ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি

 আমাৰ সংবিধান প্রণেতা সকলে জানিছিল যে স্বাধীন ভাৰতে বহুটো প্রত্যাহ্বানৰ সন্মুখীন হ'বলৈ গৈ আছিল । ইয়াৰ ভিতৰত আছিল প্রধান প্রত্যাহ্বান হৈছে সকলাে নাগৰিকৰ মাজত সমতা আৰু কল্যাণ প্রতিষ্ঠা কৰা । তেওঁলােকেও ভাবিছিল যে এই সমস্যাবোৰ সমাধান কৰিবলৈ কিছুমান নীতি - নির্দেশনাৰ প্ৰয়ােজন আছিল । একে সময়তে , সংবিধানে ভৱিষ্যতৰ চৰকাৰক কিছুমান নীতি , সিদ্ধান্তৰ দ্বাৰা সীমাবদ্ধ কৰিব বিচৰা নাছিল ।

     সেইকাৰণে সংবিধানত কিছুমান পথ - নির্দেশনা অন্তর্ভূক্ত কৰা হৈছিল কিন্তু সেইবােৰ অইনগতভাবে বলবৎযােগ্য কৰা হােৱা নাছিল । তাৰ অর্থ হল এই যে যদি চৰকাৰে এটা বিশেষ পথ - নির্দেশনা কার্যকৰী নকৰিলেহেতেন , তেতিয়া সেই নীতি কাৰ্য্যকৰী কৰিবলৈ চৰকাৰক নির্দেশ দিবৰ বাবে আমি বিচাৰালয়ক কব নােৱাৰাে । এইদৰে এই পথ নির্দেশনাবােৰ ন্যায়সংগত নহয় ( i.e ) তাৰমানে সংবিধানৰ অংশবােৰ ন্যায়পালিকাৰ দ্বাৰা বলবৎ যােগ্য নহয় । যিয়ে আমাৰ সংবিধান প্রনয়ণ কৰিছিল ভাবিছিল যে এই নির্দেশনাবােৰৰ আঁৰত থকা নৈতিক শক্তিয়ে এইটো নিশ্চিত কৰিব যে চৰকাৰে এইবােৰ আন্তৰিকতাৰে গ্ৰহণ কৰিব । তাৰােপৰি তেওঁলােকে আশা কৰিছিল যে জনসাধাৰণে এই নির্দেশনাবােৰ কাৰ্যকৰী কৰিবলৈ চৰকাৰক দায়িত্বশীল কৰিব । সেইকাৰণে সংবিধানত এখন পৃথক নীতি - নির্দেশনা অন্তর্ভূক্ত কৰা হৈছিল । এই নির্দেশনাবােৰৰ তালিকাখনকেই ৰাষ্ট্রৰ নিৰ্দেশাত্মক নীতি বুলি কোৱা হয় ।

Type Sumit Patar

Class 11 Political Science