১৭.১ অৰণ্যলৈ যাত্রা ? 

    এটা দেওবাৰৰ ৰাতিপুৱা ল'ৰা - ছােৱালীবােৰে কিছু সামগ্রী যেনে— একোখনকৈ কটাৰী , বিবর্ধক কাচ , লাঠি , টোকাবহী আদি বেগত ভৰাই ল'লে আৰু গাঁওখনৰ ওচৰতে থকা অৰণ্যলৈ বুলি খােজ কাঢ়ি আগবাঢ়িছিল । সিহঁতে বাটত সিহঁতৰ সমবয়সীয়া টিবু নামৰ ল'ৰা এটা লগ পালে । সি ওচৰৰ গাঁওখনত থাকে আৰু পেহীয়েকৰ সৈতে গৰু চৰাবলৈ তালৈ আহিছিল । সি বৰ তজবজীয়া ল’ৰা আৰু গৰুৰ জাকটোৰ লগত ইফালে - সিফালে দৌৰা দৌৰি কৰি ফুৰিছিল । যেতিয়া সি ল’ৰা - ছােৱালীবােৰ দেখিলে সিও সিহঁতৰ লগত খােজ দিলে , আনহাতে তাৰ পেহীয়েকে বেলেগ বাটেৰে আগবাঢ়ি গ'ল । অৰণ্যত সােমােৱাৰ লগে লগেই টিবুৱে হাত দাঙি সকলােকে শান্তভাৱে আগবাঢ়িবলৈ সংকেত দিলে , কাৰণ হুলস্থলে । অৰণ্যত থকা প্রাণীক আমনি দিব পাৰে ।

     অৰণ্যখনৰ দৃশ্য বহলভাৱে দেখুৱাবলৈ টিবুরে সিহঁতক ওখ ঠাই এডােখৰলৈ লৈ গৈছিল । ল’ৰা ছােৱালীবােৰ আচৰিত হৈছিল কাৰণ সিহঁতে কতাে অকণাে মাটি দেখিবলৈ পােৱা নাছিল ( চিত্র -১৭.১ ) । মাটিৰ ওপৰত বিভিন্ন গছৰ ওপৰৰ অংশই সেউজীয়া আভৰণৰ সৃষ্টি কৰিছিল । অৱশ্যে আভৰণখন একে ধৰণৰ সেউজীয়া ৰঙৰ নাছিল । পৰিৱেশটো বেছ শান্ত আছিল আৰু শীতল বতাহ বৈ আছিল । ইয়ে ল’ৰা - ছােৱালীবােৰক বেছ সতেজ আৰু আনন্দিত কৰি তুলিছিল । 

    তললৈ নামি আহোঁতে , হঠাতে শুনা চৰাইৰ মাত আৰু গছৰ ওপৰৰ ডালবােৰৰ পৰা অহা কিছু উচ্চ স্বৰৰ শব্দত তেওঁলােক আনন্দিত হৈ উঠিছিল । টিবুৱে এইটো ইয়াৰ সাধাৰণ ঘটনা বুলি কৈ তেওঁলােকক সহজ হ’বলৈ কৈছিল । ল'ৰা - ছােৱালীবােৰৰ উপস্থিতিৰ কথা গম পাই কিছুমান বান্দৰে গছৰ ওপৰলৈ গৈ তাত থকা চৰাইবােৰক আমনি কৰিছিল । প্রাণীবােৰে মাজে সময়ে আন প্রাণীবােৰক সজাগ কৰিবলৈ এনে ধৰণৰ সতর্কবাণী দি থাকে । আন বহুতাে প্রাণী যেনে— বন - গাহৰি , বাইছন , ফেউৰা , কেটেলা পহু , হাতী আদি অৰণ্যখনৰ গভীৰ অঞ্চলত থাকে বুলিও টিবুৱে কৈছিল ( চিত্র -১৭.২ ) । অধ্যাপক আহমেদে সতর্ক কৰি দিলে যে ল'ৰা ছােৱালীবােৰ গভীৰ অৰণ্যৰ ভিতৰলৈ যােৱা উচিত নহব । 

