গুপ্ত যুগৰ শাসন ব্যৱস্থাঃ

গুপ্তযুগত ৰজাৰ পদ বংশানুক্ৰমে লাভ কৰিছিল। ৰজাক ভগৱানৰ অৱতাৰ হিচাপে গণ্য কৰা হৈছিল। শাসন ব্যৱস্থাত ৰজাই ৰাজ্যৰ মুৰব্বী তথা সৰ্বেসৰ্বা আছিল যদিও বহুতো ক্ষমতা বিকেন্দ্ৰীকৰণ কৰা হৈছিল। গুপ্ত সম্ৰাটসকলে শাসনৰ সুবিধাৰ্থে সাম্ৰাজ্যখনক ভূক্তি (প্ৰদেশ), বিষয় (জিলা), গাওঁ আদি গোটত ভাগ কৰিছিল। প্ৰতিটো গোটৰ পৰিচালনাৰ বাবে বেলেগ বেলেগ বিষয়া নিয়োগ কৰা হৈছিল। উচ্চ পদত ব্ৰাহ্মণ শ্ৰেণীৰ বাহিৰেও অন্য লোককো নিয়োগ কৰা হৈছিল। প্ৰশাসনিক ক্ষেত্ৰত বিষয়াসকলক ভালেমান স্বাধীনতা দিয়া হৈছিল। প্ৰথম অৱস্থাত এই বিষয়াসকলক ৰাজকোষৰ পৰা দৰমহা দিয়া হৈছিল। কিন্তু পিছলৈ দৰমহাৰ সম পৰিমাণৰ ধন নিৰ্ধাৰিত মাটিৰ পৰাই ৰাজহ (খাজনা) হিচাপে আদায় কৰি দৰমহা লোৱাৰ অনুমতি দিয়া হৈছিল।  

অসামৰিক বিভাগৰ নিচিনাকৈ সামৰিক বিভাগটোও সু-শৃংখলভাৱে পৰিচালিত হৈছিল। সামৰিক বিভাগত এজন প্ৰধান সেনাপতি নিয়োগ কৰা হৈছিল। তেওঁৰ নিৰ্দেশত সামৰিক বাহিনীৰ সকলো কাৰ্য সম্পাদন হৈছিল। অৱশ্যে এইক্ষেত্ৰত সৰ্বোচ্চ ক্ষমতা সম্ৰাটৰ হাতত ন্যস্ত আছিল। সেই সময়ত অৱশ্যে এইক্ষেত্ৰত সৰ্বোচ্চ ক্ষমতা সম্ৰাটৰ হাতত ন্যস্ত আছিল। সেই সময়ত বিচাৰ ব্যৱস্থা দুটা ভাগত বিভক্ত কৰা হৈছিলーসাধাৰণ আৰু অপৰাধমূলক। মাটিবাৰী সম্পৰ্কীয় বিষয়বোৰ সাধাৰণ আৰু চুৰি-ডকাইতি সম্পৰ্কীয় বিষয়বোৰ অপৰাধ শাখাৰ অন্তৰ্ভূক্ত আছিল।  

গুপ্তসকলৰ আৰ্থ-সামাজিক ব্যৱস্থাঃ (ভূমিদান আৰু সামন্ত প্ৰথা)

তোমালোকে নিশ্চয় জানা যে আমাৰ ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ। এই দেশৰ গৰিষ্ঠ সংখ্যক মানুহ কৃষি-কাৰ্যৰ লগত জড়িত। সেয়েহে কৃষকসকলৰ উন্নতিত চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰে। ঠিক একে ধৰণে, আজিৰ পৰা কেইবাশ বছৰৰ আগৰ গুপ্ত সাম্ৰাজ্যৰ অৰ্থনীতিৰো মূল উৎস আছিল কৃষি। সেয়েহ, কৃষিভূমিৰ উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান ব্যৱস্থা হাতত লৈছিল। কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে খেতি পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিছিল। ৰাজ্যৰ ভূমিসমূহক তিনি শ্ৰেণীত ভাগ কৰিছিল一

