১৩.৩ সময়ৰ জোখঃ

     ঘড়ী অবিহনে সময় কেনেকৈ নির্ণয় কৰিবা ? আগৰ দিনত আমাৰ বয়ােজ্যেষ্ঠ সকলে ছাঁ নিৰীক্ষণ কৰি দিনটোৰ সময় মােটামুটিভাৱে কেনেকৈ নিৰূপণ কৰিছিল। কেতিয়াবা ভাবি চাইছানে?

     এটা মাহৰ বা এটা বছৰৰ সময়ৰ ব্যৱধান আমি কেনেকৈ জোখো?

     আমাৰ পূর্ব - পুৰুষসকলে লক্ষ্য কৰিছিল যে , প্ৰকৃতিৰ বহু ঘটনাৰ নির্দিষ্ট সময়ৰ ব্যৱধানত পুনৰাবৃত্তি ঘটে। উদাহৰণস্বৰূপে, তেওঁলােকে সদায় ৰাতিপুৱা সূর্যোদয় প্রত্যক্ষ কৰিছিল। এটা সূর্যোদয় আৰু তাৰ পৰৱর্তী সূর্যোদয়ৰ মাজৰ সময়খিনিক এদিন বুলি কোৱা হৈছিল। একেদৰে, এটা অমাৱস্যা আৰু তাৰ পৰৱর্তী অমাৱস্যাৰ মাজৰ সময়খিনিক এমাহৰ জোখ হিচাপে লােৱা হৈছিল। পৃথিৱীয়ে সূর্যৰ চাৰিওফালে সম্পূর্ণকৈ এপাক ঘূৰিবলৈ লগা সময়খিনিক এবছৰ বুলি কোৱা হৈছিল।

     আমি প্রায়ে এদিনতকৈ বহু কম সময়ৰ ব্যৱধান জুখিবলগীয়া হয় । সম্ভৱতঃ ঘড়ীয়েই হ’ল আটাইতকৈ সহজলভ্য সময় জোখা সঁজুলি । ঘড়ীয়ে কেনেকৈ সময় জোখে জানিবলৈ কেতিয়াবা ইচ্ছুক হৈছানে ?

     ঘড়ীৰ কার্যপ্রণালী অলপ জটিল । কিন্তু সকলাে ঘড়ীয়েই ( ডিজিটেল ঘড়ীৰ বাহিৰে ) এক ধৰণৰ পর্যাবৃত্ত গতিৰ ব্যৱহাৰ কৰে । এবিধ সর্বজনবিদিত পর্যাবৃত্ত গতি হৈছে সৰল দোলকৰ গতি


 






চিত্ৰ১৩.৩ সাধাৰণতে দেখা কিছুমান ঘড়ী 


চিত্ৰ ১৩.৪ (ক) এটা সৰল দোলক



চিত্ৰ ১৩.৪ (খ) দুলি থকা সৰল দোলকৰ দোলপিণ্ডৰ বিভিন্ন অৱস্থান



 সৰল দোলক হ’ল এটা সুদৃঢ় আলমৰ পৰা সূতাৰে ওলােমাই থােৱা সৰু ধাতৱ বল বা শিলাখণ্ড । [ চিত্র ১৩.৪ ( ক ) ] । ধাতুৰ বলটোক দোলকপিণ্ড ( bob ) বুলি কোৱা হয় । 

    ১৩.৪ ( ক ) চিত্ৰত এটা সৰল দোলক , তাৰ গড় অৱস্থানত স্থিৰ হৈ থকা দেখুওৱা হৈছে । দোলকপিণ্ডটো একাষলৈ টানি এৰি দিলে ই অগা - পিছাকৈ গতি আৰম্ভ কৰিব । [ চিত্র- ১৩.৪ ( খ ) ] । সৰল দোলকৰ অগা - পিছা গতি , পর্যাবৃত্ত গতি বা দোলায়িত ( oscillatory ) গতিৰ এটা উদাহৰণ ।

        দোলকপিণ্ডই তাৰ সাম্য অৱস্থান 0 ৰ পৰা A লৈ , A ৰ পৰা B লৈ গতি কৰি শেষত B ৰ পৰা পুনৰ 0 লৈ উভতি আহিলে এটা দোলন ( oscillation ) সম্পূর্ণ হােৱা বুলি কোৱা হয় । পিণ্ডই এটা শীর্ষ প্রান্ত A ৰ পৰা আনটো শীর্ষ প্রান্ত B লৈ আহি পুনৰ A ত উপনীত হলেও দোলকটোৰ এটা দোলন সম্পূর্ণ হােৱা বুলি কোৱা হয় । এটা দোলন সম্পূর্ণ কৰিবলৈ লগা প্রয়ােজনীয় সময়ক দোলকৰ পর্যায় কাল (time period) বােলে।

