গুপ্ত যুগৰ সমাজ ব্যৱস্থাঃ

আমাৰ সমাজত বিভিন্ন জাতি আৰু জনগােষ্ঠীৰ লােকসকলে একেলগে বসবাস কৰি অহা তােমালােকে নিশ্চয় দেখিছা। এই জাতি- জনগােষ্ঠীসকলৰ ভিতৰত যিসকল আর্থিক নাইবা সামাজিকভাৱে পিছপৰা সেইসকলক চৰকাৰে বিভিন্ন উপায়েৰে সহায়-সহযােগিতা আগবঢ়াই সমঅধিকাৰ দিবলৈ চেষ্টা কৰে। ইয়াৰ উপৰি মহিলাসকলকো বহুত অধিকাৰ প্ৰদান কৰি পুৰুষৰ সমানে আগবঢ়াই লৈ যাবলৈ সমঅধিকাৰ দিয়া দেখা গৈছে। কিন্তু, বিভিন্ন সমলৰ পৰা পােৱা তথ্য অনুসৰি গুপ্তযুগৰ সমাজ ব্যৱস্থাত মহিলাক সম অধিকাৰ দিয়া দেখা হােৱা নাছিল।

গুপ্ত সমাজত বর্ণ প্রথা কঠোৰ আছিল। চাৰি বৰ্ণৰ উপৰি কিছুমান নন বৰ্ণৰৰ সৃষ্টি হােৱা দেখা গৈছিল।কিয়নাে সেই সময়ত উত্তৰ-পশ্চিম পথেদি বহুতাে বিদেশী শক্তি আহি ইয়াত নিগাজিকৈ থাকিবলৈ লৈছিল। সমাজত ব্রাহ্মণ আৰু ক্ষত্রিয়সকলৰ প্রতিপত্তি তথা সামাজিক মর্যদা বৃদ্ধি পাইছিল। মহিলাসকলৰ জীৱন- যাপনৰ মান উন্নত আছিল। অৱশ্যে সমাজত মহিলাৰ স্থান পুৰুষৰ সমান নাছিল। উচ্চ বৰ্গৰ নাৰীয়ে শিক্ষা লাভৰ অধিকাৰ পালেও সেয়া যথেষ্ঠ নাছিল। বাল্য বিবাহ আৰু সতীদাহ প্রথা এই যুগত প্রচলন আছিল। উদাহৰণস্বৰূপে, সৈনিক স্বামীৰ মৃত্যু হলে পত্নীগৰাকীয়ে স্বামীৰ চিতাত জাপ দিব লাগিছিল। এই প্রথা লাহে লাহে সমাজৰ পৰম্পৰাত পৰিণত হৈছিল। ভাৰতীয় ইতিহাসত সতী যযাৱাৰ প্রাচীনতম দৃষ্টান্ত গুপ্ত যুগতে আৰম্ভ হােৱা বুলি অনুমান কৰিব পাৰি। গুপ্তযুগৰ এই সতীদাহ প্রথাৰ প্ৰভাৱ আধুনিক ভাৰততে পৰিছিল। আধুনিক ভাৰতত ৰাজা ৰামমােহন ৰায়, ঈশ্বৰচন্দ্র বিদ্যাসাগৰ আদিৰ সহযােগত বৃটিছগৱৰ্ণৰ জেনেৰেল লর্ড উইলিয়াম বেন্টিংকে এই প্রথা বন্ধৰ বাবে দৃঢ় পদক্ষেপ হাতত লৈছিল। অসমত এনে সতীদাহ প্রথাৰ প্ৰচলন থকাৰ কথা জানিব পৰা নাযায়।


Class 7 Social Science 

Type: Nayan Moni Deka