১) ৰাষ্ট্ৰৰ মালিকানাধীন ভূমি (দৰমহাৰ পৰিৱৰ্তে এনে ভূমি ৰাজ কৰ্মচাৰীৰ মাজত বিতৰণ কৰা হৈছিল), ২) চৰকাৰী উৰ্বৰা ভূমি, আৰু ৩) ব্যাক্তিগত কৃষি ভূমি। এই দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ ভূমিৰ পৰা চৰকাৰে কৰ-কাটল সংগ্ৰহ কৰিছিল। উৎপন্ন শস্যৰ ১/৪ অংশৰ পৰা ১/৬ অংশলৈকে কৰ হিচাপে আদায় কৰিছিল। গুপ্ত সম্ৰাটসকলে ব্ৰহ্মণসকলক পৃথককৈ ভূমিদান দিছিল। এইদৰে ভূমি বিতৰণ  আৰুদান কৰাৰ ফলত গুপ্ত যুগত এচাম ভূমিৰ মালিক অথবা সামন্ত শ্ৰেণীৰ সৃষ্টি হৈছিল। এই মালিকসকলে পথাৰত নিজে কৃষিজ-কৰ্ম নকৰি এচাম কৃষকক কামত খটুৱাইছিল। কালক্ৰমত মালিকৰ ভূমিত কাম কৰা এই কৃষকসকল মুক্ত কৃষকৰ পৰা অৱনমিত হৈ এটা সময়ত তেওঁলোক বহতীয়া কৃষকলৈ পৰিণত হৈছিল। 

ব্যৱসায় বাণিজ্যঃ 

এখন দেশৰ আৰ্থিক দিশৰ উন্নতিত ব্যৱসায়-বাণিজ্য, কল-কাৰখানা আৰু কৃষি উদ্যোগসমূহে মুখ্য ভূমিকা গ্ৰহণ কৰে। সাধাৰণতে, নিজ দেশত উৎপাদিত দ্ৰব্যসমূহ ব্যৱহাৰৰ পিছত অতিৰিক্তখিনি অন্য দেশলৈ ৰপ্তানি কৰি ৰাষ্ট্ৰই ৰাজ ভঁৰাল চহকী কৰে। গুপ্ত যুগতো এনে ধৰণৰ ব্যৱসায়-বাণিজ্যই প্ৰসাৰতা লাভ কৰিছিল। ভাৰতীয় বস্ত্ৰ-শিল্পজাত  সামগ্ৰীসমূহে সেই সময়ত বিদেশত সমাদৰ লাভ কৰিছিল। জল আৰু স্থল উভয় পথেৰে সাম্রাজ্যৰ বাহিৰে ভিতৰে ব্যৱসায়-বাণিজ্য চলিছিল। ৰােম, দক্ষিণ- পূর্ব এছিয়া আৰু চীন দেশক কেন্দ্ৰ কৰি এই বাণিজ্য গঢ় লৈ উঠিছিল। জল পথেৰে বহিঃদেশৰ লগত ব্যৱসায় বাণিজ্য চলাবৰ কাৰণে উপকূলীয় অঞ্চলবােৰত কিছু সংখ্যক বন্দৰ গঢ় লৈ উঠিছিল। ইয়াৰ ভিতৰত পশ্চিম ভাৰতত ভূগুচ্ছ, চপৰা, কল্যাণ, দক্ষিণ ভাৰতত কাবেৰীপট্টনম, কালিকট, গংগা উপত্যকাত তাম্রলিপ্তি আদিয়েই প্রধান। ওপৰৰ মানচিত্ৰত এইবন্দৰসমূহৰ অৱস্থান চাই লবাহঁক। ভাৰতবৰ্ষৰ পৰা ৰােমলৈ মছলা, চন্দন কাঠ, হাতী দাঁতেৰে তৈয়াৰী বস্তু, মণি-মুকুতা, ঔষধি গছ, সুগন্ধি দ্রব্যৰ লগতে কিছুমান জীৱ জন্তুও এই বন্দৰবােৰেদি ৰপ্তানি কৰা হৈছিল। গুপ্ত যুগত সােণৰূপৰ মুদ্ৰাৰ লগতে কড়িৰাে প্ৰচলন আছিল। গুপ্ত যুগত গীল্ড বা নিগম ব্যৱস্থা প্রচলিত আছিল। গীল্ডবােৰ স্বয়ং শাসিত সংস্থা আছিল। এওঁলোকে ব্যৱসায়-বাণিজ্য তদাৰক কৰিছিল। এওঁলোকৰ কাম-কাজ ৰাষ্ট্ৰৰ হস্তক্ষেপৰ বাহিৰত আছিল।  গীল্ডবোৰে বেংকৰ দৰে ব্যৱসায়ীক টকা ধাৰে দিছিল। ব্যৱসায়-বাণিজ্য কৰিবলৈ হ'লে বিশেষকৈ বিদেশী লোকে গীল্ডৰ অনুমতি ল'ব লাগিছিল। ইয়াৰ ফলত গুপ্ত যুগত এক পুঁজিপতি শ্ৰেণীৰ আৱিৰ্ভাব হৈছিল।

