ব্যৱসায় বাণিজ্যঃ 

এখন দেশৰ আৰ্থিক দিশৰ উন্নতিত ব্যৱসায়-বাণিজ্য, কল-কাৰখানা আৰু কৃষি উদ্যোগসমূহে মুখ্য ভূমিকা গ্ৰহণ কৰে। সাধাৰণতে, নিজ দেশত উৎপাদিত দ্ৰব্যসমূহ ব্যৱহাৰৰ পিছত অতিৰিক্তখিনি অন্য দেশলৈ ৰপ্তানি কৰি ৰাষ্ট্ৰই ৰাজ ভঁৰাল চহকী কৰে। গুপ্ত যুগতো এনে ধৰণৰ ব্যৱসায়-বাণিজ্যই প্ৰসাৰতা লাভ কৰিছিল। ভাৰতীয় বস্ত্ৰ-শিল্পজাত  সামগ্ৰীসমূহে সেই সময়ত বিদেশত সমাদৰ লাভ কৰিছিল। জল আৰু স্থল উভয় পথেৰে সাম্রাজ্যৰ বাহিৰে ভিতৰে ব্যৱসায়-বাণিজ্য চলিছিল। ৰােম, দক্ষিণ- পূর্ব এছিয়া আৰু চীন দেশক কেন্দ্ৰ কৰি এই বাণিজ্য গঢ় লৈ উঠিছিল। জল পথেৰে বহিঃদেশৰ লগত ব্যৱসায় বাণিজ্য চলাবৰ কাৰণে উপকূলীয় অঞ্চলবােৰত কিছু সংখ্যক বন্দৰ গঢ় লৈ উঠিছিল। ইয়াৰ ভিতৰত পশ্চিম ভাৰতত ভূগুচ্ছ, চপৰা, কল্যাণ, দক্ষিণ ভাৰতত কাবেৰীপট্টনম, কালিকট, গংগা উপত্যকাত তাম্রলিপ্তি আদিয়েই প্রধান। ওপৰৰ মানচিত্ৰত এইবন্দৰসমূহৰ অৱস্থান চাই লবাহঁক। ভাৰতবৰ্ষৰ পৰা ৰােমলৈ মছলা, চন্দন কাঠ, হাতী দাঁতেৰে তৈয়াৰী বস্তু, মণি-মুকুতা, ঔষধি গছ, সুগন্ধি দ্রব্যৰ লগতে কিছুমান জীৱ জন্তুও এই বন্দৰবােৰেদি ৰপ্তানি কৰা হৈছিল। গুপ্ত যুগত সােণৰূপৰ মুদ্ৰাৰ লগতে কড়িৰাে প্ৰচলন আছিল। গুপ্ত যুগত গীল্ড বা নিগম ব্যৱস্থা প্রচলিত আছিল। গীল্ডবােৰ স্বয়ং শাসিত সংস্থা আছিল। এওঁলোকে ব্যৱসায়-বাণিজ্য তদাৰক কৰিছিল। এওঁলোকৰ কাম-কাজ ৰাষ্ট্ৰৰ হস্তক্ষেপৰ বাহিৰত আছিল।  গীল্ডবোৰে বেংকৰ দৰে ব্যৱসায়ীক টকা ধাৰে দিছিল। ব্যৱসায়-বাণিজ্য কৰিবলৈ হ'লে বিশেষকৈ বিদেশী লোকে গীল্ডৰ অনুমতি ল'ব লাগিছিল। ইয়াৰ ফলত গুপ্ত যুগত এক পুঁজিপতি শ্ৰেণীৰ আৱিৰ্ভাব হৈছিল।