ৰাষ্ট্ৰপতি ক্ষমতা আৰু পদমৰ্যাদা
ইয়াৰ কাৰ্য্যপালন কৰিব শব্দৰ অৰ্থ কি তোমালোকে জানানে? এই উপদেশ যে ৰাষ্ট্ৰপতিয়ে মানি চলিবলৈ বাধ্য তাকে সূচায়। ৰাষ্ট্ৰপতি ক্ষমতা পৰিসৰৰ বিষয়ত কিবা বিতৰ্কৰ সৃষ্টি হলে এটি সংশোধনৰ দ্বাৰা সংবিধানত নিৰ্দ্দিষ্টভাবে উল্লেখ কৰা আছে যে মন্ত্ৰীপৰিষদে আগবঢ়োৱা পৰামৰ্শ অনুসৰি কাম কৰিবলৈ তেওঁ বাধ্য হয়। পিছত আন এটি সংশোধনৰ জৰিয়তে এইটো সিদ্ধান্ত লোৱা হয় যে ৰাষ্ট্ৰপতিয়ে পৰামৰ্শটো পুনৰ বিবেচনা কৰিবলৈ কব পাৰে কিন্তু মন্ত্ৰীপৰিষদৰ পুনৰ বিবেচিত পৰামৰ্শটো তেওঁ গ্ৰহণ কৰিব লাগিব।
আমি ইতিমধ্যে দেখিলো যে ৰাষ্ট্ৰপতি হল চৰকাৰৰ আনুষ্ঠানিক মূৰব্বী । এই আনুষ্ঠানিক অৰ্থত ৰাষ্ট্ৰপতি ভালেমান প্ৰশাসনীয়, আইন সংক্ৰান্ত ন্যায়িক আৰু উৰুৰীকালীন ক্ষমতা আছে। এটি সংসদীয় ব্যৱস্থাত বাস্তৱ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে এইবোৰ ক্ষমতা মন্ত্ৰীপৰিষদৰ পৰামৰ্শ অনুসৰি প্ৰয়োগ কৰে। প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীপৰিষদৰ লোকসভাত সংখ্যাগৰিষ্ঠ মসৰ্থন থাকে আৰু তেওঁলোক হল প্ৰকৃত কাৰ্য্যপালিকা। বেছিভাগ ক্ষেত্ৰতে ৰাষ্ট্ৰপতিয়ে মন্ত্ৰীপৰিষদৰ পৰামৰ্শ মানি চলিব লাগে।
![]() |
Jawaharlal Nehru (1889-1964) |