স্বাধীন নির্বাচন আয়ােগ

মুক্ত আৰু নিকা নির্বাচনী পদ্ধতি আৰু প্রক্রিয়া সুনিশ্চিত কৰিবলৈ ভাৰতত বিভিন্ন প্রচেষ্টা চলােৱা হৈছে । ইয়াৰ সকলােতকৈ গুৰুত্বপূৰ্ণ হ’ল ‘ নির্বাচন পর্যবেক্ষণ আৰু অনুষ্ঠিত কৰিবলৈ এটা স্বাধীন নির্বাচনী আয়ােগ গঠন কৰা । তুমি জানানে যে বহুতাে দেশত নির্বাচন অনুষ্ঠিত কৰিবলৈ এনেকুৱা স্বাধীন যন্ত্র ( Machanism ) নাই । 

The superintendence , direction and control of the preparation of the electoral rolls for and the conduct of , all elections to Parliament and to the legislature of every State and of elections to the offices of President and Vice - President held under this constitution shall be vested in a commision ( referred to in this constitution as the election commission ). 

 সংসদ , বিধানসভা , ৰাষ্ট্রপতি আৰু উপ - ৰাষ্ট্রপতি নির্বাচন পৰিচালনা কৰিবলৈ আৰু ভােটাৰ তালিকা প্রস্তুত , নির্দেশনা আৰু তত্বাৱধান কৰিবলৈ সংবিধানৰ ৩২৪ ( ১ ) অনুচ্ছেদৰ অধীনত এটা নির্বাচন আয়ােগ গঠন কৰা হৈছে । 

    ভাৰতীয় সংবিধানৰ ৩২৪ অনুচ্ছেদত নির্বাচনী তালিকাৰ তত্বাৱধান , নির্দেশ আৰু নিয়ন্ত্ৰণৰ বাবে আৰু ভাৰতত নির্বাচন অনুষ্ঠিত কৰিবৰ বাবে এক স্বাধীন নির্বাচনী আয়ােগৰ ব্যৱস্থা কৰা হৈছে । সংবিধানৰ এই কথাখিনি বৰ গুৰুত্বপূৰ্ণ , কিয়নাে ই । নির্বাচনী আয়ােগক নির্বাচন সম্পর্কীয় সকলাে কামৰ দায়িত্ব দিছে । ভাৰতৰ সর্বোচ্চ ন্যায়ালয়েও সংবিধানৰ এই ব্যাখ্যা মানি লৈছে । 

    ভাৰতৰ নির্বাচনী আয়ােগক সহায় কৰিবলৈ প্ৰতিখন ৰাজ্যতে একোজন মুখ্য  নির্বাচনী বিষ নির্বাচাছে । নির্বাচনী আয়ােগে স্থানীয় অনুষ্ঠানসমূহৰ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে দায়বদ্ধ নাথাকে । স্থানীয় চৰকাৰ বিষয়ক অধ্যায়ত উল্লেখ কৰাৰ দৰে , ৰাজ্যিক নির্বাচনী আয়ুক্তসকলে ভাৰতৰ নির্বাচনী আয়ােগৰ পৰা সম্পূর্ণ স্বতন্ত্রভাৱে কাম কৰে আৰু প্রত্যেকৰে নিজা কার্যক্ষেত্র আছে । 

    ভাৰতৰ নির্বাচনী আয়ােগ এজন বা কেবাজনাে সদস্যক লৈ গঠন হ'ব পাৰে । ১৯৮৯ চনলৈকে নির্বাচনী আয়ােগ এজনীয়া আছিল । ১৯৮৯ চনৰ সাধাৰণ নিৰ্বাচনৰ আগে আগে দুজন নির্বাচনী আয়ুক্তক নিযুক্তি দি ইয়াক বহু সদস্যযুক্ত কৰা হয় । নির্বাচনৰ পিছতেই ইয়াক পুনৰ এজনীয়া কৰা হয় । ১৯৯৩ চনত পুনৰ দুজন আয়ুক্তক নিযুক্তি দিয়া হয় আৰু তেতিয়াৰে পৰা নির্বাচনী আয়ােগ বহু সদস্যবিশিষ্ট হৈয়েই আছে । প্রথমতে এই বিষয়ত আশংকা কৰা হৈছিল । সেই সময়ৰ মুখ্য নির্বাচনী আয়ুক্ত আৰু আন আয়ুক্তসকলৰ মাজত ক্ষমতাক লৈ তীব্র মত বিৰােধ হৈছিল । শেষত সর্বোচ্চ ন্যায়ালয়ে ইয়াক সমাধা কৰে । বর্তমান বহু সদস্যযুক্ত নির্বাচনী আয়ােগ ক্ষমতাৰ বিভাজন আৰু দায়বদ্ধতাৰ ফালৰ পৰা বেচি উপযুক্ত বুলি সর্বসম্মতভাৱে মানি লােৱা হৈছে ।