 গুপ্ত যুগৰ সমাজ ব্যৱস্থাঃ

আমাৰ সমাজত বিভিন্ন জাতি আৰু জনগােষ্ঠীৰ লােকসকলে একেলগে বসবাস কৰি অহা তােমালােকে নিশ্চয় দেখিছা। এই জাতি- জনগােষ্ঠীসকলৰ ভিতৰত যিসকল আর্থিক নাইবা সামাজিকভাৱে পিছপৰা সেইসকলক চৰকাৰে বিভিন্ন উপায়েৰে সহায়-সহযােগিতা আগবঢ়াই সমঅধিকাৰ দিবলৈ চেষ্টা কৰে। ইয়াৰ উপৰি মহিলাসকলকো বহুত অধিকাৰ প্ৰদান কৰি পুৰুষৰ সমানে আগবঢ়াই লৈ যাবলৈ সমঅধিকাৰ দিয়া দেখা গৈছে। কিন্তু, বিভিন্ন সমলৰ পৰা পােৱা তথ্য অনুসৰি গুপ্তযুগৰ সমাজ ব্যৱস্থাত মহিলাক সম অধিকাৰ দিয়া দেখা হােৱা নাছিল।

গুপ্ত সমাজত বর্ণ প্রথা কঠোৰ আছিল। চাৰি বৰ্ণৰ উপৰি কিছুমান নন বৰ্ণৰৰ সৃষ্টি হােৱা দেখা গৈছিল।কিয়নাে সেই সময়ত উত্তৰ-পশ্চিম পথেদি বহুতাে বিদেশী শক্তি আহি ইয়াত নিগাজিকৈ থাকিবলৈ লৈছিল। সমাজত ব্রাহ্মণ আৰু ক্ষত্রিয়সকলৰ প্রতিপত্তি তথা সামাজিক মর্যদা বৃদ্ধি পাইছিল। মহিলাসকলৰ জীৱন- যাপনৰ মান উন্নত আছিল। অৱশ্যে সমাজত মহিলাৰ স্থান পুৰুষৰ সমান নাছিল। উচ্চ বৰ্গৰ নাৰীয়ে শিক্ষা লাভৰ অধিকাৰ পালেও সেয়া যথেষ্ঠ নাছিল। বাল্য বিবাহ আৰু সতীদাহ প্রথা এই যুগত প্রচলন আছিল। উদাহৰণস্বৰূপে, সৈনিক স্বামীৰ মৃত্যু হলে পত্নীগৰাকীয়ে স্বামীৰ চিতাত জাপ দিব লাগিছিল। এই প্রথা লাহে লাহে সমাজৰ পৰম্পৰাত পৰিণত হৈছিল। ভাৰতীয় ইতিহাসত সতী যযাৱাৰ প্রাচীনতম দৃষ্টান্ত গুপ্ত যুগতে আৰম্ভ হােৱা বুলি অনুমান কৰিব পাৰি। গুপ্তযুগৰ এই সতীদাহ প্রথাৰ প্ৰভাৱ আধুনিক ভাৰততে পৰিছিল। আধুনিক ভাৰতত ৰাজা ৰামমােহন ৰায়, ঈশ্বৰচন্দ্র বিদ্যাসাগৰ আদিৰ সহযােগত বৃটিছগৱৰ্ণৰ জেনেৰেল লর্ড উইলিয়াম বেন্টিংকে এই প্রথা বন্ধৰ বাবে দৃঢ় পদক্ষেপ হাতত লৈছিল। অসমত এনে সতীদাহ প্রথাৰ প্ৰচলন থকাৰ কথা জানিব পৰা নাযায়।

