বিদ্যালয় ভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰঃ

প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষাৰ স্তৰ পৰ্যন্ত বিদ্যালয়, মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ ভৰতিকৰণৰ হাৰ উচ্চ আৰু বিদ্যালয় বা মহাবিদ্যালয় এৰাৰ হাৰ নিম্ন হোৱাটো মানৱ সম্পদ উন্নয়ৰ আন এটি উল্লেখযোগ্য নিৰ্দেশক।  

প্ৰতিষেধক টিকাকৰণৰ হাৰঃ

এখন দেশৰ প্ৰতিষেধক চিকাকৰণৰ হাৰেও দেশখনৰ মানৱ সম্পদ উন্নয়ন সাক্ষ্য বহন কৰে। কিয়নো ই শিশুৰ স্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ সুৰক্ষা প্ৰদান কৰে। সেয়েহে প্ৰতিষেধক টিকাকৰণৰ হাৰকো মানৱ সম্পদৰ নিৰ্দেশক হিচাপে বিবেচনা কৰা হয়।

মানৱ সম্পদ উন্নয়নত বৃৃত্তিমূলক শিক্ষাৰ ভূমিকাঃ

ষষ্ঠ শ্রেণীৰ পাঠত তােমালােকে বিভিন্ন বৃত্তিৰ বিষয়ে জানি আহিছা । আদিম মানুহৰ প্রাচীনতম বৃত্তি কি আছিল মনত পেলােৱাচোন ? এই পাঠত বৃত্তিমূলক শিক্ষানাে কি তাৰ বিষয়ে কিছু আলােচনা কৰিম । তােমালােকে পাঠৰ আৰম্ভণিতে সন্নিৱিষ্ট কৰা অমল শইকীয়া আৰু খলিলুৰ ৰহমানৰ পৰিয়াল দুটাৰ প্রতিচ্ছবি দুখন মন কৰা । শইকীয়াৰ ল'ৰা দুজন উচ্চ শিক্ষা আহৰণ কৰাৰ পিছতাে জীৱন নির্বাহৰ বাবে স্বনিৰ্ভৰশীল হ'ব পৰা নাছিল । আনহাতে ৰহমানৰ ল'ৰা ছােৱালীহালে প্রশিক্ষণ লৈ জীৱন নির্বাহৰ বাবে স্বনিৰ্ভৰশীল হৈ জীৱন নির্বাহ কৰিবলৈ শিকিছিল । উচ্চ শিক্ষা লাভ কৰিও শইকীয়াৰ ল'ৰা দুজনে চৰকাৰী চাকৰি নােপােৱাৰ বাবে নিবনুৱা হৈ ঘৰতে বহি থাকিব লগা হ’ল । কর্মসংস্থানৰ অভাৱ হ'লে মানুহৰ আয়ৰ উৎস নাথাকে । ফলত দৰিদ্রতা বাঢ়ে । দৰিদ্ৰতাই মানৱ সম্পদ উন্নয়ন বাধাৰ সৃষ্টি কৰে । উচ্চ শিক্ষা গ্রহণ কৰাৰ পিছত চৰকাৰে সকলাে শিক্ষিত ব্যক্তিকে চাকৰি যােগান ধৰাটো সম্ভৱ নহয় । তােমালােকে জানি আহিছা যে উচ্চ শিক্ষা গ্ৰহন কৰাৰ পিছতো ব্যক্তি এজনে মানৱ সম্পদ হ'ব নোৱাৰে যদিহে তেওঁ উৎপাদন কাৰ্যত কোনো অৰিহণা যোগাব নোৱাৰে। ২০১১ চনৰ লোকপিয়লৰ হিচাপ মতে অসমৰ জনসংখ্যা ৩,১১,৬৯,২৭২ জন। শতকৰা ৮৭ জন মানুহে গাঁৱত বাস কৰে। খেতি-বাতিয়েই হৈছে গাঁৱৰ মানুহৰ জীৱিকা। দুখৰ বিষয় যে অসমত শতকৰা ৩৪ জন মানুহ এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। সাক্ষৰতাক হাৰ ৭৩.১৮, ভাৰতৰ তুলনাত সাম্ষন্য কম। এক বুজন মানুহ পৰিমাণৰ শিক্ষিত নিবনুৱাই মানৱ সম্পদ উন্নয়নত প্ৰাচীৰৰূপে থিয় দিছে । দিনক দিনে শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে । অর্থাৎ প্রচলিত শিক্ষা ব্যৱস্থাই আমাক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পৰা নাই । গতিকে এতিয়া আমাৰ এনে শিক্ষাৰ প্ৰয়ােজন হৈ পৰিছে যি শিক্ষাই প্রতিজন ব্যক্তিক উৎপাদনৰ ক্ষেত্ৰত স্ব - নিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰে । এই কাৰণেই বৃত্তিমূলক শিক্ষাৰ প্ৰয়ােজন আহি পৰিছে । জীৱন ধাৰণৰ বাবে ব্যক্তি এজনে যি কাম কৰে তাক সেই মানুহজনৰ বৃত্তি বুলি কোৱা হয় । কোনাে ব্যক্তিয়ে কাপােৰ চিলাই কৰাৰ প্রশিক্ষণ লৈ দৰ্জী হিচাপে জীৱিকা অর্জন কৰিলে সেইটোৱেই হ'ব তেওঁৰ বৃত্তি । মানুহৰ দৈনন্দিন জীৱনৰ প্রয়ােজন অনেক । এই প্রয়ােজনসমূহ পূৰ কৰিব পাৰে কিছুমান দক্ষ ব্যক্তিয়ে । কাৰােবাৰ ঘৰত পানীকলৰ বিজুতি ঘটিলে প্রয়ােজন হয় পানীক মিস্ত্রী । ঠিক তেনেদৰে মটৰ মেকানিক , কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, পেইণ্টাৰ, বিউটিচিয়ান,  ইলিকট্ৰিচিয়ান, ম'বাইল, কম্পিউটাৰ ভাল কৰা মানুহ আধুনিক জীৱনৰ অপৰিহাৰ্য অংগ। এই বিষয়বোৰত প্ৰশিক্ষণ লৈ মানুহে অতি সহজে উপাৰ্জনৰ পথ মোকলাব পাৰে। আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকনি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে। বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাৰজনক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘব কৰি স্বনিয়োজনৰ পথ মুকলি হোৱাত সহায় কৰে। মানুহক আৰ্থিকভাৱে আত্মানিৰ্ভৰশীল কৰাত বৃত্তিমূলক শিক্ষাই সবল ভূমিকা লয়। সেয়েহে আমাৰ চৰকাৰে বৰ্তমান এই শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে।


Class 8 Social Science

Type: Dimi Bora