    মুখ্য নির্বাচনী আয়ুক্তই নির্বাচনী আয়ােগত সভাপতিত্ব কৰে যদিও আন নির্বাচনী আয়ুক্তসকলতকৈ তেওঁৰ ক্ষমতা বেছি নহয় । মুখ্য নির্বাচনী আয়ুক্ত আৰু আন দুজন আয়ুক্তৰ নির্বাচন বিষয়ক সিদ্ধান্ত গ্রহণত সামূহিক গােট হিচাপে সমান ক্ষমতা আছে । তেওঁলােকক মন্ত্রী পৰিষদৰ পৰামর্শ ক্ৰমে ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে । সেই বাবে শাসক দলৰ বাবে আয়ােগত নির্বাচনী সুবিধাৰ বাবে পক্ষপাত দুষ্ট ব্যক্তি নিয়ােগ কৰা সম্ভৱ হ'ব পাৰে । সেইবাবে বহুতে এই পদ্ধতি সলনি কৰাৰ পৰামর্শ দিয়ে । বহুতাে ব্যক্তিয়ে নির্বাচনী আয়ুক্ত আৰু মুখ্য আয়ুক্তক নিযুক্তি দিয়াৰ সময়ত বিৰােধী নেতা আৰু ভাৰতৰ মুখ্য ন্যায়াধীশৰ লগত পৰামৰ্শ কৰিব লাগে বুলি কয় ।

     সংবিধানে মুখ্য নির্বাচনী আয়ুক্ত আৰু নির্বাচন আয়ুক্ত সকলৰ কার্যকালৰ সুৰক্ষা দিছে । তেওঁলােকক ৬ বছৰীয়া কার্যকাল বা ৬৫ বছৰ বয়সলৈ যিটোৱে আগতে হয় সেইমতে নিয়ােগ কৰা হয় । মুখ্য নির্বাচনী আয়ুক্তক নির্দিষ্ট কার্যকালৰ আগতেই সংসদৰ উভয় সদনৰ বিশেষ সংখ্যাগৰিষ্ঠ ভােট সাপেক্ষে ৰাষ্ট্রপতিয়ে অপসাৰণ

 বিশেষ সংখ্যাগৰিষ্ঠতা ( Special majority )

বিশেষ সংখ্যাগৰিষ্ঠতাৰ অৰ্থ হ'লঃ

*উপস্থিত ভােটদাতা সকলৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা আৰু 

*সদনৰ মুঠ সদস্যৰ সাধাৰণ সংখ্যাগৰিষ্ঠতা । 

    ধৰি লােৱা যে তুমি তােমাৰ শ্ৰেণীত বিশেষ সংখ্যাগৰিষ্ঠতাৰে এটা প্রস্তাব গ্ৰহণ কৰিব লাগে ।ধৰি লােৱা যে তােমাৰ শ্ৰেণীত ৫৭ জন ছাত্র আছে । কিন্তু ভােট গ্ৰহণৰ দিনা মাত্র ৫১ জনহে উপস্থিত আৰু তাৰে ৫০ জনে ভােট গ্রহণত অংশ গ্রহণ কৰিছে । এনে পৰিস্থিতিত বিশেষ সংখ্যাগৰিষ্ঠতাৰে প্ৰস্তাৱটো গ্ৰহণ কৰা বুলি তুমি কেতিয়া কবা ?

