শ্ৰীলংকাৰ অৰ্ধ- ৰাষ্ট্ৰপতীয় কাৰ্য্য়পালিকা 

 শ্ৰীলংকাৰ সংবিধান ১৯৭৮ চনত সংশোধন ঘটোৱা হয় আৰু কাৰ্য্যবাহী ৰাষ্ট্ৰপতীয় ব্যৱস্থা প্ৰচলন কৰা হয়। কাৰ্য্যবাহী  ৰাষ্ট্ৰপতীয়  ব্যৱস্থাৰ অধীনত জনসাধাৰণে ৰাষ্টপতিক প্ৰত্যক্ষভাবে নিৰ্বাচন কৰে। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী একে অথবা বিভিন্ন ৰাজনৈতিক দলৰ ব্যক্তি হব পাৰে। 

সংবিধানমতে ৰাষ্টপতিৰ ব্যাপক ক্ষমতা আছে। সংসদত সংখ্যাগৰিষ্ঠা থকা ৰাজনৈতিক  দলৰ পৰা ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক বাছনি কৰে ।যদিও মন্ত্ৰীসকল সংসদৰ সদস্য হোৱাতো বাধ্যতামূলক ৰাষ্টপতিয়ে প্ৰধানমন্ত্ৰী অথবা মন্ত্ৰীসকলৰ অপসৰণ কৰাৰ ক্ষমতা আছে । ৰাষ্টৰ নিৰ্বাচিত মুৰব্বী আৰু সশস্ত্ৰ বাহিনীৰ সেনাধিনায়ক হোৱাৰ উপৰিও ৰাষ্ট্ৰপতি হল চৰকাৰৰো মুৰব্বী। 

সংসদৰ মুঠ সদস্যসংখ্যাৰ অন্তত ২/৩ অংশ সদস্য়ৰে গৃহীত এটি প্ৰস্তাৱৰ অবিহনে ছয় বছৰৰ বাবে নিৰ্বাচিত ৰাষ্ট্ৰপতিক পদৰপৰা অপসৰণ কৰিব পৰা নাযায় ।যদি সংসদৰ মুঠ সদস্য সংখ্যাৰ অতিকমেও আধা সংখ্যকৰ দ্বাৰা প্ৰস্তাৱটো গৃহীত হয় আৰু যদি অধ্যক্ষই তেনেকুৱা অভিযোগ অনুসন্ধানৰ যোগ্য বুলি সন্তুষ্ট হয় তেতিয়াহলৈ অধ্যক্ষই বিষয়টো সম্পৰ্কে উচ্চতম ন্যায়ালয়লৈ প্ৰতিবেদন প্ৰেৰণ কৰিব পাৰে।

শ্ৰীলংকাৰ ৰাষ্টপতি আৰু প্ৰধানমন্ত্ৰীৰ স্থান ভাৰতবৰ্ষৰ পৰা কেনেদৰে পৃথক? ভাৰতৰ্ষৰ আৰু শ্ৰীংকাত ৰাষ্টপতিৰ মহাভিযোগৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ভূমিকা তুলনা কৰা।

    সংসদীয় শাসন ব্যৱস্থাত প্ৰধানমন্ত্ৰী হল চৰকাৰৰ মুৰব্বী।  বেছিভাগ সংসদীয় ব্যৱস্থাৰে ৰাষ্ট্ৰপতি অথবা এজন ৰজা / ৰাণী থাকে যি ৰাষ্টৰ নামমাত্ৰ মুৰব্বী। এনেকুৱাৰ শাসন ব্যৱস্থাত ৰাষ্টপতি বা ৰজা / ৰাণীৰ ভূমিকা মূখ্যতঃ আনুষ্ঠানিক আৰু কেবিনেটৰে সৈতে প্ৰধানমন্ত্ৰীয়ে প্ৰকৃত ক্ষমতা প্ৰয়োগ কৰে। জাৰ্মানী ইটালী জাপান, ইংলেগু তথা পৰ্টুগাল তেনেকুৱা শাসন ব্যৱস্থা থকা দেশৰ অন্তৰ্ভূক্ত। এটি অৰ্থ- ৰাষ্ট্ৰপতীয় ব্যৱস্থাত এজন ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী থাকে, কিন্তু সংসদীয় শাসন ব্যৱস্থা বিপৰীত ধৰণে ৰাষ্টপতি তাৎপৰ্যপূৰ্ণ ভাবে দৈনন্দিন ক্ষমতাৰ অধিকাৰী হব পাৰে। এই ব্যৱস্থাত, কেতিয়াবা ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী একে ৰাজনৈতিক দলৰ হোৱাটো সম্ভৱ হব পাৰে আৰু কেতিয়াবা তেওঁলোক দুটা ভিন্ন দলৰ হব পাৰে আৰু সেইদৰে এজন আনজনৰ বিৰোধী হব পাৰে। ফ্ৰান্স, ৰাছিয়া, শ্ৰীলংকা আদি দেশত এনেকুৱা শাসন ব্যৱস্থা আছে। 

ভাৰতবৰ্ষৰ সংসদীয় কাৰ্যপালিকা( Parliamentary Executive In India)