ক্রিয়াকলাপ ১৩.২

     চিত্র ১৩.৪ ( ক ) ত দেখুওৱাৰ দৰে এডাল প্রায় এক মিটাৰ দৈৰ্ঘ্যৰ সূতা বা হীৰে এটা সৰল দোলক স্থাপন কৰা । ওচৰৰ সকলাে বিজুলী পাংখা বা ফেন বন্ধ কৰি লােৱা। দোলকটোৰ পিণ্ডটো সাম্য অৱস্থানত স্থিৰ হৈ থাকিবলৈ দিয়া। পিণ্ডৰ সাম্য অৱস্থান ত লৰ মজিয়াত বা পিছফালৰ বেৰত চিহ্নিত কৰি লােৱা।

     দোলকৰ পর্যায়কাল জুখিবলৈ এটা বিৰাম ঘড়ীৰ ( stop watch ) প্রয়ােজন হ’ব । যদি তেনে ঘড়ী নাই , তেন্তে টেবুল ঘড়ী বা হাত ঘড়ীও ব্যৱহাৰ কৰিব পাৰা ।

     দোলকটোক গতি দিবলৈ পিণ্ডটো লাহেকৈ ধৰি একাষলৈ নিয়া । এটা কথা নিশ্চিত কৰিবা যে পিণ্ডটো কাষলৈ নিওঁতে সূতাডাল যাতে ভালকৈ টান খাই থাকে । এতিয়া পিণ্ডটো অপসাৰিত স্থানৰ পৰা এৰি দিয়া । এৰি দিয়াৰ সময়ত পিণ্ডটোৱে যাতে ঠেলা নাখায় তালৈ মন কৰিবা । পিণ্ডটো সাম্য অৱস্থানত উপনীত হােৱাৰ সময় টুকি ৰাখা । সাম্য অৱস্থানৰ সলনি পিণ্ডটো কোনাে এটা শীর্ষ প্রান্তত উপনীত হােৱা সময়াে টুকি ৰাখিব পাৰা দোলকটোৱে ২০ বাৰ দোলন সম্পূর্ণ কৰিবলৈ প্রয়ােজন হােৱা সময় জোখা । তােমাৰ নিৰীক্ষণবােৰ তালিকা ১৩.২ ত লিপিবদ্ধ কৰা । তালিকাৰ প্রথম নিৰীক্ষণটো এট নমুনা হিচাপে দেখুৱা হৈছে । তােমাৰ নিৰীক্ষণবাে ইয়াতকৈ বেলেগ হ'ব পাৰে । এই ক্রিয়াকলাপটে বাৰম্বাৰ কৰা আৰু নিৰীক্ষণবােৰ টুকি ৰাখা । ২০ বা = দোলনৰ বাবে প্রয়ােজনীয় সময়ক ২০ ৰে ভাগ কৰি এটা দোলনৰ বাবে লগা সময় বা দোলকটোৰ পর্যায়কাল নির্ণয় কৰা। 

    তােমাৰ দোলকটোৰ পর্যায়কাল প্রতিবাৰত প্রায় একেই হয়নে ? 

    পিণ্ডৰ প্ৰাৰম্ভিক সৰণৰ সামান্য তাৰতম্যই দোলকটোৰ পর্যায়কালৰ ওপৰত যে কোনাে প্রভাব নেপেলায় সেই কথালৈ মন কৰা ।

 আজিকালি বেছিভাগ ঘড়ীতেই এটা বা ততােধিক বেটাৰীযুক্ত বৈদ্যুতিক বর্তনী থাকে । এই ঘড়ীবােৰক কোৱাৰ্টজ ঘড়ী বুলি কোৱা হয় । কোৱাৰ্টজ ঘড়ীৰে জোখা সময় আগৰ দিনৰ ঘড়ীতকৈ অধিক শুদ্ধ ।

 সময় আৰু দ্ৰতিৰ একক ঃ

     সময়ৰ মূল একক হৈছে ছেকেণ্ড । ইয়াৰ চিহ্ন হৈছে ছে ( s )। সময়ৰ ডাঙৰ এককবােৰ হ’ল মিনিট (মিন) আৰু ঘণ্টা ( ঘ ) । তােমালােকে এই এককবােৰৰ মাজৰ সম্পর্কৰ বিষয়ে ইতিমধ্যে শিকিছা ।

     দ্রুতিৰ মূল একক কি হােৱা উচিত ?