    প্রজ্ঞান আৰু প্ৰহেলিকাই ষষ্ঠ শ্রেণীত আৱাসস্থলীৰ উদাহৰণ হিচাপে পঢ়া অৰণ্যৰ কথা মনত পেলালে ( চিত্র ১৭.৩)। অৰণ্যই যে বহুতো প্ৰাণী আৰু উদ্ভিদক বসবাস কৰিবলৈ সুবিধা কৰি দিয়ে তাকো এতিয়া সিহঁতে দেখিবলৈ পালে।

     ল’ৰা - ছােৱালীবােৰে খােজকাঢ়ি যােৱা মাটিখিনি অসমান আৰু বহুতাে গছেৰে আবৃত হৈ আছিল । টিবুৱে সিহঁতক শাল , চেগুন , শিমলু , শিশু , নিম , পলাশ , ডিম , খয়ে , আমলখি , বাঁহ , কাচনাৰ আদি গছ চিনি পােৱাত সহায় কৰিলে ( চিত্র ১৭.৪ ) । অধ্যাপক আহমেদে কলে যে অৰণ্যত আৰু বহুত ধৰণৰ বৃক্ষ , গুল্ম , বনৌষধি আৰু ণ আছে । গছবিলাকো বিভিন্ন ধৰণৰ লতা আৰু আৰােহী উদিদেৰে আবৃত হৈ আছিল । সূর্যটো গছৰ পাতৰ মাজেৰে কোনােমতে দেখা গৈছিল বাবে অৰণ্যৰ ভিতৰখন যথেষ্ট আন্ধাৰ আছিল । 

ক্রিয়াকলাপ ১৭.১

     তােমালােকৰ ঘৰত থকা বিভিন্ন বস্তুবােৰ মন কৰা আৰু অৰণ্যৰ পৰা আহৰণ কৰা সামগ্রীবােৰৰ পৰা তৈয়াৰ হােৱা বস্তুৰ তালিকা প্রস্তুত কৰা ।

     তােমাৰ তালিকাত বহুতাে কাঠেৰে তৈয়াৰী সামগ্রী , যেনে— প্লাইউড় , কাঠখৰি , বাকচ , কাগজ , দিয়াচলাই কাঠি আৰু বিভিন্ন ধৰণৰ আচ্ বাব নিশ্চয় আছে । তােমালােকে জানানে যে আঠা , তেল , মচলা , ঘৰচীয়া প্রাণীৰ বাবে ঘাঁহ - বন , ঔষধি উদ্ভিদ আদি কিছুমান সামগ্রী অৰণ্যৰ পৰা পাওঁ ( চিত্র ১৭.৫ ) ।

    কোনো বা এই গছবোৰ ৰুইছিল তাকে ভাবি শীলা আচৰিত হৈছিল। অধ্যাপক আহমেদ উত্তৰ দিছিল যে প্ৰকৃতিত থকা গছবোৰে যথেষ্ট বীজ উৎপন্ন কৰে। অৰণ্যৰ মজিয়াখনে বীজবোৰ অংকুৰিত হৈ গছপুলিৰ বিকাশৰ কাৰণে এটা অনুকূল পৰিৱেশ গঢ়ি দিয়ে। কিছুমান গজালিৰ বৃদ্ধি হৈ গছ হয়। তেওঁ কৈছিল যে গা-গছ বা কাণ্ডৰ ওপৰত ডালযুক্ত অংশক গছৰ মুকুট বুলি জনা যায় (চিত্ৰ- ১৭.৬)।

    অধ্যাপক আহমেদে ল'ৰা - ছােৱালীবােৰক ওপৰলৈ চাই নিৰীক্ষণ কৰিবলৈ কৈছিল— কেনেকৈ অৰণ্যত ওখ গছৰ ডালবােৰে আন উদ্ভিদবােৰৰ ওপৰত এখন চালৰ দৰে আৱৰি থাকে । তেওঁ কৈছিল যে ইয়াকে চন্দ্ৰতাপ সদৃশ গছ ( canopy ) বােলে ( চিত্র -১৭.৭ ) । 

