১৪.২ বিদুৎ প্ৰৱাহিত ফলত তাপ উৎপত্তি (তপীয় ক্ৰীড়া)

ক্ৰিয়াকলাপ ১৪.২ 

    এটা বিদ্যুৎ কোষ, এটা বাল্বব (সৰু), এটা ছুইচ আৰু কেইডালমান সংযোগকাৰী তাঁৰ যোগাৰ কৰা। ১৪.৯ চিত্ৰত দেখুওৱাৰ দৰে এটা বৰ্তনী  বনোৱা। এই ক্ৰিয়াকলাপটো মাত্ৰ এটা কোষেৰে সম্পন্ন কৰিব লাগিব। প্ৰথমতে ছুইচটো অফ্ (off) অৱস্থাত ৰাখা। বাল্বটো জ্বলেছেনে? বাল্বটো স্পৰ্শ কৰি চোৱা । এইবাৰ চুইচটো দিয়া । বাটো কেইমিনিটমান জুলিবলৈ দিয়া আৰু বাটো পুনৰাই স্পর্শ কৰা । ব্রিা পার্থক্য তুমি অনুভৱ কৰিলানে ? ছুইচটো বন্ধ অৱস্থালৈ নি আকৌ বাটো স্পর্শ কৰা । 

ক্রিয়াকলাপ ১৪.৩

     ১৪.১০ চিত্রত দেখুৱাৰ দৰে এটা বৈদ্যুতিক বর্তনী বনােৱা । প্রায় ১০ চে.মি. দীঘল নাইক্ৰমৰ ( nicrome ) ৰ তাৰ এডাল লােৱা আৰু তাক দুটা গজালৰ মাজত বান্ধি লােৱা । নাইক্ৰমৰ তাৰ বৈদ্যুতিক আহিলা মেৰামতি কৰা দোকানত পােৱা যায় নাইবা বৈদ্যুতিক উত্তাপক ( heater ) ৰ পেলনীয়া কুণ্ডলীৰ টুকুৰা এটা হলেও কাম চলিব । তাৰডাল স্পর্শ কৰি চোৱা । ছুইচটো অন কৰি বর্তনীৰ মাজেৰে বিদ্যুৎ প্রৱাহিত হ’বলৈ দিয়া । কেইছেকেণ্ডমানৰ পিছত তাৰডাল স্পর্শ কৰা । ( বেছি সময়লৈ তাৰডাল ধৰি নাথাকিবা । ) ছুইচটো অফ কৰা । কেইমিনিটমান পিছত আকৌ তাৰডাল স্পর্শ কৰা ।





ব লগা সাৱধানতা

বৈদ্যুতিক ছুইচটো বেছি সময়ৰ বাবে ‘ON’ কৰি নথবা। তেনে কৰিলে কোষটো অতি সোনকালে দুৰ্বল হৈ পৰিব।


তাঁৰডালৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ'লে ই উত্তপ্ত হৈ উঠে। ইয়েই হৈছে বিদ্যুতৰ তাপীয় ক্ৰিয়া বা বিদ্যুৎ প্ৰৱাহিত ফলত উৎপত্তি।

য'ত বিদ্যুৎ প্ৰৱাহিত ফলত তাপ উৎপন্ন  হয় তেনেকুৱা কোনো বৈদ্যুাতিক আহিলাৰ কথা তোমালোকে ক'ব পাৰিবানে? এনুকুৱা বৈদ্যুতিক আহিলাৰ এখন তালিকা প্ৰস্থত কৰা।





 বৈদ্যুতিক কোঠালি উত্তাপক ( room heater ) বা ৰন্ধা বঢ়াত ব্যৱহাৰ কৰা বৈদ্যুতিক উত্তাপক নিশ্চয় দেখিছা । এই সকলােবিলাকতে তাৰৰ একোটা কুণ্ডলী থাকে । তাৰৰ এনে কুণ্ডলীক উপাদান ( element ) বুলি কোৱা হয় । 







তোমালোকে বোধহয় লক্ষ্য কৰিছা যে এনেদেৰে আহিলাৰ বিদ্যুৎ সংযোগ কৰিলে সিহঁতৰ উপাদানবোৰ তপত হৈ ৰঙা ( red hot) হৈ নিৰ্গত হয়।




