ইন্দো-গ্ৰীকসকল ঃ

মৌর্যসকলৰ প্ৰৱর্তী যুগত ভাৰতবৰ্ষলৈ কেনেকৈ বিদেশী শক্তিৰ আগমন ঘটিছিল? সেই সময়ত বিদেশী আক্রমণ প্রতিহত কৰিব পৰা ক্ষমতা ভাৰতৰ নাছিল নেকি? সেই কথা অৱশ্যেই সত্য যে এই কালছােৱাত উত্তৰ পশ্চিম ভাৰতত এক গভীৰ ৰাজনৈতিক সংকটে দেখা দিছিল। কিন্তু, তাৰ লগে লগে বহিঃৰাষ্ট্রৰ লগত প্রাচীন ভাৰতৰ যি সাংস্কৃতিক আদান প্রদান চলিছিল সেইটোৱেও বিদেশী শক্তিক ভাৰতৰ প্ৰতি আকর্ষিত কৰিছিল। এইদৰেই ইন্দো- গ্রীক, শক, পার্থিয়ান আৰুকুষানসকলে ভাৰতৰ উত্তৰ - পশ্চিম দিশেদি আমাৰ দেশত প্ৰৱেশ কৰিছিল। ইন্দো - গ্রীকসকলৰ বিখ্যাত ৰজাজনৰ নাম আছিল মিনাণ্ডাৰ বা মিলিন্দ। মিনাণ্ডাৰে বৌদ্ধধর্ম গ্রহণ কৰিছিল আৰু বহুত চৈত আৰু বৌদ্ধবিহাৰ নির্মাণ কৰিছিল। গ্রীসকলে ভাৰতীয় ধৰ্ম আৰু দৰ্শনৰ প্রতি আকৃষ্ট হৈ হিন্দু আৰু বৌদ্ধ ধর্ম, দুয়ােটাই গ্রহণ কৰিছিল। এওঁলােকৰ সাংস্কৃতিক জীৱনৰ কেতবােৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যই ভাৰতীয় সমাজৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।

ভাৰতীয় সংস্কৃতিলৈ ইন্দো-গ্ৰীকসকলৰ অৱদান ঃ

ভাৰতীয় লোকসকলৰ পৰা জ্যোতিষ শাস্ত্ৰ, মুদ্ৰা আৰু শিল্প কলাৰ জ্ঞান লাভ কৰিছিল। ইন্দো-গ্ৰীকসকলৰ প্ৰভাৱৰ ফলত ভাৰতবৰ্ষত গান্ধাৰ শিল্পকলাৰ বিকাশ ঘটে। এই শিল্প-কলা আছিল গ্ৰীচদেশীয় আৰু ভাৰতীয় আৰ্হিৰ অপূৰ্ব সমাহাৰ। গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তু আছিল বৌদ্ধধৰ্ম। এই সময়তে মথুৰা শিল্পকলা বুলি স্থানীয় শিল্পকলা এটিয়েও বিকাশ লাভ কৰিছিল। এই শিল্পৰো মূল বিষয়বস্তু আছিল বৌদ্ধধৰ্ম। 

গ্ৰীকসকলৰ ৰাজপৃষ্ঠপোষকতাত স্থানীয় ভাষাই বিশেষ সমৃদ্ধি লাভ কৰিছিল। আকৌ সংস্কৃত সাহিত্যতো গ্ৰীক প্ৰভাৱ মন কৰিবলগীয়া। সংস্কৃত নাটকত পৰ্দা বা যৱনিকাৰ ব্যৱহাৰ 'যৱন' শব্দটোৰ পৰা অহা বুলি অনুমান কৰা হয়। আনহাতে, মুদ্ৰাৰ ক্ষেত্ৰতো গ্ৰীকসকলৰ প্ৰভাৱ নুই কৰিব নোৱাৰি। এইদৰে দিগ্বিজয়ৰ লগতে ইন্দো- গ্ৰীকসকলে সামাজিক সমন্বয় আৰু সাংস্কৃতিক অৱদানৰ যোগেদি ভাৰতবৰ্ষৰ মাটিক আপোন কৰি ভাৰতীয় হৈ পৰিছিল। খ্ৰীঃপূঃ প্ৰথম শতিকাৰ প্ৰথম ভাগত পহ্লৱসকলে ভাৰতবৰ্ষ আৰু ইয়াৰ উত্তৰ-পশ্চিম অঞ্চলত আধিপত্য বিস্তাৰৰ চেষ্টা চলাইছিল। ৰাজনৈতিক পৰিৱৰ্তনৰ উপৰি ভাৰতীয় সংস্কৃতিৰ বিকাশ আৰু বিস্তৃতিত শক-পহ্লৱ যুগে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।


Class 7 Social Science 

Type: Nayan Moni Deka