১১.২ প্রাণীৰ ৰেচনঃ

 মনত পেলােৱাচোন নিশাহত কেনেকৈ কার্বন - ডাই অক্সাইডক বর্জিত পদাৰ্থৰূপে হাঁওফাওৰে আঁতৰাই পেলায় । লগতে মনত পেলােৱা যে হজম নােহােৱা আহাৰবােৰ মলত্যাগৰ দ্বাৰা কেনেদৰে বাহিৰলৈ ওলাই যায় । আহা এতিয়া বিচাৰি উলিয়াও কেনেকৈ আনবােৰ বর্জিত দ্রব্য শৰীৰপৰা আঁতৰােৱা হয় । তােমালােকে হয়তাে আচৰিত হৈছা , ক’ৰ পৰা এই অপ্রয়ােজনীয় দ্রব্যবােৰ আহে ।

     যেতিয়া আমাৰ কোষসমূহে কিছুমান কার্য সম্পাদন কৰে তেতিয়া কিছুমান নির্দিষ্ট বর্জিত দ্রব্য এৰি দিয়ে । এইবােৰ বিষাক্ত আৰু সেয়ে শৰীৰৰ পৰা উলিয়াই দিয়াটো প্রয়ােজন । জীৱ কোষত উৎপন্ন হােৱা বর্জিত দ্রব্যবােৰ যি প্রক্রিয়াৰ দ্বাৰা আঁতৰাই দিয়া হয় তাকে ৰেচন ( ex cretion ) বােলা হয় । ৰেচন কার্যত ব্যৱহাৰ হােৱা বিভিন্ন অংগৰে ৰেচন তন্ত্র গঠিত হয় । মানৱ শৰীৰৰ ৰেচন তন্ত্র ও তেজত মিহলি হৈ থকা বর্জিত দ্রব্যসমূহ শৰীৰৰ পৰা উলিয়াই দিয়াটো নিতান্তই প্রয়ােজন । পিছে এইটো হয় কেনেকৈ ? তেজ পৰিশােধন কৰাৰ বাবে এক প্রক্রিয়াৰ প্রয়ােজন । বৃক্কত থকা তেজৰ কৈশিক নলীকাবােৰে এই পৰিশােধন কার্য সম্পাদন কৰে । বৃক্কত প্রৱেশ কৰোঁতে তেজত প্রয়ােজনীয় আৰু অনিষ্টকাৰী দুয়াে ধৰণৰ পদার্থ মিহলি হৈ থাকে । প্রয়ােজনীয় দ্রব্যবােৰ তেজে পুনৰ শােষণ কৰি লয় । পানীত দ্রবীভূত বর্জিত দ্রব্যবােৰ প্ৰস্ৰাৱ হিচাপে বাহিৰ হয় ।



        বৃক্কৰ পৰা প্ৰস্ৰাৱ মূত্রনলীৰ মাজেদি আহি মূত্রাশয়ত প্ৰৱেশ কৰে। এইবােৰ মূত্রাশয়ত জমা হয় আৰু মূত্র পথ (ure thra) নামৰ মাংসপেশীৰে গঠিত এক নলীৰ শেষ প্রান্তত থকা প্ৰস্ৰাৱ - দ্বাৰেদি ওলাই যায় ( চিত্র ১১.৬) । বৃক্ক , মূত্রনলী, মূত্রাশয় আৰু মূত্রপথৰ দ্বাৰাই ৰেচন তন্ত্র গঠিত হয় । এজন প্রাপ্তবয়স্ক মানুহে ২৪ ঘণ্টাত ১-১.৮ লিটাৰ প্রস্রাৱ ত্যাগ কৰে । প্ৰস্ৰাৱত ৯৫ % পানী, ২.৫ % ইউৰিয়া আৰু ২.৫ % আন আন বর্জিত দ্রব্য থাকে । গৰমৰ দিনত যে ঘাম ওলায় সেই অভিজ্ঞতা আমাৰ সকলােৰে আছে । ঘামত পানী আৰু নিমখ থাকে । প্রজ্ঞানে লক্ষ্য কৰিছে যে গৰমৰ দিনত আমাৰ কাপােৰত

         বিশেষকৈ কাষলতিৰ তলত কেতিয়াবা বগা দাগ বহে । এই দাগবােৰ ঘামত থকা নিমখৰ বাবে হয় । ঘামে অন্য কাম কৰেনে ? আমি জানাে যে মাটিৰ কলহত পানী থলে ঠাণ্ডা হয় । ইয়াৰ কাৰণ হ’ল কলহত থকা ৰন্ধৰে পানী বাষ্পীভূত হয় যাৰ ফলত পানী ঠাণ্ডা হয় । একেদৰে আমি যেতিয়া ঘামে তেতিয়া ই আমাৰ শৰীৰটো ঠাণ্ডা হােৱাত সহায় কৰে ।

        

প্রাণীয়ে শৰীৰৰ পৰা কেনেদৰে ৰাসায়নিক দ্রব্যসমূহ বাহিৰ কৰিব সেইটো পানীৰ প্ৰাপ্তিৰ ওপৰত নিৰ্ভৰ কৰে । জলচৰ প্রাণী যেনে– মাছে কোষৰ বর্জিত পদার্থসমূহ এম’নিয়া হিচাবে বাহিৰ কৰে যিবােৰ পানীত পােনে পােনে দ্ৰৱীভূত হয় । কিছুমান স্থলচৰ প্রাণী যেনে- চৰাই , জেঠী , সাপ আদিয়ে বগা ৰঙৰ অর্ধ - কঠিন ( semi - solid ) যৌগিক পদার্থ ( ইউৰিক এছিড ) উলিয়াই দিয়ে। মানুহৰ প্রধান ৰেচন দ্রব্য হল ইউৰিয়া ।


ৰােগৰ সংক্ৰমণৰ বাবে বা আঘাত পালে কেতিয়াবা এজন ব্যক্তিৰ বৃক্কই কাম কৰা বন্ধ কৰিব পাৰে । ফলস্বৰূপে বৃক্ক বিকল হয় আৰু বর্জিত দ্রব্যসমূহ তেজত জমা হ’বলৈ আৰম্ভ কৰে । এনে ব্যক্তি বেছি দিন জীয়াই থাকিব নােৱাৰে , যদিহে তেওঁৰ তেজ কৃত্রিম বৃক্কৰ দ্বাৰা সময়ে সময়ে পৰিশােধিত কৰা হয় । এই প্রক্রিয়াটোক অপােহন (dialysis) বােলা হয় ।


Type Ankur raj deka

Class 7 Science SCERT Book