তাঁৰ এডালত উৎপন্ন হােৱা তাপৰ পৰিমাণ তাৰডালৰ দৈর্ঘ্য , প্রস্থ আৰু তাঁৰাল গঠিত হােৱা পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে । গতিকে বেলেগ বেলেগ প্রয়ােজনৰ বাবে বিভিন্ন দৈৰ্ঘ্যৰ , বিভিন্ন প্রস্থৰ আৰু বিভিন্ন পদাৰ্থৰ তাৰ ব্যৱহাৰ কৰা হয় । 

    বৈদ্যুতিক বর্তনী বনােৱাত ব্যৱহাৰ হােৱা তাৰবােৰ সাধাৰণতে উত্তপ্ত নহয় । আনহাতে কিছুমান বৈদ্যুতিক আহিলাৰ উপাদান ইমান বেছিকৈ উত্তপ্ত হয় যে সি সহজে দৃশ্যমান হৈ উঠে । এটা বৈদ্যুতিক চাকিৰ ফিলামেন্টাল ইমানেই উচ্চ উষ্ণতালৈ উত্তপ্ত হয় যে ই ভাস্বৰ অৱস্থাপ্রাপ্ত হয় । 

    তাঁৰ এডালৰ মাজেৰে উচ্চমানৰ বিদ্যুৎ প্রবাহিত হলে তাৰডাল ইমানেই উত্তপ্ত হ'ব পাৰে যে সি গলি গৈ ছিগি যাব পাৰে । তাৰ এডাল গলি গৈ ছিগি যােৱাটো সম্ভৱনে ? আহাচোন কথাটো আলােচনা কৰোঁ। 





ক্রিয়াকলাপ ১৪.৪ 

১৪.৩ ক্রিয়াকলাপটো কৰিবলৈ ব্যৱহাৰ কৰা বৈদ্যুতিক বর্তনীটো আকৌ বনােৱা । কিন্তু এটা কোষৰ সলনি এইবাৰ চাৰিটা কোষৰ এটা বেটাৰী ব্যৱহাৰ কৰা । তদুপৰি নাইক্রম তাৰৰ সলনি ষ্টীল উলৰ মিহি আঁহ এডাল সংযােগ কৰা । ( ষ্টীল উল সাধাৰণতে বাচন - বৰ্তন মাজিবলৈ ব্যৱহাৰ কৰা হয় আৰু গেলামালৰ যিকোনাে দোকানত পােৱা যায় ) কোঠালিত বৈদ্যুতিক পাংখা থাকিলে সেইবােৰৰ চুইচ অফ কৰি ল’বা । এতিয়া বর্তনীৰ মাজেৰে কিছু সময়ৰ বাবে বিদ্যুৎ প্রবাহিত হ’বলৈ দিয়া । ষ্টীল উলৰ আঁহডাল মনােযােগেৰে নিৰীক্ষণ কৰি থাকা । কি দেখিলা টোকাবহীত লিখি থােৱা । ষ্টীল উলৰ আঁহড়াল গলি গৈ ছিগি গ'ল নেকি ? 

    উচ্চমান বিশিষ্ট বিদ্যুৎ প্ৰৱাহিত হলে কিছুমান বিশেষ পদাৰ্থৰে তৈয়াৰী তাৰ সােনকালে গলি গৈ ছিগি যায় । এই জাতীয় তাৰেৰে বৈদ্যুতিক ফিউজ বনােৱা হয় ( চিত্র ১৪.১৪ ) । সকলােবােৰ ঘৰতে বিদ্যুৎ বর্তনীত ফিউজ সংযােগ কৰা হয় । এটা বর্তনীৰ মাজেৰে সুৰক্ষাসন্মতভাৱে প্রৱাহিত হ’বলৈ প্ৰৱাহৰ মানৰ এটা সর্বোচ্চ সীমা থাকিব লাগিব । দুর্ঘটনাবশতঃ প্রৱাহে এই বিপদসীমা অতিক্রম কৰিলে তাৰবােৰ অত্যধিকভাৱে উত্তপ্ত হৈ পৰে আৰু তাৰ ফলত অগ্নিকাণ্ড হােৱাৰ সম্ভাৱনাও গা কৰি উঠে । বর্তনীত যথাযথ ফিউজ তাৰ থাকিলে ই ভস্ম হৈ বর্তনী বিচ্ছিন্ন কৰিব । গতিকে ফিউজ হ’ল এবিধ সুৰক্ষা ব্যৱস্থা যিয়ে বিদ্যুৎ বর্তনীৰ ক্ষতি আৰু সম্ভাৱ অগ্নিকাণ্ড প্রতিবােধ কৰিব পাৰে ।



