ৰাষ্ট্ৰীয় নিৰ্দেশাত্মক নীতি কি আছে ?

ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ অধ্যায়টোৱে প্ৰধানকৈ তিনিটা বিষয়ে তালিকাভূক্ত কৰিছেঃ

* আমি এখন সমাজ হিচাবে কি লক্ষ্য আৰু উদ্দেশ্য গ্ৰহণ কৰা উচিত। 

* মৌলিক অধিকাৰৰ বাহিৰেও কিছুমান অধিকাৰ ব্যক্তিয়ে উপভোগ কৰা উচিত, আৰু 

* কিছুমান নীতি চৰকাৰে গ্ৰহণ কৰা উচিত । 

তলত উল্লেখ কৰা ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহৰ লক্ষ্য কৰিলে তুমি আমাৰ সংবিধান প্ৰণেতাসকলৰ দূৰদৃষ্টিৰ কিছু আভাষ পাব পাৰা। 

    চৰকাৰবােৰে সময়ে সময়ে কিছুমান নিদের্শক নীতিক কাৰ্য্যকৰী কৰিবলৈ প্রচেষ্টা চলাই আহিছে । সিহতে জমিদাৰী প্ৰথাৰ বিলােপ সম্পর্কীয় কেইবাখনাে আইন প্রচলন কৰিছিল । বেঙ্কৰ ৰাষ্ট্ৰীয়কৰণ , বিভিন্ন কাৰখানাৰ আইন বিধিবদ্ধ কৰিছিল , নিম্নতম মজুৰি নিৰ্দ্ধাৰণ কৰিছিল , কুটীৰ আৰু ক্ষুদ্র শিল্পৰ বিকাশ কৰিছিল , অনুসূচীত জাতি - জনজাতিৰ বিকাশৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰিছিল । ৰাষ্ট্ৰৰ নির্দোশাত্মক নীতিক কাৰ্য্যকৰী কৰাৰ কিছু প্রচেষ্টা হৈছে- শিক্ষাৰ অধিকাৰ , সমগ্ৰ ৰাষ্ট্রতে পঞ্চায়তীৰাজ ব্যৱস্থা গঠন কৰা , নিয়ােগ নিশ্চিতকৰণ আঁচনিৰ অধীনত আংশিক কৰ্মৰ অধিকাৰ আৰু দুপৰীয়া আহাৰৰ ব্যৱস্থা ইত্যাদি । 

নাগৰিকৰ মৌলিক কর্তব্য ( Fundamental Duties of citizens ) 

*১৯৭৬ চনত সংবিধানৰ ৪২ তম সংশােধনী গ্ৰহণ কৰা হৈছিল । আন বিষয়ৰ ভিতৰত এই সংশােধনে নাগৰিকৰ মৌলিক কর্তব্যৰ এখন তালিকা অন্তর্ভূক্ত কৰিছিল মুঠতে দহটা কৰ্তব্যৰ বিশেষ বিৱৰণ দিয়া হৈছিল । কিন্তু সংবিধানে এই কর্তব্যবােৰ বলবৎ কৰাৰ বিষয়ে একো কোৱা নাই ।

 *নাগৰিক হিচাপে , আমি সংবিধান মতে চলিব লাগিব , আমাৰ ৰাষ্ট্ৰক ৰক্ষা কৰিব লাগিব , সকলাে নাগৰিকৰ মাজত মিলা প্রীতি বৃদ্ধি কৰিব লাগিব , পৰিবেশ সুৰক্ষিত কৰিব লাগিব । 

 *তথাপি , এইটো মন কৰিব লাগিব যে আমাৰ অধিকাৰবােৰ সংবিধানে আমাৰ উপভােগ কৰাৰ ক্ষেত্ৰত কর্তব্য পালনৰ ওপৰত চৰ্তভিত্তিক বা নিৰ্ভৰশীল কৰা নাই । এইদৰে মৌলিক কর্তব্যৰ অন্তর্ভূক্তিয়ে মৌলিক অধিকাৰৰ মৰ্য্যাদা ক্ষুণ্ণ কৰা নাই।  

Type Sumit Patar

Class 11Political Science