ক্রিয়াকলাপ ১৭.২

     তােমালােকৰ ওচৰৰ অৰণ্য বা উদ্যান এখন ভ্রমণ কৰা ৷ গছবােৰ লক্ষ্য কৰা আৰু চিনাক্ত কৰিবলৈ চেষ্টা কৰা । বয়ােজ্যেষ্ঠ লােকৰ বা গছৰ ওপৰত লিখা কিতাপৰ সহায় ল’ব পাৰা । লক্ষ্য কৰা গছৰ বৈশিষ্ট্যবােৰ , যেনে — উচ্চতা , পাতৰ আকাৰ , মুকুটৰ আকৃতি , ফুল আৰু ফলৰ বিষয়ে এখন তালিকা তৈয়াৰ কৰা । কিছুমান গছৰ মুকুটৰ ছবিও আঁকিব পাৰা । 

    অধ্যাপক আহমেদে গছবােৰৰ যে বিভিন্ন আকাৰ আৰু আকৃতিৰ মুকুট আছে তাক আঙুলিয়াই দিলে । এইবােৰে অৰণ্যত বিভিন্ন অনুভূমিক তৰপৰ সৃষ্টি কৰে । এইবােৰকে নিম্ন স্তৰীয় তৰপ বােলে ( চিত্র -১৭.৭ ) । ওখ আৰু প্রকাণ্ড গছবােৰে ওপৰৰ তৰপ আৰু জোপােহা , ওখ ঘাঁহ - বন আৰু লতাবােৰে নিম্নস্তৰীয় তৰপটো গঠন কৰে।

    প্রজ্ঞানে সুধিলে , “ আমি একে ধৰণৰ গছ সকলাে অৰণ্যতে দেখিবলৈ পাওঁনে ? ” অধ্যাপক আহমেদে কৈছিল , “ নাপাওঁ , বিভিন্ন জলবায়ুৰ বাবে গছ আৰু আন উদ্ভিদৰ মাজত তাৰতম্য দেখা যায় । প্রাণীৰ প্ৰকাৰাে অৰণ্যভেদে ভিন ভিন হয় ।” 

    কিছুসংখ্যক ল'ৰা - ছােৱালীয়ে গুল্ম আৰু শাক-বনৰ ফুলবিলাকৰ ওপৰত একাবেঁকাকৈ উৰি ফুৰা ধুনীয়া পখিলাবােৰ চোৱাত ব্যস্ত আছিল । তেওঁলােকে জোপােহাবােৰ ওচৰৰপৰা চাই ছিল । তেনেদৰে থাকোঁতে বহু ধৰণৰ গছৰ গুটি - পাত আদি সিহঁতৰ চুলি , কাপােৰ আদিত লাগি ধৰিছিল ।

    তেওঁলােকে গছৰ বাকলিত , পাতত আৰু অৰণ্যৰ মাটিৰ ওপৰত পচিবলৈ ধৰা উদ্ভিদৰ অংশবােৰত বিভিন্ন প্রজাতিৰ পতংগ , মকৰা , কেৰ্কেটুৱা , পােক - পৰুৱা আৰু অন্যান্য ক্ষুদ্র ক্ষুদ্র প্রাণী কিছুমান দেখিলে । সিহঁতে সেই জীৱবােৰৰ ছবিও আঁকিবলৈ আৰম্ভ কৰিলে । অৰণ্যৰ মাটি দেখিবলৈ গাঢ় ৰঙৰ আছিল আৰু তাত মৰা আৰু পচিবলৈ । ধৰা বহু পাত , ফল , গুটি , সৰু ডাল আৰু সৰু লতাৰ তৰপেৰে আবৃত আছিল । পচিবলৈ ধৰা বস্তুবােৰ সেমেকা আৰু অলপ গৰম আছিল । 

    ল'ৰা - ছােৱালীবােৰে বিভিন্ন গছৰ গুটি আৰু পাতাে সংগ্রহ কৰিলে। অৰণ্যত পৰি থকা পাতৰ তৰপৰ ওপৰেৰে খােজ কাঢ়োতে সােপােকা দলিচাৰ ওপৰেৰে খােজ কঢ়াৰ দৰে লাগিছিল । 