     এই কিতাপখনত অন্ততঃ তিনিটা অন্য অধ্যায়ত তুমি বিশেষ সংখ্যাগৰিষ্ঠতাৰ কথা উল্লেখ পাবা । ইয়াৰে এটা পিছৰ অধ্যায়ত কাৰ্যপালিকা বিষয়ক অধ্যায়ত পাবা । তাত আমি ভাৰতৰ ৰাষ্ট্ৰপতিৰ মহাভিযােগৰ বিষয়ে আলােচনা কৰিম । বিশেষ সংখ্যাগৰিষ্ঠতাৰ কথা আলােচনা কৰা আন দুটা স্থান বিচাৰি উলিওৱা ।

কৰিব পাৰে । নির্বাচনত মূখ্য নির্বাচনী আয়ুক্তই নিৰ্বাচনত শাসকীয় দলৰ প্রতি বিশেষ অনুগ্রহ নেদেখুওৱা বাবে শাসক দলে যাতে তেওঁক অপসাৰণ কৰিব নােৱাৰে সেইটো সুনিশ্চিত কৰিবলৈ এনে কৰা হৈছে । নির্বাচনী আয়ুক্তসকলক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অপসাৰণ কৰিব পাৰে।

ভাৰতত নির্বাচন আয়ােগৰ বিভিন্ন কার্য আছে । 

*ই সম্পূর্ণ নতুন ( Up to date ) নির্বাচনী তালিকা প্রণয়নৰ কাম তত্ত্বাবধান কৰে । পঞ্জীয়ণভুক্ত ভােটদাতাৰ নাম যাতে বাদ পৰি নাযায় বা অযােগ্য বা অস্তিত্বহীন  ( Non - existent ) ভােটদাতাৰ নাম যাতে নির্বাচনী তালিকাত সােমাব নােৱাৰে তাক সুনিশ্চিত কৰিবলৈ ই সকলাে ব্যৱস্থা লয় । 

*ই নির্বাচনৰ সময়সূচী নির্ধাৰণ কৰে আৰু নির্বাচনী কার্যক্রম প্রস্তুত কৰে । নির্বাচনী কার্যক্রম বুলিলে নির্বাচনৰ জাননী জাৰি কৰা , মনােনয়ন পত্র দাখিলৰ তাৰিখ ঘােষণা , মনােনয়ন পত্র দাখিলৰ শেষ তাৰিখ , অনুসন্ধানৰ শেষ তাৰিখ ঘােষণা , মনােনয়ন পত্র উঠাই লােৱাৰ তাৰিখ ঘােষণা , নির্বাচনৰ তাৰিখ , ভােট গণনাৰ তাৰিখ ঘােষণা আৰু ফলাফল ঘােষণা কৰা এই সকলােবােৰ অন্তর্ভুক্ত হয় । 

*এই সমস্ত প্রক্রিয়াটোত মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰিবলৈ নির্বাচনী আয়ােগে দল আৰু প্ৰাৰ্থীৰ বাবে আচৰণ বিধি প্রয়োগ  কৰে । কোনাে নির্দিষ্ট সমষ্টিত ই পুনৰ নিৰ্বাচনৰ আদেশ দিব পাৰে । ই যদি ভাবে যে ভােট গণনাত কিবা কেৰােণ আছে তেন্তে ই পুণৰ ভােট গণনাৰ আদেশ দিব পাৰে । 

