পুৰণি কামৰূপৰ আর্থ সামাজিক অৱস্থা

( ক ) অথনৈতিক অৱস্থা ঃ 

পুৰণি কামৰূপৰ অধিবাসী সকল খেতিৰ ওপৰত নিৰ্ভৰশীল আছিল। খেতি মূলত জুম প্ৰথাৰে কৰা হৈছিল। ইয়াৰ মাটি দ' আৰু সাৰুৱা  আছিল। সেয়ে বিভিন্ন ধৰণৰ শস্য যেনেーধান, সৰিয়হ, মৰাপাট, কুঁহিয়াৰ, নানা বিধ ফল-মূল, শাক-পাচলি উৎপন্ন হৈছিল। হিউৱেন চাঙৰ 'চি ইউ কি'ত এই ৰাজ্যত জলসিঞ্চনৰ জৰিয়তে খেতি কৰাৰ কথাও উল্লেখ কৰিছে। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ ফল-মূল যেনে一কঁঠাল, নাৰিকল, আম, তামোল-পাণৰ খেতি কৰাৰ কথাও উল্লেখ পোৱা যায়। এই ৰাজ্যৰ পাহাৰীয়া অঞ্চলত বাস কৰা নানা জাতি-জনগোষ্ঠীয়ে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰীসমূহ বাহিৰলৈ ৰপ্তানি কৰিছিল। ইয়াৰ ভিতৰত প্ৰধান আছিল তেজপাত।

আজিৰ দৰে অতীজ কামৰূপত এৰী, মুগী, পাট, কপাহী, কাপোৰ তৈয়াৰ হৈছিল। আনকি ৰামায়ণ আৰু অৰ্থশাস্ত্ৰতো কামৰূপৰ পাট কাপোৰৰ কথা উল্লেখ আছে। মাছ মৰা, নৈৰ পৰা সোণ উলিওৱা, সোণ গঢ়া আৰু কাপোৰ বোৱা প্ৰাচীন কামৰূপৰ লোকসকলৰ কেইটিমান উল্লেখযোগ্য বৃত্তি আছিল। ৰূপ, বাঁহ, বেতৰ শিল্পতো কামৰূপ এখন আগবঢ়া ৰাজ্য আছিল। ইটা তৈয়াৰ কৰা শিল্প আৰু প্ৰস্তৰ শিল্প কাৰ্যতো কামৰূপে ভাৰতৰ আন ৰাজ্যবোৰৰ ভিতৰতে আগ স্থান পাইছিল। আভ্যন্তৰীণ আৰু বৈদিশিক বাণিজ্যতো কামৰূপ ৰাজ্য আগবঢ়া আছিল। তিব্বত, ভূটান, চীন, শ্ৰীলংকা আৰু দক্ষিণ-পূব এছিয়াৰ দেশবোৰৰ সৈতে কামৰূপৰ বাণিজ্যিক সম্পৰ্ক আছিল। বিভিন্ন বৈদেশিক ৰাজ্যবোৰৰ লগত জল পৰিবহনৰ জৰিয়তে বেপাৰ-বাণিজ্য কৰা হৈছিল। পৰিবহন ব্যৱস্থাত ব্ৰহ্মপুত্ৰ আৰু গংগা নৈকে প্ৰধানতঃ ব্যৱহাৰ কৰা হৈছিল।

সামাজিক অৱস্থা ঃ

প্ৰাচীন কামৰূপৰ সামাজিক ভেটিটো সম্পূৰ্মৰূপে হিন্দু বৰ্ণাশ্ৰম ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত নাছিল যদিও ব্ৰাহ্মণসকলৰ সমাজত উচ্চ স্থান দিয়া হৈছিল। তেওঁলোকে ৰজাৰ পৰা ভূমি লাভ কৰাৰ উপৰি ৰাজ্যখনৰ উচ্চ পদসমূহ অলংকৃত কৰিছিল।বৰ্ণাশ্ৰম ধৰ্মৰ নীতিসমূহ এই অঞ্চলত কঠোৰভাৱে বলৱৎকৰাৰ ক্ষেত্ৰত কিছু বাধা আহি পৰিছিল। কিয়নো অতি প্ৰাচীন কালৰ পৰাই অসমখন অনাৰ্য লোকসকলৰ অধ্যুষিত অঞ্চল আছিল। আৰ্যসংস্কৃতিৰ যদিও এই অঞ্চলত বহু বছৰ আগতে প্ৰৱেশ ঘটিছিল তাথাপি স্থানীয় লোকৰ ৰীতি-নীতি, খাদ্যাভ্যাস, ধৰ্মীয় বিশ্বাস আদিৰ লগত সমিল মিল ঘাটাইহে ইয়াত বৰ্ণাশ্ৰম ধৰ্মৰ নীতিসমূহ বলৱৎ কৰিব পৰা হৈছিল। সেয়েহে ইয়াত জাতি-ভেদ প্ৰথা কঠোৰভাৱে প্ৰচলন নাছিল। 

পৰিয়ালেই সমাজৰ ক্ষুদ্ৰতম গোট আছিল। যৌথ পৰিয়ালে প্ৰচলনেই সৰ্বাধিক আছিল। আঢ্যৱন্ত পৰিয়ালৰ মহিলাসকলে বিদ্যা আহৰণ কৰিবলৈ সুবিধা পাইছিল। সতী দাহ আৰু পৰ্দা প্ৰথাৰ প্ৰচলন নাছিল। অসবৰ্ণ বিবাহৰ প্ৰচলনো সীমিত আছিল। জাতি বিশেষে বাল্য বিবাহ, বহু বিবাহ প্ৰথা আৰু বিধবাৰ পুনৰ বিবাহৰ প্ৰচলন আছিল। সেই সময়ত মানুহৰ প্ৰধান আহাৰ আছিল ভাত। তেতিয়াৰ দিনত মানুহে লোণৰ অভাৱত কলগছৰ পৰা তৈয়াৰী খাৰ (কলাখাৰ) খাইছিল। তদুপৰি গাখীৰৰ পৰা তৈয়াৰী বিবিধ খাদ্য, নানা বিধ পাচলি,ফলমূল, মাছ, মাংসও এওঁলোকৰ খাদ্য তালিকাৰ অন্তৰ্ভুক্ত আছিল। দৈনন্দিন জীৱনত ইয়াৰ অধিবাসীসকলে মূলতঃ কপাহী কাপোৰ পৰিধান কৰিছিল। পাট কাপোৰ ধনী মানুহখিনিয়ে ব্যৱহাৰ কৰিছিল। নানা বিধ সোণ-ৰূপৰ আ-অলংকাৰ ইয়াৰ অধিবাসীসকলে পিন্ধিছিল আৰু সুগন্ধি তেল ব্যৱহাৰ কৰিছিল। 


Class 7 Social Science 

Type: Nayan Moni Deka