        পচা বস্তুবােৰ সদায়ে অলপ গৰম হয় নেকি ? অধ্যাপক আহমেদে এই প্রশ্নৰ উত্তৰ পাবলৈ ল'ৰা ছােৱালীবােৰক এটা ক্রিয়াকলাপ কৰিবলৈ পৰামর্শ দিছিল ।

ক্রিয়াকলাপ ১৭.৩

     এটা সৰু গাঁত খান্দি লােৱা । ইয়াত শাক - পাচলিৰ পেলনীয়া অংশ আৰু পাতবােৰ পেলােৱা । পাছত মাটিৰে ইয়াক পুতি পেলােৱা । কিছু পানীও তাত ঢালি দিয়া । তিনি দিনৰ পাছত ওপৰৰ মাটিৰ তৰপটো আঁতৰাই পেলােৱা । গাঁতটোৰ ভিতৰত বাৰু গৰম অনুভৱ হয়নে ?

    প্ৰহেলিকাই সুধিছিল, ইয়াত বহুত সংখ্যক গছ আছে। এইখনৰ উপৰি এনে ধৰণৰ বহুত অৰণ্য আছে। যদি আমি ইয়াৰপৰা কিছু গছ আছে । এইখন উপৰি এনে ধৰণৰ বহুত অৰণ্য আছে। যদি আমি ইয়াৰ পৰা কিছু গছ কল-কাৰখানাৰ বাবে কাটি পেলাওঁ, তেনে'হলেনো কি বেলেগ হ'ব?"

    অধ্যাপক আহমেদে কৈছিল, "তোমালোকে স্বপোষী আৰু মৃতপোষী জীৱৰ বিষয়ে পঢ়িছা। তোমালোকে সেউজীয়া উদ্ভিদে কেনেকৈ খাদ্য প্ৰস্থত কৰে, তাকো জানা। তৃণভোজী বা মাংসভোজী যিয়ে নহওক, সকলো প্ৰাণীযে খাদ্যৰ বাবে মুঠতে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। যিবিলাক জীৱই খাদ্য হিচাপে উদ্ভিদ গ্ৰহণ কৰে, সেইবিলাকক অন্য জীৱই খায় আৰু প্ৰক্ৰিয়াটো তেনেকৈ চলি থাকে। উদাহৰণস্বৰুপে পতংগই ঘাঁহ খায়,  পতংগক আকৌ ভেকুলীয়ে খায় । ভেকুলীক সাপে ভক্ষণ কৰে । ইয়াকে খাদ্য শৃংখল বুলি কয় ।

     ঘাঁহ পতংগ → ভেকুলী – সাপ — ঈগল অৰণ্যত বিভিন্ন ধৰণৰ খাদ্য শৃংখল দেখা যায় । সকলােবােৰ খাদ্য শৃংখলৰ সম্পর্ক আছে । যদি এটা খাদ্য শৃংখল ব্যাহত হয় , তেনেহ'লে আন খাদ্য শৃংখলৰ ওপৰতাে তাৰ প্ৰভাৱ পৰিৰ । অৰণ্যৰ সকলােবােৰ অংশই পৰম্পৰৰ ওপৰত নিৰ্ভৰশীল । যদি আমি অৰণ্যৰপৰা এটা উপাদান , ধৰা গছ আঁতৰাই পেলাওঁ , তেন্তে আন উপাদানবােৰৰ ওপৰতে প্ৰভাৱ পৰিব । 