     যিহেতু দ্রুতি হ’ল দূৰত্ব / সময় , গতিকে দ্রুতিৰ মূল একক হ’ব মি . / ছে .। অৱশ্যে ইয়াক আন একক যেনে— মি . / মিনিট বা কি . মি . / ঘ , আদিতাে প্রকাশ কৰিব পাৰি ৷ 

    তােমালােকে মনত ৰাখিব লাগিব যে, সকলাে একক চিহ্নবােৰ এক বচনত লিখা হয়। উদাহৰণস্বৰূপে, আমি ৫০ কিলােমিটাৰসমূহৰ সলনি ৫০ কিলােমিটাৰ বা ৮ চেণ্টিমিটাৰসমূহৰ সলনি ৮ চেণ্টিমিটাৰ , লিখাে । 

    প্রজ্ঞানে এদিনত কিমান ছেকেণ্ড আৰু এবছৰত কিমান ঘণ্টা হ'ব পাৰে তাক জানিবলৈ ব্যগ্র হৈছে। তুমি তেওঁক সহায় কৰিব পাৰিবানে? 

    প্রয়ােজন সাপেক্ষে সময়ৰ বেলেগ বেলেগ একক ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে , তােমালােকৰ বয়স দিন বা ঘন্টাৰ প্ৰাকশ কৰাতকৈ বছৰত কৰাটো বেছি সুবিধাজনক। একেদৰে, তোমাৰ ঘৰৰপৰা বিদ্যালয়ৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰয়োজন হোৱা সময়ক বছৰৰ হিচাপত প্ৰকাশ কৰাটো বুদ্ধিমানৰ কাম নহ'ব।

     একে ছেকেণ্ড সময় ব্যৱধান কিমান কম বা কিমান বেছি? ডাঙৰকৈ 'দুহেজাৰ এক' কওঁতে লগা সময় প্ৰায় এক ছেকেণ্ড। 'দুহেজাৰ এক'ৰ পৰা 'দুহেজাৰ দহ'লৈ গণি এই উক্তিৰ সত্যাসত্য প্ৰতিপন্ন কৰা স্বাভাৱিকতে সুস্থ প্ৰাপ্তবয়স্ক এজন মানুহৰ বিশ্ৰাম লৈ থকা অৱস্থাত নাড়ীৰ স্পন্দন প্ৰতি মিনিটৰ ৭২ বাৰ অৰ্থাৎ ১০ ছেকেণ্ডত ১২ বাৰ।শিশুৰ ক্ষেত্ৰত  এই হাৰ কিঞ্চিত বেছি হ'ব পাৰে। 

    দোলক ঘড়ী জনপ্ৰিয় হোৱাৰ আগতে পৃথিৱীৰ বিভিন্ন অংশত বিভিন্ন ধৰণৰ সময় জোখা সঁজুলি ব্যৱহাৰ কৰা হৈছিল। সূৰ্য ঘড়ী (Sun dial), পানী ঘড়ী, বালি ঘড়ী এনে সঁজুলিসমূহৰ কিছুমান উদাহৰণ। পৃথিৱীৰ বিভিন্ন আৰ্হি প্ৰস্তুত কৰা হৈছিল (চিত্ৰ-১৩.৫)


প্রদত্ত দোলক এটাৰ পর্যায়কাল ধ্ৰুৱক , এই উক্তিৰ আৱিষ্কাৰৰ সৈতে এটা মনােৰঞ্জক কাহিনী জড়িত হৈ আছে । তােমালােকে বিখ্যাত বিজ্ঞানী গেলিলিঅ ’ গেলিলিৰ ( ১৫৬৪-১৬৪২ খৃঃ ) নাম নিশ্চয় শুনিছা । কথিত আছে যে এদিন গেলিলিঅই এটা গীর্জাঘৰত বহি আছিল । তেওঁ দেখিলে যে চিলিঙৰ পৰা শিকলি এডালেৰে ওলােমাই থােৱা লেম্প এটা ইফালৰ পৰা সিফাললৈ লাহে লাহে দুলি আছে । লেম্পটোৰ এটা কথাই তেওঁৰ কৌতুহল জগাই তুলিলে । তেওঁ দেখিলে যে লেম্পটোৱে এটা দোলন সম্পূর্ণ কৰা সময়খিনিৰ ভিতৰত তেওঁৰ নাড়ী স্পন্দনৰ সংখ্যা সদায় একে থাকে । বেলেগ বেলেগ দোলক ব্যৱহাৰ কৰি গেলিলিঅ'ই তেওঁৰ পর্যবেক্ষণৰ যথার্থতা প্রতিপন্ন কৰিছিল । প্রদত্ত দৈর্ঘ্যৰ দোলক এটাই এটা দোলন সম্পূর্ণ কৰিবলৈ সদায় একে সময় লয় বুলি তেওঁ জ্ঞাত হৈছিল । এই পর্যবেক্ষণেই আছিল দোলক ঘড়ীৰ আগমনৰ বাটকটীয়া । চাবি দিয়া ঘড়ী আৰু হাতঘড়ী , দোলক ঘড়ীৰেই উৎকৃষ্ট সংস্কৰণ ।



Type: Ankur Raj Deka

Class 7 Science SCERT Book