সাহিত্য-সংস্কৃতি আৰু বিজ্ঞানৰ ক্ষেত্ৰত গুপ্তসকলৰ অৱদানঃ

এখন ৰাষ্ট্ৰৰ উন্নতি তথা গৌৰৱৰ প্ৰতিফলন ঘটে সেই ৰাষ্ট্ৰৰ সাহিত্য-সংস্কৃতি আৰু বিজ্ঞানৰ বিকাশ সাধনৰ যোগেদি। ইয়াৰ বাবে লাগিব শান্তিৰ পৰিৱেশ, ৰাজকীয়া পৃষ্ঠপোষকতা আৰু শ্ৰম। গুপ্ত ৰজাসকলে সাহত্য-সংস্কৃতি আৰু বিজ্ঞানৰ প্ৰসাৰৰ বাবে উদাৰভাৱে পৃষ্ঠপােষকতা আগবঢ়াইছিল। ৰাজপৃষ্ঠপােষকতা লাভ কৰা ভাষা-সংস্কৃতিয়ে সেই সময়ত জাতীয়তাবােধ বিকাশত সহায় কৰিছিল। সংস্কৃত ভাষাই এই যুগত উচ্চ শ্ৰেণীৰ ভাষাৰ মর্যাদা লাভ কৰিছিল। এই সময়ত ৰচনা কৰা সাহিত্যসমূহ মূলতঃ সংস্কৃত ভাষাত লিখা হৈছিল। 'প্রাকৃত’সমাজৰ সাধাৰণ শ্ৰেণীৰ ভাষা আছিল। মহাকবি কালিদাস, ভৰত, শূদ্ৰক আৰু বিশাখাদত্তই বিভিন্ন ৰচনাৰে এই যুগৰ সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। আন এগৰাকী পণ্ডিত হৰিসেনে এই যুগতে এলাহাবাদ স্তম্ভলিপিৰ যােগেদি এক প্রশস্তি লিখি উলিয়াইছিল। পুৰাণ, ৰামায়ণ আৰু মহাভাৰতৰ দৰে বিখ্যাত গ্রন্থসমূহ এই যুগত পুনৰ মুদ্রিত হৈছিল। দ্বিতীয় চন্দ্রগুপ্তৰ ৰাজত্ব কালত নগৰাকী সাহিত্যিকৰ সমাহাৰ ঘটিছিল, যাক নৱৰত্ন বুলি কোৱা হৈছিল।