    অধ্যাপক আহমেদে ল’ৰা - ছােৱালীবােৰক অৰণ্যৰ মাটিত পৰি থকা পাত কিছুমান বুটলিবলৈ আৰু আতচী কাচেৰে নিৰীক্ষণ কৰিবলৈ ক'লে । সিহঁতে পচিব ধৰা পাতবােৰত কিছুমান ক্ষুদ্র কাঠফুলা গজিবলৈ লােৱা দেখিবলৈ পাইছিল । সিহঁতে ক্ষুদ্র ক্ষুদ্র পতংগৰ কিছুমান গােট , কেৰেলুৱা , পৰুৱা , গুবৰুৱা জাতীয় পােক আদিও তাত দেখিবলৈ পাইছিল । এইবােৰ জীৱই কেনেকৈ তাত বাস কৰে তাকে দেখি সিহঁত আচৰিত হৈছিল । অধ্যাপক আহমেদে বুজাই দিছিল যে সহজে দেখা প্রাণীবােৰৰ উপৰি আন বহুতাে জীৱ আৰু অণুজীৱও মাটিত বাস কৰে । প্রহেলিকাই কাঠফুলা আৰু অণুজীৱবােৰে কি খায় । সেইটো জানিবলৈ উৎসুক হৈছিল । অধ্যাপক আহমেদে উত্তৰত কৈছিল যে সিহঁতে তল সৰা বা মৃত উদ্ভিদ তথা প্ৰাণীৰ কলাসমূহ খায় আৰু সেইবােৰ গাঢ় ৰঙৰ এবিধ সামগ্রীলৈ পৰিৱৰ্তন কৰে , যাক হিউমাছ বােলা হয় । 

    তােমালােকে নৱম অধ্যায়ত হিউমাছৰ বিষয়ে পঢ়িছা । মাটিৰ কোনটো তৰপত হিউমাছ পােৱা যায় ? মাটিৰ বাবে ইয়াৰ গুৰুত্ব কি ?

     যিবােৰ অণুজীৱই পচা উদ্ভিদ আৰু প্রাণীক হিউমাছলৈ পৰিৱৰ্তিত কৰে , তাকে বিয়ােজক বুলি জনা যায় । এই অণুজীৱই অৰণ্যত এটা উল্লেখযােগ্য ভূমিকা লয় । অৰণ্যত পৰি থকা পাতবােৰ প্ৰহেলিকাই ততাতৈয়াকৈ গুচাই দি তাৰ তলত হিউমাছৰ তৰপ এটা ধৰা পেলালে । হিউমাছৰ উপস্থিতিয়ে মৃত উদ্ভিদ আৰু প্রাণীৰপৰা পােষক দ্রব্য মাটিত মিহলি হােৱাটো নিশ্চিত কৰে । মাটিৰপৰা এই পােষক দ্রব্য পুনৰ জীৱিত উদ্ভিদ শিপাই শােষণ কৰি লয় । “ অৰণ্যত যদি এটা প্রাণীৰ মৃত্যু ঘটে ; তেতিয়া কি হয় ? ” শীলাই সুধিছিল । টিবুৱে কৈছিল যে মৃত প্রাণীবােৰ শগুণ , কাউৰী , ফেউৰা আৰু পতংগৰ আহাৰ হয় । এইদৰে পােষক দ্রব্যবােৰ চক্রাকাৰে চলি । থাকে । গতিকে অৰণ্যত কোনাে ধৰণৰ অপচয় নহয় ( চিত্র ১৭.৯ ) । 

    অৰণ্যক কিয় সেউজীয়া হাওঁফাওঁ বুলি কোৱা হয় , তাৰ ব্যাখ্যা কৰা হােৱা নাই বুলি প্ৰহেলিকাই অধ্যাপক আহমেদক পুনৰবাৰ মনত পেলাই দিছিল । অধ্যাপক আহমেদে বুজাই দিছিল যে উদ্ভিদে সালােকসংশ্লেষণ প্রক্রিয়াৰ সহায়ত অক্সিজেন এৰি দিয়ে । উদ্ভিদবােৰে প্ৰাণীৰ শ্বসনৰ বাবে এইদৰে অক্সিজেনৰ যােগান ধৰি ইহঁতক সহায় কৰে । সিহঁতে বায়ুমণ্ডলত অক্সিজেন আৰু কার্বন - ডাই - অক্সাইডৰ সমতাও ৰক্ষা কৰে ( চিত্র ১৭.১০ ) । সেয়েহে অৰণ্যক হাওঁফাওঁ বুলি কয় ।

     ল’ৰা - ছােৱালীবােৰে আকাশত মেঘ জমা হােৱা দেখিছিল । প্রজ্ঞানে ষষ্ঠ শ্ৰেণীত পঢ়ি অহা জলচক্ৰৰ বিষয়ে মনত পেলালে । গছে শিপাৰ সহায়ত মাটিৰপৰা পানীভাগ গ্রহণ কৰে আৰু প্রস্বেদনৰ জৰিয়তে জলীয় বাষ্প বায়ুত এৰি দিয়ে । 

    যদি খুউব কম সংখ্যক গছ থাকিলহেঁতেন জলচক্ৰত ইয়াৰ কি প্ৰভাৱ পৰিলেহেঁতেন ?