*নির্বাচনী আয়ােগে ৰাজনৈতিক দলক স্বীকৃতি দিয়ে আৰু প্রত্যেককে প্রতীক প্ৰদান কৰে।

  নির্বাচনী আয়ােগে ৰাজনৈতিক দলক স্বীকৃতি দিয়ে আৰু প্রত্যেককে প্রতীক প্রদান কৰে । নির্বাচনী আয়ােগৰ অতি কম সংখ্যক নিজস্ব কর্মচাৰী আছে । প্রশাসনীয় যন্ত্ৰৰ সহায়ত ই নির্বাচন অনুষ্ঠিত কৰে । অৱশ্যে নির্বাচন প্রক্রিয়া আৰম্ভ হােৱাৰ লগে লগে নির্বাচন সম্পর্কীয় বিষয়ত আয়ােগৰ প্ৰশাসনীয় নিয়ন্ত্রণ বলবৎ হয় । নির্বাচনী প্রক্রিয়া চলি থকা সময়ত ৰাজ্যিক আৰু কেন্দ্রীয় চৰকাৰৰ প্ৰশাসনীয় বিষয়াসকলক নির্বাচন সম্পর্কীয় দায়িত্ব দিয়া হয় আৰু তেওঁলােকৰ ওপৰত নির্বাচনী আয়ােগৰ সম্পূর্ণ নিয়ন্ত্রণ থাকে । নির্বাচনী আয়ােগে বিষয়াসকলক বদলি কৰিব পাৰে বা তেওঁলােকৰ বদলি ৰদ কৰিব পাৰে । তেওঁলােকে নিৰপেক্ষভাৱে কাম নকৰিলে তেওঁলােকৰ বিপক্ষে আয়ােগে ব্যৱস্থা ল’ব পাৰে । 

    পাৰ হৈ যােৱা বছৰবিলাকত ভাৰতৰ নির্বাচন আয়ােগে স্বতন্ত্র কর্তৃপক্ষ হিচাপে নিজকে প্রতিষ্ঠা কৰিছে আৰু নির্বাচনী প্রক্রিয়াৰ পৱিত্ৰতা ৰক্ষা কৰিবলৈ ই নিৰপেক্ষভাৱে কাম কৰি আহিছে । নির্বাচনী আয়ােগৰ অভিলেখে দেখুৱাইছে । যে কোনাে অনুষ্ঠানৰ কার্যকাৰিতাৰ উন্নয়নৰ বাবে আইনগত বা সাংবিধানিক পৰিবৰ্তনৰ প্ৰয়ােজন নাই । আজিৰ পৰা ২০ বছৰ আগতকৈ নির্বাচনী আয়ােগক এতিয়া বেছি স্বতন্ত্র আৰু দৃঢ় বুলিও সকলােৱে মানি লয় নির্বাচন আয়ােগৰ ক্ষমতা আৰু সাংবিধানিক সুৰক্ষা বৃদ্ধি পােৱা বাবে এনে হােৱা নাই । নির্বাচনী আয়ােগে সংবিধান প্রদত্ত ক্ষমতাবোৰ বেচি ফলপ্রসূ ভাৱে প্রয়ােগ কৰিবলৈ লৈছে ।

     যােৱা ৫৫ বছৰত ১৪ টা লােকসভা নির্বাচন হৈ গ'ল । আয়ােগে বহু ৰাজ্যিক বিধানসভা নির্বাচন আৰু উপ - নির্বাচন অনুষ্ঠিত কৰিছে । অসম , পাঞ্জাব জম্মু আৰু কাশ্মীৰৰ দৰে উগ্রপন্থী অধ্যুষিত ৰাজ্যতাে নির্বাচন অনুষ্ঠিত কৰাৰ দৰে কঠিন পৰিস্থিতিৰৰ ই সন্মুখীন হৈছে । ১৯৯১ চনত নির্বাচনী প্রচাৰৰ মাজতে পূর্ব প্রধান মন্ত্ৰী ৰাজীৱ গান্ধীক হত্যা কৰোঁতে হঠাতে নির্বাচন পিছুৱাই দিয়াৰ দৰে কঠিন পৰিস্থিতিৰাে ই সন্মুখীন হৈছে । ২০০২ চনত যেতিয়া গুজৰাট বিধানসভা ভঙ্গ কৰি দিয়া হৈছিল আৰু নির্বাচন পাতিব লগা হৈছিল তেতিয়া ই আন এক জটিল পৰিস্থিতিৰ সন্মুখীন হৈছিল । কিন্তু নির্বাচন আয়ােগে দেখিছিল যে অভূতপূর্ব হিংসাত্মক ঘটনাই সেই ৰাজ্যত ততালিকে মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাটো অসম্ভৱ কৰি তুলিছিল । নির্বাচনী আয়ােগে ৰাজ্য বিধান সভাৰ নির্বাচন মানলৈ পিছুৱাই কেই মাহ দিবলৈ সিদ্ধান্ত লৈছিল । সর্বোচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়ােগৰ এই সিদ্ধান্ত বাহাল ৰাখিছিল।

 Type Sumit Patar

Class 11 Political Science