আলোচনা নীতি

সংবিধান সভাৰ কৰ্তৃত্ব কেৱলমাত্ৰ এই কথাৰ পৰা নাহে যে ই বহলভাৱে প্ৰতিনিধিত্বমূলক । এয়াৰ কৰ্তৃত্ব মূলতঃ এই কথাৰ পৰা আহে যে ই এক নিৰ্দ্দিষ্ট পদ্ধতি সংবিধান প্ৰস্তুত  কৰাৰ কাৰণে গ্ৰহণ কৰিছে আৰু ইয়াৰ সদস্যসকলে বিধান মগুলে নিদকে প্ৰতিনিধিত্বমূলক হিচাবে দাবী কৰে এইটো বাঞ্ছনীয় যে সমাজৰ বিভিন্ন অংশ লোকে ইয়াত অংশগ্ৰহণ কৰে । তদুপৰি তেওঁলোকে কেৱল নিজৰ  ব্যক্তিগত বা সমূহীয়া পৰিচয়  ৰক্ষাৰ বাবে আলোচনাত আগবাঢ়ে । সদস্যসকলৰ মাজত অতি সঘনাই মতবিৰোধ  হৈছিল । হয়াৰে কিছুমান মতবিৰোধ  সদস্যসকলে নিজৰ স্বাৰ্থ  ৰক্ষা কৰিবলৈ যাওতে গঢ়ি উঠিছিল ।

    নীতিগত  ক্ষেত্ৰতো সদস্যসকৰ মাজত কিছুমান বৈধ  মতবিৰোধ গঢ়ি উঠিছিল । এনে মতবিৰোধৰ বিভিন্ন ধৰণৰ আছিল-  ভাৰতবৰ্ষই কেন্দ্ৰীভূত নে বিকেন্দ্ৰীভূত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ?কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজৰ সম্পৰ্কে কেনে হব লাগে ? ন্যায়পালিকা ক্ষমতা কেনে হোৱা উচিত ? সংবিধানে সম্পত্তিৰ অধিকাৰক ৰক্ষাণাবেক্ষণ দিব লাগেনে? এনে প্ৰত্যকটো বিষয় যিবোৰে আধুনিক ৰাষ্ট্ৰ ব্যৱস্থা ভেটি গঢ়ি তোলে সেই সকলোবোৰেই সংবিধান সভাত বলহভাবে আলোচনা কৰা হৈছিল । সংবিধানৰ কেৱল মাত্ৰ এটা ব্যৱস্থা কোনো ধৰণৰ  আলোচনা নোহোৱাকৈয়ে গ্ৰহণ কৰা হৈছিল আৰু সেইটো আছিল - সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ। সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ অৰ্থ এয়ে যে - এটা নিৰ্দিষ্ট বয়সৰ পিছত জাতি ধৰ্ম, শিক্ষা, লিংগ ভেদে সকলোৱে ভোটদানৰ অধিকাৰ পাব।  সেইকাৰণে সংবিধান সভাৰ সদস্যকসলে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ব্যৱস্থাটো কোনো ধৰণৰ আলোচনা নোহোৱাকৈ গ্ৰহণ কৰিছিল।  ইয়াৰ বাহিৰে আন সকলোবোৰ বিষয় খৰচি মাৰি আৰু বিতংভাবে আলোচনা কৰা হৈছিল। সংবিধান সভাৰ গণতান্ত্ৰিক চৰিত্ৰৰ ইয়াতকৈ আৰু বেলেগ প্ৰমাণৰ প্ৰয়োজন নাই । 

    সংবিধানে ইয়াৰ কৰ্তৃত্ব জনসাধাৰণৰ সামুহিক মুক্তিৰ ভিত্তিত লাভ কৰিছিল। সংবিধানসভাৰ  সদস্যসকলে আলোচনা আৰু যুক্তিৰ ওপৰত গুৰুত্ব দিছিল। তেওঁলোকে কেৱল নিজৰ স্বাৰ্থ পূৰণৰ বাবে যুক্তি আগবঢ়াইছিল। সদস্যসকলে যে আন সদস্যকো নীতিৰ  ভিত্তিত সমৰ্থন আগবঢ়াইছিল। সদস্যসকলে যে আন সদস্যকো নীতিৰ ভিত্তিক সমৰ্থন দিছিল সেই কথাই ইয়াকে প্ৰমাণ কৰে যে- তেওঁলোকে কোনো ধৰণৰ ঠেক মনোবৃত্তিৰ পৰিবৰ্তে এক সামুহিক সচেতনতা দেখুৱাইছিল যাতে সকলোকে একেলগে আগবঢ়াই লৈ যাব পাৰে । দৰাচলতে সংবিধান সভাৰ বিতৰ্কৰ ওপৰত যি বিৰাট খগু প্ৰকাশিত হৈছে যত সংবিধানৰ প্ৰতিটো অনুচ্ছেদৰে বিস্তৃত আলোচনা আছে,ই ৰাজহুৱা যুক্তিৰ এক শ্ৰেষ্ঠ স্বীকৃতি । সংবিধান সভাৰ বিতৰ্কসমূহৰ সংবিধান প্ৰণয়নৰ ইতিহাসত এক স্মৰণীয় অধ্যায় ।