     টিবুৱে সিহঁতক কৈছিল , “ অৰণ্যখন কেৱল উদ্ভিদ আৰু প্রাণীৰে বাসস্থান নহয় । অৰণ্যত বহুত মানুহাে বাস কৰে । তেওঁলােক বিভিন্ন জনজাতিৰ লােক । টিবুৱে কৈছিল যে এই লােকসকল ঘাইকৈ অৰণ্যৰ ওপৰত নিৰ্ভৰশীল । অৰণ্যই তেওঁলােকক খাদ্য , আশ্রয় , পানী আৰু ঔষধ যােগান ধৰে । অৰণ্যত থকা বহুতাে ঔষধি গছৰ বিষয়ে তেওঁলােকৰ পৰম্পৰাগত জ্ঞান আছে ।

     যেতিয়া প্রজ্ঞানে সৰু নিজৰা এটাৰপৰা পানী খাই আছিল , সি কিছুমান হৰিণা নিজৰাটো পাৰ হৈ যােৱা দেখিছিল ( চিত্র -১৭.১১ ) । সিহঁত জোপােহাৰ আঁৰত নােহােৱা হৈছিল । ঘন জোপােহা আৰু ওখ ঘাহে প্রাণীবােৰক সুৰক্ষা দিয়ে আৰু খাদ্য যােগায় । অৰণ্যত বাস কৰা মাংসভােজী প্রাণীবােৰৰ পৰাও সিহঁতে সুৰক্ষা পায় ।

    টিবুৱে অৰণ্যৰ মাটিখিনি ওচৰৰপৰা চাবলৈ আৰম্ভ কৰিছিল। তেতিয়াই সলি ল'ৰা-ছোৱালীবোৰক মাতি কিছুমান প্ৰাণীৰ বিষ্ঠা বা মল দেখুৱাইছিল আৰু বিভিন্ন  মলৰ পাৰ্থক্যও ব্যাখ্যা কৰিছিল। অধ্যাপক আহমেদ সিহঁতক জনাইছিল যে বন বিষয়াসকলে কিছুমান প্ৰাণীৰ উপস্থিতি সিহঁতে ত্যাগ কৰা মল আৰু খােজৰ চিহ্নৰে চিনাক্ত কৰে ।

     প্রজ্ঞানে সকলােকে মাতিলে আৰু সিহঁতক এটা পচিবলৈ ধৰা প্ৰাণীৰ ডাঙৰ মলৰ দম দেখুৱালে । বহুতাে গুবৰুৱা আৰু পােকে দমটোত খাই আছিল আৰু তাৰপৰা এথােপা গছপুলিৰ গজালি ওলাই আহিছিল । “ এই পুলিবােৰশাকবন আৰু গুল্ম জাতীয় উদ্ভিদ । প্রাণীবােৰে কিছুমান উদ্ভিদৰ গুটি বিস্তাৰিত কৰি অৰণ্যৰ বৃদ্ধিৰ লগতে পুনৰুজ্জীৱিত কৰাত সহায় কৰে । প্ৰাণীৰ পচা গােবৰে গছপুলি বাঢ়ি অহাত পােষক হিচাপেও সহায় কৰে ” , অধ্যাপক আহমেদে কৈছিল।

     এইবােৰ শুনাৰ পিছত প্রজ্ঞানে তাৰ টোকাবহীত লিখিছিল - “ বিভিন্ন প্ৰকাৰৰ উদ্ভিদক আশ্রয় দি অৰণ্যই তৃণভােজী প্রাণীবােৰৰ খাদ্য আৰু আৱাসস্থলৰ সুব্যৱস্থা কৰে । বেছি তৃণভােজী প্রাণী থকা মানে বিভিন্ন মাংসভােজী প্ৰাণীৰ বাবে বেছি খাদ্য পােৱাকে বুজায় । বিভিন্ন প্ৰকাৰৰ প্ৰাণীয়ে অৰণ্যৰ পুনৰুজ্জীৱিত বা পুনৰােদ্ধাৰ কৰাত আৰু বৃদ্ধি হােৱাত সহায় কৰে । অৰণ্যত বিয়ােজকে উদ্ভিদ বৃদ্ধিৰ বাবে প্রয়ােজনীয় পােষক দ্রব্যৰ যােগান অব্যাহত ৰখাত সহায় কৰে । সেয়েহে , অৰণ্যক কোৱা হয় "এবিধ গতিশীল জীৱিত সম্পদ।"