সাহিত্য- সংস্কৃতিৰ দৰেই বিজ্ঞান, জ্যোর্তিবিদ্যা আৰু অংক শাস্ত্রই এই যুগত প্ৰসাৰতা লাভ কৰিছিল। জ্যোর্তিবিদ্যাৰ কেতবােৰ সিদ্ধান্তই বিশ্ববাসীক চমকৃত কৰিছিল। এই যুগৰ প্রখ্যাত জ্যোর্তিবিদ আর্যভট্টই আর্যভট্টীয়’নামৰ পুথিখন ৰচনা কৰিছিল। পৃথিৱীয়ে নিজ কক্ষপথত থাকি সূৰ্যৰ চাৰিওফালে প্রদক্ষিণ কৰে আৰু পৃথিৱীৰ ছাঁতাে চন্দ্ৰৰ গাত পৰাৰ ফলত চন্দ্রগ্রহণ হয়— এই দুটা বৈজ্ঞানিক ব্যাখ্যা আর্যভট্টই গুপ্ত যুগতেই উদ্ভাৱন কৰিছিল। ইয়াৰ উপৰি, এই যুগতেই বৈজ্ঞানিকসকলে গণিতত দশমিক পদ্ধতি, শূণ্যৰ ব্যৱহাৰ আৰু স্থানীয় মানৰ ধাৰণা আদি তত্বসমূহ উদ্ভাৱন কৰিছিল। আন এজন জ্যোর্তিশাস্ত্রবিদ বৰাহমিহিৰে বৃহৎসংহিতা' নামৰ উল্লেখযােগ্য পুথি ৰচনা কৰিছিল। 'চৰক’ আৰু 'সুশ্রুত’ এই যুগৰ দুজন উল্লেখযােগ্য চিকিৎসা শাস্ত্রবিদ আছিল।

শিল্প-ভাস্কৰ্যলৈ গুপ্তসকলৰ অৱদান ঃ

শিল্প-ভাস্কৰ্যলৈ উত্তৰণে গুপ্ত যুগক আৰু এখোপা উচ্চ শিখৰলৈ তুলি নিছিল। এই যুগৰ স্থাপত্য-ভাস্কৰ্য আৰু চিত্ৰ-কলাই এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল। এই যুগৰ ভাস্কৰ্য আৰু চিত্ৰকলাত ব্ৰহ্মা, বিষ্ণ আৰু শিৱৰ বাহিৰেও অন্যান্য দেৱ-দেৱীৰ মূৰ্তি প্ৰতিফলিত হৈছিল। দেৱ-দেৱীৰ মূৰ্তিসমূহ ইটা আৰু শিলেৰে নিৰ্মাণকৰা হৈছিল। বৌদ্ধ ভিক্ষুসকলৰ বাবে পাহাৰ কাটি নিৰ্মাণ কৰা মন্দিৰ আৰু শিল, ইটাৰে নিৰ্মিত মন্দিৰসমূহ গুপ্ত যুগৰ ভাস্কৰ্যৰ অপূৰ্ব নিদৰ্শন। এই মন্দিৰসমূহৰ শিল্প আছিল বিদেশী প্ৰভাৱ মুক্ত গুপ্ত যুগৰ স্থাপত্যৰ কেতবোৰ নিদৰ্শন হ'ল সাঁচীৰ বিষ্ণ মন্দিৰ,দেওগড়ৰ দশাৱতাৰ মন্দিৰ, আইহোলৰ দুৰ্গা মন্দিৰ, সাৰনাথৰ ধ্যান মগ্ন বুদ্ধ, মথুৰাৰ থিয় দি থকা বুদ্ধ মুৰ্তি ইত্যাদি। দিল্লীৰ ওচৰৰ মেহৰুলিৰ লৌহস্তম্ভও বোধকৰো এই যুগৰ অৱদান। গুপ্ত যুগৰ ভাস্কৰ্য আৰু চিত্ৰকলাৰ প্ৰভাৱ অসমতো পৰা দেখা গৈছিল। উদাহৰণস্বৰূপে, তেজপুৰৰ দ' পৰ্বতীয়াত থকা শিলৰ তোৰণখনৰ কথা উনুকিয়াব পাৰি। এই তোৰণখনত থকা গংগা আৰু যমুনাৰ মূৰ্তিত গুপ্ত ভাস্কৰ্যৰ স্পষ্ট নিৰ্দশন পোৱা যায়। ইয়াৰ আগলৈকে অসমত শিলত দেৱ-দেৱীৰ মূৰ্তি খোদিত কৰাৰ নিদৰ্শন পোৱা নাযায়। ইয়াৰ পৰিৱৰ্তে অসমৰ ভাস্কৰ্যসমূহত মাটি আৰু কাঠহে ব্যৱহাৰ কৰা হৈছিল। দ' পৰ্বতীয়াৰ উপৰি মিকিৰ আতী (নগাঁও), বৰগংগা (নগাঁও), কামাখ্যা (গুৱাহাটী), বৰমেধী পাৰা (দুধনৈ)ত পোৱা ভাস্কৰ্যবোৰতো গুপ্ত ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়।

