সাংবিধানিক নিৰাময়ৰ অধিকাৰ

    এজনে সন্মত হব যে আমাৰ সংবিধানত মৌলিক অধিকাৰ এখন যথেষ্ট আকৰ্ষণীয়  তালিকা অন্তৰ্ভূক্ত হৈছে । কিন্তু কেৱলমাত্ৰ অধিকাৰ সম্বলিত এখন তালিকা লিখাটোৱে যথেষ্ট নহয়। তাত এটা উপায় থাকিব লাগিব যাৰ দ্বাৰা সেইবোৰ বাস্তৱত প্ৰতিফলিত কৰিব পৰা যায় আৰু যিকোনো ধৰণৰ আক্ৰমণৰ পৰা এই অধিকাবোৰ সুৰক্ষিত কৰিব পৰা যায় । সাংবিধানিক নিৰাময়ৰ অধিকাৰ হৈছে এটা মাধ্যম যাৰ দ্বাৰা  এইবোৰ আহকৰণ কৰিব পৰা যায়। ড° আম্বেদকাৰে সাংবিধানিক নিৰাময়ৰ অধিকাৰক সংবিধানৰ হৃদপিগু আৰু আত্মা বুলি কৈছে।


 কাৰণ এই অধিকাৰটোৱে এজন নাগৰিকক যদি কিবা তেওঁলােকৰ মৌলিক অধিকাৰ ভংগ হয় সেইবােৰ পুনৰুদ্ধাৰৰ বাবে উচ্চ বা উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনােৱাৰ অধিকাৰ উচ্চতম বা উচ্চ ন্যায়ালয়ে চৰকাৰৰ প্রতি এই অধিকাৰবােৰ বলবৎ কৰিবৰ বাবে নিয়ম জাৰি কৰিব পাৰে বা নির্দেশ দিব পাৰে । বিচাৰালয়ে বিভিন্ন বিশেষ আদেশ জাৰি কৰিব পাৰে যিবােৰক আজ্ঞালেখ বুলি জনা যায় 

*বন্দি-প্রত্যক্ষীকৰণ ( Habeas corpus ) : হেবিয়াস কৰপাস আজ্ঞালেখে বুজাই যে ন্যায়ালয়ে গ্রেপ্তাৰ কৰা ব্যক্তিক ইয়াৰ সন্মুখত উপস্থিত কৰাবলৈ আদেশ দিব । ই এজন গ্রেপ্তাৰ হােৱা ব্যক্তিক মুক্ত কৰিবলৈ আদেশ দিব পাৰে যদিহে গ্রেপ্তাৰ হোৱা কাৰণটো আই নসংগত বা সন্তোষজনক নহয় । 

*পৰমাধিদেশ বা আদালতৰ হুকুম ( Mandamous ) : আজ্ঞালেখ জাৰি কৰা হয় যেতিয়া বিচাৰালয়ে দেখে যে এজন বিশেষ পদাধিকাৰীয়ে আইনগত কর্তব্য পালন কৰা নাই আৰু তাৰ দ্বাৰা এজন ব্যক্তিৰ অধিকাৰ লংঘন কৰিছে ।

 *নিষেধাজ্ঞা ( Prohibition ) : এই আজ্ঞালেখ এটা উচ্চতৰ বিচাৰালয়ে জাৰি কৰে ( উচ্চ বা উচ্চতম ন্যায়ালয় ) যেতিয়া এখন নিম্ন আদালতে দেখে যে এটা ঘটনা ইয়াৰ ন্যায়িক ক্ষেত্ৰৰ বাহিৰলৈ গৈছে ।

*অধিকাৰৰ পৃচ্ছা ( QuoWarranto ) : যদি বিচাৰালয়ে দেখে যে এজন ব্যক্তিয়ে এটা পদত অধিস্থিত হৈ আছে কিন্তু তেওঁ সেই পদত থাকিব নালাগে , ই অধিকাৰ পৃচ্ছা আজ্ঞালেখ জাৰি কৰিব পাৰে আৰু সেই ব্যক্তিজনক এজন পদাধিকাৰ হিচাপে কাম কৰাৰ পৰা বিৰত ৰাখিব পাৰে । 

*উৎপ্রেক্ষণ লেখ ( Certiorari ) : এই আজ্ঞালেখৰ অধীনত বিচাৰালয়ে এখন নিম্ন আদালত বা আন কর্তৃপক্ষৰ বিচাৰাধীন হৈ থকা বিষয় এটা উচ্চতৰ কর্তৃপক্ষ নাইবা বিচাৰালয়লৈ বদলি কৰিবলৈ নির্দেশ দিয়ে ।