    তেতিয়া প্ৰায় আবেলি হৈছিল আৰু ল'ৰা ছোৱালীহঁতে ঘূৰি যাবলৈ বিচাৰিছিল। টিবুৱে সিহঁতক অন্য এটা বাটেৰে উভতি যাবলৈ পৰামৰ্শ দিছিল। যেতিয়া সিহঁতে উভতিছিল, তেতিয়া বৰষুণ দিবলৈ আৰম্ভ কৰিছিল। আশ্চৰ্যজনকভৱে সিহঁতে লক্ষ্য কৰিছিল যে বৰষুণৰ টোপাল পোনে গছ-গছনিৰ তলিৰ মাটি অংশত পৰা নাছিল। অৰণ্যৰ আটাইতকৈ ওপৰৰ তৰপ অৰ্থাৎ কেন'পিয়ে বৰষুণৰ টোপাল তললৈ যোৱাত বাধা দিয়ে আৰু বেছিভাগ পানী গছৰ ডাল আৰু কাণ্ডৰে তললৈ নামি আহে । পাতৰপৰাও লাহে লাহে টোপাটোপে গুল্ম আৰু লতাৰ ওপৰত পৰি সিহঁতৰ ডালবােৰৰ ওপৰেৰে পানী বাগৰি যায় ( চিত্র -১৭.১৩ ) । সেই সময়তাে গছ - গছনিৰ গুৰিৰ মাটি শুকান হৈ থকা দেখিছিল । প্রায় আধাঘণ্টা পাছত বৰষুণ দিয়া বন্ধ হৈছিল । সিহঁতে তেতিয়াহে অৰণ্যৰ সৰা পাতৰ তৰপটো ভিজি অহা মন কৰিলে । কিন্তু অৰণ্যৰ ভিতৰত ক'তাে পানী । আবদ্ধ হৈ থকা নাছিল।

     প্রজ্ঞানে ভাবিছিল যে তাৰ নগৰখনত যদিহে ইমান বেছিকৈ বৰষুণ হ'লেহেঁতেন ; তেনেহ'লে নগৰখনৰ নর্দমা আৰু পথত বানপানীৰ সৃষ্টি হ’লহেঁতেন ।

     তােমাৰ নগৰতাে যদিহে বেছিকৈ বৰষুণ হয় কি হ'ব। 

    অধ্যাপক আহমেদে সিহঁতক কৈছিল যে অৰণ্যও হ’ল বৰষুণৰ পানীৰ প্ৰাকৃতিক শােষক আৰু ই পানীখিনি মাটিৰ ভিতৰলৈ নিজৰি সােমাই যাবলৈ দিয়ে । গােটেই বছৰ জুৰি ভূ - গর্ভৰ জলপৃষ্ঠ অব্যাহত ৰখাত সহায় কৰে । অৰণ্যই কেৱল বানপানী নিয়ন্ত্রণতে সহায় কৰে এনে নহয় । ই নৈ বা জানত পানীৰ প্ৰৱাহ অব্যাহত ৰখাতে সহায় কৰে যাতে আমি নিয়মীয়াকৈ পানী যােগান পাওঁ । আনহাতে যদি গছ নাথাকিলহেঁতেন বৰষুণৰ টোপাল পােনে পােনে মাটিত পৰিলেহেঁতেন আৰু অঞ্চলটোৰ আশে পাশে বানপানীৰ সৃষ্টি কৰিলেহেঁতেন । অত্যধিক বৰষুণে মাটি নষ্ট কৰিবও পাৰে । গছৰ শিপাই সাধাৰণতে মাটি খামােচ মাৰি ধৰি ৰাখে , কিন্তু ইয়াৰ অবিহনে পানীয়ে মাটি ধুৱাই নিব পাৰে বা খহনীয়া হ'ব পাৰে । 