চিত্ৰকলাৰ ক্ষেত্ৰতো গুপ্তযুগ গৌৰৱৰ উচ্চ শিখৰত উপনীত হৈছিলগৈ। শিল্পী আৰু চিত্ৰৰসকলে বিভিন্ন গুহা আৰু মন্দিৰসমূহত অপূর্ব চিত্র অংকন কৰিছিল। অজয়া, ইলােৰা, বাঘগুহা আদিৰ চিত্রাঙ্কণসমূহে গুপ্তযুগৰ গৰিমা আজিও আমাক সোঁৱৰাই দিয়ে। গুপ্তযুগৰ সাহিত্য-সংস্কৃতি, বিজ্ঞান, স্থাপত্য-ভাস্কর্য আৰু চিত্রকলাৰ বিকাশৰ পৰা এই যুগক নিঃসন্দেহে ভাৰতৰ ইতিহাসৰ 'স্বর্ণযুগ' বুলিব পাৰি ৷ কিন্তু বহুতাে ইতিহাসবিদে গুপ্তযুগক স্বর্ণযুগ বােলা কথাষাৰ মানি ল'ব নােখােজে। কাৰণ, গুপ্তযুগত এক শ্রেণী লােকৰ আর্থিক অৱস্থা টনকিয়াল হ'লেও সাধাৰণ শ্ৰেণীৰ লােক আছিল অতি দৰিদ্র। দ্বিতীয়তে গুপ্তযুগত স্বর্ণ আৰু ৰূপৰ মুদ্ৰাৰ আগতে কড়িৰ প্ৰচলন হােৱাৰ বাবে ব্যৱসায় বাণিজ্যৰ যথেষ্ট ক্ষতি হৈছিল। ফাহিয়ানৰ টোকামতে পাটলিপুত্ৰ নগৰৰ বাহিৰে অন্যান্য নগৰসমূহৰ অৱস্থা সিমান ভাল নাছিল। তৃতীয়তে, গুপ্তযুগত চিত্রশিল্প, ভাস্কর্যই উচ্চ শিখৰত আৰহণ কৰিছিল সঁচা, কিন্তু এনেবােৰ সৃষ্টি অভিজাত শ্ৰেণীৰ বিনােদন আৰু মনোৰঞ্জনৰ মাজতহে সীমাবদ্ধ আছিল। চতুৰ্থতে, গুপ্তযুগত সংস্কৃত-সাহিত্যৰ বহুল বিকাশ ঘটিলেও সৰ্বসাধাৰণ লোকৰ  ভাষা আছিল প্ৰাকৃতহে সেয়েহ, সংস্কৃত ভাষাৰ পৃষ্ঠপোষকতা কৰা সম্ৰাটসকলে কেৱল অভিজাত আৰু ধনী শ্ৰেণীৰ প্ৰতিহে অধিক গুৰুত্ব দিছিল। এনেবোৰ কাৰণতে, আধুনিক ইতিহাসবিদসকলে গুপ্ত যুগক 'স্বৰ্ণযুগ' বুলি মানি ল'ব নোখোজে।



 Class 7 Social Science 

Type: Nayan Moni Deka