সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ

    যেতিয়া আমি ভাৰতীয় সমাজৰ কথা কওঁ আমাৰ সম্নুখত বিভিন্নতাৰ ওখন প্ৰতিচ্ছবি ভাহি উঠে ।ভাৰতীয় সমাজখন এক প্ৰস্তুৰৰ স্তম্ভৱে গঠিত নহয়। আমাৰ সমাজখনত বহুবেছি বিভিন্নতা আছে । এনেকুৱা এখন সমাজ যিখন বিভিন্নতাৰে পৰিপূৰ্ণ অন্য গোষ্ঠীৰ তুলনাত তাত কিছুমান সৰু সামাজিক গোট থাকিব । যদি এটা গোষ্ঠী সংখ্যালঘু হয়, ই সংখ্যাগৰিষ্ঠৰ সাংস্কৃতি গ্ৰহণ কৰিব লাগিব নেকি?

    আমাৰ সংবিধানে বিশ্বাস কৰে যে বিভিন্নতাই হৈছে আমাৰ শক্তি । সেইকাৰণে মৌলিক অধিকাবোৰ ভিতৰত এটা অধিকাৰ  হৈছে সংখ্যালঘুসকলৰ নিজৰ কলা- সংস্কৃতিক অধিকাৰ । এই সংখ্যালঘুসকলৰ পদ মৰ্য্যাদা কেৱলমাত্ৰ ধৰ্মৰ ওপৰতেই প্ৰতিপালন কৰাৰ নিৰ্ভৰশীল নহয়। ভাষাগত আৰু সাংস্কৃতিক সংখ্যালঘুসকলো এই ব্যৱস্থাত অন্তৰ্ভক্ত হৈছে । সংখ্যালঘুসকল হৈছে উমৈহতীয়া ভাষা বা ধৰ্ম্ম থকা গোষ্ঠীবোৰ আৰু ৰাষ্ট্ৰৰ এটা বিশেষ অংশত বা গোটেই ৰাষ্ট্ৰেতেই তেওঁলোক আন কিছুমান সামাজিক অংশৰ দ্বাৰা সংখ্যাত অধিকতৰ হৈছে। তেনেকুৱাৰ সম্প্ৰদায়বোৰৰ 


চৰ্দাৰ হুকম সিং 

( জন্ম ৩০ আগষ্ট, ১৮৯৫ - মৃত্যু ২৭ মে ১৯৮৩ )



সংখ্যাগৰিষ্ঠ সকলৰ ওপৰত এটা গধুৰ দায়িত্ব দিয়া হব সেইটো চোৱাৰ বাবে যাতে সংখ্য়ালঘু সকলে নিৰাপদ অনুভৱ কৰে... সংখ্যা লঘুসকলৰ নিৰাপত্তা কেৱল মাত্ৰ ধৰ্ম্মনিৰপেক্ষ ৰাষ্ট্ৰতহে আছে। ই তেওঁলোকক স্ব- জাতীক হিচাবে মজুৰি দিয়ে... সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ে তেওঁলোকৰ জাতিয়বাদী দৃষ্টিভংগীক লৈ অহংকাৰ কৰা উচিত নহয় । তেওঁলোকে নিজকে সংখ্যালঘুসকলৰ স্থানত ৰাখি চোৱা উচিত আৰু তেওঁলোকৰ ভয়ক প্ৰশংসা কৰিবলৈ চেষ্টা কৰা উচিত। সকলো দাবী সুৰক্ষাৰ বাবে... এইবোৰ হল সংখ্যালঘুসকলৰ মনত থকা ভয়ৰ প্ৰতিফল ... তেওঁলোকৰ ভাষা, হস্তলিপি আৰু তেওঁলোকৰ ,সেৱাসমূহৰ বাবে।নিজস্ব সংস্কৃতি, ভাষা আৰু হস্তলিপি আছে আৰু সেইবোৰ ধৰি ৰাখি বিকাশ কৰাৰ অধিকাৰ আছে ।


    ধৰ্ম্মীয় বা সকলো ভাষিক সংখ্যালঘুৱেই নিজৰ শিক্ষানুষ্ঠান স্থাপন  কৰিব পাৰে । সেইটো কৰি তেওঁলোকে নিজৰ সংস্কৃতি ধৰি ৰাখিব পাৰে আৰু ইয়াৰ বিকাশ কৰিব পাৰে।  চৰকাৰে যেতিয়া শিক্ষানুষ্ঠানবোৰক সাহাৰ্য্য দিব সংখ্যালঘুসকলে পৰিচালনা কৰা শিক্ষানুষ্ঠান বুলি কোনো শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কোনো বৈষম্য নকৰিব। 

Type Sumit Patar

Class 11 Political Science