    ওভতাৰ পথত ল'ৰা - ছােৱালীহঁতে টিবুৰ গাঁওখনত এঘণ্টামান কটালে । গাঁৱৰ বতৰ খুব মনােৰম আছিল । চৌপাশৰ অৰণ্যৰ কাৰণে তেওঁলােকে উপযুক্ত পৰিমাণৰ বৰষুণ পাই থকা বুলি গাঁওবাসীয়ে সিহঁতক কৈছিল । বতাহা সদায় শীতল । শব্দ প্ৰদূষণাে যথেষ্ট কম , কাৰণ অৰণ্যই ওচৰতে থকা ঘাই ৰাজপথৰ শব্দ শােষণ কৰি লয় ।

    ল'ৰা - ছােৱালীহঁতে গাঁওখনৰ ইতিহাসৰ বিষয়েও জানিলে । গাঁওখন আৰু কৃষি পথাৰবােৰ প্রায় ষাঠি বছৰ আগেয়ে অৰণ্য চাফা কৰি স্থাপন কৰাৰ কথা শুনি সিহঁত আচৰিত হৈছিল। টিবুৰ ককাদেউতাকে সিহঁতক কৈছিল । যে তেওঁ যেতিয়া ডেকা আছিল , গাঁওখন এতিয়া দেখাৰ দৰে ডাঙৰ নাছিল । ঠাইখন অৰণ্যৰে আগুৰি আছিল । ৰাস্তা - ঘাট নির্মাণ , অট্টালিকা নির্মাণ , উদ্যোগ বিকাশ আৰু কাঠৰ বর্ধিত প্রয়ােজনে অৰণ্যৰ ওপৰত হেঁচা দিছে আৰু ই ক্ৰমাৎ অদৃশ্য হ’বলৈ আৰম্ভ কৰিছে । গাঁৱৰ সংলগ্ন অৰণ্যখনৰ পুনৰুজ্জীৱিত নােহােৱাত তেওঁ সুখী নহয় । অত্যধিক চৰণীয়া প্ৰাণীৰ বিচৰণ আৰু জধে - মধে গছ কটাৰ ফলত এই অৰণ্যখন লুপ্ত হােৱাৰ পথত । অধ্যাপক আহমেদে কৈছিল যে যদি পৰিমিতভাৱে সম্পদবােৰ ব্যৱহাৰ কৰো তেন্তে আমি অৰণ্য আৰু পৰিৱেশক ৰক্ষা কৰাৰ লগতে প্ৰগতিৰ দিশতাে অগ্ৰসৰ হ'ব পাৰে । 

    ল'ৰা - ছােৱালীহঁতে এনেকুৱা কাৰ্যৰ কেনে পৰিণাম হ'ব পাৰে তাকে দেখুৱাবলৈ কিছুমান ছবি আঁকিলে ।

     অধ্যাপক আহমেদে অৰণ্যৰ গুৰুত্বৰ বিষয়ে কি শিকিলে সেয়া ল'ৰা - ছােৱালীহঁতৰ পৰা সংক্ষেপতে জানিব বিচাৰিলে । ল'ৰা - ছােৱালীহঁতে লিখিলেঃ অৰণ্যই আমাক অক্সিজেন যােগায় । ই মাটিক সুৰক্ষা প্রদান কৰে আৰু বিভিন্ন প্ৰকাৰৰ জীৱক আশ্রয় দিয়ে । অৰণ্যই দাঁতিকাষৰীয়া অঞ্চলত অধিক বৰষুণ দিয়াত সহায় কৰে । ঔষধি গছ , কাঠ আৰু আন বহুতাে প্রয়ােজনীয় সামগ্ৰীৰ উৎস হ’ল অৰণ্য । আমি আমাৰ অৰণ্যসমূহ নিশ্চিতভাৱে সংৰক্ষণ কৰিব লাগিব ।


Type : Ankur Raj Deka 

class 7  Science SCERT Book