত মুকুল দেখিবলৈ পাবা । এই সাঁচবােৰক ‘ চকু ’ ( eyes ) বুলিও কোৱা হয় । এটা আলু চকুৰে সৈতে কেইটামান টুকুৰা । কাটি লােৱা আৰু সেইবােৰ মাটিত পুতি থােৱা । নিয়মিতভাৱে কেইদিনমান সেইবোৰত পানী দিয়া আৰু সিহঁতৰ বিকাশ নিৰীক্ষণ কৰা। তুমি কি দেখা পালা?




    একে ধৰণে তুমি আদা বা হালধিও গজাব পাৰা (চিত্ৰ১২.৩)

    পাতে গজা উদ্ভিদৰ (bryophyllum) পাতৰ দাঁতিত মুকুল থাকে (চিত্ৰ ১২.৪)। যদি এই উদ্ভিদৰ পাত এখিলা সেমেকা ঠাইত ৰাখা তেতিয়া প্ৰতিটো মুকুলে এজোপা নতুন উদ্ভিদৰ জন্ম দিব।




    কিছুমান উদ্ভিদৰ শিপাই নতুন উদ্ভিদৰ জন্ম দিব পাৰে। মিঠাআলু আৰু ডালিয়া ইয়াৰ উদাহৰণ। 

    সাগৰফেনাৰ নিচিনা কিছুমান উদ্ভিদৰ মূল গছডালৰ পৰা চিগি যোৱা যিকোনো অংশই নতুন উদ্ভিদৰ জন্ম দিব পাৰে।

অংগজ প্রজননৰ দ্বাৰা উদ্ভিদ গজিবলৈ অতি কম সময় লয় আৰু বীজৰপৰা জন্ম হােৱা গছতকৈ এইবােৰে ফুল আৰু ফল সােনকালে ধাৰণ কৰে । নতুন উদ্ভিদবােৰ মূল উদ্ভিদজোপাৰ সৈতে অবিকল একে হয় । কাৰণ সেইবােৰ একেজোপা মূল গছৰ পৰাই সৃষ্টি হয় । এই অধ্যায়ৰ শেষৰফালে তুমি শিকিবা যে যৌনপ্রজননৰ দ্বাৰা সৃষ্টি হােৱা উদ্ভিদত সিহঁতৰ পিতৃ মাতৃ উভয়ৰে চৰিত্ৰসমূহ থাকে । যৌন প্রজননৰ ফলত উদ্ভিদে বীজ উৎপন্ন কৰে ।

মুকুলন / মুকুলােদ্গমঃ

        তােমাললাকে ইতিমধ্যে ইষ্ট নামৰ ক্ষুদ্র অণুজীৱৰ বিষয়ে শিকিচ্ছা যাক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে চাব পৰা যায় । যদি ইহঁতক যথেষ্ট পৰিমাণৰ পােষক দ্রব্য দিয়া হয় এই বােৰৰ বৃদ্ধি আৰু বিভাজন প্রায় প্রতি কেইঘণ্টামানৰ মূৰে মূৰে হ’ব পাৰে । মনত ৰাখিবা যে ইষ্ট এটা এককোষী জীৱ । সিহঁতৰ প্রজনন কেনেকৈ হয় আমি চাওঁ আহা। 

ক্রিয়াকলাপ ১২.৩   

( শিক্ষকে প্রদর্শন কৰিব ) 

    এটুকুৰা ইষ্ট সমৃদ্ধ পিঠা ( বাখৰ ) বা ইষ্টৰ গুড়ি এখন বেকাৰী বা ঔষধৰ দোকানৰ পৰা সংগ্ৰহ কৰা । ইয়াৰে এচিকুট অলপ পানীৰ সৈতে এটা পাত্ৰত ৰাখা । তাত এচামুচ চেনি ঢালি মিহলি হ’বলৈ চামুচেৰে লৰাই দিয়া । পাত্ৰটো এটা গৰম কোঠাৰ ভিতৰত ৰাখা । এক ঘণ্টা পাছত , এখন কাঁচৰ শ্লাইডত এই জুলীয়া পদার্থ এটোপাল লােৱা আৰু অণুবীক্ষণ যন্ত্ৰৰে নিৰীক্ষণ কৰা । কি দেখিলা ? তােমালােকে নতুন ইষ্টকোষৰ গঠন হােৱা দেখিবলৈ পাব পাৰা ( চিত্র ১২.৫ ) ।