যেতিয়া ভাৰতীয় সংবিধানখন ৰচনা কৰা হৈছিল ইতিমধ্যে ভাৰতবৰ্ষৰ ১৯১৯আৰু ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন অনুসৰি সংসদীয় ব্যৱস্থা অধীনত শাসিত হোৱাৰ কিছু অভিজ্ঞতা আছিল। এই অভিজ্ঞতাই দেখুৱাইছিল যে সংসদীয় ব্যৱস্থাত জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা কাৰ্য্যপালিকাক সাৰ্থকভাৱে নিয়ন্ত্ৰণ কৰিব পাৰি। সংবিধান প্ৰণয়ণকাৰীসকলে চৰকাৰক জনসাধাৰণৰ আশা- আকাংক্ষাৰ প্ৰতি অনুভূতিশীল আৰু দায়িত্বশীল তথা জবাবদিহি হোৱাটো নিশ্চিত কৰিব বিছাৰিছিল। সংসদীয় কাৰ্য্যপালিকা অন্য বিকল্প হল ৰাষ্ট্ৰপতীয় পদ্ধতিৰ চৰকাৰ।কিন্তু ৰাষ্ট্ৰপতীয় কাৰ্যপালিকাই ৰাষ্ট্ৰপতিৰ ওচৰত মুখ্য় কাৰ্য্যপালিকা আৰু সকলো প্ৰশাসনীয় ক্ষমতাৰ উৎস হিচাবে অত্যাধিক গুৰুত্ব আৰোপ কৰে।ৰাষ্ট্ৰপতীয় কাৰ্য্যপালিকাত সদায় ব্যক্তিগত ক্ষমতা  লিস্পাৰ শংকা থাকে। ভাৰতীয় সংবিধান প্ৰণয়নকাৰীসকলে এনেকুৱা এখন চৰকাৰ বিছাৰিছিল যাৰ এটি শক্তিশালী প্ৰশাসনীয় শাখা থাকিব কিন্তু একে সময়তে ব্যক্তিগত ক্ষমতা লিপ্সাৰ বিৰুদ্ধেও কৰ্য্যাপ্ত নিৰাপত্তা থকাটো উচিত বুলি বিবেচনা কৰিছিল। সংসদীয় পদ্ধতিত কাৰ্যপালিকাক বিধানমগুল অথবা জনসাধাৰণৰ প্ৰতিনিধি দ্বাৰা নিয়ন্ত্ৰণ তথা জবাবদিহি হোৱাটো নিশ্চিত হবৰ বহুতো ব্যৱস্থাৰ আছে। সেইবাবে সংবিধানে কেন্দ্ৰীয়  তথা ৰাদ্যিক উভয় পৰ্যায়তে সংসদীয় কাৰ্যপালিকা ব্যৱস্থা গ্ৰহণ কৰিছিল। 

    এই ব্যৱস্থা অনুসৰি এজন ৰাষ্ট্ৰপতি থাকে যি ভাৰত ৰাষ্ট্ৰৰ আনুষ্ঠানিক মুৰব্বী আৰু প্ৰধামমন্ত্ৰী আৰু মন্ত্ৰীপৰিষদ আছে যি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চৰকাৰ পৰিচালনা কৰে। ৰাজ্যিক পৰ্য্যায়ৰ কাৰ্যপালিকা ৰাজ্যপাল মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীপৰিষদৰ দ্বাৰা গঠিত হয়। 

    ভাৰতীয় সংবিধানে কেন্ত্ৰীয় চৰকাৰৰ কাৰ্যপালিকা ক্ষমতা আনুষ্ঠানিকভাৱে  ৰাষ্ট্ৰপতি ওপৰত ন্যস্ত কৰিছে।  বাস্তৱক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে এই ক্ষমতা প্ৰধানমন্ত্ৰী নেতৃত্বত গঠিত মন্ত্ৰীপৰিষদৰ জৰিয়তে প্ৰয়োগ কৰে।  ৰাষ্ট্ৰপতিক পাঁচ বছৰৰ বাবে নিৰ্বাচিত কৰা হয়। কিন্তু ৰাষ্ট্ৰপতি পদৰ বাবে জনসাধাৰণৰ দ্বাৰা প্ৰত্যক্ষ নিৰ্বাচন অনুষ্ঠিত নহয়। ৰাষ্ট্ৰপতিক পৰোক্ষভাবে নিৰ্বাচিত কৰা হয়। ইয়াৰ অৰ্থ হল যে ৰাষ্ট্ৰপতি সৰ্বসাধাৰণ নাগৰিকৰ সলনি নিৰ্বাচিত বিধায়ক (এম এল এ) আৰু সাংসদৰ ( এম পি) দ্বাৰাহে নিৰ্বাচিত হয়। সমানুপাতিক প্ৰতিনিধিত্বৰ একক হস্তান্তৰযোগ্য মতদান নীতি অনুসৰি নিৰ্বাচন অনুষ্ঠিত হয়। 

    কেন্দ্ৰীয়  সংসদৰ দ্বাৰা মহাভিযোগ পদ্ধতি অনুসৰণ কৰি ৰাষ্ট্ৰপতিক পদৰ পৰা অপসাৰণ কৰিব পৰা যায় । আগৰ অধ্যায়ত ব্যাখ্যা কৰা ধৰণে এই পদ্ধতিৰ বাবে বিশেষ সংসাগৰিষ্ঠতাৰ আৱশ্যেক। মহাভিযোগৰ একমাত্ৰ কাৰণ হল সংবিধধানৰ বিধি উলংঘা কৰা। 

Type Sumit Patar

Class 11 Political Science