চিত্ৰ ১৪.১৫ বৈদ্যুতিক আহিলাৰ ব্যৱহাৰ হোৱা ফিউজ কৰিব পাৰে।


     বিভিন্ন কামত বিভিন্ন ধৰণে ফিউজ ব্যৱহাৰ কৰা হয় । ১৪.১৪ চিত্ৰত আমাৰ বাসগৃহত ব্যৱহাৰ হােৱা ফিউজ দেখুওৱা হৈছে । ১৪.১৫ চিত্ৰত দেখুৱা ফিউজবােৰ সাধাৰণতে বৈদ্যুতিক আহিলাত ব্যৱহাৰ কৰা হয় ।

ব লগা সাধাৰণতা মুখ্য বৰ্তনীৰ লগত

সাৱধানতা মুখ্য বর্তনীৰ লগত সংযাোজিত বৈদ্যুতিক ফিউজ এটা নিজে পৰীক্ষা কৰিবলৈ চেষ্টা নকৰিবা । অৱশ্যে বৈদ্যুতিক আহিলা মেৰামতি কৰা দোকান এখনলৈ গৈ জ্বলি যােৱা ফিউজৰ লগত নতুন এটা ৰিজাই চাব পাৰা ।


বৈদ্যুতিক বর্তনীত অত্যধিক বিদ্যুৎ প্রৱাহিত হােৱাৰ এটা কাৰণ হৈছে তাৰবিলাকৰ প্রত্যক্ষ সংস্পর্শ । তাঁৰবোৰ অন্তৰণ আৱৰণী (Insulation ) ভাঙি বা ছিঙি যোৱাৰ বাবে এনে হ'ব পাৰে । ই চুটি বর্তনী (short circuit ) হােৱাৰ কাৰণ হ'ব পাৰে । বর্তনী এটাৰ মাজেৰে অত্যধিক বিদ্যুৎ প্ৰৱাহিত হােৱাৰ আন এটা কাৰণ হ’ল একেটা সংযােগস্থলতে (socket) কেইবাটাও আহিলাৰ সংযােজন । ইয়াৰ ফলত বর্তনীত অত্যাধিক ল’ড (load) পৰে । চুটি বর্তনীৰ ফলত বা বর্তনীত মাত্রাধিক লডৰ ফলত সংঘটিত অগ্নিকাণ্ডৰ খবৰ তােমালােকে নিশ্চয় বাতৰি কাকতত পঢ়িবলৈ পাই থাকা ।


 আমি বিদ্যুৎ প্রৱাহৰ ফলত তাপ উৎপন্ন হােৱা সম্পর্কে আলােচনা কৰিলোঁ আৰু লগতে কেনেকৈ এই ক্রিয়াক আমাৰ উপকাৰৰ অর্থে ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়েও শিকিলোঁ । বিদ্যুৎ প্রৱাহৰ আন কোনাে ক্রিয়া আছেনে ?




ব লগা সাধাৰণতা মুখ্য বৰ্তনীৰ লগত

সাৱধানতা মুখ্য বর্তনীৰ লগত সংযাোজিত বৈদ্যুতিক ফিউজ এটা নিজে পৰীক্ষা কৰিবলৈ চেষ্টা নকৰিবা । অৱশ্যে বৈদ্যুতিক আহিলা মেৰামতি কৰা দোকান এখনলৈ গৈ জ্বলি যােৱা ফিউজৰ লগত নতুন এটা ৰিজাই চাব পাৰা ।


Type : Ankur Raj Deka

class 7  Science SCERT Book