     ন্যায়পালিকাৰ বাহিৰেও , জনসাধাৰণৰ অধিকাৰ সুৰক্ষাৰ বাবে আন বহুতাে ব্যৱস্থাৰ সৃষ্টি কৰা ৰাষ্ট্ৰীয় মহিলা আয়ােগ , ৰাষ্ট্ৰীয় জনজাতীয় আয়ােগ ইত্যাদিৰ নাম

 *মানৱ অধিকাৰ আয়ােগ ( Human Rights Commission ) 

যিকোনাে সংবিধানে প্রদান কৰা অধিকাৰবােৰ বাস্তৱত সম্পূর্ণ প্রতিফলিত হ'লেহে ইয়াৰ সঁচা সােৱাদ পােৱা যায় । সমাজৰ দুখীয়া , অশিক্ষিত আৰু বঞ্চিত শ্ৰেণীৰ মানুহে এই অধিকাৰবােৰ উপভােগ কৰাৰ সামর্থ থাকিব লাগে। পৌৰ স্বাধীনতাৰ বাবে জনসাধাৰণৰ ঐক্য ( Pepople's Union for Civil liberties , PUPL ) অথবা গণতান্ত্রিক অধিকাৰৰ বাবে জনসাধাৰণৰ ঐক্য ( Pepople's Union for Demo cratic Rights , PUPL ) ৰ নিচিনা স্বাধীন সংগঠনে অধিকাৰ খবৰ বিৰুদ্ধে সতর্ক প্ৰহৰী হিচাবে কাম কৰি আছে । এই পটভূমিত , ২০০০ চনত চৰকাৰে এটা অনুষ্ঠান প্রতিষ্ঠা কৰিছে , যিটো ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়ােগ ।

     এই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়ােগটো গঠিত হৈছে ( NHRC ) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ , উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত বিচাৰক , উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আৰু দুজন অন্য সদস্য যাৰ মানৱ অধিকাৰৰ লগত জড়িত বিষয়ৰ ওপৰত বাস্তৱিক অভিজ্ঞতা আছে । 

আয়ােগৰ কাৰ্য্যসমূহ হ’ল - ই নিজৰ উদ্যোগত তদন্ত কৰা অথবা ক্ষতিগ্রস্ত লােকে মানৱ অধিকাৰ ভংগৰ অভিযােগৰ ভিত্তিত আৱেদন জনালে ; কাৰাগাৰ পৰিদৰ্শন কৰা , মানৱ অধিকাৰৰ ক্ষেত্ৰত গৱেষণাৰ দায়িত্ব লােৱা আৰু ইয়াক আগবঢ়াই লৈ যােৱা ইত্যাদি । 

আয়ােগে প্রতিবছৰে হাজাৰ হাজাৰ অভিযােগ পায় । এইবােৰৰ ভিতৰত কাৰাগাৰতে মৃত্যু , কাৰাগাৰত বলাৎকাৰ , অন্তৰ্দ্ধান হােৱা আৰক্ষীৰ অতিশায্য , কাৰ্য্য অৱলম্বনত অকৃতকাৰ্য্যতা , মহিলালৈ অমৰ্য্যদা ইত্যাদি । ইয়াৰ আটাইতকৈ গুৰুত্বপূর্ণ হস্তক্ষেপ হ’ল পাঞ্জাৱৰ অন্তর্ধান হােৱা ডেকাৰ ওপৰত আৰু গুজৰাটৰ দাঙ্গাৰ ঘটনাৰ তদন্ত আৰু বিচাৰ য'ত ইয়াৰ হস্তক্ষেপ কাৰ্য্যকৰী প্রমাণিত হৈছিল । 

আয়ােগৰ মােকৰ্দ্দমা চলােৱাৰ ক্ষমতা নাই ৷ ই কেৱল চৰকাৰ বা বিচাৰালয়ক ই চলোৱা তদন্তৰ ভিত্তিত মোকৰ্দ্দমাৰ কাৰ্য্যধাৰা কৰিবলৈ পৰামৰ্শ দিব পাৰে ।শুনিব পাৰা।  এই অনুষ্ঠানবোৰে মহিলা সংখ্যালঘু আৰু দলিত সকলৰ অধিকাৰ সুৰক্ষিত কৰে । তাৰোপৰি মৌলিক অধিকাৰ আৰু আন ধৰণৰ অধিকাৰ সুৰক্ষাৰ বাবে আইনৰ দ্বাৰা ৰাষ্ট্ৰীয়  মানৱ অধিকাৰ আয়োগো প্ৰতিষ্ঠা কৰা হৈছে । 

 Type Sumit Patar

Class 11 Political Science