     ইষ্টকোষটোৰ পৰা সৰু টেমুনাৰ দৰে ওলাই অহা অংশবােৰক মুকুল ( bud ) বােলে । ক্রমশঃ মুকুলবােৰৰ বৃদ্ধি হয় আৰু মূল কোষটোৰ পৰা বিচ্ছিন্ন হৈ নতুন ইষ্টকোষৰ গঠন হয় । নতুন ইষ্টকোষ বাঢ়ি যায় , পৈণত হয় আৰু পুনৰ কিছুমান নতুন কোষৰ জন্ম দিয়ে । মাজে সময়ে মুকুলৰ পৰা আন মুকুলৰ সৃষ্টি হৈ মুকুল শৃংখল সৃষ্টি কৰে । যদি এই প্রক্রিয়াটো চলি থাকে কম সময়ৰ ভিতৰতে বহু সংখ্যক ইষ্টকোষৰ সৃষ্টি হ’ব পাৰে ।

বিভাজনঃ

 তােমালােকে পুখুৰী বা আন ঠাইত থকা আবদ্ধ পানীত কিছুমান বিজলুৱা সেউজীয়া বস্তু নিশ্চয় দেখিবলৈ পাইছা । এইবােৰ হৈছে শেলাই । যেতিয়া পানী আৰু পােষক দ্রব্য যথেষ্ট পৰিমাণে পায় , তেতিয়া শেলাইবােৰৰ বৃদ্ধি হয় আৰু বিভাজনৰদ্বাৰা ইহঁত খৰতকীয়াকৈ সংখ্যাত বাঢ়ি যায় । কোনাে এবিধ শেলাই দুই বা ততােধিক টুকুৰালৈ বিভাজন হ'ব পাৰে । এইবােৰ টুকুৰা বা খণ্ডই একোবিধ নতুন শেলাইৰ জন্ম দিয়ে ( চিত্র ১২.৬ ) । এই প্রক্রিয়াটো চলি থাকে আৰু সিহঁতে অতি কম সময়ৰ ভিতৰতে বহু ঠাই আগুৰি পেলায় ।


                         

ৰেণু গঠনঃ

প্ৰথম অধ্যায়ত তোমালোকে শিকিছা যে বায়ুত থকা ৰেণুৰ পৰা এটুকুৰা পাউৰুটী কেনেকৈ ভেঁকুৰৰ জন্ম হয় ক্ৰিয়াকলাপ ১.২ টো পুনৰাই কৰা। পাউৰুটীৰ ওপৰত তুলাৰ দৰে জাল বন্ধা সূতাবােৰৰ মাজত থকা ৰেণুবােৰ লক্ষ্য কৰা । যেতিয়া ৰেণুবােৰ ইয়াৰপৰা এৰাই যায় তেতিয়া সিহঁতে বায়ুত ওপঙি ফুৰে । যিহেতু সিহঁত বৰ পাতল , সেয়ে সিহঁতে বহু দূৰত্ব অতিক্রম কৰিব পাৰে । 



    এই ৰেণুবােৰ হ’ল অযৌন প্রজনন অংগ । প্ৰতিটো ৰেণু প্রতিকূল অৱস্থা যেনে উচ্চ উষ্ণতা আৰু নিম্ন আদ্রর্তা আদিৰ পৰা ৰক্ষা পাবলৈ এখন কঠিন ৰক্ষাকাৰী আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে । সেই কাৰণে সিহঁতে বহু সময় ধৰি বাচি থাকিব পাৰে । অনুকূল অৱস্থাত , এই ৰেণু অংকুৰিত হয় আৰু প্ৰতিটো ৰেণুৰ পৰা এডাল নতুন ভেঁকুৰজাতীয় উদ্ভিদৰ বিকাশ হয় । মছ আৰু চেঁকীয়াজাতীয় উদ্ভিদেও ( চিত্র-১২.৮) ৰেণুৰ দ্বাৰা প্রজনন ঘটায় ।



Type: Ankur Raj Deka 

class 7 Science SCERT Book